প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে অনলাইন গেমিঙৰ প্ৰচাৰ আৰু নিয়ন্ত্ৰণ বিধেয়ক, ২০২৫-ৰ গৃহীতকৰণক আদৰণি জনাইছে; বিধেয়কখনে ই-স্প’ৰ্টছক উদ্দীপনা যোগাব আৰু সমাজখনক সুৰক্ষিত কৰিব বুলি কয়
Posted On:
21 AUG 2025 10:47PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ উভয় সদনে অনলাইন গেমিঙৰ প্ৰচাৰ আৰু নিয়ন্ত্ৰণ বিধেয়ক, ২০২৫-ৰ গৃহীতকৰণক আদৰণি জনাইছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিধেয়কখনে গেমিং, উদ্ভাৱন আৰু সৃষ্টিশীলতাৰ হাব হোৱাৰ দিশত ভাৰতৰ অংগীকাৰতে আলোকপাত কৰিছে। তেখেতে কয় যে বিধেয়কখনে ই-স্প’ৰ্টছ আৰু অনলাইন ছ’চিয়েল গেমক উৎসাহিত কৰিব, একে সময়তে অনলাইন মানি গেমৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা সমাজখনক ৰক্ষা কৰিব।
উল্লেখিত বিধেয়কখনৰ গৃহীতকৰণৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে এক্স-ত কৰা প’ষ্টলৈ সঁহাৰি জনাই শ্ৰী মোদীয়ে কয়;
“উভয় সদনতে গৃহীত হোৱা বিধেয়কখনে ভাৰতক গেমিং, উদ্ভাৱন আৰু সৃষ্টিশীলতাৰ হাব কৰি তোলাৰ দিশত আমাৰ অংগীকাৰতে আলোকপাত কৰিছে। বিধেয়কখনে ই-স্প’ৰ্টছ আৰু অনলাইন ছ’চিয়েল গেমক উৎসাহিত কৰিব। একে সময়তে অনলাইন মানি গেমৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা সমাজখনক ৰক্ষা কৰিব।”
***
MJPS/ST/SB
(Release ID: 2159588)