প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

দাদী ৰতন মোহিনীৰ মৃত্যুত শোক প্ৰকাশ প্ৰধানমন্ত্ৰীৰ


পোহৰ, প্ৰজ্ঞা আৰু কৰুণাৰ মূৰ্তি হিচাপে তেওঁক স্মৰণ কৰা হ’ব: প্ৰধানমন্ত্ৰীৰ

Posted On: 08 APR 2025 5:04PM by PIB Guwahati

ব্ৰহ্ম কুমাৰীৰ চিনাকি আধ্যাত্মিক নেত্ৰী দাদী ৰতন মোহিনী জীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। শ্ৰী মোদীয়ে কয় যে তেওঁক পোহৰ, প্ৰজ্ঞা আৰু কৰুণাৰ মূৰ্তি হিচাপে স্মৰণ কৰা হ’ব।

ব্ৰহ্ম কুমাৰীৰ বিশ্বব্যাপী আন্দোলনৰ অসাধাৰণ নেতৃত্বৰ প্ৰশংসাও কৰে। তেওঁৰ সৈতে হোৱা ব্যক্তিগত কথা-বতৰাৰ কথা সোঁৱৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ জীৱন আৰু শিক্ষাই শান্তি বিচৰা আৰু আমাৰ সমাজখনক উন্নত কৰিব বিচৰা সকলোৰে বাবে পথ প্ৰশস্ত কৰি যাব।

প্ৰধানমন্ত্ৰীয়ে টুইটাৰযোগে পোষ্ট কৰেঃ

"দাদী ৰতন মোহিনী জী আছিল এক অগম্য আধ্যাত্মিক উপস্থিতি। পোহৰ, প্ৰজ্ঞা আৰু কৰুণাৰ মূৰ্তি হিচাপে তেওঁক স্মৰণ কৰা হ'ব। গভীৰ বিশ্বাস, সৰলতা আৰু সেৱাৰ প্ৰতি অদম্য দায়বদ্ধতাৰ শিপাই থকা তেওঁৰ জীৱন যাত্ৰাই আগন্তুক সময়ত বহুতকে অনুপ্ৰাণিত কৰিব। ব্ৰহ্ম কুমাৰীৰ বিশ্বজুৰি আন্দোলনক তেওঁ আদৰ্শ নেতৃত্ব প্ৰদান কৰিছিল।   


MJPS/ST


(Release ID: 2159387) Visitor Counter : 2