প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মীন খণ্ডক অধিক শক্তিশালী কৰাৰ উপায় সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ অধ্যক্ষতাত বৈঠক

प्रविष्टि तिथि: 15 MAY 2025 7:04PM by PIB Guwahati

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত মীন খণ্ডক আৰু অধিক শক্তিশালী কৰাৰ উপায় সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়। শ্ৰী মোদীয়ে লগতে কয় যে আমি এই ক্ষেত্ৰত অতি গুৰুত্ব দিওঁ আৰু এই খণ্ডৰ সৈতে জড়িত আন্তঃগাঁথনিৰ উন্নতিৰ বাবে ব্যাপকভাৱে কাম কৰিছো আৰু লগতে আমাৰ মাছমৰীয়াসকলৰ বাবে ঋণৰ লগতে বজাৰৰ অধিক সুবিধা নিশ্চিত কৰিছো।

প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছে;

"মীন খণ্ডক আৰু অধিক শক্তিশালী কৰাৰ উপায়ৰ ওপৰত এখন বৈঠকৰ অধ্যক্ষতা কৰো। আমি এই ক্ষেত্ৰখনক অতি গুৰুত্ব দিওঁ আৰু এই খণ্ডৰ সৈতে জড়িত আন্তঃগাঁথনি উন্নত কৰাৰ বাবে ব্যাপকভাৱে কাম কৰিছো আৰু লগতে আমাৰ মাছমৰীয়াসকলৰ বাবে ঋণৰ লগতে বজাৰৰ অধিক সুবিধা নিশ্চিত কৰিছো। আজিৰ বৈঠকত ৰপ্তানি কেনেকৈ উন্নত কৰিব পাৰি আৰু সাগৰীয় মাছ ধৰাৰ ওপৰত গুৰুত্ব বৃদ্ধি কৰিব পাৰি তাৰ ওপৰত বিষদভাৱে আলোচনা কৰো।"

 

 Image


(रिलीज़ आईडी: 2159338) आगंतुक पटल : 15
इस विज्ञप्ति को इन भाषाओं में पढ़ें: English , Urdu , हिन्दी , Marathi , Manipuri , Bengali , Punjabi , Gujarati , Odia , Tamil , Telugu , Kannada , Malayalam