প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

৭৯ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে বিশ্বনেতাসকলক ধন্যবাদ জনাইছে

Posted On: 15 AUG 2025 7:26PM by PIB Guwahati

 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বনেতাসকলক ৭৯ সংখ্যক স্বাধীনতা দিৱসত শুভেচ্ছা আৰু অভিবাদন জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।

মৰিচাছৰ প্ৰধানমন্ত্ৰীৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়:

“আমাৰ স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী ড° নৱীন ৰামগুলাম আপোনাৰ উষ্ম শুভেচ্ছাৰ গভীৰ শলাগ লৈছো। আমাৰ জণসাধাৰণৰ বাবে প্ৰগতি, সমৃদ্ধি আৰু উজ্জ্বল ভৱিষ্যতৰ আমাৰ ভাগ-বতৰা কৰা সাধনাত মৰিচাছ সদায় কৌশলগত আৰু বিশ্বাসযোগ্য অংশীদাৰ হৈ থাকিব।”

 

মালদ্বীপ গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ টুইটৰ উত্তৰত শ্ৰী মোদীয়ে কয়:

“আপোনাৰ উষ্ম অভিবাদনৰ বাবে ধন্যবাদ ৰাষ্ট্ৰপতি মুইজু। মালদ্বীপ আমাৰ জনসাধাৰণ আৰু অঞ্চলটোৰ বাবে শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ আমাৰ ভাগ-বতৰা কৰা দৃষ্টিভংগীৰ এক মূল্যৱান প্ৰতিবেশী আৰু ঘনিষ্ঠ অংশীদাৰ।“

https://x.com/narendramodi/status/1956305074080067639

ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়:

”ভাৰতৰ স্বাধীনতা দিৱসত আপোনাৰ উষ্ম শুভেচ্ছাৰ বাবে ধন্যবাদ মোৰ বন্ধু ৰাষ্ট্ৰপতি মেক্ৰন। আমি আমাৰ কৌশলগত অংশীদাৰিত্বক মূল্য দিওঁ আৰু আমাৰ জনসাধাৰণৰ সুবিধাৰ্থে ইয়াক গভীৰ কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছো।”

https://x.com/narendramodi/status/1956305454239224087

ভূটানৰ প্ৰধানমন্ত্ৰীৰ টুইটৰ উত্তৰত শ্ৰী মোদীয়ে কয়:

”ভাৰতৰ স্বাধীনতা দিৱসত সৌজন্যমূলক শুভেচ্ছাৰ বাবে প্ৰধানমন্ত্ৰী টবগেক ধন্যবাদ জনাইছো। আগন্তুক সময়ত আমাৰ ৰাষ্ট্ৰৰ মাজত বন্ধুত্বৰ বান্ধোন অধিক শক্তিশালী হৈ পৰক।”

https://x.com/narendramodi/status/1956306412973314464

 

*****

MJPS/SR/AA


(Release ID: 2158757) Visitor Counter : 4