প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীৰ ট্ৰিনিদাদ এণ্ড ট’বাগো ভ্ৰমণৰ ফলাফলবোৰ
Posted On:
04 JUL 2025 11:41PM by PIB Guwahati
১) বুজাবুজি চুক্তিবোৰ / স্বাক্ষৰিত চুক্তিবোৰ:
ক) ভাৰতীয় ফাৰ্মাকোপিয়া সন্দৰ্ভত বুজাবুজি চুক্তি
খ) দ্ৰুত প্ৰভাৱ প্ৰকল্প (কিউআইপি) ৰূপায়ণৰ বাবে ভাৰতীয় অনুদান সাহায্যৰ চুক্তি
গ) ২০২৫-২০২৮ চনৰ বাবে সাংস্কৃতিক বিনিময়ৰ কাৰ্যসূচী
ঘ) ক্ৰীড়া ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজি চুক্তি
ঙ) কূটনৈতিক প্ৰশিক্ষণ ক্ষেত্ৰত সহযোগিতাৰ বুজাবুজি চুক্তি
চ) ট্ৰিনিদাদ এণ্ড ট’বাগোৰ ৱেষ্ট ইণ্ডিজ বিশ্ববিদ্যালয় (ইউডব্লিউআই) ত হিন্দী আৰু ভাৰতীয় অধ্যয়নৰ দুগৰাকী আইচিচিআৰৰ আসন পুনৰ প্ৰতিষ্ঠা সম্পৰ্কীয় বুজাবুজি চুক্তি।
২) মাননীয় প্ৰধানমন্ত্ৰীয়ে কৰা ঘোষণাবোৰ:
ক) ট্ৰিনিদাদ এণ্ড ট’বাগোত ভাৰতীয় প্ৰব্ৰজনকাৰী লোকৰ ষষ্ঠ প্ৰজন্মলৈকে অ’চিআই কাৰ্ডৰ সুবিধা সম্প্ৰসাৰণ: ইয়াৰ পূৰ্বে এই সুবিধা ট্ৰিনিদাদ এণ্ড ট’বাগোত ভাৰতীয় প্ৰব্ৰজনকাৰীৰ চতুৰ্থ প্ৰজন্মৰ সদস্যলৈকে উপলব্ধ আছিল।
খ) ট্ৰিনিদাদ এণ্ড ট’বাগোৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীক ২০০০ টা লেপটপ উপহাৰ
গ) ১০ লাখ মাৰ্কিন ডলাৰৰ কৃষি প্ৰক্ৰিয়াকৰণ যন্ত্ৰপাতি আনুষ্ঠানিকভাৱে নামডেভকো (NAMDEVCO) ক গতাই দিয়া
ঘ) ট্ৰিনিদাদ এণ্ড ট’বাগোত ৮০০ গৰাকী লোকৰ বাবে ৫০ দিনীয়া কৃত্ৰিম অংগ সংৰোপন শিবিৰ (পোষ্টাৰ-লঞ্চ) অনুষ্ঠিত কৰা
ঙ) ‘হিল ইন ইণ্ডিয়া’ কাৰ্যসূচীৰ অধীনত ভাৰতত বিশেষ চিকিৎসাৰ ব্যৱস্থা কৰা হ’ব
চ) স্বাস্থ্যসেৱা প্ৰদানত সহায় কৰিবলৈ ট্ৰিনিদাদ এণ্ড ট’বাগোক বিশ (২০) টা হিমোডায়েলাইছিছ ইউনিট আৰু দুখন (০২) ছি এম্বুলেন্স উপহাৰ
ছ) ছাদৰ ওপৰত ফটোভল্টিক সৌৰ পেনেল স্থাপন কৰি ট্ৰিনিদাদ এণ্ড ট’বাগোৰ বৈদেশিক আৰু কেৰিকম পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখ্য কাৰ্যালয়ৰ সৌৰ বৈদ্যুতিকৰণ
জ) ভাৰতত গীতা মহোৎসৱ উদযাপনৰ লগত সংগতি ৰাখি প’ৰ্ট অৱ স্পেইনস্থিত মহাত্মা গান্ধী ইনষ্টিটিউট ফৰ কালচাৰেল কোপাৰেশ্যনত গীতা মহোৎসৱ উদযাপন
ঝ) ভাৰতত ট্ৰিনিদাদ এণ্ড ট’বাগো আৰু কেৰিবিয়ান অঞ্চলৰ পণ্ডিতসকলৰ প্ৰশিক্ষণ
গ) আন আন ফলাফলসমূহ -
ট্ৰিনিদাদ এণ্ড ট’বাগোৱে ঘোষণা কৰিছে যে তেওঁলোকে ভাৰতৰ বিশ্বব্যাপী পদক্ষেপবোৰত সহযোগ কৰিছে: ক’লিচন অৱ ডিজাষ্টাৰ ৰেজিলিয়েণ্ট ইনফ্ৰাষ্ট্ৰাকচাৰ (চিডিআৰআই) আৰু গ্ল’বেল বায়’ফিউৱেল এলায়েন্স (জিবিএ)ত সহযোগ ট্ৰিনিদাদ এণ্ড ট’বাগোৰ।
****
MJPS/ST
(Release ID: 2158751)
Read this release in:
English
,
Urdu
,
Hindi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam