প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

৭৯ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনোৱাৰ বাবে বিশ্বনেতাসকলক ধন্যবাদ জনালে প্ৰধানমন্ত্ৰীয়ে

Posted On: 16 AUG 2025 5:31PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৭৯ সংখ্যক স্বাধীনতা দিৱসত শুভেচ্ছা আৰু অভিনন্দন জনোৱাৰ বাবে বিশ্বনেতাসকলক ধন্যবাদ জ্ঞাপন কৰিছে।

 

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়-

 

'উষ্ম অভিবাদনৰ বাবে ৰাষ্ট্ৰপতি জেলেনস্কিক ধন্যবাদ।ভাৰত আৰু ইউক্ৰেইনৰ মাজত আৰু অধিক ঘনিষ্ঠ সম্পৰ্ক গঢ়ি তোলাৰ যৌথ প্ৰতিশ্ৰুতিক মই গভীৰভাৱে মূল্য দিওঁ।ইউক্ৰেইনত থকা আমাৰ বন্ধুসকলৰ বাবে আমি আন্তৰিকতাৰে কামনা কৰিছো যে শান্তি, প্ৰগতি আৰু সমৃদ্ধিৰ দ্বাৰা ভৱিষ্যত  চিহ্নিত হওক।

@ZelenskyyUa”

 

ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ টুইটৰ উত্তৰত শ্ৰী মোদীয়ে কয়-

 

' উষ্ম শুভেচ্ছাৰ বাবে প্ৰধানমন্ত্ৰী নেতানিয়াহুক ধন্যবাদ।ভাৰত-ইজৰাইলৰ বন্ধুত্ব অব্যাহত থাকক ...দুয়োখন দেশে আমাৰ জনসাধাৰণৰ বাবে শান্তি, উন্নয়নৰ লগতে নিৰাপত্তা কঢ়িয়াই অনা  সম্পৰ্কক আৰু অধিক শক্তিশালী তথা গভীৰ কৰক।

 

@IsraeliPM”

 

 

MJPS/SR/DM


 


(Release ID: 2157204)