প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
স্বাধীনতা দিৱসৰ ভাষণৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰধান ঘোষণা সমূহ
Posted On:
15 AUG 2025 10:32AM by PIB Guwahati
দ্বাদশ স্বাধীনতা দিৱসৰ ভাষণ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লালকিল্লাক ভাৰতৰ উত্থানৰ পৰৱৰ্তী অধ্যায়ৰ বাবে লঞ্চপেডলৈ ৰূপান্তৰিত কৰে। ৭৯সংখ্যক স্বাধীনতা দিৱসত তেওঁ ধাৰাবাহিকভাৱে সাহসী ঘোষণা কৰে, যিয়ে ভৱিষ্যতলৈ কেৱল খোজ দি নহয়, জাঁপ মাৰিবলৈ সাজু হোৱা এখন দেশৰ সংকেত দিছে।
ভাৰতৰ প্ৰথমটো অৰ্ধপৰিবাহী চিপ নিৰ্মাণৰ পৰা আৰম্ভ কৰি জেট ইঞ্জিন নিৰ্মাণলৈকে, দহগুণ পাৰমাণৱিক সম্প্ৰসাৰণৰ পৰা ১ লাখ কোটি টকা যুৱ নিয়োগৰ উদগনিলৈকে, তেওঁৰ বাৰ্তা আছিল স্পষ্ট: ভাৰতে নিজৰ ভাগ্য নিৰ্ধাৰণ কৰিব, নিজৰ চৰ্ত নিৰ্ধাৰণ কৰিব আৰু ২০৪৭ চনৰ ভিতৰত এখন উন্নত ৰাষ্ট্ৰ হোৱাৰ লক্ষ্য ল’ব।
মুখ্য ঘোষণা :
১। অৰ্ধপৰিবাহী: হেৰুৱা দশকৰ পৰা মিছন মোডলৈ
৫০–৬০ বছৰ আগতে অৰ্ধপৰিবাহী কাৰখানা স্থাপনৰ প্ৰচেষ্টা কেনেকৈ “কলিতে মোহাৰি পেলোৱা হৈছিল” আনহাতে আন দেশসমূহৰ সমৃদ্ধিশালী হোৱাৰ কথা মনত পেলাই প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰে যে ভাৰত এতিয়া মিছন মোডত আছে। চলিত বৰ্ষৰ শেষৰ ফালে দেশখনে প্ৰথমটো মেড ইন ইণ্ডিয়া চিপ মুকলি কৰিব।
২। ২০৪৭ চনৰ ভিতৰত পাৰমাণৱিক শক্তিৰ ক্ষমতা দহগুণ বৃদ্ধি পাব
অহা দুটা দশকত পাৰমাণৱিক শক্তি উৎপাদন ক্ষমতা দহগুণতকৈও অধিক বৃদ্ধিৰ ভাৰতৰ অভিযানৰ অংশ হিচাপে ১০টা নতুন পাৰমাণৱিক ৰিয়েক্টৰৰ কাম চলি আছে।
৩। জিএছটি সংস্কাৰ – এক দীপাৱলী উপহাৰ
দীপাৱলীত পৰৱৰ্তী প্ৰজন্মৰ জিএছটি সংস্কাৰ উন্মোচন কৰা হ’ব, যাৰ ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত কৰ হ্ৰাস পাব আৰু এমএছএমই, স্থানীয় বিক্ৰেতা আৰু গ্ৰাহকক সকাহ প্ৰদান কৰা হ’ব।
৪। ১০ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ ভাৰতৰ বাবে সংস্কাৰ টাস্ক ফ’ৰ্চ
পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰক আগুৱাই নিয়াৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে এক নিষ্ঠাবান সংস্কাৰ টাস্ক ফ’ৰ্চ গঠনৰ কথা ঘোষণা কৰে। ইয়াৰ দায়িত্ব: অৰ্থনৈতিক বৃদ্ধি ত্বৰান্বিত কৰা, ৰঙাফিটা কৰ্তন কৰা, শাসন ব্যৱস্থা আধুনিকীকৰণ কৰা আৰু ২০৪৭ চনৰ ভিতৰত ১০ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ অৰ্থনীতিৰ দাবীৰ বাবে ভাৰতক প্ৰস্তুত কৰা।
৫। ১ লাখ কোটি টকা প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা
প্ৰধানমন্ত্ৰী মোদীয়ে ১ লাখ কোটি টকাৰ এক বৃহৎ নিয়োগ আঁচনি আৰম্ভ কৰে, যাৰ অধীনত নতুনকৈ কৰ্মৰত যুৱক-যুৱতীসকলে প্ৰতিমাহে ১৫ হাজাৰ টকা লাভ কৰিব। এই আঁচনিৰ লক্ষ্য হৈছে ৩ কোটি ভাৰতীয় যুৱকক উপকৃত কৰা, স্বতন্ত্ৰ ভাৰতৰ পৰা সমৃদ্ধ ভাৰতৰ সেতু শক্তিশালী কৰা।
৬। উচ্চ ক্ষমতাসম্পন্ন জনগাঁথনি অভিযান
প্ৰধানমন্ত্ৰী মোদীয়ে সীমান্ত অঞ্চলত অনুপ্ৰৱেশ আৰু অবৈধ প্ৰব্ৰজনৰ বাবে জনগাঁথনিগত ভাৰসাম্যহীনতাৰ ক্ষতিশংকাৰ ওপৰত আলোকপাত কৰে। ভাৰতৰ নাগৰিকসকলৰ ঐক্য, অখণ্ডতা আৰু অধিকাৰ সুৰক্ষিত হোৱাটো নিশ্চিত কৰি এই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ তেওঁ উচ্চ শক্তিসম্পন্ন জনগাঁথনি অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰে।
৭। শক্তি স্বাধীনতা – সমুদ্ৰ মন্থন আৰম্ভ
প্ৰধানমন্ত্ৰী মোদীয়ে আঙুলিয়াই দিয়ে যে ভাৰতৰ বাজেটৰ এটা বৃহৎ অংশ এতিয়াও পেট্ৰ’ল, ডিজেল, আৰু গেছ আমদানিৰ দিশত যায়। তেওঁ সৌৰ, হাইড্ৰজেন, জল আৰু পাৰমাণৱিক শক্তিৰ বৃহৎ সম্প্ৰসাৰণৰ সমান্তৰালভাৱে সাগৰীয় সম্পদৰ টেপ কৰিবলৈ ৰাষ্ট্ৰীয় গভীৰ পানী অন্বেষণ অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰে।
৮। মেড ইন ইণ্ডিয়া জেট ইঞ্জিন – এক ৰাষ্ট্ৰীয় প্ৰত্যাহ্বান
প্ৰধানমন্ত্ৰী মোদীয়ে এক নাটকীয় ঘোষণা কৰিছিল যে কোভিডৰ সময়ত আমি কেনেকৈ ভেকচিন বনাইছিলো আৰু ডিজিটেল পেমেণ্টৰ বাবে ইউ পি আই বনাইছিলো ঠিক তেনেদৰে আমিও আমাৰ জেট ইঞ্জিনৰ বাবেও নিজাকৈ জেট ইঞ্জিন নিৰ্মাণ কৰিব লাগে আৰু আমাৰ বিজ্ঞানী আৰু যুৱক-যুৱতীসকলক প্ৰত্যক্ষ প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰিবলৈ কয়।
***
MJPS/DB
(Release ID: 2156758)
Read this release in:
Odia
,
English
,
Urdu
,
Marathi
,
Nepali
,
Hindi
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam