পৰিৱেশ, বন আৰু জলবায়ু পৰিবৰ্তন মন্ত্ৰালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বই হৈছে প্ৰজেক্ট লায়নৰ সফলতাৰ কাৰণ বুলি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱে কয়

গুজৰাটৰ বৰডা বন্যপ্ৰাণী অভয়াৰণ্যত বৃহৎ বন্যপ্ৰাণী সংৰক্ষণ অভিযানৰ জৰিয়তে বিশ্ব সিংহ দিৱস, ২০২৫ উদযাপন

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱ আৰু গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেলৰ সভাপতিত্বত বিশ্ব সিংহ দিৱস, ২০২৫ উদযাপন

ভাৰতত সিংহৰ সংখ্যা ৮৯১-লৈ লক্ষণীয় বৃদ্ধিক প্ৰশংসা কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱৰ

মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেলে এছিয়াটিক সিংহৰ বৈশ্বিক বিচৰণভূমি আৰু সংৰক্ষণকাৰী ৰাজ্য হিচাপে গুজৰাটৰ গৌৰৱক পুনৰ দৃঢ় কৰে

সিংহৰ সংৰক্ষণ আৰু পৰিবেশ পৰ্যটনৰ অগ্ৰগতি সাধানাৰ্থে ১৮০ কোটি টকা ব্যয় সাপেক্ষে বন্যপ্ৰাণী সংৰক্ষণ পদক্ষেপৰ শুভাৰম্ভ

প্ৰধানমন্ত্ৰীয়ে ৭৪ সংখ্যক স্বাধীনতা দিৱস অৰ্থাৎ ১৫ আগষ্ট, ২০২০-ৰ দিনা ‘জংঘলৰ ৰজা’ - এছিয়াটিক সিংহৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে প্ৰজেক্ট লায়ন ঘোষণা কৰিছিল

১১ খন জিলাৰ লক্ষ-লক্ষ ছাত্ৰ-ছাত্ৰীয়ে গুজৰাটত আয়োজিত বিশ্ব সিংহ দিৱস, ২০২৫-ৰ উদযাপন কাৰ্য্যসূচীত ভাৰ্চুৱেল মাধ্যমেৰে যোগদান কৰে

Posted On: 10 AUG 2025 12:47PM by PIB Guwahati

পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে গুজৰাট চৰকাৰৰ বন আৰু পৰিবেশ বিভাগৰ সহযোগত আজি গুজৰাটৰ দেৱভূমি দ্বাৰকা জিলাৰ বৰডা বন্যপ্ৰাণী অভয়াৰণ্যত বিশ্ব সিংহ দিৱস – ২০২৫ উদযাপন কৰে। এই কাৰ্য্যসূচীত গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেল, কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱকে প্ৰমুখ্য কৰি গুজৰাটৰ বনমন্ত্ৰী শ্ৰী মুলুভাই বেৰা, সাংসদ, বিধায়ক আৰু আন-আন জনপ্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।

ইয়াত সমবেতসকলক সম্বোধনেৰে কেন্দ্ৰীয় পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন দপ্তৰৰ মন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ যাদৱে ভাৰতৰ সিংহৰ সংখ্যা যথেষ্ট বৃদ্ধি পোৱাত সন্তোষ প্ৰকাশ কৰে। ২০২০-ত ৬৭৪-ৰ তুলনাত সম্প্ৰতি ৮৯১-লৈ সিংহৰ সংখ্যা বৃদ্ধি পাইছে। কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী যাদৱে আৰু কয়, “এছিয়াটিক সিংহ (Panthera leo persica) সফল বন্যপ্ৰাণী সংৰক্ষণ কাৰ্য্যৰ এক বৈশ্বিক প্ৰতীক আৰু এই বিশ্ব সিংহ দিৱসত আমি ইয়াৰ উল্লেখযোগ্য বৃদ্ধিক উদযাপন কৰিছোঁ। ১৯৯০-ত মাত্ৰ ২৮৪ টা সিংহৰ পৰা এতিয়া ২০২৫-ত ইয়াৰ সংখ্যা ৮৯১-লৈ বৃদ্ধি পাইছে — ২০২০-ৰ পৰা এয়া ৩২% বৃদ্ধি আৰু যোৱা দশকটোত ৭০%-ৰো অধিক বৃদ্ধি পাইছে।”

ইয়াক “সংৰক্ষণৰ বিস্ময়কৰ সফলতা” বুলি অভিহিতকৰণেৰে মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বক এই সাফল্যৰ কৃতিত্ব প্ৰদান কৰে। তেখেতে প্ৰথমে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে আৰু পিছলৈ প্ৰধানমন্ত্ৰী হিচাপে প্ৰজেক্ট লায়নক এক অগ্ৰাধিকাৰমূলক কাৰ্য্য কৰি তুলিছিল।

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী যাদৱে প্ৰতিগৰাকী বন বিষয়া, বন্যপ্ৰাণী প্ৰেমী আৰু পৰিবেশ অনুৰাগীক এই সফলতাৰ কাহিনী ৰচনাত ভূমিকা পালনৰ বাবে অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয়, “এনে উল্লেখযোগ্য বৃদ্ধি সামূহিক ইচ্ছাশক্তি, নিষ্ঠা আৰু সহাৱস্থানেৰে বদ্ধমূল নীতিৰ জৰিয়তে সম্ভৱ হৈছে।“

মন্ত্ৰীগৰাকীয়ে মানৱ জাতি আৰু বন্যপ্ৰাণী একেলগে বৰ্তি থকা এখনি বিকশিত ভাৰত গঢ়াৰ দিশত চৰকাৰৰ দায়বদ্ধতাৰ কথা দোহাৰে। যি দায়বদ্ধতাই সংৰক্ষণৰ গতিক আগন্তুক প্ৰজন্মলৈকে অব্যাহত ৰাখিব খুজিছে।

শ্ৰী যাদৱে লগতে কয়, “আজি বিশ্বৰ ভিতৰতে গুজৰাটৰ গিৰত এছিয়াটিক সিংহৰ অস্তিত্ব বিদ্যমান হোৱা কাৰ্য্য অপৰিসীম ৰাষ্ট্ৰীয় গৌৰৱৰ বিষয়। আমাৰ অদম্য সংৰক্ষণ প্ৰচেষ্টাৰাজিৰ ফলশ্ৰুতিত বিগত দশকটোত ইয়াৰ সংখ্যা দুগুণ বৃদ্ধি পোৱা কাৰ্য্যই বিশ্ব বন্যপ্ৰাণী সুৰক্ষা বাতাবৰণলৈ আশাৰ সঞ্চাৰ কৰিছে। আজিৰ উদ্বোধনী অনুষ্ঠানে সকলোকে এই প্ৰাণীবিধক সুৰক্ষা প্ৰদান কৰিবলৈ অনুপ্ৰাণিত কৰে যেন— এয়া গুজৰাটৰ ঐতিহ্য আৰু ভাৰতৰ পাৰিপাৰ্শ্বিক শক্তিৰ প্ৰকৃত প্ৰতীক।”

এই উপলক্ষে ভাষণ প্ৰদানেৰে মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেলে এছিয়াটিক সিংহক সুৰক্ষা প্ৰদান আৰু ইয়াৰ সংখ্যা বৃদ্ধিৰ প্ৰতি গুজৰাটৰ দায়বদ্ধতাৰ কথা দোহাৰি কয় যে ৰাজ্যখন এই বিশেষ প্ৰজাতিটোৰ বৈশ্বিক বিচৰণভূমি হৈ আহিছে।

মুখ্যমন্ত্ৰীজনে অৱগত কৰে যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী তত্বাৱধানত গুজৰাটত বৈজ্ঞানিক সংৰক্ষণ ব্যৱস্থা আৰু নিৰৱচ্ছিন্ন সামাজিক অংশগ্ৰহণৰ জৰিয়তে যোৱা কেইটামান বছৰত সিংহৰ সংখ্যা ৬৭৪-ৰ পৰা ৮৯১-লৈ বৃদ্ধি পাইছে।

শ্ৰী ভূপেন্দ্ৰ পেটেলে উল্লেখ কৰে যে ১৮০ কোটি টকা ব্যয় সাপেক্ষে নতুন বাসস্থান, উন্নত পশু চিকিৎসাৰ সুবিধা আৰু পৰিবেশ পৰ্যটন আন্তঃগাঁথনিৰ উদ্বোধন কাৰ্য্য ৰাজ্যখনত সিংহ সংৰক্ষণৰ ক্ষেত্ৰত এক উল্লেখযোগ্য মাইলৰ খুঁটি। তেওঁ কয় যে ১৪৩ বছৰৰ পাছত সিংহবোৰ বৰডা অঞ্চললৈ ঘূৰি আহিছে—ইয়াৰ জৰিয়তে পাৰিপাৰ্শ্বিক ভাৰসাম্য পুনৰুদ্ধাৰেৰে ৰাজ্যখনৰ প্ৰাকৃতিক ঐতিহ্য সমৃদ্ধ হৈছে।

তেওঁ কয় যে গুজৰাট সক্ৰিয় বাসস্থান ব্যৱস্থাপনা, মানৱ–বন্যপ্ৰাণী সংঘাত প্ৰশমন আৰু স্থানীয় সমাজৰ বাবে জীৱিকাৰ সুযোগ সৃষ্টিৰে আগবাঢ়ি যাব। ইয়াৰ ফলশ্ৰুতিত “এছিয়াটিক সিংহৰ গৰ্জন গুজৰাটৰ গৌৰৱ আৰু ভাৰতৰ ঐতিহ্য হৈ থকা কাৰ্য্য নিশ্চিত হ’ব।”

এই মাইলৰ খুঁটি স্থাপনৰ ক্ষেত্ৰত বন বিভাগ, স্থানীয় সমাজ আৰু সংৰক্ষণ অংশীদাৰসকলৰ ভূমিকাক মুখ্যমন্ত্ৰীয়ে প্ৰশংসা কৰে।

প্ৰতি বছৰে ১০ আগষ্টৰ দিনা পালন কৰা বিশ্ব সিংহ দিৱসৰ লক্ষ্য হৈছে বিশ্বজুৰি সিংহৰ সংৰক্ষণ আৰু সুৰক্ষা সম্পৰ্কে সজাগতা বৃদ্ধি কৰা। গুজৰাটত এছিয়াটিক সিংহক এক অনন্য পৰিবেশ আৰু সাংস্কৃতিক সম্পদ হিচাপে গণ্য কৰা হয়, যাক কেৱল সৌৰাষ্ট্ৰ অঞ্চলতহে পোৱা যায়। প্ৰজেক্ট লায়ন আৰু গুজৰাট চৰকাৰৰ নেতৃত্বত মন্ত্ৰালয় আৰু ৰাজ্যখনৰ ধাৰাবাহিক প্ৰচেষ্টাই বিৰল প্ৰজাতিটোৰ অস্তিত্ব আৰু সংখ্যা বৃদ্ধি নিশ্চিতকৰণৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে।

১৫ আগষ্ট, ২০২০-ত লালকিল্লাৰ পৰা ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়াটিক সিংহৰ দীৰ্ঘম্যাদী সংৰক্ষণ নিশ্চিতকৰণৰ বাবে প্ৰজেক্ট লায়নৰ কথা ঘোষণা কৰিছিল। ভাৰত চৰকাৰৰ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে সিংহ সংৰক্ষণৰ বাবে মুঠ বাজেট ২,৯২৭.৭১ কোটি টকাৰে ১০ বছৰীয়া প্ৰকল্পত অনুমোদন জনাইছে। বন্যপ্ৰাণী স্বাস্থ্যসেৱাৰ বাবে এটা ৰাষ্ট্ৰীয় ৰেফাৰেল চেন্টাৰতো পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে অনুমোদন জনাইছে, ইয়াৰ বাবে জুনাগড় জিলাৰ নিউ পিপলিয়াত ৰাজ্য চৰকাৰে ২০.২৪ হেক্টৰ ভূমি আবন্টন দিছে। বৰ্তমান এই প্ৰকল্পৰ কাম অব্যাহত আছে।

‘জংঘলৰ ৰজা’— এছিয়াটিক সিংহৰ সংৰক্ষণ আৰু সুৰক্ষা সম্পৰ্কে সজাগতা বৃদ্ধিৰ বাবে গুজৰাটৰ সৌৰাষ্ট্ৰৰ ১১ খন জিলাতো ‘বিশ্ব সিংহ দিৱস’ উদযাপন কৰা হয়। প্ৰাণীবিধে সৌৰাষ্ট্ৰৰ ১১ খন জিলাৰ প্ৰায় ৩৫,০০০ বৰ্গ কিমি জোৰা নিজৰ প্ৰাকৃতিক বাসস্থানত মুক্তভাৱে বিচৰণ কৰে। ২০২০-ৰ পৰা গুজৰাটত সিংহৰ সংখ্যা ৩২% বৃদ্ধিৰে ২০২৫-ৰ মে’-ত সিংহৰ সংখ্যাৰ হিচাপ অনুসৰি ২০২০-ত ৬৭৪-ৰ পৰা ৮৯১-লৈ বৃদ্ধি পাইছে।

বৰডা বন্যপ্ৰাণী অভয়াৰণ্যখন পোৰবন্দৰ আৰু দেৱভূমি দ্বাৰকা জিলাৰ ১৯২.৩১ বৰ্গ কিমি এলেকাত বিস্তৃত। এছিয়াটিক সিংহৰ দ্বিতীয় বিচৰণভূমি হিচাপে আত্মপ্ৰকাশ কৰিছে বৰডাই। ২০২৩-ত এই অঞ্চললৈ সিংহৰ প্ৰাকৃতিক প্ৰব্ৰজনৰ পিছত ইয়াৰ সংখ্যা ১৭-লৈ বৃদ্ধি পাইছে, ইয়াত ৬ টা প্ৰাপ্তবয়স্ক আৰু ১১ টা পোৱালিও আছে। এই অভয়াৰণ্যখন জৈৱ বৈচিত্ৰ্যৰ এক উল্লেখযোগ্য কেন্দ্ৰ আৰু এছিয়াটিক সিংহ সংৰক্ষণৰ বাবে এক মূল অঞ্চল। দ্বাৰকা- পোৰবন্দৰ-সোমনাথ পৰ্যটন চাৰ্কিটৰ ওচৰত অৱস্থিত হোৱাৰ বাবে বৰডা অঞ্চলত পৰ্যটনৰ যথেষ্ট সম্ভাৱনা আছে। প্ৰায় ২৪৮ হেক্টৰ অঞ্চলত এখন ছাফাৰী পাৰ্ক আৰম্ভৰ পৰিকল্পনা কৰা হৈছে, ইয়াৰ বাবে ৰাজ্য চৰকাৰে ভূমি আবন্টন দিছে। এই অনুষ্ঠানতে প্ৰায় ১৮০.০০ কোটি টকা ব্যয় সাপেক্ষে বন্যপ্ৰাণী সংৰক্ষণৰ কামো আৰম্ভ কৰা হয়।

ভাৰত চৰকাৰে বৰডা ছাফাৰী উদ্যান আৰু চিৰিয়াখানাৰ উন্নয়ন সাধনৰ বাবেও নীতিগত অনুমোদন প্ৰদান কৰিছে, যিয়ে অঞ্চলটোৰ পৰিবেশ পৰ্যটনক বৰ্ধনৰ লগতে বৰডাৰ সিংহ সংৰক্ষণৰ প্ৰচেষ্টাক এক উল্লেখযোগ্য মাত্ৰা প্ৰদান কৰিব।

বৃহত্তৰ গিৰ লায়ন লেণ্ডস্কেপৰ ১১ খন জিলাৰ বিদ্যালয়-মহাবিদ্যালয়ৰ লাখ-লাখ ছাত্ৰ-ছাত্ৰীয়েও উপগ্ৰহ যোগাযোগৰ জৰিয়তে এই অনুষ্ঠানত যোগদান কৰে। ২০২৪-ত বিশ্ব সিংহ দিৱস উদযাপন কাৰ্য্যসূচীত ১৮.৬৩ লাখ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল।

***

GS/SB


(Release ID: 2154943)