ক'অপাৰেশ্বন মন্ত্ৰালয়
azadi ka amrit mahotsav

নতুন দিল্লীত সমবায় মন্ত্ৰালয়ৰ সংসদীয় পৰামৰ্শদাতা সমিতিৰ দ্বিতীয়খন বৈঠকত অধ্যক্ষতা কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰীঅমিত শ্বাহৰ

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰীয়ে কয়, সমবায় মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী মোডীৰ নেতৃত্বত সমবায়সমূহক উজ্জীৱিত আৰু সফল ব্যৱসায়িক গোটলৈ ৰূপান্তৰিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ

২ লাখ বহুমুখী সমবায় সমিতি গঠনৰ অভিলাষী লক্ষ্যৰ অধীনত এই পৰ্যন্ত ৩৫,৩৯৫খন নতুন সমবায় সমিতি গঠন কৰা হৈছে

ভূমিহীন আৰু দৰিদ্ৰ জনসাধাৰণৰ বাবে সমবায় খণ্ডই সমৃদ্ধিৰ পথ প্ৰশস্ত কৰিছে

শ্বেত বিপ্লৱ ২.০ৰ জৰিয়তে অনাগত পাঁচটা বৰ্ষত সমবায় সমিতিৰ জৰিয়তে ৫০% গাখীৰ সংগ্ৰহৰ লক্ষ্যৰ দিশতো দ্ৰুত অগ্ৰগতি লাভ কৰা হৈছে

কেন্দ্ৰীয় সমবায় মন্ত্ৰীয়ে কয়, মোডী চৰকাৰে ক্ষুদ্ৰ কৃষকসকলৰ সৈতেও পৰম্পৰাগত বীজৰ বাবে চুক্তিবদ্ধ হ’ব, যাতে তেওঁলোকেও ইয়াৰ পৰা লাভৱান হ’ব পাৰে

বিগত চাৰি বছৰত সমবায় মন্ত্ৰালয়ে পিএচিএছ, দুগ্ধ, মীন, সমবায় বেংক, চেনি সমবায়, আৰু প্ৰশাসন ব্যৱস্থা সুদৃঢ় কৰি তোলাৰ বাবে শতাধিক পদক্ষেপ গ্ৰহণ কৰিছে

কেন্দ্ৰীয় সমবায় মন্ত্ৰীয়ে সমবায় আন্দোলনক উন্নীত কৰিবলৈ নিজ নিজ ৰাজ্যৰ দুগ্ধ খণ্ড শক্তিশালী কৰিবলৈ সকলো সমিতিৰ সদস্যকে আহ্বান জনায়

Posted On: 05 AUG 2025 9:15PM by PIB Guwahati

কেন্দ্ৰীয় গৃহ তথা সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি সমবায় মন্ত্ৰালয়ৰ পৰামৰ্শদাতা সমিতিৰ দ্বিতীয়খন বৈঠক নতুন দিল্লীত অনুষ্ঠিত হয়। বিশেষকৈ সমবায় খণ্ডৰ শক্তিশালীকৰণৰ বাবে মন্ত্ৰালয়ে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপ সন্দৰ্ভত আলোচনা কৰা হয় এই বৈঠকত। সভাত কেন্দ্ৰীয় সমবায় দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীযুত কৃষাণ পাল আৰু শ্ৰী মুৰলীধৰ মোহলৰ লগতে পৰামৰ্শদাতা সমিতিৰ সদস্যসকল, সমবায় মন্ত্ৰালয়ৰ সচিব, মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।

 

বৈঠকত ভাষণ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সহযোগিতা মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সহযোগিতা মন্ত্ৰালয়ে সমবায়সমূহক সজীৱ আৰু সফল ব্যৱসায়িক এককলৈ ৰূপান্তৰিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ কয় যে ৫ বছৰত দেশত ২ লাখ বহুমুখী সমবায় সমিতি গঠনৰ তেওঁলোকৰ অভিলাষী লক্ষ্যত এতিয়ালৈকে ৬,১৮২খন বহুমুখী প্ৰাথমিক কৃষি ঋণ সমিতি (এমপিএচিএছ), ২৭,৫৬২খন দুগ্ধ সমবায়, আৰু ১,৬৫১খন মীন সমবায় সমিতিকে ধৰি ৩৫,৩৯৫খন নতুন সমবায় সমিতি গঠন কৰা হৈছে।

 

শ্ৰী অমিত শ্বাহে কয় যে সমবায় খণ্ডই ভূমিহীন আৰু দৰিদ্ৰ জনসাধাৰণৰ বাবে অজস্ৰ সমৃদ্ধিৰ পথ মুকলি কৰিব পাৰে। তেওঁ কয় যে সমবায় খণ্ড, কৃষি আৰু কৃষকৰ সমৃদ্ধিৰ বাবে তিনিখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমবায় সমিতি গঠন কৰা হৈছে। তেওঁ লগতে কয় যে নেশ্যনেল কোঅপাৰেটিভ অৰ্গেনিক লিমিটেডে কৃষকৰ জৈৱিক সামগ্ৰীৰ প্ৰমাণপত্ৰ, ব্ৰেণ্ডিং, পেকেজিং আৰু বিপণন নিশ্চিত কৰে, যাতে কৃষকে তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ এক ভাল মূল্য লাভ কৰিব পাৰে। তদুপৰি, তেওঁ কয় যে ৰাষ্ট্ৰীয় সমবায় ৰপ্তানি লিমিটেডে কৃষকৰ সামগ্ৰীসমূহ আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ ৰপ্তানিৰ সৈতে জড়িত সকলো সুবিধা প্ৰদান কৰে, যাৰ দ্বাৰা সম্পূৰ্ণ লাভ কৃষকৰ হাতলৈ যায়। শ্ৰী শ্বাহে আৰু কয় যে ভাৰতীয় বীজ সাহকাৰী সমিতি লিমিটেডে  ভাৰতৰ পৰম্পৰাগত বীজ সংৰক্ষণ, মজুতকৰণ আৰু উৎপাদনৰ দিশত কাম কৰে। কেন্দ্ৰীয় সমবায় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে মোডী চৰকাৰে ক্ষুদ্ৰ কৃষকৰ সৈতেও পৰম্পৰাগত বীজৰ বাবে চুক্তিবদ্ধ হ’ব,  যাতে তেওঁলোকো ইয়াৰ পৰা লাভৱান হ’ব পাৰে।

কেন্দ্ৰীয় সমবায় মন্ত্ৰীগৰাকীয়ে পৰামৰ্শদাতা সমিতিৰ সকলো সদস্যকে নিজ নিজ ৰাজ্যৰ দুগ্ধ খণ্ডক শক্তিশালী কৰি সমবায়সমূহক এক উত্তৰণ দিবৰ বাবে আহ্বান জনায়। তেওঁ কয় যে বিগত চাৰি বছৰত সমবায় মন্ত্ৰালয়ে প্ৰাথমিক কৃষি ঋণ সমিতি (পিএচিএছ), দুগ্ধ, মীন, সমবায় বেংক, চেনি সমবায় আৰু সমবায় প্ৰশাসন ব্যৱস্থাটো মজবুত কৰাৰ উদ্দেশ্যে এইপৰ্যন্ত শতাধিক পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে ৰাষ্ট্ৰীয় সমবায় নীতি-২০২৫ এ দেশৰ বহনক্ষম সমবায় উন্নয়নৰ বাবে এক বিস্তৃত পৰিকল্পনা বা ৰোডমেপ প্ৰদান কৰিছে। এই ৰোডমেপত তৃণমূল পৰ্যায়ত সমবায় পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰাৰ বাবে ভাৰত চৰকাৰৰ আঁচনি, যেনে প্ৰধানমন্ত্ৰী মৎস্য সম্পদ আঁচনি (পিএমএমএছৱাই), ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন কাৰ্যসূচী (এনপিডিডি) আদিৰ সৈতে সমন্বয়য়েৰে কাম কৰাৰ পদ্ধতি অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁ কয় যে সমবায়ৰ নেতৃত্বত শ্বেত বিপ্লৱ ২.০ৰ অধীনত আগন্তুক পাঁচ বছৰত গাখীৰ ক্ৰয় ৫০% বৃদ্ধিৰ বাবে প্ৰচেষ্টা চলোৱা হৈছে।

 

বৈঠকৰ সময়ত সমবায় মন্ত্ৰালয়ে বিগত চাৰি বছৰত গ্ৰহণ কৰা বিভিন্ন পদক্ষেপবোৰ সমিতিৰ সন্মুখত উপস্থাপন কৰে। মন্ত্ৰালয়ে জনোৱা মতে, ফলপ্ৰসূ ৰূপায়ণ আৰু নিৰীক্ষণৰ বাবে এলানি প্ৰতিষ্ঠানিক ব্যৱস্থা যেনে আন্তঃমন্ত্ৰালয় সমিতি (আইএমচি), ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমন্বয় সমিতি (এনএলচিচি), ৰাজ্যিক সমবায় উন্নয়ন সমিতি (এছচিডিচি), আৰু জিলা সমবায় উন্নয়ন সমিতি (ডিচিডিচি) আদি গঠন কৰা হৈছে। ডিজিটেল সংস্কাৰ, নীতি পৰিৱৰ্তন, আৰ্থিক সাহায্য আৰু প্ৰতিষ্ঠানিক সামৰ্থ্য বিকাশকে ধৰি প্ৰাথমিক কৃষি ঋণ সমিতি, দুগ্ধ, মীন, সমবায় বেংক, চেনি সমবায় আৰু প্ৰশাসন ব্যৱস্থা শক্তিশালী কৰাৰ বাবে বিগত চাৰি বছৰত সমবায় মন্ত্ৰালয়ে শতাধিক পদক্ষেপ গ্ৰহণ কৰিছে।

সমবায় মন্ত্ৰালয়ে সংসদীয় আইনৰ জৰিয়তে স্থাপন কৰা ত্ৰিভুৱন সাহকাৰী বিশ্ববিদ্যালয়ক ৰাষ্ট্ৰীয় গুৰুত্বপ্ৰাপ্ত প্ৰতিষ্ঠান হিচাপে ঘোষণা কৰা বুলি প্ৰকাশ কৰে। এই বিশ্ববিদ্যালয়ে ভাৰতত সমবায় শিক্ষা আৰু প্ৰশিক্ষণক একত্ৰিত কৰাৰ লগতে মানকৰণ (standardize) কৰিব আৰু সমবায় খণ্ডৰ বাবে দক্ষ মানৱ সম্পদ যোগান ধৰিব। সমবায় নেতৃত্বাধীন শ্বেত বিপ্লৱ ২.০ৰ অধীনত অহা পাঁচ বছৰত গাখীৰৰ ক্ৰয় ৫০% বৃদ্ধি কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। এই পৰ্যন্ত ১৫,৬৯১খন নতুন দুগ্ধ সমবায় সমিতি পঞ্জীয়ন কৰা হৈছে আৰু বৰ্তমানৰ ১১,৮৭১ খন ডিচিএছক পূৰ্বতকৈ অধিক টনকিয়াল কৰি তোলা হৈছে। ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন ব’ৰ্ড (এনডিডিবি) আৰু ১৫ খন ৰাজ্যৰ ২৫ টা মিল্ক ইউনিয়নে দুগ্ধ সমবায়ত জৈৱ গেছ উদ্যোগ স্থাপনৰ বাবে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছে। তেওঁলোকে লগতে কয় যে সমবায় মূল্য শৃংখলত পৰিসৰ, গুণগত মান আৰু ব্ৰেণ্ডিং বৃদ্ধিৰ লক্ষ্যৰে জৈৱিক সামগ্ৰী, ৰপ্তানি আৰু বীজ খণ্ডত তিনিখন নতুন বহুৰাজ্যিক সমবায় সমিতি স্থাপন কৰা হৈছে।

সমবায় খণ্ডক অধিক শক্তিশালী কৰাৰ বাবে পৰামৰ্শদাতা সমিতিয়ে পৰামৰ্শ আগবঢ়ায়। ভাৰতৰ গ্ৰামাঞ্চলত সমবায়সমূহক বিকাশ, সমতা আৰু আত্মনিৰ্ভৰশীলতাৰ আধাৰ হিচাপে গঢ়ি তোলাৰ বাবে মন্ত্ৰালয়ৰ যি প্ৰতিশ্ৰুতি আছিল, সেয়া অনাগত সময়তো অটুত থাকিব বুলি উল্লেখ কৰে।

*****

RK/VV/RR/HS/PS/PR


(Release ID: 2152858)