মানৱ সম্পদ উন্নয়ণ মন্ত্ৰালয়
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৰীক্ষা পে চৰ্চা ২০২৫-এ এমাহৰ ভিতৰত সৰ্বাধিক পঞ্জীয়ন লাভ কৰাৰ বাবে অৰ্জন কৰিলে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড
Posted On:
04 AUG 2025 6:08PM by PIB Guwahati
২০১৮ চনৰ পৰা মাইগভৰ সহযোগত শিক্ষা মন্ত্ৰালয়ে সফলতাৰে আয়োজন কৰি অহা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ফ্লেগশ্বিপ পদক্ষেপ পৰীক্ষা পে চৰ্চা (পিপিচি)ক “এমাহৰ ভিতৰতে সৰ্বাধিক লোকে নাগৰিক সংযোগ মঞ্চত পঞ্জীয়ন” কৰাৰ বাবে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড প্ৰদান কৰা হৈছে। এই স্বীকৃতিয়ে মাইগভ প্লেটফৰ্মত আয়োজিত এই কাৰ্যসূচীৰ অষ্টম সংস্কৰণৰ সময়ত লাভ কৰা ৩.৫৩ কোটি বৈধ পঞ্জীয়নে অভূতপূৰ্ব কৃতিত্বক উদযাপন কৰিছে।
পৰীক্ষা পে চৰ্চা হৈছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেতৃত্ব দিয়া এক অনন্য বিশ্বব্যাপী মঞ্চ, য’ত তেওঁ ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু অভিভাৱকৰ সৈতে প্ৰত্যক্ষভাৱে মত বিনিময় কৰে। এই পদক্ষেপে পৰীক্ষাৰ বতৰত ইতিবাচকতা, প্ৰস্তুতি আৰু উদ্দেশ্যনিহিত শিক্ষণক এক উৎসৱলৈ ৰূপান্তৰিত কৰে, যাৰ ফলত পৰীক্ষা মানসিক চাপৰ পৰিৱৰ্তে উৎসাহৰ সময় হিচাবেহে পৰিগণিত হৈ আহিছে।
নতুন দিল্লীত অনুষ্ঠিত এক অনুষ্ঠানত আনুষ্ঠানিকভাৱে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান; কেন্দ্ৰীয় ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি, ৰে'লৱে তথা তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ; কেন্দ্ৰীয় ইলেক্ট্ৰনিকছ আৰু আই টি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী জিতিন প্ৰসাদ; বিদ্যালয় শিক্ষা আৰু সাক্ষৰতা বিভাগৰ সচিব শ্ৰী সঞ্জয় কুমাৰ; মাইগভৰ চিইঅ’ শ্ৰী নন্দ কুমাৰুম আৰু শিক্ষা তথা ইলেক্ট্ৰনিক্স আৰু আই টি মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে অন্যান্য মূল অংশীদাৰসকল উপস্থিত থাকে। এই অভিলেখৰ বৈধতাৰ বিষয়ে ঘোষণা কৰে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডৰ বিচাৰক শ্ৰী ঋষি নাথে।

এই উপলক্ষে ভাষণ দি শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত পৰীক্ষা পে চৰ্চাই মানসিক চাপক শিক্ষাৰ উৎসৱলৈ ৰূপান্তৰিত কৰি পৰীক্ষাৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগীক পুনৰ সংজ্ঞায়িত কৰা হৈছে। শ্ৰী প্ৰধানে জনোৱা মতে, ২০২৫ চনত পিপিচিৰ অষ্টম সংস্কৰণত সকলো মিডিয়া প্লেটফৰ্মতে মুঠ ২১+ কোটি দৰ্শকৰ সংখ্যা দেখা গৈছিল।পিপিচি ২০২৫ত অংশগ্ৰহণ কৰাটো দেশৰ সামগ্ৰিক তথা সৰ্বাংগীন শিক্ষাৰ প্ৰতি সামূহিক দায়বদ্ধতাৰ প্ৰতিফলন আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগীক আগুৱাই নিয়াৰ প্ৰচেষ্টা হিচাপে পৰিগণিত হৈছে বুলিও তেওঁ লগতে কয়।
অনুষ্ঠানত ভাষণ দি শ্ৰী অশ্বিনী বৈষ্ণৱে পৰীক্ষা পে চৰ্চাক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ এক অনন্য পদক্ষেপ বুলি অভিহিত কৰে, যিয়ে ছাত্ৰ-ছাত্ৰী, অভিভাৱক, আৰু শিক্ষকসকলক একত্ৰিত কৰি সকলোৰে মংগল সাধনৰ লগতে মানসিক চাপমুক্ত শিক্ষাৰ প্ৰসাৰ ঘটায়। তেওঁ এই অমৃত কালত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উপলব্ধ কেৰিয়াৰৰ বিস্তৃত সুযোগৰ বিষয়ত আলোকপাত কৰি কয় যে সৰ্বোচ্চ পঞ্জীয়নেৰে গঢ়া গিনিজ বিশ্ব অভিলেখে এই পদক্ষেপৰ প্ৰতি জনসাধাৰণৰ দৃঢ় আস্থাৰ কথাই প্ৰমাণ কৰিছে।
শ্ৰী জিতিন প্ৰসাদে শাসন ব্যৱস্থাক অধিক অংশগ্ৰহণমূলক কৰি তোলাৰ বাবে মাইগভৰ প্ৰচেষ্টাক প্ৰশংসা কৰে। তেওঁ মন্তব্য কৰে যে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডে উজ্জ্বল কৰি তুলিছে যে কেনেকৈ মাইগভে নাগৰিকৰ সংযোগ গভীৰ কৰিবলৈ আৰু দেশজুৰি পৰীক্ষা পে চৰ্চাৰ প্ৰসাৰতা বৃদ্ধি কৰিবলৈ প্ৰযুক্তিৰ সহায় লৈছে।
ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে ২০২০ মানসিক চাপমুক্ত আৰু আনন্দময় শিক্ষণৰ বিষয়ত গুৰুত্ব আৰোপ কৰিছে। ই মুখস্থ বিদ্যা নিৰ্ভৰ শিক্ষণৰ পৰা দূৰৈত থাকি অভিজ্ঞতাভিত্তিক শিক্ষণৰ বিষয়ত অধি গুৰুত্ব দিয়ে। এনেদৰে ই সমালোচনাত্মক জ্ঞানমূলক দক্ষতা বিকাশৰ দিশত আগবাঢ়ি যাবলৈ উৎসাহিত কৰে। আৰম্ভণিৰে পৰাই পৰীক্ষা পে চৰ্চাই পৰীক্ষাক বৃদ্ধিৰ সুযোগলৈ ৰূপান্তৰিত কৰা দেশজোৰা আন্দোলনলৈ ৰূপান্তৰিত হৈছে। ব্যক্তিগত আদান-প্ৰদানৰ জৰিয়তে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সময় ব্যৱস্থাপনা, ডিজিটেল বিক্ষিপ্ততা, মননশীলতা আৰু আৱেগিক স্থিতিস্থাপকতাৰ দৰে মূল প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিছে। ছাত্ৰ-ছাত্ৰী, অভিভাৱক, আৰু শিক্ষকসকলক ব্যৱহাৰিক পথ প্ৰদৰ্শন আৰু প্ৰেৰণা প্ৰদান কৰে
পিপিচি ২০২৫ৰ সফলতা এক সামূহিক কৃতিত্ব আৰু এই মাইলৰ খুঁটিত অৰিহণা যোগোৱা সকলো অংশীদাৰ, শিক্ষানুষ্ঠান, আৰু নাগৰিকৰ মন্ত্ৰীসকলে শলাগ লয়। অংশগ্ৰহণমূলক শাসন ব্যৱস্থা আৰু সামগ্ৰিক শিক্ষাক অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি অটল হৈ আছে।
কাৰ্যসূচীৰ অন্তৰ্ভুক্তি, ডিজিটেল প্ৰসাৰ আৰু উদ্ভাৱনীমূলক পদ্ধতিয়ে ভাৰতত ছাত্ৰ-ছাত্ৰীৰ সংযোগৰ মূল স্তম্ভ হিচাপে ইয়াৰ অবিৰত সফলতা নিশ্চিত কৰিছে। বছৰ বাগৰাৰ লগে লগে পিপিচিয়ে এই বাৰ্তাক শক্তিশালী কৰি তুলিছে যে পৰীক্ষা শেষ নহয়, আৰম্ভণিহে।
MV/AK/DM
(Release ID: 2152388)
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam