তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
উত্তৰ-পূব ভাৰতক সৱলীকৰণ: এনএফডিচিয়ে যুৱক-যুৱতীসকলৰ বাবে বিনামূলীয়া আৱাসিক ভিএফএক্স আৰু এনিমেচন প্ৰশিক্ষণ প্ৰদান কৰিছে
৩ডি এনিমেচন আৰু ভিএফএক্সৰ বিনামূলীয়া ৮ মাহৰ আৱাসিক প্ৰশিক্ষণ; সম্পূৰ্ণ পুঁজিৰে দক্ষতা কাৰ্যসূচীৰ বাবে ১০০ জন প্ৰাৰ্থীক নিৰ্বাচিত কৰা হ’ব
আবেদনৰ অন্তিম তাৰিখ - ১৫ আগষ্ট ২০২৫
Posted On:
02 AUG 2025 11:05AM by PIB Guwahati
মুম্বাই, ০২ আগষ্ট ২০২৫
ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ তত্বাৱধানত ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগমে ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চাকাংক্ষী পেছাদাৰীসকলৰ বাবে একান্তভাৱে ৩ডি এনিমেচন আৰু ভিজুৱেল ইফেক্ট (ভিএফএক্স)ৰ সম্পূৰ্ণ আৱাসিক প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে।
এই কাৰ্যসূচীত উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্য-অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম, আৰু ত্ৰিপুৰা যিকোনো ৰাজ্যৰ ব্যক্তিসকলে অংশগ্ৰহণ কৰিব পাৰিব। আবেদনকাৰীৰ বয়স ২০২৫ চনৰ জুন মাহলৈকে কমেও ১৮ বছৰ হ’ব লাগিব। কাৰ্য্যসূচী সফলতাৰে সম্পূৰ্ণ কৰাৰ পিছত সকলো অংশগ্ৰহণকাৰীয়ে এনএফডিচি আৰু ৰাষ্ট্ৰীয় বৃত্তিমূলক শিক্ষা পৰিষদ (এনচিভিইটি)ৰ দ্বাৰা প্ৰদান কৰা যুটীয়া প্ৰমাণপত্ৰ লাভ কৰিব।
নূন্যতম যোগ্যতা হ’ল ১০+২ উত্তীৰ্ণ, বা কমেও তিনি বছৰৰ প্ৰাসংগিক উদ্যোগৰ অভিজ্ঞতা থকা দশম উত্তীৰ্ণ। আবেদন প্ৰক্ৰিয়াকৰণৰ বাবে ১,১৮০ (কৰ সহ) নামমাত্ৰ, উভতাই দিব নোৱাৰা পঞ্জীয়ন মাচুল প্ৰযোজ্য। আগ্ৰহী প্ৰাৰ্থীসকলে এনএফডিচিৰ অফিচিয়েল ৱেবছাইট www.nfdcindia.com ত গৈ অনলাইন পঞ্জীয়ন কৰিব পাৰে, বা পোনপটীয়াকৈ https://skill.nfdcindia.com/Specialproject ত নিবেদিত পঞ্জীয়ন পৰ্টেললৈ গৈ পঞ্জীয়ন কৰিব পাৰে। পঞ্জীয়নৰ শেষ তাৰিখ ১৫ আগষ্ট, ২০২৫। আবেদন প্ৰক্ৰিয়াৰ সৈতে জড়িত প্ৰশ্ন বা সমৰ্থনৰ বাবে প্ৰাৰ্থীসকলে skillindia@nfdcindia.com লৈ লিখিব পাৰে
এনএফডিচিৰ প্ৰশিক্ষণ অংশীদাৰ এপটেক লিমিটেডৰ সহযোগত প্ৰদান কৰিবলগীয়া এই একান্ত ৮ মাহৰ আৱাসিক প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ মুঠ ১০০ জন প্ৰাৰ্থীক পৰীক্ষণ আৰু মূল্যায়ন প্ৰক্ৰিয়াৰ জৰিয়তে নিৰ্বাচিত কৰা হ’ব। উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ সম্পূৰ্ণ সুসজ্জিত প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হ’বলগীয়া এই কাৰ্যসূচী দুটা ভাগত বিভক্ত হ’ব: ছমাহৰ বাবে থ্ৰীডি এনিমেচন আৰু ভিএফএক্সৰ শ্ৰেণীকোঠাভিত্তিক কঠোৰ নিৰ্দেশনা, তাৰ পিছত দুমাহৰ বাবে চাকৰিৰ সময়ত প্ৰশিক্ষণৰ জৰিয়তে উদ্যোগৰ পৰিচয় দিয়া হ’ব। প্ৰশিক্ষণত হেণ্ডছ অন লাৰ্নিং মডিউল, উদ্যোগ-প্ৰাসংগিক প্ৰকল্প, আৰু ফিল্ম ষ্টুডিঅ’ আৰু কন্টেন্ট ক্ৰিয়েচন কোম্পানীত ব্যৱহৃত বাস্তৱ জগতৰ কৰ্মপ্ৰবাহৰ সৈতে পৰিচিত হোৱা আদি অন্তৰ্ভুক্ত কৰা হ’ব।
প্ৰতিজন নিৰ্বাচিত অংশগ্ৰহণকাৰীক সমগ্ৰ কাৰ্যসূচীত তেওঁলোকৰ শিক্ষণ সমৰ্থন কৰিবলৈ এটা উচ্চ কাৰ্যক্ষম লেপটপ প্ৰদান কৰা হ’ব।
গুৰুত্বপূৰ্ণ কথাটো হ’ল বৰ্ডিং আৰু লজিঙকে ধৰি সমগ্ৰ প্ৰশিক্ষণ সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে। নিৰ্বাচিত প্ৰাৰ্থীসকলে বিনামূলীয়া আৱাসিক ব্যৱস্থা, দিনটোত তিনিবাৰকৈ আহাৰ, আৰু কোনো আৰ্থিক বোজা নোহোৱাকৈ প্ৰশিক্ষণ সম্পদ আৰু মেণ্টৰশ্বিপ সহায়ৰ সুবিধা লাভ কৰিব। এই পদক্ষেপৰ প্ৰস্তুত কৰা হৈছে যাতে অৰ্থনৈতিক আৰু ভৌগোলিকভাৱে বঞ্চিত অঞ্চলৰ প্ৰতিভাৱান যুৱক-যুৱতীসকলে ভাৰতৰ ক্ৰমবৰ্ধমান ডিজিটেল অৰ্থনীতিত সমানে অংশগ্ৰহণ কৰিবলৈ সক্ষম হয়।
ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বিশাল অথচ অব্যৱহৃত সৃষ্টিশীল সম্ভাৱনাক স্বীকৃতি দি এনএফডিচিয়ে পেছাদাৰী প্ৰশিক্ষণ আৰু দক্ষতা আন্তঃগাঁথনিৰ সুলভতাৰ সৈতে জড়িত আঞ্চলিক বৈষম্যসমূহ দূৰ কৰিবলৈ এই পদক্ষেপক কৌশলগতভাৱে প্ৰস্তুত কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক-যুৱতীসকলৰ বাবে উৎসৰ্গিত এনএফডিচিৰ আৱাসিক কাৰ্যসূচীৰ এইটো তৃতীয় সংস্কৰণ, যাৰ উদ্দেশ্য হৈছে অঞ্চলটোৰ পৰা দক্ষ ডিজিটেল শিল্পী আৰু এনিমেচন পেছাদাৰীসকলৰ পাইপলাইন গঢ়ি তোলা। এই কাৰ্যসূচীৰ লক্ষ্য কেৱল অংশগ্ৰহণকাৰীসকলক উচ্চ চাহিদাৰ কাৰিকৰী দক্ষতাৰে সজ্জিত কৰাই নহয়, নিয়োগ, উদ্যোগীকৰণ, আৰু দীৰ্ঘম্যাদী অৰ্থনৈতিক সবলীকৰণৰ বাবেও স্প্ৰিংবৰ্ড হিচাপে কাম কৰা।
ভাৰত চৰকাৰৰ উদ্যোগ এনএফডিচি দেশৰ চিনেমা আৰু সৃষ্টিশীল পৰিৱেশ তন্ত্ৰৰ এক গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈছে। অৰ্থপূৰ্ণ ভাৰতীয় চিনেমা নিৰ্মাণ আৰু প্ৰচাৰৰ ক্ষেত্ৰত ইয়াৰ ভূমিকাৰ বাবে ইয়াক বহুলভাৱে স্বীকৃতি দিয়া হৈছে যদিও এনএফডিচিয়ে দক্ষতা বিকাশৰ বাবেও এক বিশ্বাসযোগ্য ৰূপায়ণ সংস্থা হিচাপে আত্মপ্ৰকাশ কৰিছে, যিয়ে প্ৰশিক্ষণ, মূল্যায়ন, প্ৰমাণপত্ৰ, আৰু প্লেচমেণ্ট সমৰ্থনকে ধৰি আদিৰ পৰা অন্তলৈ সমাধান প্ৰদান কৰিছে। এমএণ্ডই উদ্যোগ—এনিমেচন, চলচ্চিত্ৰ নিৰ্মাণ, ভিএফএক্স, গেমিং, ডিজিটেল কন্টেন্ট সৃষ্টি, আৰু বিজ্ঞাপনৰ দৰে ডমেইনসমূহৰ মাজেৰে বিকশিত চাহিদাসমূহ পূৰণ কৰা গাঁথনিগত কাৰ্যসূচীসমূহ প্ৰদান কৰাত ই সহায়ক হৈছে।
*****
Dhanlaxmi/Parshuram Kor/AA
(Release ID: 2151892)
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Manipuri
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Kannada
,
Malayalam