প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে দিব্যা দেশমুখক এফআইডিই মহিলা বিশ্ব দবা চেম্পিয়ন, ২০২৫ হোৱাৰ বাবে অভিনন্দন জনায়
प्रविष्टि तिथि:
28 JUL 2025 6:18PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিব্যা দেশমুখক এফআইডিই মহিলা বিশ্ব দবা চেম্পিয়ন, ২০২৫ হোৱাৰ বাবে অভিনন্দন জনাইছে। “কোনেৰু হাম্পীয়েও সমগ্ৰ প্ৰতিযোগিতাখনিত অসীম দক্ষতা প্ৰদৰ্শন কৰিছে। দুয়োগৰাকী খেলুৱৈকে তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰাজিৰ বাবে শুভেচ্ছা জনাইছোঁ”, শ্ৰী মোদীয়ে এইদৰে কয়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্স-ত এইদৰে প’ষ্ট কৰিছেঃ
“এখন ঐতিহাসিক ফাইনেলত দুগৰাকী অসাধাৰণ ভাৰতীয় দবা খেলুৱৈৰ আধিপত্য!
এফআইডিই মহিলা বিশ্ব দবা চেম্পিয়ন, ২০২৫ হোৱাৰ বাবে যুৱতী দিব্যা দেশমুখক লৈ গৌৰৱান্বিত। এই উল্লেখযোগ্য কৃতিত্বৰ বাবে তেওঁক অভিনন্দন জনালোঁ। তেওঁৰ এই সাফল্যই অগণন যুৱক-যুৱতীক অনুপ্ৰাণিত কৰিব।
কোনেৰু হাম্পীয়েও সমগ্ৰ প্ৰতিযোগিতাখনিত অসীম দক্ষতা প্ৰদৰ্শন কৰিছে।
দুয়োগৰাকী খেলুৱৈকে তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰাজিৰ বাবে শুভেচ্ছা জনাইছোঁ।“
@DivyaDeshmukh05
@humpy_koneru
****
MJPS/VJ/SB
(रिलीज़ आईडी: 2149547)
आगंतुक पटल : 19
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Malayalam
,
Odia
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada