প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মহামহিম ৰজা তৃতীয় চাৰ্লছক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

Posted On: 24 JUL 2025 11:00PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মহামহিম ৰজা তৃতীয় চাৰ্লছক সাক্ষাৎ কৰে। মহামহিম ৰজা তৃতীয় চাৰ্লছৰ গ্ৰীষ্মকালীন বাসগৃহ চেণ্ড্ৰিংহাম এষ্টেটত সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে মহামহিম ৰোগাক্ৰান্ত অৱস্থাৰ পৰা আৰোগ্য লাভ কৰাৰ লগতে পুনৰ কাৰ্যভাৰ গ্ৰহণ কৰাক লৈ আনন্দ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী আৰু মহামহিমে আয়ুৰ্বেদ আৰু যোগকে ধৰি স্বাস্থ্য আৰু বহনক্ষম জীৱন-যাপনৰ সৈতে জড়িত বিভিন্ন বিষয়ৰ লগতে সমগ্ৰ বিশ্বৰ মানুহৰ মাজত ইয়াৰ সুফল বিয়পোৱাৰ উপায়সমূহৰ বিষয়েও আলোচনা কৰে।

দুয়োগৰাকী বিশ্ব নেতাই দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্কৰ বিষয়েও আলোচনা কৰে। তেওঁলোকে উল্লেখ কৰে যে ঐতিহাসিক ভাৰত-ব্ৰিটেইনৰ সৰ্বাংগীন অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি স্বাক্ষৰিত হ’লে এই অংশীদাৰিত্বক এক নতুন গতি প্ৰদান কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে বহনক্ষম উন্নয়নৰ প্ৰসাৰৰ বাবে নবীকৰণযোগ্য শক্তি খণ্ডত ভাৰতে যি অগ্ৰগতি লাভ কৰিছে সেই বিষয়েও মহামহিমক অৱগত কৰে। জলবায়ু পৰিৱৰ্তন আৰু বহনক্ষমতাৰ সন্দৰ্ভত তেওঁলোকৰ উমৈহতীয়া দৃষ্টিভংগীক সহযোগিতাৰে আৰু অধিক প্ৰসাৰিত কৰাৰ উপায়বোৰৰ বিষয়েও আলোচনা কৰে।

প্ৰধানমন্ত্ৰী আৰু মহামহিমে কমনৱেলথত ব্ৰিটেইন আৰু ভাৰতে একেলগে কাম কৰিব পৰা উপায়বোৰৰ বিষয়েও আলোচনা কৰে।

প্ৰধানমন্ত্ৰীয়ে এক পেড় মা কে নাম অৰ্থাৎ এজুপি গছ মাৰ নামত শীৰ্ষক সেউজ অভিযানত অংশগ্ৰহণ কৰাৰ বাবে মহামহিমক ধন্যবাদ জনায় আৰু শৰৎকালত আগন্তুক গছৰোপণৰ বতৰত চেণ্ড্ৰিংহাম এষ্টেটত ৰোপণ হ’বলগীয়া এটা গছপুলি অৰ্পন কৰে।

প্ৰধানমন্ত্ৰীয়ে মহামহিমক তেওঁৰ আতিথ্যৰ বাবে ধন্যবাদ জনাই ভাৰতলৈ আনুষ্ঠানিক ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়।

 

*****

MJPS/VJ


(Release ID: 2148224)