ক'অপাৰেশ্বন মন্ত্ৰালয়
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে নতুন দিল্লীত ৰাষ্ট্ৰীয় সমবায় নীতি - ২০২৫ উন্মোচন কৰে
ৰাষ্ট্ৰীয় সমবায় নীতি হৈছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সহকাৰ সে সমৃদ্ধিৰ দৃষ্টিভংগী বাস্তৱায়িতকৰণৰ দিশত এক ঐতিহাসিক পদক্ষেপ
ৰাষ্ট্ৰীয় সমবায় নীতি হৈছে দূৰদৰ্শী, ব্যৱহাৰিক আৰু ফলাফল-মুখী
ৰাষ্ট্ৰীয় সমবায় নীতিৰ অন্যতম মূল উদ্দেশ্য হৈছে প্ৰতিটো তহচিলতে পাঁচ আদৰ্শ সমবায় গাঁও গঢ়ি তোলা
গাঁও, কৃষি, গ্ৰামাঞ্চলৰ মহিলা, দলিত আৰু জনজাতীয় লোকসকল সমবায় নীতিৰ মূলতে আছে
ৰাষ্ট্ৰীয় সমবায় নীতিৰ জৰিয়তে পৰ্যটন, টেক্সি সেৱা, বীমা আৰু সেউজ শক্তিৰ দৰে খণ্ডতো সমবায় সমিতি গঠন কৰা হ’ব
ৰাষ্ট্ৰীয় সমবায় নীতিৰ লক্ষ্য হৈছে ২০৩৪-ৰ ভিতৰত জিডিপিলৈ সমবায় খণ্ডৰ বৰঙণি তিনিগুণ বৃদ্ধি, ৫০ কোটি সক্ৰিয় সদস্যক ইয়াৰ অধীনলৈ অনা আৰু যুৱক-যুৱতীসকলক নিয়োগৰ সুযোগেৰে সংযোগ কৰা
সমবায় সমিতিৰ সংখ্যা ৩০ শতাংশ বৃদ্ধি আৰু প্ৰতিখন গাঁৱতে অন্ততঃ এখন সমবায় সমিতি প্ৰতিষ্ঠা কৰাই হৈছে নতুন সমবায় নীতিৰ মূল লক্ষ্য
এসময়ত মানুহে কৈছিল, “সমবায়ৰ ভৱিষ্যৎ নাই”, কিন্তু আজি মই কওঁ, “কেৱল সমবায়ৰ মাজতহে ভৱিষ্যৎ নিহিত হৈ আছে”
Posted On:
24 JUL 2025 8:45PM by PIB Guwahati
কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় সমবায় নীতি – ২০২৫ উন্মোচন কৰে। এই কাৰ্য্যসূচীত কেন্দ্ৰীয় সমবায় দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী কৃষণ পাল গুৰ্জাৰ, শ্ৰী মুৰুলীধৰ মোহল, সমবায় সচিব ডঃ আশীষ কুমাৰ ভূটানী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা নতুন সমবায় নীতিৰ খচৰা সমিতিৰ অধ্যক্ষ শ্ৰী সুৰেশ প্ৰভূকে প্ৰমুখ্য কৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

ৰাষ্ট্ৰীয় সমবায় নীতি – ২০২৫ ৰ উন্মোচনী অনুষ্ঠানত ভাষণ প্ৰদানেৰে কেন্দ্ৰীয় সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে শ্ৰী সুৰেশ প্ৰভূৰ নেতৃত্বত ৪০ জনীয়া এখন সমিতিয়ে ভিন্ন অংশীদাৰৰ সৈতে আলোচনাৰে দেশৰ সমবায় খণ্ডৰ বাবে এখনি বিস্তৃত আৰু দূৰদৰ্শী সমবায় নীতি আগবঢ়াই দিছে। সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে সমবায় খণ্ডৰ এটি উন্নত ভৱিষ্যতৰ বাবে ৪০ জনীয়া এখনি সমিতি গঠন কৰা হৈছিল। সমিতিখনে আঞ্চলিক কৰ্মশালা অনুষ্ঠিত কৰিছিল আৰু সমবায় খণ্ডৰ আগৰণুৱা, বিশেষজ্ঞ, শিক্ষাবিদ, মন্ত্ৰালয় আৰু আন-আন সকলো অংশীদাৰৰ সৈতে বিস্তৃত আলোচনাৰে এই নীতিৰ খচৰা প্ৰস্তুত কৰিছিল। কমিটিয়ে প্ৰায় ৭৫০ পৰামৰ্শ গ্ৰহণ, ১৭ খন বৈঠক অনুষ্ঠিতৰে আৰবিআই আৰু নাবাৰ্ডৰ সৈতে আলোচনাৰ অন্তত নীতিখনি চূড়ান্ত কৰিছে।
শ্ৰী অমিত শ্বাহে কয় যে ২০০২-ত পোন-প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰে সমবায় নীতি প্ৰৱৰ্তন কৰিছিল আৰু সেই সময়তো তেওঁলোকৰ দলেই ক্ষমতাত আছিল। তেতিয়া প্ৰয়াত অটল বিহাৰী বাজপায়ীয়ে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। এতিয়া ২০২৫-ত ভাৰত চৰকাৰে দ্বিতীয়খন সমবায় নীতি উন্মোচন কৰোঁতে পুনৰ তেওঁলোকৰ দলটোৱেই ক্ষমতাত আছে। এতিয়া শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে। শ্ৰী অমিত শ্বাহে কয় যে দেশ আৰু ইয়াৰ উন্নয়নৰ বাবে প্ৰয়োজনীয়তাখিনি আহৰণ কৰিবলৈ শাসন ব্যৱস্থাৰ দৃষ্টিকোণৰ পৰা দৃষ্টিভংগী আৰু বুজাবুজি থকা দল এটাইহে সমবায় খণ্ডত গুৰুত্ব আৰোপ কৰিব পাৰে।
কেন্দ্ৰীয় সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ৰাষ্ট্ৰীয় সমবায় নীতি হৈছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সহকাৰ সে সমৃদ্ধিৰ (সমবায়ৰ জৰিয়তে সমৃদ্ধি) দৃষ্টিভংগী বাস্তৱায়িতকৰণৰ দিশত এক ঐতিহাসিক পদক্ষেপ। তেওঁ কয় যে মোদী চৰকাৰে ২০২৭-ৰ ভিতৰত ভাৰতক বিশ্বৰ তৃতীয়-সৰ্ববৃহৎ অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ইয়াৰ সমান্তৰালভাৱে ভাৰতৰ ১৪০ কোটি নাগৰিকৰ সৰ্বাংগীন উন্নয়নৰ দায়িত্বও আছে। তেওঁ কয় যে ভাৰতৰ মূল ধাৰণা হৈছে এনে এক আৰ্হি গঢ়ি তোলা, যাৰ জৰিয়তে সামূহিক উন্নয়ন, সমতাপূৰ্ণ বিকাশ আৰু সকলোৰে অৱদানৰ ফলশ্ৰুতিত ৰাষ্ট্ৰীয় অগ্ৰগতি সাধন হ’ব।

শ্ৰী অমিত শ্বাহে কয় যে স্বাধীনতাৰ প্ৰায় ৭৫ বছৰৰ পাছত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সমবায় মন্ত্ৰালয় প্ৰতিষ্ঠা কৰিছিল। প্ৰতিষ্ঠাৰ সময়ত সমবায় খণ্ডটো জৰাজীৰ্ণ অৱস্থাত আছিল। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ ‘সহকাৰ সে সমৃদ্ধি’-ৰ সংকল্প পূৰণৰ বাবে গঠন কৰা সমবায় মন্ত্ৰালয়ৰ সৰ্ববৃহৎ সফলতা হৈছে আজি দেশৰ ক্ষুদ্ৰতম সমবায় সমিতিখনৰ সদস্যসকলেও গৌৰৱবোধ আৰু আত্মবিশ্বাস অনুভৱ কৰিছে। তেওঁ কয় যে বিগত চাৰি বছৰত সমবায় খণ্ডই প্ৰতিটো মাপকাঠিতে কৰ্পৰেট খণ্ডৰ সৈতে সমানে-সমানে থিয় দিছে। তেওঁ লগতে কয় যে ২০২০-ৰ পূৰ্বে একাংশ লোকে সমবায় খণ্ডটো বন্ধ হোৱা বুলি ঘোষণা কৰিছিল যদিও এতিয়া, তেওঁলোকেও ইয়াৰ গুৰুত্ব আৰু ভৱিষ্যতক স্বীকাৰ কৰিছে।
কেন্দ্ৰীয় সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে ভাৰতৰ বাবে বিশ্বৰ তৃতীয়-সৰ্ববৃহৎ অৰ্থনীতি হোৱাটো অতিশয় গুৰুত্বপূৰ্ণ যদিও ইয়াৰ ১৪০ কোটি জনসাধাৰণৰ উন্নয়নৰ প্ৰতিও সমানেই মনোযোগ প্ৰদান কৰিব লাগিব। তেওঁ কয় যে ১৪০ কোটি নাগৰিকৰ অৱদানেৰে দেশৰ অৰ্থনীতিৰ সৰ্বাংগীন উন্নয়ন সাধনৰ সামৰ্থ্য কেৱল সমবায় খণ্ডৰহে আছে। তেওঁ কয় যে সমবায় খণ্ডত একাধিক ব্যক্তিৰ পৰা সামান্য পৰিমাণৰ মূলধন সংগ্ৰহেৰে ইয়াক একত্ৰিতকৰণেৰে বৃহৎ পৰিসৰৰ উদ্যোগ গঢ়ি তোলাৰ এক অনন্য ক্ষমতা আছে। তেওঁ কয় যে সমবায় নীতি প্ৰণয়নৰ সময়ত ইয়াৰ মূল গুৰুত্ব গাঁও, কৃষি, গ্ৰামাঞ্চলৰ মহিলা, দলিত আৰু জনজাতীয় লোককে প্ৰমুখ্য কৰি ভাৰতৰ ১৪০ কোটি লোকৰ উন্নয়ন সাধনত আৰোপ কৰাটো নিশ্চিত কৰা হৈছিল। তেওঁ কয় যে নতুন সমবায় নীতিৰ দৃষ্টিভংগী হৈছে ‘সহকাৰ সে সমৃদ্ধি’-ৰ জৰিয়তে ২০৪৭-ৰ ভিতৰত এখনি বিকশিত ভাৰত গঢ়ি তোলা। তেওঁ কয় যে এই নীতিৰ লক্ষ্য হৈছে পেছাদাৰী, স্বচ্ছ, প্ৰযুক্তি-চালিত, দায়বদ্ধ, অৰ্থনৈতিকভাৱে আত্ম-নিৰ্ভৰ আৰু সফল ক্ষুদ্ৰ সমবায় এককসমূহক প্ৰসাৰিত কৰা তথা প্ৰতিখন গাঁৱতে অন্ততঃ এখন সমবায় সমিতি স্থাপন কাৰ্য্য নিশ্চিত কৰা।
শ্ৰী অমিত শ্বাহে আৰু কয় যে সমবায় খণ্ডৰ বাবে নিৰ্ধাৰিত লক্ষ্যত উপনীত হ’বলৈ ছটা স্তম্ভ নিৰ্ধাৰণ কৰা হৈছে। সেইসমূহ হৈছে- ভেটি সুদৃঢ়কৰণ, স্পন্দনশীলতাক প্ৰসাৰিতকৰণ, ভৱিষ্যতৰ বাবে সমবায় সমিতিসমূহক সাজু কৰা, সামগ্ৰিক বিকাশ আৰু প্ৰসাৰতাৰ বৰ্ধন, নতুন খণ্ডলৈ সম্প্ৰসাৰণ আৰু সমবায় উন্নয়নৰ বাবে নৱ-প্ৰজন্মক সাজু কৰা।
কেন্দ্ৰীয় সমবায় মন্ত্ৰীজনে কয় যে সমবায় মন্ত্ৰালয়ে পৰ্যটন, টেক্সি সেৱা, বীমা আৰু সেউজ শক্তিৰ দৰে খণ্ডৰ বাবে এক বিশদ পৰিকল্পনা যুগুত কৰিছে। তেওঁ বিশেষভাৱে উল্লেখ কৰে যে অতি কম সময়ৰ ভিতৰতে টেক্সি আৰু বীমা খণ্ডত এক উল্লেখযোগ্য আৰম্ভণিৰ সূচনা হ’ব। তেওঁ কয় যে এই উদীয়মান খণ্ডসমূহত সমবায় ইউনিটসমূহৰ অংশগ্ৰহণৰ অৰ্থ হ’ল সফল সমবায়সমূহ একত্ৰিত হৈ নতুন সমবায় প্ৰতিষ্ঠান গঠন কৰিব, যিয়ে এনে নতুন ক্ষেত্ৰসমূহত কাম-কাজ আৰম্ভ কৰিব। এই ইউনিটসমূহৰ জৰিয়তে আৰ্জিত লাভ অৱশেষত গ্ৰাম্য পৰ্য্যায়ৰ প্ৰাথমিক কৃষি ঋণ সমিতি (PACS)-ৰ সদস্যসকলৰ ওচৰলৈ যাব। তেওঁ কয় যে এক বৃহৎ আৰু শক্তিশালী সমবায় ব্যৱস্থা গঢ়ি তোলাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। একে সময়তে সমবায়ক আগন্তুক প্ৰজন্মৰ দেশৰ উন্নয়নৰ এক গুৰুত্বপূৰ্ণ আহিলা হ’ব পাৰে বুলি বিশ্বাসক দৃঢ়ভাৱে প্ৰতিষ্ঠাৰ লক্ষ্য ধাৰ্য্য কৰা হৈছে।
শ্ৰী অমিত শ্বাহে কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে প্ৰতিটো খণ্ডৰ সমবায় প্ৰতিষ্ঠানক ২৪ ঘন্টা ধৰি সহায় কৰিবলৈ সম্পূৰ্ণৰূপে সাজু। তেওঁ কয় যে ইউনিটসমূহে নিজকে অভ্যন্তৰৰপৰা শক্তিশালী কৰিব লাগিব। ইয়াৰ বাবে ৮৩ টা ‘ইন্টাৰভেনচন পইন্ট’ চিনাক্ত কৰা হৈছে। ইয়াৰে ৫৮ টা পইন্টৰ কাম সম্পূৰ্ণ হৈছে আৰু ৩ টা পইন্ট সম্পূৰ্ণৰূপে কাৰ্য্যকৰী হৈছে। ২ টা পইন্টৰ ক্ষেত্ৰত নিৰন্তৰ ৰূপায়ণ সাধনৰ প্ৰয়োজন। বাকী থকা পইন্টসমূহ এতিয়া গ্ৰহণ কৰা হ’ব। তেওঁ লগতে কয় যে সকলো ৰাজ্যই নীতিখনি অধ্যৱসায়ীভাৱে ৰূপায়ণ কৰা মাত্ৰেকে ইয়াৰ ফলশ্ৰুতিত এক অন্তৰ্ভুক্ত, আত্ম-নিৰ্ভৰ আৰু ভৱিষ্যতৰ বাবে সাজু আৰ্হিৰ সৃষ্টি হ’ব, যিয়ে দেশৰ সমবায় ব্যৱস্থাক এক নতুন ৰূপ প্ৰদান কৰিব।
কেন্দ্ৰীয় সমবায় মন্ত্ৰীজনে উল্লেখ কৰে যে ২০৩৪-ৰ ভিতৰত দেশৰ জিডিপিলৈ সমবায় খণ্ডৰ বৰঙণি তিনিগুণ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। তেওঁ কয় যে এইটো এক উল্লেখযোগ্য লক্ষ্য, ইয়াত উপনীত হ’বলৈ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। সমবায় খণ্ডত ৫০ কোটি নাগৰিকৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰা কাৰ্য্য হৈছে এক বৃহৎ উদ্দেশ্য। ইয়াৰ উপৰিও সমবায় সমিতিৰ সংখ্যা ৩০ শতাংশ বৃদ্ধিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। বৰ্তমান ৮.৩ লাখ সমিতি আছে আৰু এই সংখ্যা ৩০ শতাংশ বৃদ্ধি পাব।
প্ৰতিটো পঞ্চায়ততে অন্ততঃ এটা প্ৰাথমিক সমবায় ইউনিট থাকিব, যি হ’ব পাৰে প্ৰাথমিক কৃষি ঋণ সমিতি (PACS), প্ৰাথমিক দুগ্ধ সমবায়, প্ৰাথমিক মীন সমবায়, প্ৰাথমিক বহুমুখী পেকছ বা আন যিকোনো প্ৰাথমিক ইউনিট। এই ইউনিটসমূহে যুৱক-যুৱতীসকলৰ বাবে অধিক কৰ্মসংস্থাপনৰ সুযোগো সৃষ্টিত সহায় কৰিব। তেওঁ কয় যে স্বচ্ছতা, আৰ্থিক সুস্থিৰতা আৰু প্ৰতিষ্ঠানিক আস্থা বৃদ্ধি কৰিবলৈ হ’লে প্ৰতিটো ইউনিটক ক্ষমতা প্ৰদান কৰিব লাগিব। ইয়াৰ বাবে এটা ক্লাষ্টাৰ আৰু নিৰীক্ষণ ব্যৱস্থাও গঢ়ি তোলা হ’ব।
শ্ৰী অমিত শ্বাহে কয় যে আদৰ্শ সমবায় গাঁৱৰ পদক্ষেপ প্ৰথমে গান্ধীনগৰত আৰম্ভ হৈছিল আৰু এয়া এক নাবাৰ্ডৰ পদক্ষেপ আছিল। তেওঁ উল্লেখ কৰে যে ৰাজ্যিক সমবায় বেংকৰ জৰিয়তে প্ৰতিটো তহচিলতে পাঁচখন আদৰ্শ সমবায় গাঁও স্থাপনৰ প্ৰচেষ্টা হাতত লোৱা হ’ব। শ্বেত বিপ্লৱ ২.০-ৰ জৰিয়তে মহিলাসকলৰ অংশগ্ৰহণ এই পদক্ষেপৰ সৈতে জড়িত কৰা হ’ব। শ্ৰী শ্বাহে লগতে কয় যে দুখন সমৰ্পিত সমিতিৰ জৰিয়তে এই সকলোবোৰ আঁচনি তৃণমূল পৰ্য্যায়ত ৰূপায়ণৰ বাবে এটি ৰোডমেপ প্ৰস্তুত কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমবায় মন্ত্ৰালয় এই নীতি সম্পূৰ্ণৰূপে তৃণমূল পৰ্য্যায়ত ৰূপায়ণ কৰিবলৈ পূৰ্ণৰূপে প্ৰস্তুত। তেওঁ উল্লেখ কৰে যে এই নীতিত গাঁওসমূহৰ আৰ্থ-সামাজিক গাঁথনিত উল্লেখযোগ্য পৰিৱৰ্তন সাধন আৰু অহা দুটা দশকত প্ৰযুক্তিয়ে ক্ষুদ্ৰ সমবায় ইউনিটসমূহকো স্পৰ্শকৰণ নিশ্চিত কৰাৰ লক্ষ্যৰে মূল উপাদানসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰক্ৰিয়াসমূহৰ কম্পিউটাৰাইজেচনে কাৰ্য্যকৰী পদ্ধতি সম্পূৰ্ণৰূপে সলনি কৰিব, ইয়াৰ ফলশ্ৰুতিত স্বচ্ছতা আৰু কাৰ্য্যক্ষমতা বৃদ্ধি পাব। সমবায় খণ্ডত প্ৰতিযোগিতা, আৰ্থিক সুস্থিৰতা, স্বচ্ছতা আৰু প্ৰত্যাহ্বানৰ প্ৰতি স্থিতিস্থাপকতা বৃদ্ধি কৰিবলৈ এই পৰিৱৰ্তনসমূহ তৃণমূল পৰ্য্যায়ত নিৰীক্ষণ ব্যৱস্থাৰ জৰিয়তে সাধন কৰা হ’ব। ইয়াৰ উপৰিও নীতিখনিক প্ৰাসংগিক আৰু ফলপ্ৰসূ কৰি ৰাখিবলৈ প্ৰতি ১০ বছৰৰ মূৰে-মূৰে প্ৰয়োজনীয় আইনী সংশোধনীৰ ব্যৱস্থা ৰখা হৈছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা সমবায় মন্ত্ৰীজনে কয় যে এই সমবায় নীতিৰ জৰিয়তে দেশৰ দৰিদ্ৰ লোকসকলৰ লগতে গ্ৰামীণ আৰু কৃষি ব্যৱস্থাকো ভাৰতৰ অৰ্থনীতিৰ এক নিৰ্ভৰযোগ্য আৰু অবিচ্ছেদ্য অংগ কৰি আত্মনিৰ্ভৰ ভাৰতৰ দৃষ্টিভংগী সাধনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। তেওঁ উল্লেখ কৰে যে প্ৰতিখন ৰাজ্যৰ বাবে সুষম সমবায় উন্নয়নৰ ৰোডমেপ প্ৰস্তুত কৰা হৈছে। তেওঁ কয় যে এই সমবায় নীতি দূৰদৰ্শী, ব্যৱহাৰিক আৰু ফলাফলমুখী। শ্ৰী শ্বাহে কয় যে এই নীতিৰ ভিত্তিত ভাৰতৰ স্বাধীনতাৰ শতবাৰ্ষিকী ২০৪৭-ৰ দিশে ভাৰতৰ সমবায় আন্দোলন ক্ৰমাগতভাৱে আগবাঢ়িব। তেওঁ লগতে কয় যে ‘সহকাৰ সে সমৃদ্ধি’-ৰ লক্ষ্যত কেৱল মুঠ ঘৰুৱা উৎপাদন (GDP)-ৰ বৃদ্ধিয়েই নহয়, বৰঞ্চ নিয়োগ সৃষ্টি আৰু ব্যক্তিগত আত্ম-সন্মান বৃদ্ধিৰ লক্ষ্যও অন্তৰ্ভুক্ত হৈছে। এই নীতিৰ ভেটি হিচাপে সদস্য-কেন্দ্ৰিক আৰ্হি এটা স্থাপন কৰা হৈছে। তেওঁ কয় যে সদস্যৰ কল্যাণ সমবায়ৰ মূল উদ্দেশ্য হ’ব লাগে আৰু এই নীতিয়ে নীতি-প্ৰণয়নৰ ক্ষেত্ৰত পথ-প্ৰদৰ্শন কৰিছে। দেশৰ অৰ্থনৈতিক উন্নয়নত মহিলা, যুৱক-যুৱতী, জনজাতীয় আৰু দলিতসকলৰ অংশগ্ৰহণ বৃদ্ধিৰ সুযোগ সৃষ্টিতো এই নীতিয়ে গুৰুত্ব আৰোপ কৰিছে।
শ্ৰী অমিত শ্বাহে কয় যে সু-কাৰ্য্যক্ষম অনুসূচিত সমবায় বেংকসমূহক যাতে বাণিজ্যিক বেংকৰ সমতুল্যভাৱে ব্যৱহাৰ কৰা হয় আৰু ক’তো যাতে কোনো ধৰণৰ দ্বিতীয় শ্ৰেণীৰ ব্যৱহাৰৰ সন্মুখীন নহয়, তাৰ বাবে প্ৰচেষ্টা হাতত লোৱা হ’ব। তেওঁ কয় যে বৈশ্বিক প্ৰসাৰ আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশৰ বাবে ৰাষ্ট্ৰীয় সমবায় ৰপ্তানি লিমিটেড স্থাপন কৰা হৈছে। তেওঁ লগতে কয় যে প্ৰযুক্তি-চালিত স্বচ্ছ ব্যৱস্থাপনাৰ ওপৰত ভিত্তি কৰি পেকছ (প্ৰাথমিক কৃষি ঋণ সমিতি)-ৰ বাবে ইতিমধ্যে এটা আৰ্হি প্ৰস্তুত কৰা হৈছে আৰু অনাগত দিনত সকলো ধৰণৰ সমবায়েই প্ৰযুক্তি-ভিত্তিক স্বচ্ছ ব্যৱস্থাপনা ব্যৱস্থা অভিযোজনা কৰিব। তেওঁ আৰু কয় যে পাৰিপাৰ্শ্বিক বহনক্ষমতা আৰু "সমবায়ৰ মাজত সহযোগিতা"-ৰ নীতিৰ জৰিয়তে অগ্ৰগতি লাভ কৰা হ'ব।
কেন্দ্ৰীয় সমবায় মন্ত্ৰীজনে কয় যে মোদী নেতৃত্বাধীন চৰকাৰৰ লক্ষ্য হৈছে দেশত এনে এক সমবায় খণ্ড গঢ়ি তোলা, য’ত যুৱক-যুৱতীসকলে সম্ভৱপৰ উত্তম শিক্ষা লাভৰ পিছত সমবায়ক কেৰিয়াৰ হিচাপে বাছি লয়। তেওঁ কয় যে নতুন সমবায় নীতিয়ে সমবায় খণ্ডৰ সকলো সমস্যা সমাধানৰ সম্ভাৱনা আছে, অহা ২৫ বছৰত ইয়াৰ উন্নয়ন নিশ্চিত কৰিব পাৰে আৰু দেশৰ অৰ্থনীতিত অৰিহণা যোগোৱা আন সকলো খণ্ডৰ সমতুল্য স্থান লাভ কৰিব পাৰে। শ্ৰী শ্বাহে কয় যে সকলো ৰাজ্যই যিকোনো ৰাজনৈতিক মতানৈক্যক একাষৰীয়াকৈ ৰাখি আৰ্হি উপ-বিধি গ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে ৪৫ হাজাৰ নতুন প্ৰাথমিক কৃষি ঋণ সমিতি (পেকছ) স্থাপনৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে, পেকছৰ কম্পিউটাৰাইজেচনো সম্পূৰ্ণ হৈছে আৰু পেকছক নিযুক্তি দিয়া ২৫ টা নতুন কামৰ প্ৰতিটোতে অগ্ৰগতি লাভ কৰা হৈছে। তেওঁ আৰু উল্লেখ কৰে যে এই পৰ্য্যন্ত ৪,১০৮ টা পেকছক পিএম জন ঔষধি কেন্দ্ৰ খোলাৰ বাবে অনুমোদন জনোৱা হৈছে, ৩৯৩ টা পেকছে পেট্ৰ’ল আৰু ডিজেলৰ খুচুৰা বিপণী চলোৱাৰ বাবে আবেদন কৰিছে, ১০০ ৰো অধিক পেকছে এলপিজি বিতৰণৰ বাবে আবেদন কৰিছে আৰু পেকছে “হৰ ঘৰ নল সে জল” (প্ৰতিঘৰ গৃহস্থীলৈ টেপৰ পানী) আঁচনি আৰু পিএম সূৰ্য্য ঘৰ যোজনাৰ পৰিচালনাৰ কামো কৰি আছে।
শ্ৰী শ্বাহে কয় যে এই সকলোবোৰ কামৰ বাবে প্ৰশিক্ষিত জনশক্তি মোতায়েনৰ বাবে ইতিমধ্যে ত্ৰিভূৱন সমবায় বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হৈছে। তেওঁ কয় যে চলিত বৰ্ষৰ শেষৰ ফালে চৰকাৰে ‘সহকাৰ টেক্সি’ পদক্ষেপো আৰম্ভ কৰিব, ইয়াৰ অধীনত সমগ্ৰ লাভ পোনপটীয়াকৈ চালকসকলৰ হাতলৈ যাব। তেওঁ লগতে কয় যে আন্তঃৰাষ্ট্ৰীয় সমবায় বৰ্ষৰ বাবে ভাৰতে নিজাকৈ লক্ষ্য নিৰ্ধাৰণ কৰিছে আৰু তৃণমূল পৰ্য্যায়ত ইয়াৰ কাৰ্য্যকৰীকৰণৰ বাবে কাম কৰি আছে।
শ্ৰী অমিত শ্বাহে কয় যে চৰকাৰে ক্ৰমান্বয়ে সমবায়ৰ আৰ্হিক সুদৃঢ় কৰি তুলিছে। তেওঁ উল্লেখ কৰে যে জৈৱিক সামগ্ৰীৰ ৰপ্তানি, বীজ উৎপাদন, ব্ৰেণ্ডিং আৰু বিপণনৰ বাবে তিনিখন বহু-ৰাজ্যিক সমবায় সমিতি গঠন কৰা হৈছে। তেওঁ কয় যে অনাগত দিনত শ্বেত বিপ্লৱ ২.০ গ্ৰামোন্নয়নৰ এক প্ৰধান স্তম্ভ হৈ পৰিব, যি ক্ষেত্ৰত মহিলাসকলৰ অংশগ্ৰহণ বৃদ্ধিয়েই মূল লক্ষ্য হ’ব।
কেন্দ্ৰীয় সমবায় মন্ত্ৰীজনে লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে সমাজৰ প্ৰতিটো শ্ৰেণীকে সবলীকৰণ আৰু উন্নয়নক সৰ্বাংগীন তথা সুদূৰপ্ৰসাৰী কৰি তোলাৰ লক্ষ্যৰে অতিশয় দূৰদৰ্শিতাৰে সমবায় মন্ত্ৰালয় প্ৰতিষ্ঠা কৰিছিল। তেওঁ এই সিদ্ধান্তত উপনীত হৈছে যে সহযোগিতা নীতিখনিয়ে সমবায় খণ্ডটোক আগন্তুক ২৫ বছৰলৈ প্ৰাসংগিক কৰি ৰাখিব তথা ইয়াক অৱদানকাৰী হিচাপে আৰু ভৱিষ্যতৰ বাবে সাজু খণ্ডলৈ ৰূপান্তৰিত কৰিব।
****
RK/VV/HS/PR/PS/SB
(Release ID: 2148189)
Read this release in:
Odia
,
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali-TR
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Telugu
,
Kannada
,
Malayalam