পোষ্ট কৰা হৈছে:
22 JUL 2025 5:02PM by PIB Guwahati
প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ (PMRBP) ৰ বাবে অনলাইনযোগে আবেদন গ্ৰহণৰ অন্তিম তাৰিখ ১৫ আগষ্ট ২০২৫ লৈ বৃদ্ধি কৰা হৈছে। উল্লেখ্য যে এই আবেদন গ্ৰহণ প্ৰক্ৰিয়া ৰাষ্ট্ৰীয় বঁটা পৰ্টেল https://awards.gov.in যোগে আৰম্ভ কৰা হৈছিল বিগত ০১ এপ্ৰিল ২০২৫ তাৰিখে। সাহসিকতা, সমাজ সেৱা, পৰিৱেশ, ক্ৰীড়া, কলা-সংস্কৃতি আৰু বিজ্ঞান-প্ৰযুক্তিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতিৰ যোগ্য শিশুসকলক এই বঁটা প্ৰদান কৰা হয়।
৫ বছৰৰ ওপৰৰ আৰু ১৮ বছৰৰ তলৰ (৩১ জুলাই, ২০২৫ তাৰিখলৈকে), ভাৰতীয় নাগৰিক আৰু ভাৰতত বাস কৰা যিকোনো শিশু এই বঁটাৰ বাবে যোগ্য।

যিকোনো নাগৰিকৰ পৰা মনোনয়ন কেৱল https://awards.gov.in ৰ ৰাষ্ট্ৰীয় বঁটা পৰ্টেলৰ জৰিয়তেহে গ্ৰহণ কৰা হ’ব। বঁটাৰ বাবে স্ব-মনোনয়ন আৰু পৰামৰ্শ বা ৰিকমেণ্ডেশ্যন দুয়োটাকে বিবেচনা কৰা হ’ব যদিহে সেয়া অনলাইনয়োগে দাখিল কৰা হয়। সবিশেষ তথ্যৰ বাবে ৰাষ্ট্ৰীয় বঁটা পৰ্টেল https://awards.gov.in চাব পাৰিব।
****
SS/MS