প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীক সাক্ষাৎ কোৰিয়াৰ বিশেষ দূতৰ প্ৰতিনিধি দলৰ

Posted On: 17 JUL 2025 6:40PM by PIB Guwahati

 

কিম বু কিউমৰ নেতৃত্বত কোৰিয়াৰ বিশেষ দূতৰ এটা প্ৰতিনিধি দলে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী কোৰিয়াৰ ৰাষ্ট্ৰপতি জেইম্যুং লিৰ সৈতে হোৱা ইতিবাচক বৈঠকৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে ভাৰত–কোৰিয়াৰ বিশেষ কৌশলগত অংশীদাৰিত্বক আগুৱাই নিয়াৰ বাবে ভাৰতৰ দায়বদ্ধতাক পুনৰ দৃঢ় কৰে, যিয়ে ইয়াৰ দশম বছৰ সম্পূৰ্ণ কৰিছে। তেওঁ উদ্ভাৱন, প্ৰতিৰক্ষা, জাহাজ নিৰ্মাণ আৰু দক্ষ গতিশীলতাকে ধৰি মূল খণ্ডসমূহত অংশীদাৰিত্বৰ অবিৰত বৃদ্ধিৰ ওপৰত আলোকপাত কৰে।

এক্সৰ এটা পোষ্টত তেওঁ লিখেঃ

'কিম বু কিউমৰ নেতৃত্বত কোৰিয়া গণৰাজ্যৰ বিশেষ দূতৰ প্ৰতিনিধি দলক আদৰণি জনাই আনন্দিত হৈছো। যোৱা মাহত ৰাষ্ট্ৰপতি @Jaemyung_Leeৰ সৈতে মোৰ ইতিবাচক বৈঠকৰ কথা স্মৰণ কৰিছো। ১০ বছৰ সম্পূৰ্ণ কৰা ভাৰত–কোৰিয়া বিশেষ কৌশলগত অংশীদাৰিত্বই উদ্ভাৱন আৰু প্ৰতিৰক্ষাৰ পৰা জাহাজ নিৰ্মাণ আৰু দক্ষ গতিশীলতালৈকে বৃদ্ধি পাইছে। গণতন্ত্ৰসমূহৰ মাজত ঘনিষ্ঠ সহযোগিতাই ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি, সুস্থিৰতা আৰু সমৃদ্ধিৰ ক্ষেত্ৰত অৰিহণা যোগায়।”

*****

MJPS/SR/DB


(Release ID: 2145975)