ৰেল মন্ত্ৰালয়
যাত্ৰীৰ সুৰক্ষা বৃদ্ধিৰ বাবে ৰে'লৱেই ডবাত স্থাপন কৰিব চিচিটিভি কেমেৰা
বৰ্ধিত সুৰক্ষাৰ বাবে সমগ্ৰ ৭৪,০০০টা ডবা আৰু ১৫,০০০টা ইঞ্জিনত স্থাপন কৰা হ'ব চিচিটিভি কেমেৰা
ৰে'লৱেই প্ৰতিটো ডবাত ৪টা চিচিটিভি কেমেৰা, ইঞ্জিনক ৬টা কেমেৰাৰে সজ্জিত কৰিব
ঘণ্টাত ১০০ কিলোমিটাৰৰ ওপৰৰ গতিবেগত আৰু কম পোহৰৰ পৰিবেশৰ মাজতো উচ্চমানৰ চিচিটিভি ফুটেজ সংগ্ৰহ কৰিব পৰাটো নিশ্চিত কৰা হ’ব
Posted On:
13 JUL 2025 4:02PM by PIB Guwahati
যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি যাত্ৰীবাহী ৰে'লৰ ডবাত পৰীক্ষামূলকভাৱে চিচিটিভি কেমেৰা স্থাপনৰ ইতিবাচক ফলাফলৰ ভিত্তিত ৰে’লৱেই সকলো ডবাতে চিচিটিভি কেমেৰা স্থাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই পদক্ষেপে যাত্ৰীৰ সুৰক্ষাৰ দিশটোৰ যথেষ্ট উন্নতি সাধন কৰিব। দুষ্কৃতিকাৰী আৰু সংগঠিত চক্ৰই সাধাৰণ যাত্ৰীৰ সৰলতাৰ সহজে সুযোগ গ্ৰহম কৰে আৰু নানান অঘন সংঘটিত কৰে। কেমেৰাৰ সহায়ত এনে ঘটনা বহু পৰিমাণে হ্ৰাস কৰিব পৰা যাব । যাত্ৰীসকলৰ গোপনীয়তা ৰক্ষাৰ বাবে দুৱাৰৰ সমীপত থকা সাধাৰণ গতিবিধিৰ স্থানত চিচিটিভি কেমেৰা স্থাপন কৰা হ’ব।
কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ আৰু কেন্দ্ৰীয় ৰে’ল বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী ৰৱনীত সিং বিট্টুৱে ইঞ্জিন তথা ডবাত চিচিটিভি কেমেৰা স্থাপনৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। ২০২৫ চনৰ ১২ জুলাই , শনিবাৰে এই বিষয়ত অনুষ্ঠিত বৈঠকত ৰেলৱে ব’ৰ্ডৰ উচ্চপদস্থ বিষয়াসকলেও অংশগ্ৰহণ কৰে।

৩৬০ ডিগ্ৰীৰ বিস্তৃত কভাৰেজ
উত্তৰ ৰে’লৱেৰ ইঞ্জিন আৰু ডবাত চিচিটিভি কেমেৰা স্থাপনৰ সফল পৰীক্ষা-নিৰীক্ষা কৰা হৈছে বুলি ৰে’ল বিভাগৰ বিষয়াসকলে বৈঠকত অৱগত কৰে। কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীয়ে সমগ্ৰ ৭৪ হাজাৰ ডবা আৰু ১৫ হাজাৰ ইঞ্জিনত চিচিটিভি কেমেৰা লগোৱাৰ অনুমতি দিয়ে। ৰে’লৰ প্ৰতিটো ডবাত ৪টা গম্বুজ আকৃতিৰ চিচিটিভি কেমেৰা লগোৱা হ'ব। ডবাৰ প্ৰতিটো প্ৰৱেশ পথত ২টাকৈ কমেৰা লগোৱাৰ লগতে প্ৰতিটো ইঞ্জিনত থাকিব ৬টাকৈ চিচিটিভি কেমেৰা। ইয়াৰ ভিতৰত ইঞ্জিনৰ সন্মুখ, পিছফাল আৰু দুয়োফালে ১টাকৈ কেমেৰা থাকিব। এটা ইঞ্জিনৰ প্ৰতিটো কেব (আগফাল আৰু পিছফালে) ১টাকৈ গম্বুজ আকৃতিৰ চিচিটিভি কেমেৰা আৰু ২টা ডেস্ক মাউণ্টেড মাইক্ৰ’ফোন লগোৱা হ’ব।
আধুনিক সময়ত সৃষ্ট সমস্যাৰ বাবে আধুনিক নিৰীক্ষণৰ ব্যৱস্থা
বিষয়াসকলে কয় যে চিচিটিভি কেমেৰাসমূহ শেহতীয়া বৈশিষ্ট্যৰে সমৃদ্ধ হ’ব আৰু সেইবোৰ এছটিকিউচি প্ৰমাণিত হ’ব। কেন্দ্রীয় ৰে’ল মন্ত্রীগৰাকীয়ে এইক্ষেত্ৰত উৎকৃষ্ট সামগ্রী ব্যৱহাৰ কৰাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে৷ তেওঁ ৰে’লৱেৰ বিষয়াসকলক ঘণ্টাত ১০০ কিলোমিটাৰতকৈও অধিক গতিবেগত চলা ৰে’লৰ বাবেও আৰু কম পোহৰৰ পৰিবেশৰ মাজতো উচ্চমানৰ ফুটেজ উপলব্ধ কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায় । কেন্দ্ৰীয় ৰে’ল মন্ত্ৰীগৰাকীয়ে ইণ্ডিয়াএআই মিছনৰ সহযোগত চিচিটিভি কেমেৰাই আবদ্ধ কৰা তথ্যৰ এআইৰ ব্যৱহাৰ কৰি বিশ্লেষম কৰিবলৈ বিষয়াসকলক লগতে পৰামৰ্শ দিয়ে।
তথ্যৰ গোপনীয়তা মূল বিষয়
ডবাসমূহৰ দুৱাৰৰ কাষৰ সাধাৰণ গতিবিধি কৰা স্থানত কেমেৰা লগোৱাৰ উদ্দেশ্য হৈছে যাত্ৰীসকলৰ সুৰক্ষা নিশ্চিত কৰা। এইক্ষেত্ৰত যাত্ৰীসকলৰ গোপনীয়তা ৰক্ষাৰ লগতে এই কেমেৰাসমূহে দুষ্কৃতিকাৰীক চিনাক্ত কৰাত সহায় কৰিব। ভাৰতীয় ৰে’লৱেই গ্ৰহণ কৰা আধুনিকীকৰণৰ প্ৰচেষ্টাসমূহে নিৰাপদ, সুৰক্ষিত আৰু যাত্ৰীৰ বাবে বন্ধুত্বপূৰ্ণ ভ্ৰমণ অভিজ্ঞতাৰ প্ৰতি বিভাগটোৰ দায়বদ্ধতাৰ কথাই প্ৰতিফলিত কৰিছে।
Dharmendra Tewari/ Dr. Nayan Solanki/ Ritu Raj/DM
(Release ID: 2144473)
Read this release in:
Odia
,
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam