কৃষি মন্ত্ৰালয়
azadi ka amrit mahotsav

সাৰৰ গুণগত মান নিশ্চিত কৰাৰ বাবে অভিযান আৰম্ভ কৰিবলৈ ৰাজ্যসমূহলৈ নিৰ্দেশনা

কেন্দ্ৰীয় কৃষি মন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানে নিম্নমানৰ সাৰৰ বিৰুদ্ধে তাৎক্ষণিকভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে

ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰীসকললৈ পত্ৰ লিখি এই বিষয়ত প্ৰচাৰ অভিযান চলাই ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছে

শ্ৰী শিৱৰাজ সিং চৌহানে নকল আৰু নিম্নমানৰ কৃষি সামগ্ৰীৰ সমস্যা শিপাৰ পৰাই নিৰ্মূল কৰাৰ পোষকতা কৰিছে

Posted On: 13 JUL 2025 1:11PM by PIB Guwahati

ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰীয়ে সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰি নকল  আৰু নিম্নমানৰ সাৰৰ দৰে গুৰুতৰ সমস্যাৰ  বিৰুদ্ধে তাৎক্ষণিক আৰু কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে। এই পত্ৰখন সমগ্ৰ দেশতে নকল  সাৰ বিক্ৰী, ৰাজসাহায্যযুক্ত সাৰৰ ক’লা বিপণন, বলপূৰ্বক বিক্ৰী  আদি অবৈধ কাৰ্যকলাপ ৰোধ কৰাৰ উদ্দেশ্যেৰে প্ৰেৰণ কৰা হৈছে।

 

পত্ৰখনত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই কথাত গুৰুত্ব আৰোপ কৰিছে যে কৃষি ভাৰতৰ অৰ্থনীতিৰ মেৰুদণ্ড  আৰু কৃষকৰ আয়ৰ সুস্থিৰতা নিশ্চিত কৰিবলৈ তেওঁলোকক সঠিক সময়ত, সুলভ মূল্যত আৰু মান সম্পন্ন গুণগত সাৰ প্ৰদান কৰাটো অতি প্ৰয়োজনীয়।

 

তেওঁ লগতে আলোকপাত কৰে যে ১৯৫৫ চনৰ অত্যাৱশ্যকীয় সামগ্ৰী আইন, ১৯৮৫ৰ  সাৰ (নিয়ন্ত্ৰণ) আদেশৰ অধীনত নকল বা নিম্নমানৰ সাৰ বিক্ৰী কৰাটো  নিষিদ্ধ।

 

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্যসমূহলৈ তলত দিয়া নিৰ্দেশনা জাৰি কৰিছে।

 

১. য’ত সাৰ প্ৰয়োজন হয় তাত সঠিক স্থানত সাৰৰ পৰ্যাপ্ত উপলব্ধতা নিশ্চিত কৰাটো ৰাজ্যসমূহৰ দায়িত্ব। গতিকে ৰাজ্যসমূহে সাৰৰ ক’লা ব্যৱসায়, অতিৰিক্ত মূল্য নিৰ্ধাৰণ, ৰাজসাহায্যযুক্ত সাৰৰ হৰলুকি  আদি কাৰ্য্যকলাপৰ বিৰুদ্ধে কঠোৰ  নিৰীক্ষণেৰে  ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

 

২. সাৰৰ উৎপাদন আৰু বিক্ৰীৰ নিয়মীয়া নিৰীক্ষণ কৰাৰ লগতে নমুনা সংগ্ৰহ আৰু পৰীক্ষাৰ জৰিয়তে নকল তথা নিম্নমানৰ সাৰৰ ক্ষেত্ৰত কঠোৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা  কৰিব লাগিব।

 

৩.গতানুগতিক সাৰৰ লগতে নেন’-সাৰ বা জৈৱ-উদ্দীপক সামগ্ৰীৰ বলপূৰ্বক বিক্ৰী  তৎক্ষণাত বন্ধ কৰিব লাগিব।

৪.অনিয়মৰ ক্ষেত্ৰত অনুজ্ঞাপত্ৰ বাতিল আৰু এজাহাৰ  পঞ্জীয়নকে ধৰি কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব আৰু দোষী সাব্যস্ত কৰিবলৈ ফলপ্ৰসূ বিচাৰৰ বিষয়টো  নিশ্চিত কৰিব লাগিব।

৫.ৰাজ্যসমূহক নিৰীক্ষণ প্ৰক্ৰিয়াত কৃষক/কৃষক গোটসমূহক জড়িত কৰিবলৈ , মতামত জনাব পৰা  আৰু তথ্য লাভ কৰিব পৰাৰ ব্যৱস্থা গঢ়ি তুলিবলৈ তথা প্ৰকৃত আৰু নকল সামগ্ৰী চিনাক্তকৰণৰ ক্ষেত্ৰত কৃষকসকলক জ্ঞান প্ৰদানৰ উদ্দেশ্যে  বিশেষ প্ৰচেষ্টা চলাবলৈ নিৰ্দেশ দিয়া হৈছে।

মন্ত্ৰীগৰাকীয়ে সকলো ৰাজ্যকে উপৰোক্ত নিৰ্দেশনা অনুসৰি ৰাজ্যজুৰি এক অভিযান আৰম্ভ কৰি নকল আৰু নিম্নমানৰ কৃষি সামগ্ৰীৰ সমস্যাটো শিপাৰ পৰাই নিৰ্মূল  কৰিবলৈ আহ্বান জনাইছে। তেওঁ লগতে কয় যে ৰাজ্যিক পৰ্যায়ত এই কামৰ নিয়মীয়া নিৰীক্ষণে কৃষকৰ স্বাৰ্থত এক ফলপ্ৰসূ আৰু বহনক্ষম সমাধান সূত্ৰ উলিয়াব পাৰিব। 

 

RC/KSR/AR/DM


(Release ID: 2144393)