তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
azadi ka amrit mahotsav

নাগৰিকসকলৰ সৈতে তৎকালীনভাৱে যোগাযোগৰ বাবে বাস্তৱ সময়ৰ বহুভাষিক বহুমাধ্যম উপযোগী বিষয়বস্তু নিৰ্মাণৰ সমাধানসূত্ৰৰে আগবাঢ়ি আহিবলৈ ভাৰতৰ আগশাৰীৰ এআই ষ্টাৰ্টআপসমূহক আমন্ত্ৰণ জনোৱা এক দেশজোৰা পদক্ষেপ হিচাপে ষ্টাৰ্ট-আপ ত্বৰক মঞ্চ ‘ৱেভএক্স’-য়ে “কলা সেতু” মুকলি কৰিছে

‘কলা সেতু’ হৈছে ভাৰতীয় ভাষাৰ পাঠৰ পৰা বহুমাধ্যম উপযোগী বিষয়বস্তু সৃষ্টিৰ বাবে পৰিমাপযোগ্য এআই সঁজুলি নিৰ্মাণ কৰিবলৈ ষ্টাৰ্টআপসমূহক জনোৱা এক প্ৰত্যাহ্বান

‘কলা সেতু’ আৰু ‘ভাষা সেতু’- বহুভাষিক বিষয়বস্তুত ভাৰতৰ ‘এআই’ উদ্ভাৱনক আগুৱাই নিয়াৰ অভিযান; ক্ৰমে ৩০ জুলাই আৰু ২২ জুলাইৰ ভিতৰত আবেদন কৰক

Posted On: 08 JUL 2025 2:26PM by PIB Guwahati

ভাৰতে ডিজিটেল শাসন যাত্ৰা ত্বৰান্বিত কৰাৰ মুহূৰ্তত নাগৰিকসকলৰ সৈতে নিজৰ ভাষাত, তৎক্ষণাত আৰু ফলপ্ৰসূভাৱে যোগাযোগ কৰাৰ সামৰ্থ্যৰ প্ৰয়োজনীয়তা ইয়াৰ আগতে ইমানকৈ গুৰুত্বপূৰ্ণ কেতিয়াও হোৱা নাছিল। অৰ্থপূৰ্ণ ৰাজহুৱা প্ৰচাৰৰ বাবে প্ৰয়োজনীয় পৰিসৰ, গতি আৰু বৈচিত্ৰ্যৰ সৈতে খোজ মিলাবলৈ আজিৰ তাৰিখত বিষয়বস্তু সৃষ্টিৰ পৰম্পৰাগত পদ্ধতিসমূহে সীমাবদ্ধতাৰ সন্মুখীন হৈছে। ভাৰত চৰকাৰৰ সৰ্বাংগীন, প্ৰযুক্তি-চালিত যোগাযোগৰ প্ৰতি থকা দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি, ভাষিক বিভাজন দূৰ কৰিব পৰা আৰু সমগ্ৰ দেশতে অন্তিম মাইলৰ তথ্য প্ৰদান নিশ্চিত কৰিব পৰা এআই ভিত্তিক সমাধান গ্ৰহণৰ বাবে এক বিশেষ প্ৰয়াস চলিছে।

কলা সেতু: ভাৰতৰ বাবে ৰিয়েল টাইম লেংগুৱেজ টেক

সমাৱেশী যোগাযোগৰ বাবে এআই-ৰ শক্তিক ব্যৱহাৰ কৰাৰ কৌশলগত প্ৰয়াস হিচাপে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ইয়াৰ ‘ৱেভএক্স’ শীৰ্ষক ‘ষ্টাৰ্টআপ এক্সিলেটৰ প্লেটফৰ্ম’ৰ জৰিয়তে “কলা সেতু –ৰিয়েল-টাইম লেংগুৱেজ টেক ফৰ ভাৰত” শীৰ্ষক প্ৰতিযোগিতা আৰম্ভ কৰিছে। দেশজুৰি চলিব লগা এই পদক্ষেপে ভাৰতৰ আগশাৰীৰ ‘এআই ষ্টাৰ্টআপ’সমূহক একাধিক ভাৰতীয় ভাষাৰ বাবে সমৰ্থনৰ সৈতে, শাব্দিক তথ্যৰ পৰা অডিঅ’, ভিডিঅ’, আৰু গ্রাফিক বিষয়বস্তুৰ স্বয়ংক্ৰিয় নিৰ্মাণৰ বাবে থলুৱা, পৰিমাপযোগ্য সমাধান বিকশিত কৰিবলৈ আমন্ত্ৰণ জনাইছে।

প্ৰতিযোগিতাটোৱে এআই-চালিত বিষয়বস্তু উৎপাদনৰ তিনিটা মূল ক্ষেত্ৰ সমৰ্থন কৰা পৰিমাপযোগ্য সমাধানসমূহত গুৰুত্ব আৰোপ কৰিব। প্ৰথমতে, ‘টেক্সট’ৰ পৰা ‘ভিডিঅ' কন্টেন্ট’ স্বয়ংক্ৰিয়ভাৱে সৃষ্টি কৰাৰ অনুমতি প্ৰদান কৰা, বিভিন্ন যোগাযোগৰ প্ৰয়োজন অনুসৰি পৰিৱেশ, ‘টোন’ আৰু বিষয়বস্তু ‘কাষ্টমাইজ’ কৰাৰ ক্ষমতাৰ সৈতে ‘টেক্সট-টু-ভিডিঅ' নিৰ্মাণ। দ্বিতীয়তে, ‘টেক্সট-টু-গ্ৰাফিক্স’ নিৰ্মাণ, যিয়ে ডাটা-চালিত ‘ইনফ’গ্ৰাফিক্স’ আৰু চিত্ৰকল্পমূলক দৃশ্যৰ নিৰ্মাণ সক্ষম কৰে, যিয়ে জটিল তথ্যক সহজে বুজিবলৈ আৰু দৃশ্যগতভাৱে আকৰ্ষণীয় কৰি তোলে। তৃতীয়তে, ‘টেক্সট-টু-অডিঅ’ নিৰ্মাণ, যিয়ে উন্নত কণ্ঠ সংশ্লেষণ ব্যৱহাৰ কৰি কেৱল সঠিকেই নহয়, আৱেগিকভাৱে প্ৰকাশভংগী আৰু আঞ্চলিক উচ্চাৰণৰ প্ৰতি সংবেদনশীল বাক্য নিৰ্মাণ কৰে, যাৰ ফলত বহুভাষিক প্ৰসংগত সম্পৰ্ক প্ৰগাঢ় হোৱাৰ লগতে প্ৰভাৱ বৃদ্ধি পায়।

নাগৰিককেন্দ্ৰিক প্ৰয়োগ

ৰাজহুৱা যোগাযোগ সংস্থাসমূহক চৰকাৰী তথ্যসমূহক আঞ্চলিকভাৱে অনুনাদী বিন্যাস, যেনে- ‘ইনফ'গ্ৰাফিক ভিজুৱেল’, প্ৰসংগভিত্তিক ভিডিঅ' ব্যাখ্যাকাৰী, আৰু ‘অডিঅ' নিউজ কেপচুল’লৈ গতিশীলভাৱে ৰূপান্তৰিত কৰিবলৈ সক্ষম কৰি ডিজিটেল ভাষাৰ বিভাজনক বাস্তৱ সময়ত সংযোগ কৰাৰ লক্ষ্য ৰাখিছে। বতৰৰ সতৰ্কবাণী লাভ কৰা কৃষকেই হওক, পৰীক্ষাৰ ‘আপডেট’ লাভ কৰা ছাত্ৰ-ছাত্ৰীয়েই হওক, স্বাস্থ্যসেৱা আঁচনিৰ বিষয়ে শিকি থকা জ্যেষ্ঠ নাগৰিকেই হওক, এই পদক্ষেপসমূহে এনেদৰে তথ্য প্ৰদান কৰিব বিচাৰে যিটো কেৱল প্ৰসংগক্ৰমে প্ৰাসংগিকেই নহয়, নিজৰ ভাষাতো উপলব্ধ হ’ব।

কেনেকৈ আবেদন কৰিব

ষ্টাৰ্টআপসমূহে “কলা সেতু” প্ৰত্যাহ্বান শিতানৰ অধীনত https://wavex.wavesbazaar.com ত WAVEX পৰ্টেলৰ জৰিয়তে পঞ্জীয়ন আৰু প্ৰতিযোগিতাৰ বাবে আবেদন কৰিব পাৰিব। ষ্টাৰ্টআপসমূহে ২০২৫ চনৰ ৩০ জুলাইৰ ভিতৰত ইতিমধ্যে নিৰ্মাণ কৰা এটা ‘ন্যূনতম জীৱনমুখী ধাৰণা’ (মিনিমাম ভায়েবল কনচেপ্ট-‘এমভিচি’) জমা দিব লাগিব, য’ত নিৰ্মাণটোৰ ‘ভিডিঅ’ ডেমো’ প্ৰদৰ্শন কৰা হ’ব। চূড়ান্ত তালিকাত সন্নিৱিষ্ট কৰা দলসমূহে নতুন দিল্লীত ৰাষ্ট্ৰীয় জুৰীৰ আগত নিজৰ ‘সমাধান’ দাখিল কৰিব, বিজয়ীয়ে পূৰ্ণ পৰিসৰৰ বিকাশৰ বাবে, ‘এআইআৰ’, ‘ডিডি’, আৰু ‘পিআইবি’-ৰ সৈতে ‘পাইলট সমৰ্থন’, আৰু ‘ৱেভেক্স’ উদ্ভাৱন মঞ্চৰ অধীনত ‘ইনকিউবেশ্যন’ৰ বাবে বুজাবুজিৰ চুক্তি লাভ কৰিব। প্ৰত্যাহ্বানসমূহৰ বাবে কাৰিকৰী প্ৰয়োজনীয়তা আৰু অন্যান্য বিৱৰণ বাবে WaveX পৰ্টেলত প্ৰৱেশ কৰিব পাৰিব।

ভাষাসেতু চেলেঞ্জ

‘ৱেভএক্স’ৰ অধীনত ২০২৫ চনৰ ৩০ জুনত ‘ভাষা সেতু’ বাস্তৱ সময়ৰ ভাষা অনুবাদ প্ৰত্যাহ্বান আৰম্ভ কৰা হৈছিল। ষ্টাৰ্টআপসমূহে এতিয়াও ‘ৱেভএক্স পৰ্টেল’ৰ জৰিয়তে, ‘ভাষা সেতু’ প্ৰত্যাহ্বান শ্ৰেণীৰ অধীনত, ২০২৫ চনৰ ২২ জুলাইলৈকে ‘ভাষা সেতু’ৰ বাবে আবেদন কৰিব পাৰিব।

এই পদক্ষেপসমূহে ভাৰত চৰকাৰৰ সৰ্বাংগীন আৰু ফলপ্ৰসূ শাসন ব্যৱস্থাৰ বাবে এআই-চালিত সমাধানসমূহ আগবঢ়াই নিয়াৰ বাবে দৃঢ় প্ৰতিশ্ৰুতিবদ্ধতাত আলোকপাত কৰে। বহুভাষিক বিষয়বস্তু নিৰ্মাণ আৰু বাস্তৱ সময়ৰ ভাষা অনুবাদৰ ক্ষেত্ৰত থলুৱা উদ্ভাৱনক প্ৰসাৰিত কৰি চৰকাৰে যোগাযোগৰ ব্যৱধান দূৰ কৰাৰ লগতে প্ৰতিটো ভাৰতীয় ভাষাত অন্তিম মাইলৰ তথ্য প্ৰদান নিশ্চিত কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে। ‘কলা সেতু’ আৰু ‘ভাষা সেতু’ হৈছে ৰাষ্ট্ৰৰ ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ্যক প্ৰতিফলিত কৰা ভৱিষ্যতৰ বাবে সাজু ডিজিটেল পৰিৱেশ তন্ত্ৰ গঢ়ি তোলাৰ লগতে এক সজীৱ ষ্টাৰ্টআপ উদ্ভাৱনৰ পৰিৱেশ গঢ়ি তোলাৰ মূল পদক্ষেপ।

ৱেভএক্স(WaveX) ৰ বিষয়ে

‘ৱেভএক্স’ হৈছে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ ‘ৱেভছ’ পদক্ষেপৰ অধীনত আৰম্ভ কৰা নিৰ্দিষ্ট ষ্টাৰ্টআপ ত্বৰক প্লেটফৰ্ম, যাৰ লক্ষ্য হৈছে সংবাদ মাধ্যম, বিনোদন, আৰু ভাষা প্ৰযুক্তি খণ্ডত উদ্ভাৱনক প্ৰতিপালন কৰা। ২০২৫ চনৰ মে’ মাহত মুম্বাইত অনুষ্ঠিত হোৱা ‘ৱেভছ শীৰ্ষ সন্মিলন’ত ‘ৱেভএক্স’-য়ে ৩০ টাতকৈয়ো অধিক প্ৰতিশ্ৰুতি সম্পন্ন ষ্টাৰ্টআপক ‘পিচিঙ’ৰ সুযোগ প্ৰদান কৰিছিল, যাৰ ফলত চৰকাৰী সংস্থা, বিনিয়োগকাৰী, আৰু উদ্যোগজগতৰ নেতাসকলৰ সৈতে প্ৰত্যক্ষ যোগাযোগ সম্ভৱ হৈছিল। ‘ৱেভএক্স’-য়ে লক্ষ্যনিৰ্দিষ্ট ‘হেকাথন’, ‘ইনকিউবেশ্যন’, ‘মেণ্টৰশ্বিপ’, আৰু ৰাষ্ট্ৰীয় প্লেটফৰ্মসমূহৰ সৈতে সংহতিৰ জৰিয়তে নিৰ্ণায়ক ধাৰণাসমূহ সমৰ্থন কৰি আছে।

*****

Dharmendra Tewari/Navin Sreejith/KB


(Release ID: 2143187)