সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়
ভাৰতীয় হজ কমিটিয়ে হজ, ২০২৬-ৰ বাবে আবেদন প্ৰক্ৰিয়া মুকলি কৰিছে
৩১ জুলাই, ২০২৫-লৈকে অনলাইন আবেদন উইণ্ড’ মুকলি থাকিব
Posted On:
08 JUL 2025 2:11PM by PIB Guwahati
সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় হজ কমিটিয়ে মুছলমান সমাজৰ পৰম তাৎপৰ্য্যপূৰ্ণ পবিত্ৰ তীৰ্থযাত্ৰা হজ, ২০২৬-ৰ বাবে আনুষ্ঠানিক আবেদন প্ৰক্ৰিয়া মুকলি কৰিছে।
ইয়াৰ বাবে আগ্ৰহী তীৰ্থযাত্ৰীসকলে চৰকাৰী হজ পৰ্টেল https://hajcommittee.gov.in ৰ জৰিয়তে বা “হজ সুবিধা” (HAJ SUVIDHA) ম’বাইল এপ্লিকেচনৰ জৰিয়তে নিজ-নিজ আবেদন দাখিল কৰিব পাৰিব। এপ্লিকেচনটো আইঅ’এছ আৰু এনড্ৰইড উভয় ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ। ৭ জুলাই, ২০২৫-ৰ পৰা ৩১ জুলাই, ২০২৫ (নিশা ১১:৫৯ বজা)-লৈকে অনলাইন আবেদন উইণ্ড’ খোলা থাকিব।
আবেদনকাৰীসকলে প্ৰ-পত্ৰ জমা দিয়াৰ পূৰ্বে গাইডলাইন আৰু অংগীকাৰৰাজি ভালদৰে পঢ়িব লাগিব। আবেদনৰ অন্তিম তাৰিখ বা তাৰ পূৰ্বে জাৰি কৰা আৰু অন্ততঃ ২০২৬-ৰ ৩১ ডিচেম্বৰলৈকে বৈধ মেচিন-ৰিডেবল ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় পাছপ’ৰ্ট জমা দিয়াটো বাধ্যতামূলক।
আবেদনৰ পূৰ্বে আবেদনকাৰীসকলক নিজ-নিজ প্ৰস্তুতি সম্পৰ্কে ভালদৰে বিবেচনা কৰিবলৈয়ো হজ কমিটিয়ে পৰামৰ্শ আগবঢ়াইছে। বিয়োগ বা গুৰুতৰ চিকিৎসাজনিত জৰুৰীকালীন পৰিস্থিতিৰ বাহিৰে বাতিল কাৰ্য্যত জৰিমনা ভৰিব লাগিব আৰু ইয়াৰ বাবে আৰ্থিক লোকচানৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।
এই ঘোষণাই হাজাৰ-হাজাৰ ভাৰতীয় মুছলমান নাগৰিকলৈ ভাৰত চৰকাৰৰ সমৰ্থন আৰু সুবিধাৰে হজলৈ যোৱাৰ আধ্যাত্মিক আকাংক্ষা পৰিপূৰণৰ আন এক সুযোগৰ সূচনা কৰিছে।
বিতং নিৰ্দেশনাৰ বাবে https://hajcommittee.gov.in চাওঁক।
***
SS/ISA/SB
(Release ID: 2143162)
Read this release in:
English
,
Malayalam
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Manipuri
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada