প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

প্ৰধানমন্ত্ৰীয়ে ত্রিনিদাদ আৰু টোবাগোৰ প্ৰধানমন্ত্ৰীক ৰাম মন্দিৰৰ প্ৰতিকৃতি আৰু পবিত্ৰ জল উপহাৰ দিয়ে

Posted On: 04 JUL 2025 8:57AM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেখেতলৈ সন্মানাৰ্থে আয়োজিত নৈশ ভোজত প্ৰধানমন্ত্ৰী কমলা প্ৰসাদ-বিছেছৰক অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰতিকৃতি উপহাৰ দিয়ে। তেখেতে সৰজু নদী আৰু প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভৰ পবিত্ৰ জলো প্ৰদান কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্স-ত এইদৰে প’ষ্ট কৰে;

"প্ৰধানমন্ত্ৰী কমলা প্ৰসাদ-বিছেছৰে আয়োজন কৰা নৈশ ভোজত মই তেওঁক অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰতিকৃতি আৰু সৰজু নদী তথা প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভৰ পবিত্ৰ জলো উপহাৰ দিওঁ। এইসমূহে ভাৰত-ত্ৰিনিদাদ আৰু টোবাগোৰ মাজৰ গভীৰ সাংস্কৃতিক আৰু আধ্যাত্মিক বন্ধনক সূচিত কৰিছে।"

****
 

MJPS/ST/SB
 


(Release ID: 2142171)