গৃহ মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে নতুন দিল্লীত 'সংবিধান হত্যা দিৱস' উপলক্ষে 'দ্য ইমাৰ্জেন্সী ডায়েৰীজ - ইয়েৰছ ডেট ফৰ্জড এ লিডাৰ' উন্মোচন কৰে

গ্ৰন্থখন হৈছে জৰুৰীকালীন অৱস্থা-বিৰোধী আন্দোলনৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অভিজ্ঞতাৰাজিৰ সংকলন

‘দ্য ইমাৰ্জেন্সী ডায়েৰীজ - ইয়েৰছ ডেট ফৰ্জড এ লিডাৰ’ শীৰ্ষক গ্ৰন্থখনত মোদী জীয়ে সংঘৰ এগৰাকী যুৱ প্ৰচাৰক হিচাপে কেনেকৈ গোপনে সংগ্ৰাম কৰিছিল, তাৰ উল্লেখ আছে

জৰুৰীকালীন অৱস্থাৰ সময়ত যুৱ মোদী জীৰ সংগ্ৰামেই এতিয়া প্ৰধানমন্ত্ৰী হিচাপে তেখেতক গণতন্ত্ৰৰ শিপা গভীৰ কৰিবলৈ প্ৰেৰণা যোগাইছে

গাঁৱে-গাঁৱে গৈ বংশবাদী ৰাজনীতি প্ৰতিষ্ঠা কৰিবলৈ জাপি দিয়া জৰুৰীকালীন অৱস্থাৰ বিৰোধিতা কৰা যুৱক মোদী জীয়েই ২০১৪-ত নতুন দিল্লীত বংশবাদী ৰাজনীতিক উভালি পেলাইছিল

Posted On: 25 JUN 2025 7:57PM by PIB Guwahati

 

কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত ‘সংবিধান হত্যা দিৱস’ উপলক্ষে আয়োজিত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ জৰুৰীকালীন অৱস্থা-বিৰোধী আন্দোলনৰ সময়ৰ অভিজ্ঞতাৰাজিৰ সংকলন 'দ্য ইমাৰ্জেন্সী ডায়েৰীজ - ইয়েৰছ ডেট ফৰ্জড এ লিডাৰ' (The Emergency Diaries - Years that Forged a Leader) উন্মোচন কৰে। এই কাৰ্য্যসূচীত কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য-প্ৰযুক্তি, ৰেলৱে তথা তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ, দিল্লীৰ লেফটেনেন্ট গৱৰ্ণৰ শ্ৰী বিনয় কুমাৰ ছেক্সেনা, দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰীমতী ৰেখা গুপ্তাকে প্ৰমুখ্য কৰি ভালে কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

গ্ৰন্থখনি উন্মোচনেৰে ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে এই গ্ৰন্থখনত মোদী জীয়ে সংঘৰ এগৰাকী যুৱ প্ৰচাৰক হিচাপে কেনেকৈ গোপনে সংগ্ৰাম কৰিছিল, তাৰ উল্লেখ আছে। জয়প্ৰকাশ নাৰায়ণ আৰু নানাজী দেশমুখৰ নেতৃত্বত ১৯-মাহ-জোৰা আন্দোলনৰ সময়ত তেখেতে কেনেদৰে গোপনে সংগ্ৰাম কৰিছিল, সেই কাহিনী বৰ্ণিত হৈছে। তেখেতে কেনেদৰে মিছা আইন (MISA Act)-ৰ অধীনত কাৰাগাৰত বন্দী হোৱা লোকসকলৰ ঘৰলৈ গৈ তেওঁলোকৰ পৰিয়াল-বৰ্গৰ সৈতে কথা পাতিছিল আৰু তেওঁলোকৰ চিকিৎসাৰ ব্যৱস্থা কৰিছিল, সেই বিষয়ে বিতংভাৱে গ্ৰন্থখনত উল্লেখ কৰা হৈছে। গ্ৰন্থখনত শ্ৰী মোদীয়ে বজাৰ, ছাত্ৰ-ছাত্ৰী আৰু মহিলাৰ মাজত গোপনে প্ৰকাশিত বহু বাতৰিকাকত বিতৰণৰ লগতে গুজৰাটৰ এগৰাকী ২৫-বছৰ বয়সীয়া যুৱক হিচাপে সংগ্ৰামৰ নেতৃত্ব প্ৰদান কৰিছিল, তাৰ বৰ্ণনা কৰা হৈছে। শ্ৰী শ্বাহে কয় যে মোদীয়ে সেই সময়ত গোপনে কেতিয়াবা সাধু, কেতিয়াবা চৰ্দাৰজী, কেতিয়াবা ধূপ-কাঠি বিক্ৰেতা বা কেতিয়াবা বাতৰিকাকত বিক্ৰেতা হিচাপে কাম কৰিছিল।

শ্ৰী অমিত শ্বাহে কয় যে ২৫-বছৰ বয়সীয়া যুৱকজনেই তেতিয়াৰ প্ৰধানমন্ত্ৰীৰ একনায়কত্ববাদী ধাৰণাৰ বিৰোধিতা কৰিছিল। গাঁৱে-গাঁৱে গৈ বংশবাদী ৰাজনীতি প্ৰতিষ্ঠা কৰিবলৈ জাপি দিয়া জৰুৰীকালীন অৱস্থাৰ বিৰোধিতা কৰা যুৱক মোদী জীয়েই ২০১৪-ত নতুন দিল্লীত বংশবাদী ৰাজনীতিক উভালি পেলাইছিল। এই গ্ৰন্থখনত মিডিয়া চেন্সৰশ্বিপ, চৰকাৰী দমন, সংঘ আৰু জনসংঘৰ সংগ্ৰাম, জৰুৰীকালীন অৱস্থাৰ বলি হোৱা লোকসকলৰ বৰ্ণনা তথা একনায়কত্ববাদৰ পৰা জনসাধাৰণৰ অংশগ্ৰহণলৈ আধাৰিত পাঁচটা অধ্যায় আছে বুলিও তেওঁ কয়।

গৃহমন্ত্ৰীগৰাকীয়ে দেশৰ যুৱক-যুৱতীসকলক গ্ৰন্থখনি পঢ়িবলৈ আহ্বান জনাই যাতে তেওঁলোকে জানিব পাৰে যে প্ৰথম অৱস্থাত একনায়কত্ববাদৰ বিৰুদ্ধে যুঁজ দিয়া যুৱকজনেই এতিয়া এই দেশৰ গণতন্ত্ৰৰ শিপাক সুদৃঢ় কৰা একেজন লোক আৰু তেওঁ হৈছে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

***

RK/VV/PR/PS/SB


(Release ID: 2139922)