প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

আহমেদাবাদৰ বিমান দুৰ্ঘটনাস্থলীত সাহায্য আৰু উদ্ধাৰ অভিযানৰ পৰ্যালোচনা কৰিলে প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড° পি কে মিশ্ৰই

অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ থকা আহত আৰু তেওঁলোকৰ পৰিয়ালক সাক্ষাৎ কৰে ড° পি কে মিশ্ৰই

ড° পি কে মিশ্ৰই বিষয়াসকলক ভুক্তভোগীৰ চিনাক্তকৰণ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰিবলৈ নিৰ্দেশ দিয়ে

Posted On: 15 JUN 2025 8:09PM by PIB Guwahati

প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব   ড° পি কে মিশ্ৰই আজি আহমেদাবাদ ভ্ৰমণ কৰি শেহতীয়াকৈ সংঘটিত হোৱা বিমান দুৰ্ঘটনাৰ পিছৰ পৰিস্থিতিৰ বুজ লয়। তেওঁৰ এই ভ্ৰমণে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশনাক আৰু অধিক শক্তিশালী কৰি তুলিছে, ফলত   দ্ৰুত সকাহ, এক সম্যক তদন্ত  আৰু ভুক্তভোগী তথা তেওঁলোকৰ পৰিয়ালৰ প্ৰতি ব্যাপক সমৰ্থন নিশ্চিত  হৈ পৰিছে।

শ্ৰী মিশ্ৰই মেঘনী নগৰৰ বি.জে.মেডিকেল কলেজৰ সমীপৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ  পৰ্যালোচনা কৰে। এই স্থানতে ৰাজ্য চৰকাৰ, বিমান দুৰ্ঘটনাসম্পৰ্কীয়  তদন্ত ব্যুৰো (এএআইবি), ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষৰ জ্যেষ্ঠ বিষয়াসকলে তেওঁক ঘটি যোৱা ঘটনাৰ ক্ৰম আৰু এইবিষয়ত গ্ৰহণ কৰা  তাৎক্ষণিক সঁহাৰি সম্পৰ্কীয়  ব্যৱস্থাৰ বিষয়ে অৱগত কৰে।

আহমেদাবাদৰ অসামৰিক চিকিৎসালয় পৰিদৰ্শনৰ সময়ত ড°   মিশ্ৰই শোকসন্তপ্ত পৰিয়ালৰ সদস্যসকলকো সাক্ষাৎ কৰে, ডি এন এৰ নমুনাৰ মিল থকাৰ বিষয়টো পৰ্যবেক্ষণ কৰে আৰু কৰ্তৃপক্ষক সম্পূৰ্ণ সহায় আগবঢ়াবলৈ নিৰ্দেশ দিয়ে। তেওঁৰ এনে পদক্ষেপে  এক নিৰৱচ্ছিন্ন আৰু দ্ৰুত  প্ৰক্ৰিয়া নিশ্চিত কৰিছে। তেওঁ আহত সকলৰ সৈতেও মত বিনিময় কৰাৰ লগতে চিকিৎসালয়ৰ বিষয়াসকলক আহতসকলৰ চিকিৎসা তথা আৰোগ্যক অগ্ৰাধিকাৰ দিবলৈ নিৰ্দেশ দিয়ে ।

গান্ধীনগৰৰ ফৰেনছিক বিজ্ঞান পৰীক্ষাগাৰত (এফ এছ এল) ড০ মিশ্ৰই ডি এন এ নমুনা সংগ্ৰহৰ প্ৰচেষ্টাসমূহ পৰ্যালোচনা কৰি এইক্ষেত্ৰত বৈজ্ঞানিক সঠিকতা বজাই ৰাখি চিনাক্তকৰণ প্ৰক্ৰিয়া দ্ৰুতভাৱে সম্পূৰ্ণ কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰে।

আহমেদাবাদৰ আৱৰ্ত ভৱনত  এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি ড০ মিশ্ৰই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰ, এএআইবি, ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে চলি থকা সাহায্য, উদ্ধাৰ অভিযান  আৰু তদন্তৰ প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰে। বিমান দুৰ্ঘটনাট সন্দৰ্ভত এএআইবিয়ে বিশদ তদন্ত আৰম্ভ কৰিছে ।  যিহেতু বিমানখন আমেৰিকাত নিৰ্মিত, সেয়েহে আমেৰিকাৰ ৰাষ্ট্ৰীয় পৰিবহণ সুৰক্ষা ব’ৰ্ডে আন্তঃৰাষ্ট্ৰীয় প্ৰট’কলৰ অধীনত সমান্তৰাল তদন্ত চলাই আছে। বিষয়াসকলে নিশ্চিত কৰিছে যে ফ্লাইট ডাটা ৰেকৰ্ডাৰ (এফডিআৰ) আৰু ককপিট ভইচ ৰেকৰ্ডাৰ (চিভিআৰ)ৰ  সম্ভেদ পোৱাৰ লগতে সেইবোৰ সুৰক্ষিত অৱস্থাত ৰখা হৈছে।

ড০ মিশ্ৰই দুৰ্ঘটনাটোৰ ভুক্তভোগীৰ পৰিয়ালক সকলো ধৰণৰ  সহায় আগবঢ়োৱা আৰু ইয়াৰ সৈতে জড়িত সকলো সংস্থাৰ মাজত সমন্বিত সঁহাৰি নিশ্চিত কৰাৰ বিষয়ত  প্ৰধানমন্ত্ৰীৰ প্ৰতিশ্ৰুতিৰ কথা  পুনৰবাৰ উল্লেখ কৰে। প্ৰধান সচিবগৰাকীৰ সৈতে  প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ  উপদেষ্টা শ্ৰীযুত তৰুণ কাপুৰ আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ   উপ-সচিব শ্ৰী মংগেশ ঘিলদিয়ালো উপস্থিত থাকে।

 

 

***

MJPS/SR/DM


(Release ID: 2136537)