প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীলৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ টেলিফোন
প্ৰধানমন্ত্ৰী নেটান্যাহুৱে প্ৰধানমন্ত্ৰীক ইজৰাইল আৰু ইৰানৰ মাজৰ শেহতীয়া ঘটনাৱলী সম্পৰ্কে চমুকৈ কয়
প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ উদ্বেগৰ কথা ব্যক্তকৰণেৰে অঞ্চলটোত সোনকালেই শান্তি আৰু সুস্থিৰতাৰ পুনৰুদ্ধাৰৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে
प्रविष्टि तिथि:
13 JUN 2025 11:15PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইজৰাইলৰ প্ৰধানমন্ত্ৰী মহামহিম বেঞ্জামিন নেটান্যাহুৰ পৰা এটা টেলিফোন কল লাভ কৰে।
ইয়াত প্ৰধানমন্ত্ৰী নেটান্যাহুৱে প্ৰধানমন্ত্ৰীক ইজৰাইল আৰু ইৰানৰ মাজৰ শেহতীয়া ঘটনাৱলী সম্পৰ্কে চমুকৈ কয়।
প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ উদ্বেগৰ কথা ব্যক্তকৰণেৰে অঞ্চলটোত সোনকালেই শান্তি আৰু সুস্থিৰতাৰ পুনৰুদ্ধাৰৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে।
দুয়োগৰাকী নেতাই যোগাযোগ অব্যাহত ৰাখিবলৈ আগ্ৰহ প্ৰকাশ কৰে।
***
MJPS/SB/SB
(रिलीज़ आईडी: 2136296)
आगंतुक पटल : 12
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Tamil
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Telugu
,
Kannada
,
Malayalam