প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভাৰতে শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰম তাপৰ বিপদাশংকা ব্যৱস্থাপনাৰ ক্ষেত্ৰত সক্ৰিয় আৰু দূৰদৰ্শী পন্থা গ্ৰহণ কৰিছেঃ ডঃ পি কে মিশ্ৰ
বিশেষকৈ ঘন জনবসতিপূৰ্ণ চহৰ অঞ্চলৰ বাবে তাপপ্ৰৱাহ হৈছে সীমান্তৱৰ্তী আৰু ব্যৱস্থাগত বিপদাশংকাঃ ডঃ পি কে মিশ্ৰ
ভাৰতে সমগ্ৰ চৰকাৰ আৰু সমগ্ৰ সমাজ পন্থাৰে হিট এক্সন প্লেনৰ অগ্ৰগতি সাধনৰ ক্ষেত্ৰত একাধিক অংশীদাৰক জড়িত কৰিছেঃ ডঃ পি কে মিশ্ৰ
ডঃ পি কে মিশ্ৰই চৰম তাপৰ বিপদাশংকাৰে মোকাবিলা কৰিবলৈ সীমান্তৱৰ্তী সহযোগিতাৰ আহ্বান জনায়
Posted On:
07 JUN 2025 10:03AM by PIB Guwahati
ৰাষ্ট্ৰসংঘৰ সচিব-প্ৰধানৰ আহ্বানৰ অনুৰণন ঘটাই প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ডঃ পি কে মিশ্ৰই বিশ্ব সংকট হিচাপে চৰম তাপৰে মোকাবিলাকৰণৰ জৰুৰী প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে। কালি (০৬ জুন, ২০২৫) জেনেভাত অনুষ্ঠিত চৰম তাপৰ বিপদাশংকাৰে মোকাবিলা বিষয়ক বিশেষ অধিবেশনত মূল ভাষণ প্ৰদানেৰে তেওঁ কয় যে বৰ্ধিত তাপে জনস্বাস্থ্য, অৰ্থনৈতিক সুস্থিৰতা আৰু পাৰিপাৰ্শ্বিক স্থিতিস্থাপকতাৰ বাবে ব্যৱস্থাগত বিপদাশংকাৰ সৃষ্টি কৰিছে। ভাৰতে ইউএনডিআৰআৰ-ৰ পদক্ষেপক আদৰণি জনাইছে। ইয়াৰ জৰিয়তে চৰম তাপৰ বিপদাশংকাৰে মোকাবিলাৰ অৰ্থে সাধাৰণ ফ্ৰেমৱৰ্কক সহভাজিত শিক্ষণ, নিৰ্দেশনা আৰু সহযোগিতাৰ মঞ্চ হিচাপে আগুৱাই নিয়া হ’ব।
ডঃ মিশ্ৰই কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে চৰম তাপৰ বিপদাশংকা ব্যৱস্থাপনাৰ ক্ষেত্ৰত সক্ৰিয় আৰু দূৰদৰ্শী পন্থা গ্ৰহণ কৰিছে। তেওঁ কয় যে ভাৰত দুৰ্য্যোগৰ প্ৰতি সঁহাৰি জনোৱাৰ বাহিৰেও সংহত প্ৰস্তুতি আৰু প্ৰশমন কৌশল অৱলম্বনৰ দিশত আগবাঢ়িছে। ২০১৬-ৰ পৰা ৰাষ্ট্ৰীয় দুৰ্য্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই (NDMA) তাপ প্ৰৱাহ ব্যৱস্থাপনাৰ ক্ষেত্ৰত এক বিস্তৃত ৰাষ্ট্ৰীয় নিৰ্দেশনা প্ৰস্তুত কৰি উলিয়াইছিল। ইয়াক ২০১৯-ত সংশোধন কৰা হৈছে, যিয়ে বিকেন্দ্ৰীকৃত হিট এক্সন প্লেন (HAP)ৰ ভেটি স্থাপন কৰিছে। তেওঁ আহমেদাবাদৰ অগ্ৰণী হিট এক্সন প্লেনক স্বীকাৰ কৰে, যিয়ে অগ্ৰিম সতৰ্কবাণী, আন্তঃসংস্থা সমন্বয় আৰু সামূহিক প্ৰচাৰেৰে জীৱন ৰক্ষা কৰিব পৰা কাৰ্য্যকে প্ৰদৰ্শন কৰে।
“২৩ খন তাপ-প্ৰৱণ ৰাজ্যৰ ২৫০ খনৰো অধিক চহৰ আৰু জিলাত এনডিএমএ-ৰ পৰামৰ্শদাতা, কাৰিকৰী আৰু প্ৰতিষ্ঠানিক ব্যৱস্থাৰ দ্বাৰা সমৰ্থিত কাৰ্য্যকৰী হিট এক্সন প্লেন আছে” বুলি উল্লেখেৰে প্ৰধান সচিবজনে কয় যে ব্যাপক নিৰীক্ষণ, চিকিৎসালয়ৰ প্ৰস্তুতি আৰু সজাগতা অভিযানে গ্ৰীষ্মপ্ৰৱাহ-সম্পৰ্কীয় মৃত্যুৰ হাৰ যথেষ্ট হ্ৰাস কৰিছে।
ডঃ মিশ্ৰই কয় যে ভাৰতে সমগ্ৰ চৰকাৰ আৰু সমগ্ৰ সমাজ দৃষ্টিভংগীৰে স্বাস্থ্য, কৃষি, নগৰ উন্নয়ন, শ্ৰম, শক্তি, পানী, শিক্ষা, আৰু আন্তঃগাঁথনি মন্ত্ৰালয়ক জড়িত কৰিছে। তেওঁ কয় যে জনস্বাস্থ্য প্ৰতিষ্ঠান, গৱেষণা গ্ৰুপ, নাগৰিক সমাজৰ সংগঠন আৰু বিশ্ববিদ্যালয়সমূহে হিট এক্সন প্লেনৰ অগ্ৰগতি সাধনৰ ক্ষেত্ৰত স্থানীয় চৰকাৰসমূহক সহায় কৰাত এটি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।
“চৰম তাপে সমাজসমূহক গভীৰভাৱে প্ৰভাৱিত কৰে আৰু ভাৰতে ইয়াৰ সঁহাৰিত পৰম্পৰাগত জ্ঞান আৰু স্থানীয় অভিজ্ঞতাক সক্ৰিয়ভাৱে অন্তৰ্ভুক্ত কৰিছে”, ডঃ মিশ্ৰই কয়। তেওঁ কয় যে বিদ্যালয়সমূহ আচৰণৰ পৰিৱৰ্তন সাধনৰ অনুঘটক হৈ পৰিছে, শিশুসকলক জলবায়ু স্থিতিস্থাপকতাৰ বিষয়ে জ্ঞান দিছে। তেওঁ লগতে কয় যে চিকিৎসালয় আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহক সুদৃঢ়কৰণেৰে দ্ৰুত আৰু ফলপ্ৰসূ জৰুৰীকালীন সঁহাৰি প্ৰদান নিশ্চিত কৰিব পাৰি।
ভাৰতৰ কেৱল-প্ৰস্তুতি পদ্ধতিৰ পৰা আৰম্ভ কৰি শীতল মূধচৰ প্ৰযুক্তি, বিকল্প শীতল কেন্দ্ৰ, নগৰীয়া সেউজীকৰণ আৰু পৰম্পৰাগত জলভাগৰ পুনৰুজ্জীৱনকে প্ৰমুখ্য কৰি দীৰ্ঘ-ম্যাদী তাপপ্ৰৱাহ প্ৰশমনলৈকে পৰিৱৰ্তনৰ ৰূপৰেখা দাঙি ধৰি শ্ৰী মিশ্ৰই দৃঢ়তাৰে কয় যে ভাৰতে চহৰ পৰিকল্পনাত আৰবান হিট আইছলেণ্ড (UHI)ৰ মূল্যায়নক একত্ৰিত কৰিছে।
ডঃ মিশ্ৰই এক ব্যাপক নীতি পৰিৱৰ্তনৰ কথা ঘোষণাৰে কয় যে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দুৰ্য্যোগ প্ৰশমন পুঁজি (SDMF) এতিয়া তাপপ্ৰৱাহ প্ৰশমনৰ বাবে ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ পৰিপ্ৰেক্ষিতত সহভাজিত দায়বদ্ধতাৰ বৰ্ধনেৰে স্থানীয় চৰকাৰ, ব্যক্তিগত খণ্ডৰ প্ৰতিষ্ঠান, এনজিঅ’ আৰু ব্যক্তিয়ে প্ৰতিৰোধ আৰু প্ৰশমন প্ৰকল্পলৈ বিত্তীয় সাহায্য আগবঢ়াব পাৰিব।
ডঃ মিশ্ৰই বাকী থকা মূল প্ৰত্যাহ্বানসমূহৰ কথা উল্লেখ আৰু অগ্ৰিম সতৰ্কবাণী ব্যৱস্থাৰ বৰ্ধনৰ বাবে বাস্তৱ-সময়ৰ তথ্য ভিত্তিক স্থানীয়কৃত তাপ-আৰ্দ্ৰতা সূচকাংক বিকশিতকৰণৰ ক্ষেত্ৰত বিশ্বজুৰি মনোনিৱেশ কৰাৰ আহ্বান জনায়। তেওঁ সুলভ আৰু সাংস্কৃতিকভাৱে উপযুক্ত বিল্ডিং প্ৰযুক্তি আৰু বিকল্প কুলিং উদ্ভাৱনসমূহক আগবঢ়াই নিয়া আৰু ইকুইটি উদ্বেগেৰে মোকাবিলাকৰণতো গুৰুত্ব আৰোপ কৰে। কিয়নো চৰম তাপে মহিলা, বাহিৰত কাম কৰা লোক, বৃদ্ধ আৰু শিশুসকলক গুৰুতৰভাৱে প্ৰভাৱিত কৰে।
ডঃ মিশ্ৰই কয়, “বিশেষকৈ ঘন জনবসতিপূৰ্ণ চহৰ অঞ্চলৰ বাবে তাপপ্ৰৱাহ হৈছে সীমান্তৱৰ্তী আৰু ব্যৱস্থাগত বিপদাশংকা।” তেওঁ আন্তঃৰাষ্ট্ৰীয় সমাজক প্ৰযুক্তিগত সহযোগিতা, তথ্যৰ বিনিময় আৰু তাপ স্থিতিস্থাপকতা সন্দৰ্ভত যৌথ গৱেষণা বৃদ্ধি কৰিবলৈ আহ্বান জনায়। তেওঁ প্ৰতিষ্ঠানিক আৰু আৰ্থিক সহায় ব্যৱস্থাৰ সমান্তৰালভাৱে সুলভ জ্ঞান, গৱেষণা আৰু ব্যৱহাৰিক সমাধান প্ৰশস্ত কৰিবলৈ উমৈহতীয়া ফ্ৰেমৱৰ্কৰ পোষকতা কৰে।
ডঃ মিশ্ৰই ভাৰতৰ ইয়াৰ বিশেষজ্ঞতা, কাৰিকৰী সামৰ্থ্য আৰু প্ৰতিষ্ঠানিক শক্তিসমূহ বিশ্ব অংশীদাৰসকলৰ সৈতে ভাগ-বতৰাৰ বাবে সম্পূৰ্ণ অংগীকাৰৰ কথা দোহাৰে যিয়ে চৰম তাপৰ প্ৰতি স্থিতিস্থাপক, সমন্বিত আৰু সক্ৰিয় বৈশ্বিক সঁহাৰি নিশ্চিত কৰিব।
****
MJPS/SR/SB
(Release ID: 2134883)
Read this release in:
English
,
Urdu
,
Marathi
,
Hindi
,
Bengali
,
Bengali-TR
,
Manipuri
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam