প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

জেনেভাত দুৰ্যোগজনিত বিপদাশংকা হ্ৰাসৰ বিত্তীয় ব্যৱস্থা সম্পৰ্কীয় মন্ত্ৰী পৰ্যায়ৰ ঘূৰণীয়া মেজমেলত কাৰিকৰী সহায়তা আৰু জ্ঞানৰ আদান-প্ৰদানৰ জৰিয়তে অনুঘটকীয় পুঁজি যোগানৰ প্ৰতিগোলকীয় সুবিধা সৃষ্টিৰআহ্বানভাৰতৰ

ভাৰতৰ ডিআৰআৰ বিত্তীয় ব্যৱস্থা বিশ্বৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয়ভাৱে পৰিচালিত ব্যৱস্থাসমূহৰ ভিতৰত অন্যতম হিচাপে বিকশিত হৈছেঃ ড০পি কে মিশ্ৰ
ভাৰতে জটিল অৱস্থাৰ পৰা প্ৰত্যাৱৰ্তনৰ বাবে ভিত্তি হিচাপে এক শক্তিশালী আৰু সক্ষম ডিআৰআৰ বিত্তীয় গাঁথনিত বিশ্বাস কৰেঃ ড০ পি কে মিশ্ৰ

দুৰ্যোগজনিত বিপদাশংকাৰ বিত্তীয় ব্যৱস্থা ৰাষ্ট্ৰীয় মালিকানাধীন আৰু আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ দ্বাৰা পৰিপূৰ্ণ হ'ব লাগিবঃ ড০পি কে মিশ্ৰ

Posted On: 06 JUN 2025 11:27AM by PIB Guwahati

প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড০পি কে মিশ্ৰই ২০২৫চনৰ ৪জুনত জেনেভাত অনুষ্ঠিত দুৰ্যোগৰ বিপদাশংকা হ্ৰাস (ডি আৰ আৰ) বিত্তীয় সাহায্য সম্পৰ্কীয় মন্ত্ৰী পৰ্যায়ৰ ঘূৰণীয়া মেজমেলত ভাষণ দিয়ে। এই গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত কৰাৰ বাবে তেওঁ ইউ এন ডি আৰআৰ আৰু ইয়াৰ অংশীদাৰসকলক প্ৰশংসা কৰে। ভাৰতেব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকাতেওঁলোকৰ জি-২০ৰ অধ্যক্ষতাৰ জৰিয়তে গোলকীয় আলোচনা অব্যাহত ৰখাৰ ক্ষেত্ৰত অৱদানকো স্বীকৃতি দিয়ে।

ডাঃ মিশ্ৰই গুৰুত্ব আৰোপ কৰি কয় যে ডি আৰ আৰ-প্ৰতি বিত্তীয় সাহায্য কোনো পাৰ্শ্বীয় বিষয় নহয়, বৰঞ্চ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা ব্যৱস্থাৰ ফলপ্ৰসূ কাৰ্যকলাপ আৰু বৰ্ধিত জলবায়ু আৰু দুৰ্যোগৰ বিপদাশংকাৰ পৰিপ্ৰেক্ষিতত উন্নয়নমূলক লাভসমূহ সুৰক্ষিত কৰাৰ বাবে ই কেন্দ্ৰবিন্দু। তেওঁ ভাৰতৰ এই বিশ্বাসক পুনৰ নিশ্চিত কৰে যে এক শক্তিশালী আৰু উপযুক্ত প্ৰত্যুত্তৰ দিব পৰা ডি আৰ আৰ বিত্তীয় গাঁথনি হৈছে জটিল অৱস্থা অৱসানৰ এক আধাৰশিলা।

ডিআৰআৰ বিত্তীয় সহায়তাৰ ক্ষেত্ৰত ভাৰতৰ যাত্ৰাত আলোকপাত কৰি তেওঁ উল্লেখ কৰে যে প্ৰথম অৱস্থাৰ বিত্ত আয়োগৰ দ্বাৰা প্ৰাৰম্ভিক আবণ্টনৰ পৰিমাণ আছিল ৬০নিযুত টকা (প্ৰায় .৭নিযুত ডলাৰ)আজি পঞ্চদশ বিত্ত আয়োগৰ অধীনত মুঠ ব্যয়ে.৩২ট্ৰিলিয়ন কোটি টকা (প্ৰায় ২৮বিলিয়ন আমেৰিকান ডলাৰ) অতিক্ৰম কৰিছে।

ড০ মিশ্ৰই ২০০৫ চনৰ দুৰ্যোগ ব্যৱস্থাপনা আইনৰ দ্বাৰা সমৰ্থিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা ৰাজ্য আৰু জিলা পৰ্যায়লৈ প্ৰবাহিত হোৱা পূৰ্ব-নিৰ্ধাৰিত, নিয়ম-ভিত্তিক আবণ্টনৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰে। তেওঁ কয় যে এই ৰূপান্তৰে নিশ্চিত কৰিছে যে দুৰ্যোগৰ বিত্তীয় ব্যৱস্থা প্ৰতিক্ৰিয়াশীল হোৱাৰ পৰিৱৰ্তে গাঁথনিযুক্ত আৰু অনুমানযোগ্য।

ভাৰতৰ ডিআৰআৰ বিত্তীয় দৃষ্টিভংগীচাৰিটা মূল নীতিৰ ওপৰত প্ৰতিষ্ঠিবুলি উল্লেখ কৰি শ্ৰী মিশ্ৰই কয় যে প্ৰথমতেপ্ৰস্তুতি, প্রশমন, সাহায্য আৰু পুনৰুদ্ধাৰৰ বাবে উৎসৰ্গিত বিত্তীয় ব্যৱস্থা কৰা হৈছে। দ্বিতীয়তে, প্ৰভাৱিত লোক আৰু দুৰ্বল সম্প্ৰদায়ৰ প্ৰয়োজনীয়তাক অগ্ৰাধিকাৰ দিয়া। তৃতীয়তে, কেন্দ্ৰীয়, ৰাজ্য আৰু স্থানীয়-সকলো চৰকাৰী পৰ্যায়ত বিত্তীয় সম্পদৰ উপলব্ধতা। চতুৰ্থ নীতিটো হৈছে দায়বদ্ধতা, স্বচ্ছতাআৰু সকলো ব্যয় নিৰ্দেশনা কৰা পৰিমাপযোগ্য ফলাফল।

ড০ মিশ্ৰই গুৰুত্ব আৰোপ কৰি কয় যে দুৰ্যোগ বিপদাশংকাৰ বিত্তীয় যোগান ৰাষ্ট্ৰীয় মালিকানাধীন আৰু পৰিচালিত তথা আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ দ্বাৰা পৰিপূৰ্ণ হ'ব লাগিব। যদিও প্ৰতিখন দেশে ইয়াৰ প্ৰশাসনৰ পৰিকাঠামো, বিত্তীয় প্ৰসংগ, আৰু বিপদাশংকাৰ মাত্ৰা অনুসৰি ইয়াৰ ব্যৱস্থাটোক খাপ খুৱাব লাগিব, গোলকীয় মান আৰু নিৰ্দেশনা সমানেই অত্যাৱশ্যকীয়

ৰাজহুৱা বিত্তৰ বাহিৰেও বিভিন্ন বিত্তীয় সঁজুলিৰ প্ৰয়োজনীয়তা স্বীকৃতি দি তেওঁ উল্লেখ কৰে যে বিপদাশংকাৰ একত্ৰিকৰণ, বীমা, আৰু উদ্ভাৱনীমূলক বিত্তীয় সঁজুলিৰ দৰে ব্যৱস্থাসমূহ স্থানীয় ব্যয়সাধ্যতা আৰু বিত্তীয় বহনক্ষমতাৰ সৈতে সংগতি ৰাখি বিকাশ ঘটাব লাগে।

গোলকীয় পৰ্যায়ত ড০মিশ্ৰই এটা গুৰুত্বপূৰ্ণ ব্যৱধান চিনাক্ত কৰেঃ ডিআৰআৰ বিত্তীয় ব্যৱস্থাৰ প্ৰতিষ্ঠা আৰু শক্তিশালীকৰণক সহায়তা কৰিবলৈ এক উৎসৰ্গিত আন্তঃৰাষ্ট্ৰীয় বিত্তীয় ব্যৱস্থাৰ অনুপস্থিতি। তেওঁ ৰাষ্ট্ৰসংঘৰ ব্যৱস্থা আৰু বহুপাক্ষিক বিত্তীয় প্ৰতিষ্ঠানসমূহৰ সমৰ্থনত অনুঘটকীয় পুঁজি, কাৰিকৰী সহায়তা আৰু জ্ঞানৰ আদান-প্ৰদানৰ বাবে এক মঞ্চ প্ৰদানৰ বাবে গোলকীয় সুবিধা সৃষ্টিৰ আহ্বান জনায়।

ভাৰতে মন্ত্ৰী পৰ্যায়ৰ ঘূৰণীয়া মেজমেলতআগ্ৰহ সম্পৰ্কীয় বিবৃতিৰ পৰা আঁতৰি দৃঢ়, সময়-নিৰ্ধাৰিত ফলাফলৰ দিশে আগবাঢ়িবলৈ আহ্বান জনায়। ড০ মিশ্ৰই ৰাষ্ট্ৰীয়ভাৱে পৰিচালিত কিন্তু আন্তঃৰাষ্ট্ৰীয়ভাৱে সমৰ্থিত ডি আৰ আৰ বিত্তীয় পৰিকাঠামো বিকাশ ঘটোৱাতনেতৃত্ব আৰু সহযোগিতাৰ ক্ষেত্ৰত ভাৰতৰ দায়বদ্ধতাক পুনৰ নিশ্চিত কৰে।

***

MJPS/SR/HS


(Release ID: 2134546) Visitor Counter : 2