প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
                
                
                
                
                
                    
                    
                        বিশ্ব পৰিবেশ দিৱস উপলক্ষে নতুন দিল্লীস্থিত বাসভৱনত সিন্দূৰ গছপুলি ৰোপণ প্ৰধানমন্ত্ৰীৰ
                    
                    
                        
                    
                
                
                    Posted On:
                05 JUN 2025 11:48AM by PIB Guwahati
                
                
                
                
                
                
                বিশ্ব পৰিৱেশ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ নতুন দিল্লীস্থিত বাসভৱনত এটা সিন্দূৰ গছপুলি ৰোপণ কৰে। ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত অসাধাৰণ সাহস আৰু দেশপ্ৰেম প্ৰদৰ্শন কৰা গুজৰাটৰ কুচ্চৰ সাহসী মাতৃ আৰু ভগ্নীসকলে তেওঁক এই গছপুলিটো উপহাৰ দিছিল।
শেহতীয়াকৈ গুজৰাট ভ্ৰমণৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে সিন্দুৰ গছৰ উপহাৰ আমাৰ দেশৰ নাৰী শক্তিৰ বীৰত্ব আৰু অনুপ্ৰেৰণাৰ এক শক্তিশালী প্ৰতীক হৈ থাকিব।
এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰী মোদীয়ে কয়;
"১৯৭১ চনৰ যুদ্ধত সাহস আৰু বীৰত্বৰ অসাধাৰণ নিদৰ্শন দাঙি ধৰা কুচ্চৰ সাহসী মাতৃ-ভগ্নীসকলে শেহতীয়াকৈ মোক গুজৰাট ভ্ৰমণৰ সময়ত এটি সিন্দুৰ গছপুলি উপহাৰ দিছিল। আজি বিশ্ব পৰিৱেশ দিৱসত নতুন দিল্লীৰ প্ৰধানমন্ত্ৰীৰ বাসভৱনত সেই গছপুলিটো ৰোপণ কৰাৰ সৌভাগ্য লাভ কৰিছো। এই গছপুলিটো আমাৰ দেশৰ নাৰী শক্তিৰ সাহস আৰু অনুপ্ৰেৰণাৰ এক শক্তিশালী প্ৰতীক হৈ থাকিব।"
 
 
MJPS/ST/KD
                
                
                
                
                
                (Release ID: 2134086)
                Visitor Counter : 3
                
                
                
                    
                
                
                    
                
                Read this release in: 
                
                        
                        
                            English 
                    
                        ,
                    
                        
                        
                            Urdu 
                    
                        ,
                    
                        
                        
                            Marathi 
                    
                        ,
                    
                        
                        
                            हिन्दी 
                    
                        ,
                    
                        
                        
                            Manipuri 
                    
                        ,
                    
                        
                        
                            Bengali 
                    
                        ,
                    
                        
                        
                            Bengali-TR 
                    
                        ,
                    
                        
                        
                            Punjabi 
                    
                        ,
                    
                        
                        
                            Gujarati 
                    
                        ,
                    
                        
                        
                            Odia 
                    
                        ,
                    
                        
                        
                            Tamil 
                    
                        ,
                    
                        
                        
                            Telugu 
                    
                        ,
                    
                        
                        
                            Kannada 
                    
                        ,
                    
                        
                        
                            Malayalam