প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
জেনেভাত দুৰ্যোগৰ আশংকা হ্ৰাসৰ বাবে অষ্টম বিশ্ব মঞ্চৰ বৈঠকত বিশ্ব দুৰ্যোগ সুস্থিৰতা প্ৰচেষ্টাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক পুনৰ সুদৃঢ় কৰিলে প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড০ পি কে মিশ্ৰই
পোষ্ট কৰা হৈছে:
04 JUN 2025 9:06AM by PIB Guwahati
প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব ড° পি কে মিশ্ৰই কালি (০৩ জুন ২০২৫) জেনেভাত অনুষ্ঠিত দুৰ্যোগৰ আশংকা হ্ৰাসৰ বাবে অষ্টম বিশ্ব মঞ্চৰ বৈঠকত বিশ্ব দুৰ্যোগ সুস্থিৰতা প্ৰচেষ্টাৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক পুনৰ সুদৃঢ় কৰে। তেওঁ নৰৱেৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন উপ-মন্ত্ৰী শ্ৰীমতী ষ্টাইন ৰেনেট হাহেইমৰ সৈতে ফলপ্ৰসূ আলোচনাত মিলিত হোৱাৰ লগতে দুৰ্যোগৰ আশংকা হ্ৰাসৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে।
ড০ মিশ্ৰই মঞ্চৰ উদ্বোধনী অনুষ্ঠানতো অংশগ্ৰহণ কৰে, য’ত দুৰ্যোগৰ প্ৰস্তুতি আৰু সুস্থিৰতা গঢ়ি তোলাৰ ক্ষেত্ৰত ভাৰতৰ সক্ৰিয় দৃষ্টিভংগী প্ৰদৰ্শন কৰা হয়, যিয়ে ভাৰতৰ নিৰাপদ আৰু অধিক সুস্থিৰ ভৱিষ্যতৰ বাবে অংশীদাৰিত্ব শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতিক সুদৃঢ় কৰে।
***
MJPS/SR/DB
(ৰিলিজ আই ডি : 2133888)
অতিথি কক্ষ : 22
ত এই ৰিলিজটো পঢ়ক:
Urdu
,
English
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam