প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
প্ৰধানমন্ত্ৰীয়ে তেলেংগানাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনায়
प्रविष्टि तिथि:
02 JUN 2025 9:54AM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেংগানাৰ জনসাধাৰণক আজি ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জনাইছে। "ৰাজ্যখনে ৰাষ্ট্ৰীয় প্ৰগতিৰ ক্ষেত্ৰত অসামান্য বৰঙণি আগবঢ়াই আহিছে। যোৱাটো দশকত এনডিএ চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণৰ ‘ইজ অৱ লিভিঙ’ৰ বৰ্ধনৰ বাবে একাধিক ব্যৱস্থা গ্ৰহণ কৰিছে", শ্ৰী মোদীয়ে এইদৰে কয়।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্স-ত এইদৰে প’ষ্ট কৰিছেঃ
"তেলেংগানাৰ জনসাধাৰণক আজি ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জনাইছোঁ। ৰাজ্যখনে ৰাষ্ট্ৰীয় প্ৰগতিৰ ক্ষেত্ৰত অসামান্য বৰঙণি আগবঢ়াই আহিছে। যোৱাটো দশকত এনডিএ চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণৰ ‘ইজ অৱ লিভিঙ’ৰ বৰ্ধনৰ বাবে একাধিক ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যখনৰ জনসাধাৰণ সফলতা আৰু সমৃদ্ধিৰ বাটত আগুৱাই যাওঁক।"
***
MJPS/VJ/SB
(रिलीज़ आईडी: 2133219)
आगंतुक पटल : 9
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Manipuri
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam