প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ছিকিম ৰাজ্য প্ৰতিস্থাৰ ৫০ বছৰীয়া জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ছিকিমৰ জনসাধাৰণলৈ শুভেচ্ছা জনাইছে
Posted On:
16 MAY 2025 10:13AM by PIB Guwahati
‘ৰাজ্য প্ৰতিস্থা দিৱস’ত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছিকিমৰ জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। "এই বছৰৰ এই অনুষ্ঠানটোৱে নিতান্তই বিশেষ গুৰুত্ব বহণ কৰিছে, কিয়নো আমি ছিকিমৰ ৰাজ্য প্ৰতিস্থাৰ ৫০ বছৰীয়া জয়ন্তী উদযাপন কৰিছোঁ! ছিকিম নৈঃসৰ্গিক সৌন্দৰ্য, চহকী সাংস্কৃতিক পৰম্পৰা আৰু পৰিশ্ৰমী লোকসকলৰ সৈতে সম্পৰ্কিত", শ্ৰী মোদীয়ে লগতে কয়।
প্ৰধানমন্ত্ৰীয়ে ‘এক্স’ত ‘পোষ্ট’ কৰিলে;
"ছিকিমৰ জনসাধাৰণক তেওঁলোকৰ ‘ৰাজ্য প্ৰতিস্থা দিৱস’ উপলক্ষে উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছোঁ! এইবাৰ ছিকিমৰ ৰাজ্য প্ৰতিস্থাৰ ৫০ বছৰীয়া জয়ন্তী উপলক্ষে এই অনুষ্ঠানটোৱে আৰু অধিক বিশেষত্ব বহণ কৰিছে! ছিকিম নৈঃসৰ্গিক সৌন্দৰ্য, চহকী সাংস্কৃতিক পৰম্পৰা আৰু পৰিশ্ৰমী লোকসকলৰ সৈতে সম্পৰ্কিত। ই বিভিন্ন খণ্ডত অগ্ৰগতি লাভ কৰিছে। এই সুন্দৰ ৰাজ্যখনৰ জনসাধাৰণৰ উন্নতি হওক।"
***
MJPS/VJ/KB
(Release ID: 2129015)
Read this release in:
English
,
Urdu
,
Hindi
,
Nepali
,
Marathi
,
Manipuri
,
Bengali
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam