প্ৰতিৰক্ষা মন্ত্ৰালয়
অপাৰেচন সিন্দুৰ কেৱল সামৰিক অভিযানেই নহয়, ভাৰতৰ ৰাজনৈতিক, সামাজিক আৰু কৌশলগত ইচ্ছাশক্তিৰ প্ৰতীক: প্ৰতিৰক্ষা মন্ত্ৰী
“ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ এয়া এক প্ৰমাণ, আনকি সীমান্তৰ সিপাৰৰ মাটিও সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ গৰাকীৰ বাবে সুৰক্ষিত নহয়”
“ভাৰত বিৰোধী আৰু সন্ত্ৰাসবাদী সংগঠনৰ হাতত আপোনজনক হেৰুওৱা নিৰীহ পৰিয়ালসমূহৰ বাবে আমাৰ সশস্ত্ৰ বাহিনীয়ে ন্যায় নিশ্চিত কৰিলে”
লক্ষ্ণৌত ব্ৰহ্মছ ইন্টিগ্ৰেচন এণ্ড টেষ্টিং ফেচিলিটি চেণ্টাৰ ভাৰ্চুৱেলি উদ্বোধন কৰে শ্ৰী ৰাজনাথ সিঙে
“এই প্ৰকল্পই ভাৰতৰ আত্মনিৰ্ভৰশীল পদক্ষেপক শক্তিশালী কৰিব আৰু অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়নত অৰিহণা যোগাব”
Posted On:
11 MAY 2025 2:36PM by PIB Guwahati
২০২৫ চনৰ ১১ মে’ত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ব্ৰহ্মছ ইন্টিগ্ৰেচন এণ্ড টেষ্টিং ফেচিলিটি চেণ্টাৰ ভাৰ্চুৱেলীৰ উদ্বোধনী কৰে প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙে । প্ৰকল্পটো উদ্বোধন কৰি প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে কয় , ‘অপাৰেচন সিন্দুৰ কেৱল সামৰিক অভিযানেই নহয়, এয়া ভাৰতৰ ৰাজনৈতিক, সামাজিক আৰু কৌশলগত ইচ্ছাশক্তিৰ প্ৰতীক । এয়া হৈছে ভাৰত বিৰোধী তথা ভাৰতৰ মাটিত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলোৱা সংগঠনৰ আক্ৰমণত নিজৰ আপোনজনক হেৰুওৱা নিৰীহ পৰিয়ালসমূহৰ ন্যায় নিশ্চিত কৰিবলৈ সশস্ত্ৰ বাহিনীৰ সামৰ্থ্য আৰু দৃঢ়তাৰ প্ৰতীক।

প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে অপাৰেচন সিন্দুৰক ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজ দিয়াৰ এক প্ৰমাণ বুলি অভিহিত কৰে । তেওঁ কয় - ভাৰতে যেতিয়াই সন্ত্ৰাসবাদৰ বিৰুদ্ধে কাম আৰম্ভ কৰে তেতিয়াই সীমান্তৰ সিপাৰৰ ভূমিত সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ মালিকসকল অসুৰক্ষিত হৈ পৰে। তেওঁ কয় ‘উৰি কাণ্ডৰ পিছত ভাৰতে ছাৰ্জিকেল আক্ৰমণ চলাইছে, পুলৱামা আক্ৰমণৰ পিছত আকাশী পথেৰে আক্ৰমণ চলাইছে আৰু এতিয়া পহলগাম আক্ৰমণৰ পিছত একাধিক আক্ৰমণৰ জৰিয়তে বিশ্বই ভাৰতৰ শক্তি প্ৰত্যক্ষ কৰিছে। বিশ্বই দেখিছে ভাৰতে যদি নিজৰ মাটিত সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হয় তেন্তে কেনে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।
শ্ৰী ৰাজনাথ সিঙে দৃঢ়তাৰে কয় যে এই অভিযান পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰত সন্ত্ৰাসবাদীৰ আন্তঃগাঁথনি ধ্বংস কৰাৰ বাবে আৰম্ভ কৰা হৈছিল। অভিযানটোত নিৰীহ সাধাৰণ নাগৰিকক লক্ষ্য কৰি লোৱা হোৱা নাছিল। অৱশ্যে পাকিস্তানে ভাৰতৰ অসামৰিক অঞ্চলসমূহক লক্ষ্য কৰি লৈছে। পাকিস্তানে মন্দিৰ, গুৰুদ্বাৰ আৰু গীৰ্জাসমূহ আক্ৰমণ কৰাৰ চেষ্টা কৰিছিল। তেওঁ কয় 'আমাৰ সশস্ত্ৰ বাহিনীয়ে শৌৰ্য্য আৰু সংযম প্ৰদৰ্শন কৰিলে আৰু পাকিস্তানৰ বহু সামৰিক ঘাটিত আক্ৰমণ কৰি উপযুক্ত উত্তৰ দিলে।কেৱল সীমান্তৰ কাষৰ সামৰিক ঘাটিৰ বিৰুদ্ধে আমি ব্যৱস্থা গ্ৰহণ কৰাই নহয়, আমাৰ সশস্ত্ৰ বাহিনীয়ে আনকি পাকিস্তানৰ সামৰিক মুখ্য কাৰ্যালয় থকা ৰাৱালপিণ্ডিও গৈ পালে।'

ব্ৰহ্মছ সংহত পৰীক্ষণ সুবিধা কেন্দ্ৰ সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে ই প্ৰতিৰক্ষাৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতাৰ প্ৰতি ভাৰতৰ প্ৰচেষ্টাক শক্তিশালী কৰিব আৰু উল্লেখযোগ্য প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগ সৃষ্টি কৰি অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়নত অৰিহণা যোগাব। তেওঁ ৰাষ্ট্ৰীয় প্ৰযুক্তি দিৱসৰ উদ্বোধনী অনুষ্ঠানক এক গুৰুত্বপূৰ্ণ মুহূৰ্ত বুলি অভিহিত কৰে। যিয়ে ভাৰতৰ ক্ৰমবৰ্ধমান উদ্ভাৱনী শক্তিক প্ৰতিফলিত কৰিছে আৰু জটিল, উচ্চমানৰ তথা সীমান্ত প্ৰযুক্তিৰ বিশ্বব্যাপী দ্ৰুত পৰিৱৰ্তনৰ সৈতে ই সংগতি ৰাখিছে।
শ্ৰী ৰাজনাথ সিঙে ব্ৰহ্মছক কেৱল বিশ্বৰ অন্যতম দ্ৰুততম ছুপাৰছ’নিক ক্ৰুজ মিছাইল বুলি অভিহিত কৰাই নহয়, তেওঁ ইয়াক ভাৰতৰ সশস্ত্ৰ বাহিনীৰ শক্তিৰ বিষয়ে এক বিশেষ বাৰ্তা, শত্ৰুক প্ৰতিৰোধৰ বাৰ্তা আৰু নিজৰ সীমা সুৰক্ষিত কৰাৰ বাবে ৰাষ্ট্ৰৰ অটল প্ৰতিশ্ৰুতিৰ বাৰ্তা বুলি অভিহিত কৰে। তেওঁ লগতে কয় যে ব্ৰহ্মছ ভাৰত আৰু ৰাছিয়াৰ শীৰ্ষ প্ৰতিৰক্ষা প্ৰযুক্তিৰ এক সংগমস্থলী।
ভাৰতৰ মিছাইল মেন তথা প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ পি জে আব্দুল কালামৰ উদ্ধৃতি দি তেওঁ কয় ‘যদিহে ভাৰতে বিশ্বৰ সন্মুখত সবলভাবে থিয় নহয়, তেতিয়ালৈকে আমাক কোনেও সন্মান নকৰে। এই পৃথিৱীত ভয়ৰ কোনো স্থান নাই, কেৱল শক্তিয়েহে শক্তিক সন্মান কৰে’। প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে যে ভাৰত আজি এখন অন্যতম শক্তিশালী দেশ আৰু কেন্দ্ৰই ভাৰতৰ শক্তিক আৰু অধিক শক্তিশালী কৰাত সহায় কৰিব।

উত্তৰ প্ৰদেশৰ প্ৰতিৰক্ষা ঔদ্যোগিক কৰিডৰৰ বাবে এই প্ৰকল্প গৌৰৱৰ বিষয় বুলি অভিহিত কৰি শ্ৰী ৰাজনাথ সিঙে কয় যে ইয়াৰ দ্বাৰা ইতিমধ্যে প্ৰায় ৫০০টা প্ৰত্যক্ষ আৰু ১০০০টা পৰোক্ষ চাকৰিৰ সৃষ্টি হৈছে, যিয়ে ৰাজ্যখনক প্ৰতিৰক্ষা উৎপাদন কেন্দ্ৰ হিচাপে গঢ় দিয়াত সহায় কৰিছে। তেওঁ জোৰ দি কয় যে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ এনেধৰণৰ কৰিডৰ স্থাপনৰ দৃষ্টিভংগীয়ে ৰাজ্যখনক বিশ্বৰ শীৰ্ষ প্ৰতিৰক্ষা উৎপাদন আৰু ৰপ্তানিৰ গন্তব্যস্থান হিচাপে স্থান দিছে।
'৩৪,০০০ কোটি টকাৰ প্ৰস্তাৱিত বিনিয়োগেৰে ইউপিডিআইচিত এতিয়ালৈকে মুঠ ১৮০খন বুজাবুজি চুক্তি স্বাক্ষৰিত হৈছে আৰু ইতিমধ্যে ৪,০০০ কোটি টকাৰ বিনিয়োগ কৰা হৈছে। বিমান উৎপাদন, ইউএভি ড্ৰ'ন, গুলী, সংযোজক আৰু গুৰুত্বপূৰ্ণ সামগ্ৰী , সৰু অস্ত্ৰ, বস্ত্ৰ আৰু পেৰাচুট আদি নিৰ্মাণৰ ক্ষেত্রত গুৰুত্বপূৰ্ণ বিনিয়োগ কৰা হৈছে। ইয়াৰ বিশেষত্ব হৈছে যে ৰাজহুৱা খণ্ড আৰু বেচৰকাৰী খণ্ড উভয়ে ইয়াত অংশগ্রহণ কৰিছে। লক্ষ্ণৌত পিটিচি ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ দ্বাৰা টাইটানিয়াম আৰু চুপাৰ এলয়
উপাদান উৎপাদনৰ কৰ্মসূচী আৰম্ভ কৰা হৈছে। তদুপৰি, সাতটা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰ স্থাপন কৰা হৈছে। এইবোৰ ভাৰতৰ সুৰক্ষাৰ ক্ষেত্ৰত আত্মনির্ভৰতা বৃদ্ধি কৰিব,” প্ৰতিৰক্ষামন্ত্ৰীগৰাকীয়ে কয়।
শ্ৰী ৰাজনাথ সিঙে চৰকাৰৰ ‘মেক-ইন-ইণ্ডিয়া, মেক-ফৰ-দ্য-ৱৰ্ল্ড’ৰ দৃষ্টিভংগীৰ কথা পুনৰবাৰ উল্লেখ কৰি এই কথাত গুৰুত্ব আৰোপ কৰে যে আত্মনিৰ্ভৰশীলতাৰ অৰ্থ কেৱল ভাৰতৰ নিজৰ সুৰক্ষাৰ প্ৰয়োজনীয়তা পূৰণ কৰাই নহয়, ইয়াৰ দ্বাৰা দেশখনক বিশ্ব বজাৰলৈ প্ৰতিৰক্ষা সঁজুলিৰ মূল ৰপ্তানিকাৰক হিচাপে গঢ়ি তোলাৰ কথাও কল্পনা কৰা হৈছে। ষ্টকহোম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ শেহতীয়া প্ৰতিবেদনৰ উদ্ধৃতি দি তেওঁ কয় যে ২০২৪ চনত বিশ্বৰ সামৰিক ব্যয় ২৭১৮ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে, তেওঁ কয় যে বৃহৎ বজাৰ ভাৰতে দখল কৰিব লাগিব। তেওঁ কয় যে ব্ৰহ্মছৰ প্ৰকল্প মুকলি কৰাৰ কথাই ভাৰতক বিশ্বৰ প্ৰতিৰক্ষা উৎপাদন পৰিৱেশতন্ত্ৰত এক উল্লেখযোগ্য দেশ হিচাপে গঢ়ি তোলাৰ দিশত এক দৃঢ় অগ্ৰগতিৰ কথা প্ৰতিফলিত কৰিছে।
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ, ডি আৰ ডি অ’ৰ বিজ্ঞানী, অভিযন্তা, আৰু অন্যান্য অংশীদাৰসকলৰ নেতৃত্বত উত্তৰ প্ৰদেশ চৰকাৰে ৪০ মাহৰ ভিতৰত প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ বাবে তেওঁলোকৰ শলাগ লয়। বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমি সময়সীমাৰ ভিতৰত আৰু কাৰ্যক্ষমভাৱে নিজৰ লক্ষ্যত উপনীত হোৱাটো অতি গুৰুত্বপূৰ্ণ বুলিও তেওঁ কয়। তেওঁ ৰাজ্য চৰকাৰক এক শক্তিশালী উন্নয়ন পৰিৱেশতন্ত্ৰ সৃষ্টি কৰাৰ লগতে ইউপিডিআইচি স্থাপন, লক্ষ্ণৌত ডিআৰডিঅ’ৰ প্ৰতিৰক্ষা প্ৰযুক্তি আৰু পৰীক্ষা কেন্দ্ৰ স্থাপন আৰু ২০২০ চনত ডেফএক্সপ’ আয়োজনৰ দৰে পদক্ষেপ ৰূপায়ণৰ বাবে প্ৰশংসা কৰে।
উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী শ্ৰীযুত যোগী আদিত্যনাথে লক্ষ্ণৌক প্ৰতিৰক্ষা উৎপাদন কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আগবঢ়াই নিয়াৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী আৰু প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰী ৰাজনাথ সিঙলৈ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ কয় যে লক্ষ্ণৌৰ এই সুবিধাই মেক-ইন-ইণ্ডিয়া পদক্ষেপ, আত্মনিৰ্ভৰশীল ভাৰত আৰু প্ৰতিৰক্ষা উৎপাদনত বিনিয়োগক উৎসাহিত কৰিব।
প্ৰতিৰক্ষা উৎপাদনক প্ৰসাৰিত কৰাৰ বাবে ৰাজ্য খনৰ পদক্ষেপ সন্দৰ্ভত শ্ৰী যোগী আদিত্যনাথে কয় যে ইউপিডিআইচিৰ ছটা ন’ডৰ অধীনত এই কাম দ্ৰুতগতিত আগবাঢ়িছে। তেওঁ ৰাজহুৱা আৰু ব্যক্তিগত উভয় খণ্ডকে সামৰি প্ৰতিৰক্ষা উৎপাদনৰ বিভিন্ন প্ৰকল্পৰ তালিকা প্ৰস্তুত কৰিছে, যিবোৰ ৰাজ্যখনত চলি আছে ।
মুখ্যমন্ত্রীগৰাকীয়ে অপাৰেচন সিন্দুৰক বিশ্ববাসীলৈ দিয়া বাৰ্তা হিচাপে প্ৰশংসা কৰে। তেওঁ কয় যে ভাৰতে এতিয়া আৰু সন্ত্ৰাসবাদক সহ্য নকৰে। সন্ত্ৰাসবাদক একেবাৰে থেতেলিয়াই পেলোৱাৰ বাহিৰে কোনো সমাধান হ’ব নোৱাৰে বুলিও তেওঁ কয়।
লক্ষ্ণৌৰ ২০০ একৰ ভূমিত ব্ৰহ্মছ ইন্টিগ্ৰেচন এণ্ড টেষ্টিং ফেচিলিটি চেণ্টাৰত বুষ্টাৰ চাবএছেম্বলি, এভিয়নিক্স, প্ৰপেলেণ্ট, ৰামজেট ইঞ্জিনৰ ইন্টিগ্ৰেচন থাকিব। ডিজাইন এণ্ড এডমিনিষ্ট্ৰেটিভ ব্লকৰ সৈতে প্ৰগ্ৰেম চেণ্টাৰৰ পৰিকল্পনা প্ৰকল্পটো কৰা হৈছে।
৩০০ কোটি টকাৰ কমপ্লেক্সে উদ্যোগ আৰু উদ্যোগীসকলৰ বাবে দক্ষতা বিকাশৰ পথ মুকলি কৰিব। এই কমপ্লেক্সটোক সহায় কৰিবলৈ ওচৰ-চুবুৰীয়া অঞ্চলত আনুষংগিক আৰু উপ-সমাবেশৰ সমগ্ৰ প্ৰতিৰক্ষা পৰিৱেশ তন্ত্ৰ বিকশিত কৰা হ’ব। ই আই টি আইৰ ছাত্ৰ-ছাত্ৰী, তত্বাৱধায়ক, উদ্যোগীকৰণ আৰু দক্ষতা বিকাশত বহু পৰিমাণে সহায় কৰিব। ইয়াৰ জৰিয়তে যাতে মানুহে চাকৰিৰ সুযোগ বিচাৰি প্ৰব্ৰজন কৰিবলৈ বাধ্য নহয় সেই বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে।
ব্ৰহ্মছ এৰ’স্পেছে এই সুবিধা পৰিচালনাৰ বাবে ৩৬ জন প্ৰশিক্ষাৰ্থীক বাছনি কৰিছে। এই নতুনকৈ নিৰ্বাচিত প্ৰশিক্ষাৰ্থীসকলৰ ভিতৰত ৫ গৰাকীক উদ্বোধনী অনুষ্ঠানত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে সম্বৰ্ধনা জনায়।
উপ-মুখ্যমন্ত্ৰী শ্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু শ্ৰীযুত ব্রিজেশ পাঠক, মুখ্য সচিব, শ্ৰী মনোজ কুমাৰ সিং, প্ৰতিৰক্ষা অনুসন্ধান বিভাগৰ সচিব তথা অধ্যক্ষ ডি আৰ ডি অ’ ড০ সমীৰ ভি কামাত, ডি জি ব্ৰহ্মছ ড০ জয়তীৰ্থ আৰ যোশী আৰু কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলো এই অনুষ্ঠানত উপস্থিত থাকে।
VK/SPS/Savvy/DM
(Release ID: 2128186)
Visitor Counter : 2
Read this release in:
Odia
,
English
,
Urdu
,
Nepali
,
Hindi
,
Marathi
,
Bengali
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Malayalam