বিত্ত মন্ত্ৰালয়
azadi ka amrit mahotsav

ইণ্টাৰনেট বেংকিং আৰু ইউপিআইৰ দৰে ডিজিটেল সেৱাকে ধৰি বেংকিং খণ্ডৰ কাৰ্যকৰী তথা চাইবাৰ সুৰক্ষাৰ প্ৰস্তুতি সম্পৰ্কীয় পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰিলে কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে

শ্ৰীমতী সীতাৰমণে সকলো বেংককে যিকোনো পৰিস্থিতি বা সংকটৰ সৈতে মোকাবিলা কৰিবলৈ সম্পূৰ্ণৰূপে সজাগ আৰু সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়ে, যাতে বেংকিং আৰু বিত্তীয় সেৱাৰ নিৰৱচ্ছিন্ন সেৱা অব্যাহত থাকে


কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে সীমান্ত অঞ্চলৰ আশে-পাশে থকা বেংকৰ শাখাসমূহত কৰ্মৰত কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ বেংকসমূহক নিৰ্দেশ দিয়ে


বীমা কোম্পানীয়ে সময়মতে দাবী নিষ্পত্তি আৰু নিৰৱচ্ছিন্ন গ্ৰাহক সেৱা প্ৰদান কৰিব লাগিব: বিত্তমন্ত্ৰী সীতাৰমণ

Posted On: 09 MAY 2025 6:55PM by PIB Guwahati

কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে  সীমান্তত সৃষ্টি হোৱা উত্তেজনাৰ মাজতে   আজি . ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ বেংক তথা  বীমা কোম্পানীসমূহৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলৰ সৈতে এক উচ্চ পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰে।

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image001Y43P.jpg

বিত্তীয় সেৱা বিভাগ (ডি এফ এছ), বিত্ত মন্ত্ৰালয়, চি আৰ টি-ইন, আৰ বি আই, আই আৰ ডি আই আৰু এন পি চি আইৰ জ্যেষ্ঠ বিষয়াসকলে অংশগ্ৰহণ কৰা উক্ত বৈঠকত  ইণ্টাৰনেট বেংকিং আৰু ইউ পি আইৰ দৰে ডিজিটেল এপ্লিকেচনকে ধৰি বেংকিং খণ্ডৰ কাৰ্যকৰী তথা চাইবাৰ সুৰক্ষাৰ প্ৰস্তুতিৰ পৰ্যালোচনাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰা হয়।

সীমান্তত চলি থকা উত্তেজনাৰ পৰিপ্ৰেক্ষিতত সকলো বেংক আৰু বীমা কোম্পানীৰ পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়াই কেন্দ্ৰীয় বিত্তমন্ত্ৰী সীতাৰমণক  তেওঁলোকে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে বৈঠকত অৱগত কৰে।

পৰিচালন সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলে বিত্তমন্ত্ৰীগৰাকীক জনায় যে  সমগ্ৰ বেংকিং ব্যৱস্থাতে চাইবাৰ সুৰক্ষা ব্যৱস্থাসমূহ শক্তিশালী কৰা হৈছে। বৃহৎ পৰিসৰৰ চাইবাৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ বেংকসমূহে এণ্টি-ডিডিঅএছ (ডিষ্ট্ৰিবিউটেড ডিনিয়েল-অফ-চাৰ্ভিচ) ব্যৱস্থা ৰূপায়ণ কৰিছে বুলিও জানিবলৈ দিয়ে প্ৰতিষ্ঠানিক প্ৰস্তুতিৰ বাবে  উচ্চ পৰ্যায়ৰ চাইবাৰ সুৰক্ষা আৰু দুৰ্যোগ নিৰ্মূল কাৰ্যসূচী  সামৰি মক ড্ৰিল অনুষ্ঠিত কৰা হৈছে বুলিও তেওঁলোকে বিত্তমন্ত্ৰী সীতাৰমণক অৱগত কৰে। তেওঁলোকে লগতে এইবুলি অৱগত কৰে যে ফিছিঙৰ অপচেষ্টাৰ বিষয়টো  সক্ৰিয়ভাৱে চোৱাচিতা কৰা হৈছে। লগতে  কৰ্মচাৰীসকলৰ মাজত  সজাগতা বৃদ্ধিৰ বাবে কেইবাটাও আভ্যন্তৰীণ সতৰ্কবাণী  জাৰি কৰা হৈছে।

বৈঠকত বেংকৰ বিষয়াসকলে কয় যে তেওঁলোকৰ ছিকিউৰিটি অপাৰেচন চেণ্টাৰ (এছ চি) আৰু নেটৱৰ্ক অপাৰেচন চেণ্টাৰ সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ আছে আৰু সকলো ক্ষেত্ৰতে হাই এলাৰ্টত জাৰি কৰা হৈছে। এই কেন্দ্ৰসমূহে চিইআৰটি-ইন আৰু ৰাষ্ট্ৰীয়  তথ্য আন্তঃগাঁথনি সুৰক্ষা কেন্দ্ৰ (এনচিআইআইপিচি) সৈতে ঘনিষ্ঠভাৱে সমন্বয় ৰক্ষা কৰি বাস্তৱ সময়ৰ তথ্য বিনিময় তথা  ভাবুকি প্ৰতিৰোধৰ দিহা কৰিছে।

 

https://static.pib.gov.in/WriteReadData/userfiles/image/image0028YCI.png

https://static.pib.gov.in/WriteReadData/userfiles/image/image00378OL.png

বৈঠকত শ্ৰীমতী সীতাৰমণে  শেহতীয়াকৈ সৃষ্টি হোৱা  ভূ-ৰাজনৈতিক উত্তেজনা আৰু প্ৰত্যাহ্বানমূলক সময়ত অৰ্থনৈতিক স্থিতিশীলতা নিশ্চিত কৰাৰ ক্ষেত্ৰত বেংকিং আৰু বিত্তীয় খণ্ডৰ জটিল ভূমিকাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে।

 

কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে  সকলো বেংককে সম্পূৰ্ণ সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিয়ে আৰু যিকোনো পৰিস্থিতি বা সংকটৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈ থাকিবলৈ কয়।  সমগ্ৰ দেশৰবিশেষকৈ সীমান্তৱৰ্তী অঞ্চলত নাগৰিকসকলৰ বাবে বেংকিং আৰু বিত্তীয় সেৱাৰ নিৰৱচ্ছিন্ন সুবিধা নিশ্চিত কৰিবলৈও তেওঁ নিৰ্দেশ দিয়ে। শ্ৰীমতী  সীতাৰমণে মন্তব্য কৰে যে ভৌতিক আৰু ডিজিটেল দুয়ো প্ৰকাৰৰ বেংকিং সেৱাই কোনো ধৰণৰ বিঘিনি  নোহোৱাকৈ কাম কৰিব লাগিব আৰু উদ্ভৱ হোৱা  যিকোনো আকস্মিক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ জৰুৰীকালীন প্ৰটকলসমূহ  মানি চলিব লাগিব।

 

কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে সীমান্ত অঞ্চলৰ আশে-পাশে থকা বেংকৰ শাখাসমূহত কাম কৰা বেংক কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সুৰক্ষাৰ বিষয়টোত  গভীৰ উদ্বেগ প্ৰকাশ কৰি নিৰাপত্তা সংস্থাসমূহৰ সৈতে ফলপ্ৰসূভাৱে সমন্বয় সাধনৰ জড়িয়তে  তেওঁলোকৰ পৰ্যাপ্ত সুৰক্ষা নিশ্চিত কৰিবলৈ বেংকসমূহক নিৰ্দেশ দিয়ে।

 

কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে  বেংকৰ বিষয়াসকলক  কয় যে নাগৰিক আৰু ব্যৱসায়ীসকলে যাতে কোনো পৰিস্থিতিত ক্ষতিগ্ৰস্ত নহয় আৰু এটিএমত নিৰৱচ্ছিন্ন নগদ ধনৰ উপলব্ধতা, নিৰৱচ্ছিন্নভাৱে ইউপিআই আৰু ইণ্টাৰনেট বেংকিং সেৱা তথা  অত্যাৱশ্যকীয় বেংকিং সুবিধাসমূহ অব্যাহত ৰাখে সেই বিষয়ত  অগ্ৰাধিকাৰ দিব লাগিব।

 

শ্ৰীমতী নিৰ্মলা সীতাৰমণে বেংকসমূহক নিজৰ চাইবাৰ সুৰক্ষা ব্যৱস্থা আৰু ডাটা চেণ্টাৰৰ নিয়মীয়া অডিট চলাবলৈও নিৰ্দেশ দিয়ে। তেওঁ লগতে সকলো ডিজিটেল আৰু মূল বেংকিং আন্তঃগাঁথনি সম্পূৰ্ণৰূপে  সুৰক্ষিত কৰি ৰাখিবলৈ নিয়মীয়া নিৰীক্ষণ কৰাৰ বিষয়তো গুৰুত্ব আৰোপ কৰে। যাতে যিকোনো চাইবাৰ অপৰাধমূলক কাৰ্যকলাপ ৰোধ কৰিব পাৰে।

 

কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে  বেংকসমূহক মুখ্য কাৰ্যালয়ে মনোনীত কৰা  দুজন নিষ্ঠাবান জ্যেষ্ঠ বিষয়াক নিযুক্তি দিবলৈ নিৰ্দেশ দিয়ে, এজনে চাইবাৰ সম্পৰ্কীয় সকলো বিষয়ৰ ৰিপৰ্ট দিয়াৰ বাবে আৰু আনজন বেংকৰ শাখাসমূহৰ কাম-কাজ আৰু এটিএমত নগদ ধনৰ উপলব্ধতাকে ধৰি কাৰ্যকৰী বিষয়সমূহ নিশ্চিত কৰিব নিয়োগ কৰাৰ কথা তেওঁ কয়। দুয়োগৰাকী নিষ্ঠাবান বিষয়াই যিকোনো ঘটনাৰ  বিষয়ে চিইআৰচি- ইন / সংশ্লিষ্ট সংস্থা আৰু ডিএফএছক লগে লগে অৱগত কৰিব লাগিব।

 

এই সন্দৰ্ভত বেংকসমূহক ভাৰতীয় ৰিজাৰ্ভ বেংক, চিইআৰটি-ইন আৰু সংশ্লিষ্ট চৰকাৰী সংস্থাসমূহৰ সৈতে সকলো সময়তে  সমন্বয় ৰক্ষা  কৰি শক্তিশালী তথা সক্ৰিয়  তথ্য বিনিময় প্ৰক্ৰিয়া  আৰু সঁহাৰি নিশ্চিত কৰিবলৈ কোৱা হৈছিল।

 

শ্ৰীমতী সীতাৰমণে বীমা কোম্পানীসমূহক সময়মতে গ্ৰহাকৰ  দাবী নিষ্পত্তি আৰু নিৰৱচ্ছিন্ন গ্ৰাহক সেৱা নিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়ে।কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে পৃষ্ঠপোষক বেংকসমূহে এই সময়ছোৱাত আৰ আৰ বিসমূহক ভালদৰে সহায় কৰাটো নিশ্চিত কৰিব লাগে আৰু তেওঁলোকে সন্মুখীন হোৱা যিকোনো সমস্যাৰ বাবে তেওঁলোকক সহযোগ কৰিব লাগে। শ্ৰীমতী  সীতাৰমণে বৈঠকত লগতে  কয় যে ভাৰত চৰকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু অৰ্থনৈতিক স্থিতিশীলতাৰ প্ৰতি দৃঢ়ভাৱে প্ৰতিশ্ৰুতিৱদ্ধদেশৰ বেংকিং আৰু বিত্তীয় ব্যৱস্থা শক্তিশালী তথা স্থিতিস্থাপক কৰি ৰখাটো চৰকাৰৰ অগ্ৰাধিকাৰৰ বিষয় বুলিও তেওঁ উল্লেখ কৰে।

 

NB/KMN/DM


(Release ID: 2128003)