প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত ৭ম খেলো ইণ্ডিয়া ইউথ গেমছৰ উদ্বোধনী সমাৰোহত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
Posted On:
04 MAY 2025 8:16PM by PIB Guwahati
বিহাৰৰ মুখ্যমন্ত্ৰী শ্ৰী নীতিশ কুমাৰ জী, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহযোগী মনসুখ ভাই, ভগ্নী ৰক্ষা খড়ছে, শ্ৰী ৰামনাথ ঠাকুৰ জী, বিহাৰৰ উপ মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী জী, বিজয় কুমাৰ সিনহা জী, উপস্থিত থকা অন্যান্য বিশিষ্ট ব্যক্তিসকল, সকলো খেলুৱৈ, প্ৰশিক্ষক, অন্যান্য কৰ্মচাৰী আৰু মোৰ মৰমৰ যুৱ বন্ধু-বান্ধৱীসকল!
দেশৰ প্ৰতিটো কোণৰ পৰা অহা, এজনতকৈ আনজন ছৰা, এজনতকৈ ভাল আনজন, সাহসী খেলুৱৈসকলক আমি অভিনন্দন জনাইছোঁ।
বন্ধুসকল,
খেলো ইণ্ডিয়া ইউথ গেমছৰ সময়ত বিহাৰৰ বহু চহৰত প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। পাটনাৰ পৰা ৰাজগীৰ, গয়াৰ পৰা ভাগলপুৰ আৰু বেগুছৰাইলৈকে, অনাগত কেইদিনমানত, ছহাজাৰৰো অধিক যুৱ এথলীটে, ছহাজাৰৰো অধিক সপোন আৰু সংকল্পৰে বিহাৰৰ এই পৱিত্ৰ ভূমিত পতাকা উৰুৱাব। মই সকলো খেলুৱৈলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভাৰতত ক্ৰীড়াই এতিয়া এটা সংস্কৃতি হিচাপে নিজৰ নাম উজ্বলাই তুলিছে। আৰু ভাৰতত ক্ৰীড়া সংস্কৃতি যিমানেই বাঢ়িব, সিমানেই ভাৰতৰ ছফ্ট পাৱাৰো বৃদ্ধি পাব। খেলো ইণ্ডিয়া ইউথ গেমছ, এই দিশত দেশৰ যুৱক-যুৱতীসকলৰ বাবে এক বিশাল মঞ্চত পৰিণত হৈছে।
বন্ধুসকল,
যিকোনো খেলুৱৈয়ে নিজৰ প্ৰদৰ্শন উন্নত কৰিবলৈ, নিজকে অহৰহ পৰীক্ষা কৰিবলৈ, যিমান পাৰি সিমান বেছি মেচ খেলা, যিমান পাৰি সিমান বেছি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। এনডিএ চৰকাৰে নিজৰ নীতিত সদায় ইয়াক সৰ্বোচ্চ অগ্ৰাধিকাৰ দি আহিছে। আজি খেলো ইণ্ডিয়া, ইউনিভাৰ্ছিটী গেমছ হয়, খেলো ইণ্ডিয়া ইউথ গেমছ হয়, খেলো ইণ্ডিয়া শীতকালীন গেমছ হয়, খেলো ইণ্ডিয়া পেৰা গেমছ হয়; অৰ্থাৎ বছৰজুৰি, বেলেগ বেলেগ পৰ্যায়ত, সমগ্ৰ দেশৰ স্তৰত, ৰাষ্ট্ৰীয় স্তৰত অবিৰতভাৱে প্ৰতিযোগিতা অনুষ্ঠিত হৈ থাকে। ইয়াৰ ফলত আমাৰ খেলুৱৈসকলৰ আত্মবিশ্বাস বৃদ্ধি পায়, তেওঁলোকৰ প্ৰতিভা চৰ্চালৈ আহে। মই আপোনালোকক ক্ৰিকেট জগতৰ পৰা এটা উদাহৰণ দিওঁ। শেহতীয়াকৈ আমি আইপিএলত বিহাৰৰে সন্তান বৈভৱ সূৰ্যবংশীৰ চমকপ্ৰদ প্ৰদৰ্শন দেখিবলৈ পালোঁ। ইমান কম বয়সতে বৈভৱে ইমান প্ৰচণ্ড অভিলেখ গঢ়ি তুলিছে। বৈভৱৰ এই ভাল খেলৰ অন্তৰালত তেওঁৰ পৰিশ্ৰম তো আছেই, তেওঁৰ প্ৰতিভাক উলিয়াই অনাত, বেলেগ বেলেগ স্তৰত অধিকতকৈ অধিক মেচ খেলাটোৱেও ডাঙৰ ভূমিকা পালন কৰিলে। অৰ্থাৎ, যি যিমানেই খেলিব, তেওঁ সিমানেই ফুলি উঠিব। খেলো ইণ্ডিয়া ইউথ গেমছৰ সময়ত আপোনালোক সকলো এথলীটে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ক্ৰীড়াৰ সূক্ষ্মতা বুজিবলৈ সুযোগ পাব, আপোনালোকে বহু কথা শিকিব পাৰিব।
বন্ধুসকল,
ভাৰতত কোনোবাদিনা অলিম্পিক অনুষ্ঠিত হোৱাটো প্ৰতিজন ভাৰতীয়ৰ সপোন। আজি ভাৰতে প্ৰয়াস কৰি আছে, যে ২০৩৬ চনত আমাৰ দেশত অলিম্পিক অনুষ্ঠিত হওক। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ক্ৰীড়াত ভাৰতৰ আধিপত্য বৃদ্ধি কৰিবলৈ, স্পৰ্টিং টেলেণ্টৰ বিদ্যালয় পৰ্যায়তে চিনাক্ত কৰিবলৈ, চৰকাৰে বিদ্যালয় পৰ্যায়ত খেলুৱৈক চিনাক্ত কৰি তেওঁলোকক প্ৰশিক্ষণ দি আছে। খেলো ইণ্ডিয়াৰ পৰা আৰম্ভ কৰি টপছ (TOPS) আঁচনিলৈকে, এটা সম্পূৰ্ণ পৰিৱেশ তন্ত্ৰ, ইয়াৰ বাবে গঢ়ি তোলা হৈছে। আজি বিহাৰকে ধৰি দেশৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ খেলুৱৈয়ে ইয়াৰ সুবিধা লৈছে। চৰকাৰৰ গুৰুত্ব এই কথাৰ ওপৰতো আছে যাতে আমাৰ খেলুৱৈসকলে যিমান বেছি সিমান নতুন খেল খেলাৰ সুযোগ লাভ কৰে। সেইবাবেই খেলো ইণ্ডিয়া ইউথ গেমছত গটকা, কলাৰিপয়ট্টু, খো-খো, মল্লখম্ভ আৰু আনকি যোগাসনকো অন্তৰ্ভুক্ত কৰা হৈছে। শেহতীয়াকৈ আমাৰ খেলুৱৈসকলে বহু নতুন খেলত অতি ভাল প্ৰদৰ্শন দেখুৱাইছে। ৱুছু, ছেপাক-টাক্ৰো, পঞ্চক-চিলাট, লন বল, ৰোলাৰ স্কেটিং আদি ক্ৰীড়াত এতিয়া ভাৰতীয় খেলুৱৈসকল আগবাঢ়ি আহিছে। ২০২২ চনৰ কমনৱেলথ গেমছত মহিলা দলটোৱে লন বলত পদক লাভ কৰি সকলোৰে মনোযোগ আকৰ্ষণ কৰিছিল।
বন্ধুসকল,
ভাৰতত ক্ৰীড়া আন্তঃগাঁথনি আধুনিকীকৰণৰ ক্ষেত্ৰতো চৰকাৰে গুৰুত্ব আৰোপ কৰিছে। বিগত দশকত ক্ৰীড়াৰ বাজেট তিনিগুণতকৈও অধিক বৃদ্ধি পাইছে। এইবাৰ ক্ৰীড়া বাজেট প্ৰায় ৪ হাজাৰ কোটি টকা। এই বাজেটৰ এক বৃহৎ অংশ ক্ৰীড়া আন্তঃগাঁথনিৰ বাবে ব্যয় কৰা হৈছে। আজি দেশত এক হাজাৰৰো অধিক খেলো ইণ্ডিয়া চেণ্টাৰ চলি আছে। ইয়াৰে তিনি ডজনতকৈও অধিক আমাৰ বিহাৰতে আছে। বিহাৰ তো, এনডিএৰ ডাবল ইঞ্জিনৰ দ্বাৰাও লাভৱান হৈ আছে। ইয়াত বিহাৰ চৰকাৰে, নিজৰ পর্যায়ত বহু আঁচনি সম্প্ৰসাৰণ কৰি আছে। ৰাজগীৰত খেলো ইণ্ডিয়া ৰাজ্যিক উৎকৃষ্টতাৰ কেন্দ্ৰ স্থাপন কৰা হৈছে। বিহাৰ স্প’ৰ্টছ ইউনিভাৰ্ছিটী, ষ্টেট স্প’ৰ্টছ একাডেমীৰ দৰে প্ৰতিষ্ঠানো বিহাৰে পাইছে। পাটনা-গয়া ঘাইপথত স্প’ৰ্টছ চিটি নিৰ্মাণৰ কাম চলি আছে। বিহাৰৰ গাঁওসমূহত ক্ৰীড়াৰ সা-সুবিধা নিৰ্মাণ কৰা হৈছে। এতিয়া খেলো ইণ্ডিয়া ইউথ গেমছে ৰাষ্ট্ৰীয় ক্ৰীড়া মানচিত্ৰত বিহাৰৰ উপস্থিতি আৰু অধিক শক্তিশালী কৰাত সহায় কৰিব।
বন্ধুসকল,
ক্ৰীড়া জগত আৰু ক্ৰীড়া সম্পৰ্কীয় অৰ্থনীতি কেৱল খেলপথাৰতে সীমাবদ্ধ নহয়। আজি ই যুৱক-যুৱতীসকলক কৰ্মসংস্থাপন আৰু আত্মসংস্থাপনৰ নতুন সুযোগো প্ৰদান কৰিছে। ইয়াত ফিজিঅ’থেৰাপি আছে, ডাটা এনালাইটিক্স আছে, স্প’ৰ্টছ টেকন’লজি, ব্ৰডকাষ্টিং, ই-স্প’ৰ্টছ, মেনেজমেণ্ট, এনে বহু উপ-খণ্ড আছে। আৰু বিশেষকৈ আমাৰ যুৱক-যুৱতীসকলে নিশ্চিতভাৱে প্ৰশিক্ষক, ফিটনেছ প্ৰশিক্ষক, নিযুক্তি এজেণ্ট, ইভেণ্ট মেনেজাৰ, ক্ৰীড়া উকীল, ক্ৰীড়া সংবাদ মাধ্যমৰ বিশেষজ্ঞৰ পথো বাছি ল’ব পাৰে। অৰ্থাৎ এখন ষ্টেডিয়াম এতিয়া কেৱল মেচৰ খেলপথাৰ নহয়, বৰঞ্চ হাজাৰ হাজাৰ লোকৰ কৰ্মসংস্থাপনৰ উৎস হৈ পৰিছে। ক্ৰীড়া উদ্যোগীকৰণৰ ক্ষেত্ৰতো যুৱক-যুৱতীসকলৰ বাবে বহু সম্ভাৱনাৰ উন্মেষ ঘটিছে। আজি দেশত যিবোৰ ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয় নিৰ্মাণ কৰা হৈছে, বা নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি প্ৰণয়ন কৰা হৈছে, য’ত আমি ক্ৰীড়াক মূলসুঁতিৰ শিক্ষাৰ অংশ কৰি লৈছোঁ, ইয়াৰ লক্ষ্যও দেশত ভাল খেলুৱৈৰ সমান্তৰালকৈ উৎকৃষ্ট ক্ৰীড়া পেছাদাৰী সৃষ্টি কৰা।
মোৰ যুৱ বন্ধুসকল,
আমি জানো, জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে ক্ৰীড়াবিদ্যাৰ অতি গুৰুত্ব আছে। ক্ৰীড়াক্ষেত্ৰত আমি দলীয় মনোভাব শিকোঁ, এজনে আনজনৰ মিলি আগবাঢ়ি যাবলৈ শিকোঁ। আপুনি খেলপথাৰত নিজৰ শ্ৰেষ্ঠখিনি দিব লাগিব আৰু এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ ব্ৰেণ্ড এম্বেছাদৰ হিচাপেও নিজৰ ভূমিকা শক্তিশালী কৰিব লাগিব। মই নিশ্চিত, আপুনি বিহাৰৰ পৰা বহু ভাল স্মৃতি লৈ উভতিব। যিসকল এথলীট বিহাৰৰ বাহিৰৰ পৰা আহিছে, তেওঁলোকে লিট্টি চোখাৰ সোৱাদো জৰুৰ লৈ যাওক। বিহাৰৰ মখানাও আপোনালোকে বৰ ভাল পাব।
বন্ধুসকল,
খেলো ইণ্ডিয়া ইউথ গেমছৰ পৰা – ক্ৰীড়াবিদ্যাৰ মনোভাব আৰু দেশপ্ৰেমৰ মনোভাব, দুয়োটা উন্নীত হওক, এই মনোভাবেৰে মই সপ্তম খেলো ইণ্ডিয়া ইউথ গেমছৰ শুভাৰম্ভৰ ঘোষণা কৰিছোঁ।
**********
MJPS/VJ/VK
(Release ID: 2126929)
Visitor Counter : 6