তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
“ডিজিটেল ৰেডিঅ’ ভৱিষ্যতৰ মাধ্যম; এনালগ মাধ্যমৰো সহ-অস্তিত্ব থাকিব লাগে” – ৱেভছ ২০২৫ত হোৱা আলোচনাত বহুতে দিলে মত
“ভাল কন্টেন্ট, সহযোগিতা, ক্ৰছ প্লেটফৰ্মৰ প্ৰচাৰে ৰেডিঅ’ৰ বাবে ভাল দিনৰ আগজাননী দিছে”
‘ৰেডিঅ’ ৰিইমেজিনড: থ্ৰিভিং ইন দ্য ডিজিটেল এজ’ - ৱেভছ ২০২৫ত মনোজ্ঞ পেনেল আলোচনা
Posted On:
02 MAY 2025 3:09PM
|
Location:
PIB Guwahati
আজি ৱেভছ ২০২৫শীৰ্ষ সন্মিলনত ‘ৰেডিঅ’ ৰিইমেজিনড: থ্ৰিভিং ইন দ্য ডিজিটেল এজ’ বিষয়ক এক পেনেল আলোচনাত বিশ্বৰ বিশেষজ্ঞসকল একত্ৰিত হয়।এই আলোচনাৰ সন্মানীয় পেনেলিষ্টসকলৰ ভিতৰত আছিল বাণিজ্যিক ৰেডিঅ’ৰ পথ প্ৰদৰ্শক জেকলিন বিয়েৰহৰ্ষ্ট, ডিজিটেল ৰেডিঅ’ মণ্ডিয়ালে (ডি আৰ এম)ৰ অধ্যক্ষ ৰুক্সান্দ্ৰা ওব্ৰেজা, ডি আৰ এমৰ ভাইচ গ্ৰুপ লিডাৰ আলেকজেণ্ডাৰ জিংক, প্ৰসাৰ ভাৰতীৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী বিষয়া আৰু ভাৰতৰ ডিপ টেকৰ সহ-প্ৰতিষ্ঠাপক শশী শেখৰ ভেম্পাতি আৰু বিশিষ্ট সম্প্ৰচাৰ প্ৰযুক্তি বিশেষজ্ঞ টেড লেভাৰ্টী। ৰেড এফ এমৰ সঞ্চালক আৰু চি অ’ অ’ নিশা নাৰায়ণনে কথোপকথনসমূহৰ আঁত ধৰে আৰু ৰেডিঅ’ সম্প্ৰচাৰ উদ্যোগক প্ৰভাৱান্বিত কৰা কাৰকসমূহৰ বিষয়ত আলোকপাত কৰে৷
‘ডিজিটেল ৰেডিঅ’ ভৱিষ্যতৰ মাধ্যম, কিন্তু এনালগৰো সহ-অস্তিত্ব থাকিব লাগে’।
জেকলিন বিয়াৰহৰ্ষ্টে অনুভৱ কৰে যে ভৱিষ্যতে ডিজিটেল ৰেডিঅ'ই প্ৰাথমিক ফৰ্মেট হিচাবে পৰিগণিত হোৱাৰ সম্ভাৱনা আছে, কাৰণ ই উন্নত শব্দৰ মান, অধিক নিৰ্ভৰযোগ্য সংবহন, আৰু মাল্টিমিডিয়া উপাদানসমূহ একত্ৰিত কৰাৰ ক্ষমতাৰ দৰে সুবিধা প্ৰদান কৰে। “যদিও এনালগ ৰেডিঅ’ বহুক্ষেত্ৰত প্ৰাসংগিক হৈয়ে আছে, বিশেষকৈ সৰল যোগাযোগৰ বাবে আৰু সীমিত ডিজিটেল আন্তঃগাঁথনি থকা অঞ্চলত তথাপি ডিজিটেল সম্প্ৰচাৰৰ বাবে পৰিৱৰ্তন চলি আছে আৰু সেয়া অব্যাহত থাকিব বুলি আশা কৰা হৈছে”, তেওঁ কয় । এনালগৰ পৰা ডিজিটেললৈ সলনি হ’লে খৰচ ৰাহি হয় বুলিও তেওঁ উল্লেখ কৰে৷
জেকলিন বিয়েৰহৰ্ষ্ট আৰু আলেকজেণ্ডাৰ জিংকে লক্ষ্য কৰে যে যদি সন্ত্ৰাসবাদী আক্ৰমণ, বানপানী আদিৰ দৰে জৰুৰীকালীন অৱস্থাৰ সময়ত সম্প্ৰচাৰৰ প্ৰয়োজন হয় সেই সময়ত ডিজিটেল নেটৱৰ্কে সদায় কাম নকৰিবও পাৰে। ডি আৰ এমৰ অধ্যক্ষ ৰুক্সান্দ্ৰ অব্ৰেজাই এই বিষয়ত উল্লেখ কৰে যে ভাৰতত ৬ লাখ গাঁওলৈকে বিস্তৃত এনালগ ৰেডিঅ’ সংৰক্ষণ কৰাটো গুৰুত্বপূৰ্ণ। জৰুৰীকালীন অৱস্থাত নিঃসন্দেহে সম্প্ৰচাৰিত ৰেডিঅ’ই বৃহৎ জনসংখ্যাৰ ওচৰলৈ বাৰ্তা বহন কৰাৰ সম্ভাৱনা বেছি বুলি বিশেষজ্ঞসকলে মন্তব্য কৰে। অব্ৰেজাই ৰুক্সান্দ্ৰাই কয় “প্ৰত্যাহ্বানটো হৈছে পুৰণি প্ৰযুক্তিসমূহক বিঘ্নিত নকৰাকৈ নতুন প্ৰযুক্তিৰ প্ৰৱৰ্তন কৰা ”৷
ৰেডিঅ’ যোগাযোগৰ নতুন ৫চি
জেকলিন বিয়াৰহৰ্ষ্টে ধ্ৰুপদী ৫চি যেনে- সংক্ষিপ্ততা, স্পষ্টতা, আত্মবিশ্বাস, নিয়ন্ত্ৰণ আৰু সামৰ্থ্যৰ কথা উল্লেখ কৰে আৰু ইয়াক এটা সমৃদ্ধিশালী ডিজিটেল ৰেডিঅ' আন্তঃগাঁথনিৰ যুগত অপৰিহাৰ্য নতুন ৫ চিৰ সৈতে তুলনা কৰে। সেইবোৰ হ’ল: কভাৰেজ, কন্টেন্ট, কনজিউমাৰ ডিভাইচ, কাৰ, যোগাযোগ। ৰেডিঅ’ নেটৱৰ্কে শ্ৰোতাসকলে বাস থকা সঠিক অঞ্চলসমূহ যাতে সামৰি লয় সেয়া নিশ্চিত কৰিবলৈ তেওঁ পৰামৰ্শ দিয়ে।
এই খণ্ডটোক সমৃদ্ধিশালী কৰি অধিক সক্ষম কৰাৰ বাবে শ্ৰোতাৰ বিষয়ে বুজ লোৱাটো এক গুৰুত্বপূৰ্ণ পদক্ষেপ। টেড লেভেটিয়ে ইউৰোপত ৰেডিঅ’প্লেয়াৰ আৰু ৰেডিঅ’ এফ এমৰ দৰে ৰেডিঅ’ প্লেইং এপৰ বিষয়ে কয়, যিয়ে এনে বৈশিষ্ট্য প্ৰদান কৰে যিবোৰ ব্যৱহাৰ কৰি গোপনীয়তা উলংঘা নকৰাকৈয়ে শ্ৰোতাৰ সংখ্যা জুখিব পাৰি । এনে অনুষ্ঠান আৰু এপ, নমুনা জৰীপ আৰু শুনোতাৰ সংখ্যাৰ সহায়ত ভাৰততো ৰেডিঅ’ শ্ৰোতাৰ বিষয়ে বিশ্লেষণ কৰিব পৰা যাব বুলি তেওঁ পৰামৰ্শ দিয়ে।
ভাল কন্টেন্ট, সহযোগিতা, ক্ৰছ প্লেটফৰ্মৰ প্ৰচাৰে ফলদায়ক কাম কৰে
‘কন্টেন্ট ইজ কিং’ – বিশেষজ্ঞসকলে খণ্ডটোৰ সফলতাৰ বাবে এই মন্ত্ৰৰ বিষয়ত একমত প্ৰকাশ কৰে। বিভিন্ন বিষয়বস্তুৰ বাবে উচ্চ অনুজ্ঞাপত্ৰ মাচুলৰ ব্যক্তিগত এফ এমসমূহে সন্মুখীন হোৱা সমস্যাটোক নিশা নাৰায়ণনে উপস্থাপন কৰে। ফলত তেওঁলোকে বেছিভাগেই জনপ্ৰিয় সংগীত যোগান ধৰে, যাৰ অনুজ্ঞাপত্ৰৰ মাচুল অন্যান্য শ্ৰেণীৰ বিষয়বস্তুতকৈ কম। ব্যক্তিগত এফ এমৰ বাবে বিষয়বস্তুৰ বৈচিত্ৰ্য অনাৰ প্ৰয়োজনীয়তাৰ বিষয়তো ৰেড এফ এমৰ মুখ্য কাৰ্যবাহী বিষয়াই একমত প্ৰকাশ কৰে।
ভাল, উপযোগী বিষয়বস্তুৰ মূল্যৰ বিষয়ে উল্লেখ কৰি জেকলিন বিয়াৰহৰ্ষ্টে ব্ৰিটিছ ডিজিটেল ৰেডিঅ’ ষ্টেচন এবছল্যুট ৰেডিঅ’ৰ সফলতাৰ কাহিনীৰ বিষয়ে আলোকপাত কৰে , যিয়ে সমগ্ৰ ৭০, ৮০ আৰু ৯০ দশকত বৃদ্ধি আৰু ৰাজহ অৰ্জন কৰাৰ লগতে বিভিন্ন শৈক্ষিক আৰু প্ৰচাৰমূলক কাৰ্য্যকলাপত জড়িত হৈ নিজৰ দৰ্শকক উপকৃত কৰে।
আলেকজেণ্ডাৰ জিঙে ডিজিটেল ৰেডিঅ'ৰ এই আন এটা দিশৰ কথালৈ আহুলিয়াই দি কয় যে ডিজিটেল ৰেডিঅ'ই অডিঅ' কন্টেন্টতকৈ অধিক আগবাঢ়িব লাগিব - ইয়াত ভিজুৱেল আৰু টেক্সট এপ্লিকেচন আছে, যিটো দৰ্শকৰ বাবে সুবিধাজনক৷
টেড লেভাৰ্টিয়ে এইবুলি আহ্বান জনায় যে ৰেডিঅ’ শ্ৰোতাৰ প্ৰসাৰক সমৰ্থন কৰিবলৈ এটা পৰিৱেশতন্ত্ৰৰ প্ৰয়োজন। কম খৰচী ডিভাইচ নিৰ্মাণ কৰা, এণ্ড্ৰইডৰ দৰে অনুকূল প্লেটফৰ্ম আদি হৈছে তেওঁ উল্লেখ কৰা কিছুমান ব্যৱস্থা। বাহ্যিক হাৰ্ডৱেৰ উপাদানসমূহৰ অস্তিত্বৰ উপৰি, বিষয়বস্তুৰ বৈচিত্ৰ্যও গুৰুত্বপূৰ্ণ কাৰণ ই শ্ৰোতাৰ বিভিন্ন উপ-গোটসমূহক আকৰ্ষণ কৰাত সহায় কৰে।
জলবায়ু পৰিৱৰ্তন আৰু ডিজিটেল ৰেডিঅ’
ডিজিটেল ৰেডিঅ’ই অধিক কাৰ্যক্ষম মডুলেচন কৌশল ব্যৱহাৰ কৰি আৰু একক-কম্পাঙ্ক নেটৱৰ্ক সক্ষম কৰি যথেষ্ট শক্তি সঞ্চয় কৰিব পাৰে। কিন্তু এফ এম ষ্টেচন বন্ধ কৰাটো সম্ভৱ নহয়। যদিও ইউৰোপৰ কিছুমান দেশে এফ এম ষ্টেচন সম্পূৰ্ণৰূপে বন্ধ কৰি সম্পূৰ্ণ ডিজিটেলাইজেচনৰ চেষ্টা কৰিছে, তথাপিও এয়াই পৰ্যাপ্ত পন্থা নহয় বুলি ৰুক্সাণ্ড্ৰা অব্ৰেজাই কয়। নীতিগত হস্তক্ষেপৰ বাবে চৰকাৰৰ সৈতে সম্পৰ্ক স্থাপনৰ সময়ত বাণিজ্যিক ৰেডিঅ’ ষ্টেচনে প্ৰয়োজনীয় তথ্য-পাতি লগত ৰখাটো গুৰুত্বপূৰ্ণ বুলিও তেওঁ পৰামৰ্শ দিয়ে।
ভাৰতত ৰেডিঅ’ উদ্যোগ – পৰিৱেশতন্ত্ৰ শক্তিশালী কৰাৰ পদক্ষেপ
ৰুক্সাণ্ড্ৰা অব্ৰেজাই উল্লেখ কৰে যে ইউৰোপৰ চৰকাৰী নীতিয়ে ডিজিটেল ৰেডিঅ’ৰ প্ৰসাৰক লাভৱান্বিত কৰিছে। গাড়ীত ৰেডিঅ’ থকা, মোবাইল ফোন, বজাৰত ৰেডিঅ’ চেটৰ সহজ উপলব্ধতা গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাবে বিবেচিত হৈছে। ভাৰতত এটা ডিজিটেল ৰেডিঅ’ কনচৰ্টিয়াম গঢ়ি তুলিব লাগে বুলিও বিশেষজ্ঞসকলে মত পোষণ কৰে৷

ৰুক্সান্দ্ৰ অব্ৰেজাই ডিজিটেল ৰেডিঅ’ৰ চালিকা শক্তি বুলি উল্লেখ কৰে। ডিজিটেলৰ পৰা টেৰেষ্ট্ৰিয়েল ৰেডিঅ’লৈ সকলো গুৰুত্বপূৰ্ণ আৰু ডিজিটেলৰ পৰা মোবাইললৈও সকলো গুৰুত্বপূৰ্ণ বুলি তেওঁ কয়। "প্ৰসাৰ ভাৰতীয়ে প্ৰায় ৯০ কোটি জনসংখ্যাক সামৰি লৈছে৷ ভাৰতে এই ক্ষেত্ৰত সোণালী স্বাক্ষৰ ৰাখিবলৈ সক্ষম হৈছে৷ একেদৰে ভাৰতত কোটি কোটি মোবাইল ফোন ব্যৱহাৰকাৰী আছে। এই ইতিবাচক কথাটোও সমানেই গুৰুত্বপূৰ্ণ", তেওঁ লগতে কয়।
শশী শেখৰ ভেম্পাট্টিয়ে ভাৰত ৰেডিঅ’ৰ আটাইতকৈ ডাঙৰ বজাৰ বুলি উল্লেখ কৰে। তেওঁ এই খণ্ডৰ বাবে সমন্বিত ৰাজহুৱা কাৰ্য্য ব্যৱস্থাৰ প্ৰয়োজনীয়তাৰ বিষয়ত আলোকপাত কৰে। “ৰেডিঅ’ হেৰাই যোৱা নাই।ভাৰতত এতিয়াও সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে আগ্ৰহেৰে ৰেডিঅ’ শুনে”, তেওঁ কয়। নীতিগত হস্তক্ষেপেৰে কেতবোৰ নিয়ম অন্তৰ্ভুক্ত হ'ব পাৰে বুলিও তেওঁ কয়৷ যেনে কিছুমান বিশেষ শ্ৰেণীৰ ডিভাইচত ৰেডিঅ' থাকিব লাগিব। এআই চালিত ডিভাইচৰ লগতে পৰম্পৰাগত ৰেডিঅ'ও একেলগে অস্তিত্ব বজাই ৰাখিব লাগে বুলি তেওঁ উল্লেখ কৰে।
জলবায়ু পৰিৱৰ্তন চৰকাৰী নীতিৰ এক গুৰুত্বপূৰ্ণ বিষয় হোৱাৰ বাবে পৰম্পৰাগত যন্ত্ৰসমূহ সংৰক্ষণ কৰাটোও গুৰুত্বপূৰ্ণ। টেড লেভাৰ্টিয়ে ভাৰতত ৰেডিঅ’ নিৰ্মাতাসকলক উজগনি যোগোৱাৰ বাবে ‘মেক ইন ইণ্ডিয়া’ৰ দৰে আঁচনি ব্যৱহাৰ কৰি ৰেডিঅ’ৰ পৰিৱেশক অধিক বিকাশ সাধন কৰাৰ আহ্বান জনায়।
বিশেষজ্ঞসকলে ভাৰতৰ লগতে অন্যান্য ঠাইত ডিজিটেল ৰেডিঅ’ই ভৱিষ্যতে আগুৱাই যোৱাৰ মাধ্যম বুলি একমত প্ৰকাশ কৰি বৃহৎ চহৰসমূহত কমন ট্ৰেন্সমিছন আন্তঃগাঁথনিৰ সৈতে বাণিজ্যিক ষ্টেচনসমূহক সহযোগিতাৰ এক মঞ্চ গঠন কৰিবলৈ আহ্বান জনায়।
For official updates on realtime, please follow us:
On X :
https://x.com/WAVESummitIndia
https://x.com/MIB_India
https://x.com/PIB_India
https://x.com/PIBmumbai
On Instagram:
https://www.instagram.com/wavesummitindia
https://www.instagram.com/mib_india
https://www.instagram.com/pibindia
* * *
PIB TEAM WAVES 2025 | Rajith/ Sriyanka/ Darshana |DM
Release ID:
(Release ID: 2126581)
| Visitor Counter:
6