WAVES BANNER 2025
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

কাইলৈ উন্মোচন কৰা হ’ব “লিগেল কাৰেণ্টছ: এ ৰেগুলেটৰী হেণ্ডবুক অন ইণ্ডিয়াৰ এম এণ্ড ই ছেক্টৰ ২০২৫'' শীৰ্ষক বিশেষ হাতপুথি

 Posted On: 02 MAY 2025 2:39PM |   Location: PIB Guwahati

ৱেভছ ২০২৫ ভাৰতৰ সংবাদ মাধ্যম আৰু মনোৰঞ্জনৰ পৰিৱেশৰ এক বৰ্ণিল অনুষ্ঠান হিচাবে পৰিগণিত হৈছে৷ কাইলৈ ৱেভছৰ এক অনুষ্ঠানত  “লিগেল কাৰেণ্টছ: এ ৰেগুলেটৰী হেণ্ডবুক অন ইণ্ডিয়াৰ এম এণ্ড ছেক্টৰ ২০২৫'' শীৰ্ষক বিশেষ হাতপুথি এখন উন্মোচন কৰা হ’ব। ৱেভছ ২০২৫ অন্যতম জ্ঞানবিষয়ক অংশীদাৰ খৈতান এণ্ড কোম্পানীয়ে প্ৰস্তুত কৰা এই প্ৰতিবেদনখনে ভাৰতৰ সজীৱ সংবাদ মাধ্যম আৰু মনোৰঞ্জনৰ  পৰিৱেশতন্ত্ৰৰ ক্ৰমবৰ্ধমান সম্ভাৱনাক গঢ় দিয়া আৰু  নিয়ন্ত্ৰণ কৰা কাঠামোসমূহৰ ৰূপৰেখা দাঙি ধৰিব।

 

ভাৰতৰ সংবাদ মাধ্যম আৰু মনোৰঞ্জন উদ্যোগটোৱে অভূতপূৰ্ব পৰিৱৰ্তনৰ সাক্ষী  হোৱাৰ সময়তে এই আইন সম্পৰ্কীয় হাতপুথিখন উন্মোচনৰ দিহা কৰা হৈছে৷   সংবাদ মাধ্যম আৰু মনোৰঞ্জন উদ্যোগটো নিৰ্দিষ্ট  নিয়ন্ত্ৰণ কাঠামোৰ দ্বাৰা পৰিচালিত হৈছে৷ যি ব্যৱস্থাই  উদ্যোগৰ সৈতে জডড়িতসকলক সম্প্ৰচাৰ আৰু তথ্য বিনোদন, গেমিং, এআই, ডিজিটেল মিডিয়া আৰু ছবিৰ মাজেৰে তেওঁলোকৰ দক্ষতা তথা প্ৰযুক্তিগত উদ্ভাৱনৰ লাভ অৰ্জন কৰিবলৈ সক্ষম কৰি তুলিছে। ইণ্টাৰনেটৰ সুলভতা দ্ৰুতগতিত বৃদ্ধি আৰু ভাৰতীয় বিষয়বস্তুৰ ব্যৱহাৰৰ ক্ষেত্ৰত হোৱা পৰিৱৰ্তনৰ সমান্তৰালভাৱে ভাৰতে সক্ৰিয় আৰু গ্ৰহণযোগ্য শাসন ব্যৱস্থাৰ দ্বাৰা সহজলভ্য ডিজিটেল ৰূপান্তৰৰ যুগৰ দিশে  আগবাঢ়িছে। চৰকাৰে টেলিভিছন আৰু ৰেডিঅ’,  ছপা আৰু সম্প্ৰচাৰৰ দৰে খণ্ডৰ বাবে নিয়ন্ত্ৰণ প্ৰক্ৰিয়াসমূহ অনুকূল আৰু সহজ কৰি তুলিছে৷

 

কাইলৈ উন্মোচন কৰিবলগীয়া হাতপুথিখনে চৰকাৰী মূল পদক্ষেপ আৰু আইনী হস্তক্ষেপসমূহ সামৰি লৈছে৷ যিয়ে বিদেশী সংস্থাসমূহৰ  বজাৰত প্ৰৱেশ, সহযোগিতা আৰু পৰিচালনাৰ বাবে আইনী নিৰ্দেশনাক  সুশৃংখলিত কৰিছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে উৎপাদন আৰু সহ-উৎপাদন সম্পৰ্কীয় উদগনিমূলক আঁচনি প্ৰৱৰ্তন কৰি ভাৰতক বিষয়বস্তু সৃষ্টিৰ বাবে এক প্ৰধান গন্তব্যস্থান হিচাপে গঢ় দিছে৷

 

বিজ্ঞাপন, অনলাইন গেমিং আৰু ডিজিটেল মিডিয়াৰ দৰে মূল খণ্ডসমূহত উদ্যোগ, সংস্থা আৰু চৰকাৰৰ মাজত সহযোগিতামূলক অংশীদাৰিত্বৰ বিকাশ ঘটিছে, যিয়ে অংশীদাৰসকলক কাৰ্য্যকৰী নমনীয়তা প্ৰদান কৰাৰ লগতে আইনী ব্যৱস্থা অনুসৰণ কৰাটো নিশ্চিত কৰিছে।

 

ভাৰতে বিশ্বব্যাপী কন্টেন্ট হাব হিচাপে নিজৰ স্থান শক্তিশালী কৰাৰ লগে লগে এই হাতপুথিখন প্ৰযুক্তি-চালিত সংবাদ মাধ্যম আৰু মনোৰঞ্জন উদ্যোগৰ  অংশীদাৰসকলৰ বাবে এক গুৰুত্বপূৰ্ণ সম্পদ হিচাপে  বিবেচিত হ'ব বুলি আশা কৰা হৈছে৷

 

 

For official updates on realtime, please follow us:

On X :

https://x.com/WAVESummitIndia

https://x.com/MIB_India

https://x.com/PIB_India

https://x.com/PIBmumbai

On Instagram:

https://www.instagram.com/wavesummitindia

https://www.instagram.com/mib_india

https://www.instagram.com/pibindia

* * *

PIB TEAM WAVES 2025 | Rajith/ Poushali/ Darshana | DM


Release ID: (Release ID: 2126580)   |   Visitor Counter: 4