কেবিনেট কমিটি - বিত্তীয় পৰিক্ৰমা
‘চেনী ঋতু ২০২৫-২৬’ৰ বাবে কুঁহিয়াৰ খেতিয়কসকলক চেনী কলসমূহে পৰিশোধ কৰিব লগা কুঁহিয়াৰৰ ‘উচিত আৰু লাভকাৰী মূল্য’ৰ প্ৰস্তাৱলৈ কেবিনেটে অনুমোদন জনাইছে
কুঁহিয়াৰ খেতিয়কসকলৰ বাবে ৩৫৫টকা/কুইণ্টল হিচাপত ‘উচিত আৰু লাভকাৰী মূল্য’ অনুমোদিত হৈছে
এই সিদ্ধান্তই ৫ কোটি কুঁহিয়াৰ খেতিয়ক আৰু তেওঁলোকৰ ওপৰত নিৰ্ভৰশীলসকলক লাভান্বিত কৰিব, লগতে চেনী কল আৰু আনুষঙ্গিক কাৰ্যকলাপত নিয়োজিত ৫ লাখ শ্ৰমিক উপকৃত হ'ব
Posted On:
30 APR 2025 4:09PM by PIB Guwahati
কুঁহিয়াৰ খেতিয়ক (গন্না কিষান)সকলৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত ‘অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটি’য়ে ২০২৫-২৬ বৰ্ষৰ ‘চেনী ঋতু’(অক্টোবৰ-ছেপ্টেম্বৰ)ৰ বাবে ১০.২৫% ‘বেছিক ৰিক’ভাৰী ৰেট’(বুনিয়াদী পুনৰুদ্ধাৰ দৰ)ৰ বাবে ৩৫৫টকা/কুইণ্টল হিচাপত কুঁহিয়াৰৰ ‘উচিত আৰু লাভকাৰী মূল্য’ (এফআৰপি) নিৰ্দ্ধাৰণৰ প্ৰস্তাৱলৈ অনুমোদন জনাইছে। এই অনুমোদনত ১০.২৫% তকৈ অধিক পুনৰুদ্ধাৰ দৰৰ প্ৰতিটো ০.১% বৃদ্ধিৰ বাবে ৩.৪৬টকা/কুইণ্টল টকাৰ ‘প্ৰিমিয়াম’ প্ৰদান কৰাৰ লগতে ‘বেছিক ৰিক’ভাৰী ৰেট’ৰ প্ৰতি ০.১% হ্ৰাসৰ বাবে ‘এফআৰপি’-ত ৩.৪৬টকা/কুইণ্টল হ্ৰাসক সামৰি লোৱা হৈছে।
অৱশ্যে, কুঁহিয়াৰ খেতিয়কসকলৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ লক্ষ্যৰে চৰকাৰে পুনৰুদ্ধাৰৰ দৰ ৯.৫%-ৰ তলত থকা চেনী কলসমূহৰ ক্ষেত্ৰত কোনো কৰ্তন নকৰাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে। এইসকল কৃষকে ২০২৫-২৬ বৰ্ষত কুঁহিয়াৰৰ বাবে ৩২৯.০৫টকা/কুইণ্টল দৰ লাভ কৰিব।
২০২৫-২৬ বৰ্ষৰ ‘চেনী ঋতু’ৰ বাবে কুঁহিয়াৰৰ উৎপাদন ব্যয় (এ2 +এফএল) হৈছে ১৭৩টকা/কুইণ্টল। ১০.২৫% পুনৰুদ্ধাৰ হাৰত ৩৫৫টকা/কুইণ্টলৰ এই ‘এফআৰপি’ উৎপাদন ব্যয়তকৈ ১০৫.২%ৰে অধিক। চেনী ঋতু ২০২৫-২৬’-ৰ বাবে ‘এফআৰপি’ চলিত ‘চেনী ঋতু ২০২৪-২৫’তকৈ ৪.৪১%ৰে অধিক।
অনুমোদিত ‘এফআৰপি’ চেনী কলসমূহে ‘চেনী ঋতু ২০২৫-২৬’ (১ অক্টোবৰ, ২০২৫ তাৰিখৰ পৰা আৰম্ভ)ত কৃষকসকলৰ পৰা কুঁহিয়াৰ ক্ৰয় কৰাৰ বাবে প্ৰযোজ্য হ'ব। চেনী খণ্ড হৈছে এক গুৰুত্বপূৰ্ণ কৃষি-আধাৰিত খণ্ড যি প্ৰায় ৫ কোটি কুঁহিয়াৰ খেতিয়ক আৰু কৃষি শ্ৰমিক আৰু পৰিবহনকে ধৰি বিভিন্ন আনুষঙ্গিক কাৰ্যকলাপত নিয়োজিত সকলৰ উপৰিও তেওঁলোকৰ ওপৰত নিৰ্ভৰশীল আৰু প্ৰায় ৫ লাখ শ্ৰমিকৰ জীৱিকা প্ৰভাৱিত কৰে।

পটভূমি:
‘কৃষি ব্যয় আৰু মূল্য আয়োগ’ (চিএচিপি)ৰ পৰামৰ্শক আধাৰ কৰাৰ লগতে ৰাজ্য চৰকাৰ আৰু অন্যান্য অংশীদাৰসকলৰ পৰামৰ্শৰ পিছত এফআৰপি নিৰ্ধাৰণ কৰা হৈছে।।
২৮-০৪-২০২৫ তাৰিখ পৰ্যন্ত কৃষকসকলক আগৰটো ‘চেনী ঋতু ২০২৩-২৪’ৰ ১,১১,৭৮২ কোটি টকাৰ কুঁহিয়াৰৰ বকেয়াৰ প্ৰায় ১,১১,৭০৩ কোটি টকা পৰিশোধ কৰা হৈছে; সেয়েহে, ৯৯.৯২% কুঁহিয়াৰৰ বকেয়া আদায় দিয়া হৈছে। চলিত চেনী ঋতু ২০২৪-২৫ত, ২৮-০৪-২০২৫ তাৰিখ পৰ্যন্ত কৃষকসকলক ৯৭,২৭০ কোটি টকাৰ কুঁহিয়াৰৰ বকেয়াৰ প্ৰায় ৮৫,০৯৪ কোটি টকা পৰিশোধ কৰা হৈছে; সেয়েহে, ৮৭% কুঁহিয়াৰৰ পাওনা আদায় দিয়া হৈছে।
****
MJPS/BM/KB
(Release ID: 2125506)
Visitor Counter : 25
Read this release in:
Malayalam
,
Tamil
,
Kannada
,
Bengali
,
English
,
Urdu
,
Hindi
,
Nepali
,
Marathi
,
Punjabi
,
Gujarati
,
Odia