@font-face { font-family: 'Poppins'; src: url('/fonts/Poppins-Regular.ttf') format('truetype'); font-weight: 400; font-style: normal; } body { font-family: 'Poppins', sans-serif; } .hero { background: linear-gradient(to right, #003973, #e5e5be); color: white; padding: 60px 30px; text-align: center; } .hero h1 { font-size: 2.5rem; font-weight: 700; } .hero h4 { font-weight: 300; } .article-box { background: white; border-radius: 10px; box-shadow: 0 8px 20px rgba(0,0,0,0.1); padding: 40px 30px; margin-top: -40px; position: relative; z-index: 1; } .meta-info { font-size: 1em; color: #6c757d; text-align: center; } .alert-warning { font-weight: bold; font-size: 1.05rem; } .section-footer { margin-top: 40px; padding: 20px 0; font-size: 0.95rem; color: #555; border-top: 1px solid #ddd; } .global-footer { background: #343a40; color: white; padding: 40px 20px 20px; margin-top: 60px; } .social-icons i { font-size: 1.4rem; margin: 0 10px; color: #ccc; } .social-icons a:hover i { color: #fff; } .languages { font-size: 0.9rem; color: #aaa; } footer { background-image: linear-gradient(to right, #7922a7, #3b2d6d, #7922a7, #b12968, #a42776); } body { background: #f5f8fa; } .innner-page-main-about-us-content-right-part { background:#ffffff; border:none; width: 100% !important; float: left; border-radius:10px; box-shadow: 0 8px 20px rgba(0,0,0,0.1); padding: 0px 30px 40px 30px; margin-top: 3px; } .event-heading-background { background: linear-gradient(to right, #7922a7, #3b2d6d, #7922a7, #b12968, #a42776); color: white; padding: 20px 0; margin: 0px -30px 20px; padding: 10px 20px; } .viewsreleaseEvent { background-color: #fff3cd; padding: 20px 10px; box-shadow: 0 .5rem 1rem rgba(0, 0, 0, .15) !important; } } @media print { .hero { padding-top: 20px !important; padding-bottom: 20px !important; } .article-box { padding-top: 20px !important; } }
WAVES BANNER 2025
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ৱেভছ, ২০২৫: মিডিয়া, এন্টাৰটেইনমেন্ট আৰু প্ৰযুক্তিৰ অনন্য বিশ্ব প্ৰদৰ্শনী

 Posted On: 28 APR 2025 5:21PM |   Location: PIB Guwahati

১ মে’ৰ পৰা ৪ মে’লৈ মুম্বাইৰ জিঅ’ কনভেনচন চেন্টাৰত অনুষ্ঠিতব্য বিশ্ব অডিঅ’-ভিজুৱেল আৰু এন্টাৰটেইনমেন্ট সন্মিলন, ২০২৫-এ বিশ্বৰ আগশাৰীৰ মিডিয়া, এন্টাৰটেইনমেন্ট আৰু প্ৰযুক্তিৰ উদ্ভাৱকসকলক একত্ৰিত কৰিব। ১৫,০০০ বৰ্গমিটাৰ অঞ্চলত বিস্তৃত ৱেভছ-২০২৫-এ উদ্যোগৰ অগ্ৰদূত, ক্ৰিয়েটৰ, বিনিয়োগকাৰী আৰু অত্যাধুনিক প্ৰযুক্তিৰ অগ্ৰগামীসকলৰ বাবে বিশ্বজুৰি মনোৰঞ্জনৰ ভৱিষ্যৎ অন্বেষণৰ চূড়ান্ত মঞ্চ হিচাপে কাম কৰিব। নেটফ্লিক্স, আমাজন, গুগল, মেটা, চনী, ৰিলায়েন্স, এড, টাটা, বালাজী টেলিফিল্মছ, ধৰ্ম প্ৰডাকচন, ছাৰেগামা আৰু যশ ৰাজ ফিল্মছকে প্ৰমুখ্য কৰি ১০০ ৰো অধিক আগশাৰীৰ প্ৰদৰ্শকৰ সৈতে পৰৱৰ্তী-প্ৰজন্মৰ উদ্ভাৱক যেনেঃ জেটচিন্থেছিছ, ডিজিটেল ৰেডিঅ' মণ্ডিয়াল (DRM), ফ্ৰী ষ্ট্ৰিম টেকন'লজিছ, নিউৰেল গেৰেজ আৰু ফ্ৰেক্টাল পিকচাৰ সহ ৱেভছে মনোৰঞ্জন খণ্ডত উদ্ভাৱন, সৃষ্টিশীলতা আৰু সীমান্ত অতিক্ৰমি সহযোগিতা প্ৰশস্ত কৰিব।

এই অসাধাৰণ সন্মিলনৰ মুখ্য আকৰ্ষণ হ’ল ভাৰত পেভিলিয়ন। ১,৪৭০ বৰ্গমিটাৰত বিস্তৃত ইয়াত "কালা টু ক'ড" শীৰ্ষক বিষয়বস্তুৰ অধীনত ভাৰতৰ গতিশীল উত্তৰাধিকাৰক উদযাপন কৰা হ’ব। ইয়াত দৰ্শনাৰ্থীসকলে ভাৰতীয় কাহিনী কোৱাৰ বিৱৰ্তন প্ৰত্যক্ষ কৰিব। প্ৰাচীন মৌখিক পৰম্পৰা আৰু দৃশ্য কলাৰ পৰা আৰম্ভ কৰি অত্যাধুনিক প্ৰযুক্তিগত অগ্ৰগতিলৈকে — চাৰিটা অভিজ্ঞতাভিত্তিক মণ্ডল যথাঃ শ্ৰুতি, কৃতি, দৃষ্টি আৰু ক্ৰিয়েটৰৰ অগ্ৰগতিৰ অভিজ্ঞতা লাভ কৰিব।

ভাৰত পেভিলিয়নৰ উপৰিও ৱেভছ, ২০২৫-ত একচেটিয়া ৰাজ্যিক পেভিলিয়নৰ ব্যৱস্থা কৰা হৈছে। ইয়াত মহাৰাষ্ট্ৰ, উত্তৰ প্ৰদেশ, গোৱা, গুজৰাট, তেলেংগানা, মধ্যপ্ৰদেশ আৰু আন কেইবাখনো ৰাজ্যই গৌৰৱেৰে নিজৰ সাংস্কৃতিক আৰু ক্ৰিয়েটিভ সামৰ্থ্য প্ৰদৰ্শন কৰিব।

তদুপৰি, এমএছএমই পেভিলিয়ন আৰু ষ্টাৰ্ট-আপ বুথে এমএণ্ডই খণ্ডৰ উদীয়মান ব্যৱসায়ী আৰু উদ্ভাৱকসকলক উদ্যোগৰ নেতা, বিনিয়োগকাৰী আৰু বিশ্বৰ মনোৰঞ্জন তথা প্ৰযুক্তি খণ্ডৰ মূল অংশীদাৰসকলৰ সৈতে সংযোগ স্থাপনৰ অতুলনীয় সুযোগ প্ৰদান কৰিব।

ৱেভছ, ২০২৫-ৰ এক মূল আকৰ্ষণ হ’ব বিস্তৃত গেমিং এৰিনা, যিয়ে গেমিং আৰু ইস্প’ৰ্টছ উদ্যোগৰ দ্ৰুত বিকাশত আলোকপাত কৰিব। মাইক্ৰ’ছফ্ট এণ্ড এক্সবক্স, ড্ৰিম১১, ক্ৰাফ্টন, নাজাৰা, এমপিএল আৰু জিঅ’গেমছৰ দৰে বিশিষ্ট ব্ৰেণ্ডসমূহক ইয়াত প্ৰদৰ্শন কৰা হ’ব। এই ক্ষেত্ৰখনে ইন্টাৰেক্টিভ মনোৰঞ্জনৰ ভৱিষ্যতৰ আভাস প্ৰদান কৰিব আৰু বিশ্বজুৰি ডিজিটেল বাতাবৰণত গেমিংৰ ক্ৰমবৰ্ধমান প্ৰভাৱ প্ৰদৰ্শন কৰা হ’ব।

২০২৫ৰ ১ মে’ৰ পৰা ৪ মে’লৈ অনুষ্ঠিতব্য তথা ৩ আৰু ৪ মে’ত বিশেষ কাৰ্য্যসূচীৰে ৱেভছ, ২০২৫-এ এন্টাৰটেইনমেন্ট, মিডিয়া আৰু প্ৰযুক্তি বাতাবৰণলৈ একচেটিয়া নেটৱৰ্কিং সুযোগ আৰু অতুলনীয় অন্তৰ্দৃষ্টি প্ৰশস্ত কৰিব। ১-৩ মে’ত পুৱা ১০ বজাৰপৰা সন্ধিয়া ৬ বজালৈ আৰু ৪ মে’ত পুৱা ১০ বজাৰপৰা সন্ধিয়া ৫ বজালৈ প্ৰদৰ্শনীখন মুকলি থাকিব।

 

ৱেভছ সম্পৰ্কে

ভাৰত চৰকাৰে মহাৰাষ্ট্ৰৰ মুম্বাইত ২০২৫ৰ ১ মে’-৪ মে’ত মিডিয়া আৰু এন্টাৰটেইনমেন্ট (M&E) খণ্ডৰ বাবে প্ৰথম বিশ্ব অডিঅ’-ভিজুৱেল আৰু এন্টাৰটেইনমেন্ট সন্মিলন (WAVES)ৰ আয়োজন কৰিছে।

আপুনি এগৰাকী উদ্যোগ পেছাদাৰী, বিনিয়োগকাৰী, ক্ৰিয়েটৰ বা উদ্ভাৱক হোৱা মাত্ৰেকে এই সন্মিলনে যোগাযোগ, সহযোগিতা, উদ্ভাৱন আৰু এমএণ্ডই বাতাবৰণত অৰিহণা যোগাবলৈ এখনি বিশ্ব মঞ্চ প্ৰশস্ত কৰিব।

ৱেভছ-এ ভাৰতৰ সৃষ্টিশীল শক্তিৰ বৰ্ধন ঘটাবলৈ সাজু হৈছে, যিয়ে কন্টেন্ট সৃষ্টি, বৌদ্ধিক সম্পত্তি আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে ইয়াৰ স্থানক শক্তিশালী কৰিব। গুৰুত্ব আৰোপ কৰা উদ্যোগ আৰু খণ্ডসমূহৰ ভিতৰত আছে সম্প্ৰচাৰ, প্ৰিন্ট মিডিয়া, টেলিভিছন, ৰেডিঅ', চলচ্চিত্ৰ, এনিমেচন, ভিজুৱেল ইফেক্ট, গেমিং, কমিক্স, ছাউণ্ড আৰু মিউজিক, বিজ্ঞাপন, ডিজিটেল মিডিয়া, ছ'চিয়েল মিডিয়া প্লেটফৰ্ম, জেনেৰেটিভ এআই, অগমেন্টেড ৰিয়েলিটি (AR), ভাৰ্চুৱেল ৰিয়েলিটি (VR) আৰু এক্সটেণ্ডেড ৰিয়েলিটি (XR)।

* * *

PIB TEAM WAVES 2025 | Sriyanka/ Darshana | 112


Release ID: (Release ID: 2124925)   |   Visitor Counter: 33