তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
ৱেভছ এনিমেচন ফিল্ম-মেকাৰ্ছ চেলেঞ্জে ৪২ আকৰ্ষণীয় এনিমেচন ফিল্ম লোকচক্ষুৰ সন্মুখলৈ আনিছে
এনিমেচন ফিল্মঃ ১৮ চুটি ছবি, ১২ ফিছাৰ ফিল্ম, ৯ টিভি চিৰিজ আৰু ৩ এআৰ/ভিআৰ প্ৰজেক্ট ৱেভ সন্মিলনত প্ৰদৰ্শন কৰা হ’ব
Posted On:
28 APR 2025 2:41PM
|
Location:
PIB Guwahati
বিশ্ব অডিঅ’-ভিজুৱেল আৰু এন্টাৰটেইনমেন্ট সন্মিলন, ২০২৫-ৰ ‘ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ ছিজন-১’ৰ অংশ হিচাপে অনুষ্ঠিত এনিমেচন ফিল্ম মেকাৰ্ছ প্ৰতিযোগিতাৰ (AFC) ৪২ গৰাকী চূড়ান্ত প্ৰতিযোগীৰ নাম এপ্ৰিলৰ দ্বিতীয় সপ্তাহত ঘোষণা কৰা হয়। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সৈতে সহযোগিতাৰে ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ চেলেঞ্জৰ আয়োজন কৰা ডান্সিং এটমছ ষ্টুডিঅ’ই ২০২৫ৰ ১-৪ মে’ত মুম্বাইত অনুষ্ঠিতব্য ৱেভছ সন্মিলনত প্ৰদৰ্শন হ’বলগীয়া শ্ৰেষ্ঠ ৪২ প্ৰজেক্ট সন্দৰ্ভত এক বিস্তৃত ক্ৰিয়েটিভ কেটেলগ মুকলি কৰিছে। এই অনন্য পদক্ষেপৰ লক্ষ্য হৈছে সম-মনোভাৱাপন্ন ব্যক্তি, উৎপাদক আৰু বিতৰকৰ সৈতে প্ৰতিভাৱান ক্ৰিয়েটৰসকলক সংযোগ কৰা তথা ভৌগোলিক সীমা অতিক্ৰমেৰে ক্ৰিয়েটৰ আৰু উদ্যোগৰ মাজত সহযোগিতা গঢ়ি তোলা।
প্ৰতিযোগিতাখনৰ ন-মাহজোৰা ব্যাপক মূল্যায়ন প্ৰক্ৰিয়াৰ পিছত পৰিগণিত হোৱা এই শ্ৰেষ্ঠ ৪২ প্ৰজেক্টে সমগ্ৰ এনিমেচনত মৌলিক কাহিনী কোৱাত গুৰুত্ব আৰোপ কৰে। ইয়াত পৰম্পৰাগত এনিমেচন, ভিএফএক্স, অগমেন্টেড ৰিয়েলিটি (AR)/ভাৰ্চুৱেল ৰিয়েলিটি (VR) আৰু ভাৰ্চুৱেল প্ৰডাকচনক সামৰি লোৱা হৈছে। ক্ৰিয়েটিভ কেটেলগত ভিন্ন ধৰণৰ উদ্ভাৱনীমূলক প্ৰজেক্ট আছে। ইয়াত আছে - ১২ ফিছাৰ ফিল্ম, ১৮ চুটি ছবি, টিভি চিৰিজঃ ৯ টিভি/লিমিটেড চিৰিজ আৰু ৩ এআৰ/ভিআৰ অভিজ্ঞতা। চৰ্টলিষ্ট কৰা ৪২ ফিল্ম প্ৰজেক্টৰ সকলোবোৰ এই অনন্য পদক্ষেপৰ জৰিয়তে উদ্যোগৰ অংশীদাৰসকলৰ সন্মুখত প্ৰদৰ্শন কৰা হ’ব।
চৰ্টলিষ্ট কৰা ১৮ চুটি এনিমেচন ফিল্ম ক্ৰিয়েটৰ আৰু তেওঁলোকৰ প্ৰজেক্টসমূহ তলত উল্লেখ কৰা হৈছেঃ
1) শ্ৰেয়া সচদেৱ - বাণী
2) শ্ৰীকান্ত এছ মেনন - ওড়িয়ান
3) প্ৰশান্ত কুমাৰ নাগাদাসী - বেষ্ট ফ্ৰেণ্ডছ
4) শ্বেতা সুভাষ মাৰাথে - মেল্টিং শ্বেম
5) অনিকা ৰাজেশ - আচাপ্পম
6) মাৰ্তন্দ আনন্দ উগালমুগলে - চন্দমামা
7) কিৰুথিকা ৰামাসুব্ৰমণিয়াম - এ ড্ৰিমছ ড্ৰিম
8) হৰিশ নাৰায়ণ আয়াৰ - কৰবী
9) ত্ৰিপৰ্ণা মৈতী – দ্য চেয়াৰ
10) অৰুন্ধতী সৰকাৰ – ছ’ ক্ল’জ য়েট ছ’ ফাৰ
11) গদাম জগদীশ প্ৰসাদ যাদৱ - চিম্ফনী অৱ ডাৰ্কনেছ
12) ভেট্ৰিভেল – দ্য লাষ্ট ট্ৰেজাৰ
13) গাৰ্গী গাৱথে - গোদ্ভা
14) শ্ৰেয়া বিনায়ক পোৰে - কলি (বাড)
15) হৰ্ষিতা দাস - লুনা
16) সন্ধ্ৰা মেৰী - মিছিং
17) ৰিচা ভূটানি – ক্লাইমেট স্কেপ
18) হিৰক জ্যোতি নাথ – টেলছ ফ্ৰম দ্য টী হাউছ
১২ গৰাকী চূড়ান্ত প্ৰতিযোগী হোৱা এনিমেচন ফিছাৰ ফিল্মৰ ক্ৰিয়েটৰ আৰু তেওঁলোকৰ প্ৰজেক্টসমূহ হ’লঃ
1) কেথাৰিনা ডায়েন উইৰাস্বতী এছ - ফ্লাই!
2) শুভম তোমৰ - মাহজুন
3) শ্ৰীকান্ত ভোগী - ৰুদ্ৰ
4) অনিৰ্বাণ মজুমদাৰ- বাবৰ ঔৰ বানো – এ ফ্ৰেইণ্ডশ্বিপ ছাগা
5) নন্দন বালকৃষ্ণন – দ্য ড্ৰিম বেলুন
6) জেকলিন চি চিং - লাইকে এণ্ড দ্য ট্ৰলছ
7) ৰোহিত সংখলা - দ্বাৰকা দ্য লষ্ট চিটি অৱ শ্ৰী কৃষ্ণ
8) ভগত সিং ছাইনী – ৰেড ৱমেন
9) অভিজিত চেক্সেনা - এৰাইজ, এৱেক
10) বামসী বান্দৰু - আয়ুৰ্বেদ ক্ৰনিকেলছ – চাৰ্চ ফৰ দ্য লষ্ট লাইট
11) পীয়ূষ কুমাৰ - ৰং প্ৰগ্ৰেমিং.. দ্য আনলিজড ৱাৰছ অৱ এআই
12) খাম্বৰ বাটেই - খাৰজানা - লাপালং - এ খাচী ফকল’ৰ ৰিইমাজিনড
চৰ্টলিষ্ট কৰা ৯ জন এনিমেচন টিভি/লিমিটেড চিৰিজ ক্ৰিয়েটৰ আৰু তেওঁলোকৰ প্ৰজেক্টসমূহ হ'লঃ
1) জ্যোতি কল্যাণ ছুৰা - জেকি এণ্ড জিলাল
2) তুহিন চন্দা - চুপিঃ চাইলেন্স বিহাইণ্ড ল
3) কিশোৰ কুমাৰ কেদাৰী – এজ অৱ দ্য ডেকানঃ দ্য লিগেণ্ড অৱ মলিক আম্বাৰ
4) ভাগ্যশ্ৰী সতাপতি - পাশা
5) ঋষভ মহান্তি - খাট্টি
6) সুকংকন ৰয় – ছাউণ্ড অৱ জয়
7) আত্ৰেয়ী পোদ্দাৰ, সংগীতা পোদ্দাৰ আৰু বিমল পোদ্দাৰ – মোৰেই কাকা
8) প্ৰসেনজিৎ সিংহ – দ্য কোৱাইট চাওচ
9) চেগুন চেমচন, অমোটুণ্ডে আকিঅ'ডে - মাপু
৩ গৰাকী এআৰ/ভিআৰ এক্সপেৰিয়েন্স ক্ৰিয়েটৰ আৰু তেওঁলোকৰ প্ৰজেক্টসমূহ হ'লঃ
1) সুন্দৰ মহালিংগম - অশ্বমেধ – দ্য আনচিলড ফেট
2) অনুজ কুমাৰ চৌধাৰী - লিমিনালিজম
3) ইছা চান্দনা – টক্সিক ইফেক্ট অৱ চাবচটেন্স এবুচ অন হিউমেন ব’ডি
পোন-প্ৰথমবাৰৰ বাবে ৪২ টা প্ৰজেক্টক এটা ক্ৰিয়েটিভ কেটেলগত একত্ৰিতকৰণ কাৰ্য্য আমি আৱিষ্কাৰ কৰা প্ৰতিভাৰ প্ৰমাণ বুলি ডান্সিং এটমছ ষ্টুডিঅ’ৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্য্যবাহী বিষয়া সৰস্বতী বুয়ালাই কয়। উদ্যোগৰ প্ৰবীণ আৰু মিডিয়া তথা এন্টাৰটেইনমেন্ট খণ্ডৰ প্ৰভাৱশালী ব্যক্তিসকলক লৈ গঠিত ৱেভছ এডভাইজৰী ব’ৰ্ডে এই প্ৰকল্পসমূহৰ সম্ভাৱনাৰ মূল্যায়ন আৰু উৎপাদন তথা বিতৰণৰ দিশত পথ প্ৰদৰ্শনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলিও তেওঁ লগতে কয়। শ্ৰীমতী বুয়ালাই লগতে জনাইছে, ইয়াৰ দ্বাৰা সৃষ্টি হোৱা বৈশ্বিক ৰাজহে এনিমেচন উদ্যোগৰ অপৰিসীম সম্ভাৱনাতে আলোকপাত কৰে। ২০২৪ত বিশ্বজুৰি এনিমেচন বজাৰৰ যথেষ্ট বিকাশ ঘটে। অনলাইন ষ্ট্ৰীমিং, ফেষ্টিভেলকে প্ৰমুখ্য কৰি ভিন্ন প্লেটফৰ্মৰ জৰিয়তে চুটি ছবিয়ে আনুমানিক ২০ বিলিয়ন ডলাৰ মূল্যৰ ৰাজহ অৱদান আগবঢ়াইছিল। একেদৰে, ২০৩২ৰ ভিতৰত শিক্ষামূলক কন্টেন্টৰ মূল্য ৭০ বিলিয়ন ডলাৰ হ’ব বুলি অনুমান কৰা হৈছে। সৰ্ববৃহৎ খণ্ডটোক প্ৰতিনিধিত্ব কৰা ফিছাৰ ফিল্মে বিশ্ব বক্স অফিচ আৰু আনুষংগিক বজাৰৰ জৰিয়তে প্ৰায় ৩০ বিলিয়ন ডলাৰৰ পৰা ৩২.৩ বিলিয়ন ডলাৰ উপাৰ্জন কৰে। এনিমেচন টিভি ছিৰিজে ষ্ট্ৰিমিং সেৱাৰ দ্বাৰা পৰিচালিত এক উত্থানৰ অভিজ্ঞতা লাভ কৰিছে, ইয়াৰ উৎপাদন আৰু লাইচেন্সিং ৰাজহ প্ৰায় ৫১২ বিলিয়ন মাৰ্কিন ডলাৰ হয়। এআৰ/ভিআৰ আৰু এআৰ/ভিআৰ এনিমেচনকে প্ৰমুখ্য কৰি ইমাৰ্চিভ এন্টাৰটেইনমেন্ট মাৰ্কেটৰ বিকাশ ঘটিছে। ই আনুমানিক ২২.১২ বিলিয়ন ডলাৰ আৰু ৭৯.৩৬ বিলিয়ন ডলাৰত উপনীত হয়। এআৰ/ভিআৰ প্ৰযুক্তিয়ে গেমিং, স্বাস্থ্যসেৱা, ৰিটেইল, শিক্ষা আৰু উৎপাদনকে প্ৰমুখ্য কৰি খণ্ডসমূহক ৰূপান্তৰিত কৰিছে।
ৱেভছ সম্পৰ্কে
ভাৰত চৰকাৰে মহাৰাষ্ট্ৰৰ মুম্বাইত ২০২৫ৰ ১ মে’-৪ মে’ত মিডিয়া আৰু এন্টাৰটেইনমেন্ট (M&E) খণ্ডৰ বাবে প্ৰথম বিশ্ব অডিঅ’-ভিজুৱেল আৰু এন্টাৰটেইনমেন্ট সন্মিলন (WAVES)ৰ আয়োজন কৰিছে।
আপুনি এগৰাকী উদ্যোগ পেছাদাৰী, বিনিয়োগকাৰী, ক্ৰিয়েটৰ বা উদ্ভাৱক হোৱা মাত্ৰেকে এই সন্মিলনে যোগাযোগ, সহযোগিতা, উদ্ভাৱন আৰু এমএণ্ডই বাতাবৰণত অৰিহণা যোগাবলৈ এখনি বিশ্ব মঞ্চ প্ৰশস্ত কৰিব।
ৱেভছ-এ ভাৰতৰ সৃষ্টিশীল শক্তিৰ বৰ্ধন ঘটাবলৈ সাজু হৈছে, যিয়ে কন্টেন্ট সৃষ্টি, বৌদ্ধিক সম্পত্তি আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে ইয়াৰ স্থানক শক্তিশালী কৰিব। গুৰুত্ব আৰোপ কৰা উদ্যোগ আৰু খণ্ডসমূহৰ ভিতৰত আছে সম্প্ৰচাৰ, প্ৰিন্ট মিডিয়া, টেলিভিছন, ৰেডিঅ', চলচ্চিত্ৰ, এনিমেচন, ভিজুৱেল ইফেক্ট, গেমিং, কমিক্স, ছাউণ্ড আৰু মিউজিক, বিজ্ঞাপন, ডিজিটেল মিডিয়া, ছ'চিয়েল মিডিয়া প্লেটফৰ্ম, জেনেৰেটিভ এআই, অগমেন্টেড ৰিয়েলিটি (AR), ভাৰ্চুৱেল ৰিয়েলিটি (VR) আৰু এক্সটেণ্ডেড ৰিয়েলিটি (XR)।
* * *
PIB TEAM WAVES 2025 | Sriyanka/ Darshana | 111
Release ID:
(Release ID: 2124908)
| Visitor Counter:
16
Read this release in:
Telugu
,
English
,
Urdu
,
Hindi
,
Marathi
,
Bengali
,
Manipuri
,
Gujarati
,
Tamil
,
Kannada
,
Malayalam