তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
ৱেভছ বজাৰে ৯ ভাষাত ১৫ প্ৰজেক্টৰে পোন-প্ৰথমবাৰৰ বাবে ‘টপ চিলেক্টছ’ লাইনআপ মুকলি কৰে
Posted On:
25 APR 2025 4:10PM
|
Location:
PIB Guwahati
দেশৰ ভিন্ন প্ৰান্তত বিয়পি থকা প্ৰতিভাসমূহৰে ভাৰতে মিডিয়া আৰু এন্টাৰটেইনমেন্ট খণ্ডত প্ৰভাৱশালী স্থান দখল কৰিছে, ইয়াৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ জৰিয়তে আকৰ্ষণীয় কন্টেন্ট সৃষ্টি কৰিছে। ১ মে’ৰ পৰা ৪ মে’লৈ মুম্বাইত অনুষ্ঠিতব্য বিশ্ব অডিঅ’-ভিজুৱেল আৰু এন্টাৰটেইনমেন্ট সন্মিলন (WAVES) মিডিয়া আৰু এন্টাৰটেইনমেন্ট খণ্ডৰ অন্যতম মাইলৰ খুঁটি হিচাপে পৰিগণিত হ’বলৈ আগবাঢ়িছে। এই সন্মিলনে ভাৰতক কন্টেন্ট সৃষ্টিৰ ক্ষেত্ৰত অনন্য গন্তব্যস্থান, বিনিয়োগৰ গন্তব্যস্থান হিচাপে প্ৰতিষ্ঠা কৰিব আৰু ‘ক্ৰিয়েট ইন ইণ্ডিয়া’ সুযোগৰ বৰ্ধন ঘটাব।
ৱেভছ বজাৰ হৈছে মিডিয়া আৰু এন্টাৰটেইনমেন্ট উদ্যোগৰ বাবে প্ৰধান বৈশ্বিক বজাৰ। যোগাযোগ, সহযোগিতা আৰু বিকাশৰ বাবে গঢ়ি তোলা এখনি গতিশীল মঞ্চ। এই মঞ্চই চলচ্চিত্ৰ নিৰ্মাতা আৰু উদ্যোগৰ পেছাদাৰীসকলক ক্ৰেতা, বিক্ৰেতা আৰু একাধিক প্ৰজেক্ট তথা প্ৰফাইলৰ সৈতে জড়িত হোৱাৰ সুযোগ প্ৰদান কৰে, লগতে তেওঁলোকৰ দক্ষতা প্ৰদৰ্শন কৰে আৰু তেওঁলোকৰ পেছাদাৰী নেটৱৰ্কৰ সম্প্ৰসাৰণ কৰে।
ভিৱিং ৰুম হৈছে ৱেভছ বজাৰত স্থাপন কৰা এক সমৰ্পিত ফিজিকেল মঞ্চ। ইয়াত বিশ্বৰ ভিন্ন প্ৰান্তৰ শেহতীয়াকৈ প’ষ্ট প্ৰডাকচন সম্পূৰ্ণ হোৱা ফিল্ম আৰু প্ৰজেক্টসমূহ প্ৰদৰ্শন কৰা হ’ব। এই ছবিসমূহে সক্ৰিয়ভাৱে চলচ্চিত্ৰ মহোৎসৱ, বৈশ্বিক বিক্ৰী, বিতৰণ অংশীদাৰিত্ব আৰু ফিনিচিং ফাণ্ডৰ সুযোগ বিচাৰিছে।
চলচ্চিত্ৰ প্ৰগ্ৰেমাৰ, বিতৰক, বিশ্ব বিক্ৰী এজেন্ট, বিনিয়োগকাৰী আৰু আন-আন উদ্যোগৰ পেছাদাৰীসকলৰ বাবে ডিজাইন কৰা ভিৱিং ৰুমে এক অনুকূল পৰিবেশ প্ৰদান কৰিব। ইয়াত ৱেভছ বজাৰত অংশগ্ৰহণ কৰা প্ৰতিনিধিসকলে এই ছবিসমূহ চাব পাৰে, প্ৰজেক্টসমূহৰ বিশদ তথ্য লাভ কৰিব পাৰে আৰু আমাৰ বিশেষ ভিৱিং ৰুম চফ্টৱেৰৰ জৰিয়তে চলচ্চিত্ৰ নিৰ্মাতাসকলৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপন কৰিব পাৰে।
পোন-প্ৰথমবাৰৰ বাবে ৱেভছ বজাৰত ৮ খন দেশ যথাঃ ভাৰত, শ্ৰীলংকা, আমেৰিকা যুক্তৰাষ্ট্ৰ, ছুইজাৰলেণ্ড, বুলগেৰিয়া, জাৰ্মানী, মৰিচাছ আৰু ইউ এ ইৰ মুঠ ১০০ খন ছবি ভিৱিং ৰুম লাইব্ৰেৰীত চাবলৈ উপলব্ধ হ’ব। সামগ্ৰিক লাইনআপত এনএফডিচিয়ে প্ৰযোজনা আৰু সহ-প্ৰযোজনা কৰা ১৮ খন ফিল্ম অন্তৰ্ভুক্ত হৈছে। ইয়াত ভাৰতীয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ আৰ্কাইভ (NFAI)ৰ ৮ খন পুনৰুদ্ধাৰ কৰা ক্লাছিক ফিল্ম সংযোজিত হৈছে। ইয়াৰ উপৰিও ভাৰতীয় চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠান (FTII, পুনে) আৰু সত্যজিৎ ৰায় চলচ্চিত্ৰ আৰু টেলিভিছন প্ৰতিষ্ঠান (SRFTI, কলকাতা)ৰ ১৯ ষ্টুডেন্ট প্ৰকল্পও অন্তৰ্ভুক্ত হৈছে।
ভিৱিং ৰুমৰ পৰা ৱেভছ বজাৰ টপ চিলেক্টছ শিতানৰ বাবে নিৰ্বাচিত এই ১৫ টা প্ৰজেক্টৰ ভিতৰত আছে ৯ ফিছাৰ প্ৰজেক্ট, ২ তথ্যচিত্ৰ, ২ চুটি ছবি আৰু ২ ৱেব-ছিৰিজ।
ৱেভছ বজাৰ টপ চিলেক্টছ, ২০২৫
- দ্য ৱেজ কালেক্টৰ | তামিল | ভাৰত | ফিক্সন ফিছাৰ
পৰিচালক - ইনফেন্ট ছুছাই | প্ৰযোজক - বাগাৱতী পেৰুমাল
- পুতুল | হিন্দী | ভাৰত | ফিক্সন ফিছাৰ
পৰিচালক - ৰাধেশ্যাম পিপালৱা | প্ৰযোজক - শাৰদ মিট্টাল
- দুছৰা ব্যাহ ( লেভিৰ) | হাৰিয়ানৱী, হিন্দী | ভাৰত | ফিক্সন ফিছাৰ
পৰিচালক - ভগত সিং ছাইনী | প্ৰযোজক - পাৰবীন ছাইনী
- পংখুদিয়ান (পেটেলছ ইন দ্য ৱাইণ্ড) | হিন্দী | ভাৰত | ফিক্সন ফিছাৰ
পৰিচালক - আব্দুল আজিজ | প্ৰযোজক - আব্দুল আজিজ, জ্যোৎস্না ৰাজপুৰোহিত
- খিদকী গাভ (ইফ অন এ উইন্টাৰ্ছ নাইট) | মালয়ালম | ভাৰত | ফিক্সন ফিছাৰ
পৰিচালক - সঞ্জু সুৰেন্দ্ৰন | প্ৰযোজক - ডঃ সুৰেন্দ্ৰন এম এন
- সূচনা – দ্য বিগিনিং | বাংলা | ভাৰত | ফিক্সন ফিছাৰ
পৰিচালক - পৌশালী সেনগুপ্ত | প্ৰযোজক - অভিনন্দ সেনগুপ্ত
- স্বাহা ইন দ্য নেম অৱ ফায়াৰ | মগাহি | ভাৰত | ফিক্সন ফিছাৰ
পৰিচালক - অভিলাষ শৰ্মা | প্ৰযোজক - বিকাশ শৰ্মা
- গোটিপুয়া – বেয়ণ্ড ব’ৰ্ডাৰছ | ইংৰাজী, হিন্দী, ওড়িশা | ভাৰত | ডুকুমেন্টৰী ফিছাৰ
পৰিচালক আৰু প্ৰযোজক - চিন্তন পাৰেখ
- ফ্ৰম ইণ্ডিয়া | ইংৰাজী | আমেৰিকা যুক্তৰাষ্ট্ৰ | ডুকুমেন্টৰী ফিছাৰ
পৰিচালক আৰু প্ৰযোজক - মনদৰ আপ্টে
- থাৰ্ড ফ্ল’ৰ | হিন্দী | ভাৰত | চুটি ছবি
পৰিচালক - অমনদীপ সিং | প্ৰযোজক - অমনদীপ সিং
- জাহান | হিন্দী | ভাৰত | ফিক্সন চৰ্ট
পৰিচালক আৰু প্ৰযোজক - ৰাহুল শ্বেট্টী
- প্লেনেট ইণ্ডিয়া | ইংৰাজী, হিন্দী | ভাৰত | টিভি শ্ব'
পৰিচালক - কলিন বাটফিল্ড | প্ৰযোজক - তামসীল হুছেইন
- ভাৰতী ঔৰ বিবো | হিন্দী | ভাৰত | এনিমেচন ৱেব-ছিৰিজ/টিভি
পৰিচালক - স্নেহা ৰবিশংকৰ | প্ৰযোজক - ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম আৰু
পুপেটিকা মিডিয়া প্ৰাইভেট লিমিটেড
- আচাপ্পাজ এলবাম (গ্ৰামপাজ এলবাম) | মালয়ালম | ভাৰত | ফিক্সন ফিছাৰ
পৰিচালক - দীপ্তি পিল্লায় শিৱন | প্ৰযোজক - ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উন্নয়ন নিগম
- দুনিয়া না মানে (দ্য আনএক্সপেক্টেড) | হিন্দী | ভাৰত | ফিক্সন ফিছাৰ
পৰিচালক আৰু প্ৰযোজক – ভি. শান্তৰাম
ৱেভছ সম্পৰ্কে
ভাৰত চৰকাৰে মহাৰাষ্ট্ৰৰ মুম্বাইত ২০২৫ৰ ১ মে’-৪ মে’ত মিডিয়া আৰু এন্টাৰটেইনমেন্ট (M&E) খণ্ডৰ বাবে প্ৰথম বিশ্ব অডিঅ’-ভিজুৱেল আৰু এন্টাৰটেইনমেন্ট সন্মিলন (WAVES)ৰ আয়োজন কৰিছে।
আপুনি এগৰাকী উদ্যোগ পেছাদাৰী, বিনিয়োগকাৰী, ক্ৰিয়েটৰ বা উদ্ভাৱক হোৱা মাত্ৰেকে এই সন্মিলনে যোগাযোগ, সহযোগিতা, উদ্ভাৱন আৰু এমএণ্ডই বাতাবৰণত অৰিহণা যোগাবলৈ এখনি বিশ্ব মঞ্চ প্ৰশস্ত কৰিব।
ৱেভছ-এ ভাৰতৰ সৃষ্টিশীল শক্তিৰ বৰ্ধন ঘটাবলৈ সাজু হৈছে, যিয়ে কন্টেন্ট সৃষ্টি, বৌদ্ধিক সম্পত্তি আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে ইয়াৰ স্থানক শক্তিশালী কৰিব। গুৰুত্ব আৰোপ কৰা উদ্যোগ আৰু খণ্ডসমূহৰ ভিতৰত আছে সম্প্ৰচাৰ, প্ৰিন্ট মিডিয়া, টেলিভিছন, ৰেডিঅ', চলচ্চিত্ৰ, এনিমেচন, ভিজুৱেল ইফেক্ট, গেমিং, কমিক্স, ছাউণ্ড আৰু মিউজিক, বিজ্ঞাপন, ডিজিটেল মিডিয়া, ছ'চিয়েল মিডিয়া প্লেটফৰ্ম, জেনেৰেটিভ এআই, অগমেন্টেড ৰিয়েলিটি (AR), ভাৰ্চুৱেল ৰিয়েলিটি (VR) আৰু এক্সটেণ্ডেড ৰিয়েলিটি (XR)।
***
PIB TEAM WAVES 2025 | Nikita / Parshuram | 102
Release ID:
(Release ID: 2124382)
| Visitor Counter:
27