গৃহ মন্ত্ৰালয়
২৬ এপ্ৰিলত মহামহিম পোপ ফ্ৰান্সিছৰ অন্ত্যেষ্টিক্ৰিয়াৰ দিনা ৰাষ্ট্ৰীয় শোক পালন
प्रविष्टि तिथि:
24 APR 2025 4:50PM by PIB Guwahati
২৬ এপ্ৰিল, শনিবাৰে মহামহিম পোপ ফ্ৰান্সিছৰ অন্ত্যেষ্টিক্ৰিয়াৰ দিনা ৰাষ্ট্ৰীয় শোক পালন কৰা হ’ব। সেইদিনা সমগ্ৰ ভাৰতত নিয়মীয়াভাৱে উত্তোলিত হৈ থকা ৰাষ্ট্ৰীয় পতাকা অৰ্ধনমিত কৰা হ’ব আৰু কোনো চৰকাৰী মনোৰঞ্জনমূলক কাৰ্য্যসূচীৰ আয়োজন কৰা নহ’ব।
মহামহিম পোপ ফ্ৰান্সিছৰ বিয়োগত তেওঁলৈ সন্মানাৰ্থে ভাৰত চৰকাৰে তিনিদিনীয়া ৰাষ্ট্ৰীয় শোক পালনৰ কথা ঘোষণা কৰিছিল। সেই অনুসৰি ২২ এপ্ৰিল আৰু ২৩ এপ্ৰিলত দুদিনীয়াকৈ ৰাষ্ট্ৰীয় শোক পালন কৰা হয় আৰু অন্ত্যেষ্টিক্ৰিয়াৰ দিনাও এদিনীয়াকৈ ৰাষ্ট্ৰীয় শোক পালন কৰা হ’ব।
*****
RK/VV/RR/PR/PS/SB
(रिलीज़ आईडी: 2124131)
आगंतुक पटल : 56
इस विज्ञप्ति को इन भाषाओं में पढ़ें:
Gujarati
,
Khasi
,
English
,
Urdu
,
हिन्दी
,
Marathi
,
Nepali
,
Bengali
,
Punjabi
,
Tamil
,
Telugu
,
Kannada
,
Malayalam