অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়
azadi ka amrit mahotsav

কাশ্মীৰত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ ফলত ক্ষতিগ্ৰস্ত পৰ্যটক আৰু পীড়িতসকলক সহায়ৰ বাবে ক্ষিপ্ৰ ব্যৱস্থা অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰামমোহন নাইডুৰ

শ্ৰীনগৰৰ পৰা চাৰিখন বিশেষ বিমান, দিল্লীৰ বাবে দুখন আৰু মুম্বাইলৈ দুখন বিমানৰ ব্যৱস্থা কৰা হৈছে

বিমান সংস্থাসমূহক নিয়মীয়া ভাড়াৰ মাত্ৰা বজাই ৰখাৰ নিৰ্দেশ

Posted On: 23 APR 2025 10:33AM by PIB Guwahati

কাশ্মীৰত সংঘটিত কৰুণ সন্ত্ৰাসবাদী আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ক্ষতিগ্ৰস্ত পৰ্যটক আৰু পীড়িতসকলৰ সুৰক্ষা আৰু কল্যান সুনিশ্চিত কৰাৰ বাবে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী শ্ৰী ৰাম মোহন নাইডুৱে ক্ষিপ্ৰ পদক্ষেপ গ্ৰহণ কৰিছে।

শ্ৰী ৰাম মোহন নাইডুৱে ব্যক্তিগতভাৱে গৃহমন্ত্ৰীৰ সৈতে কথা পাতি সংশ্লিষ্ট বিষয়াসকলৰ সৈতে ঘনিষ্ঠ সমন্বয়ৰে পৰিস্থিতিৰ ওপৰত ২৪ ঘণ্টাই নিৰীক্ষণ কৰি আছে। তাৎক্ষণিক সাহায্য হিচাপে শ্ৰীনগৰৰ পৰা চাৰিখন বিশেষ বিমানৰ ব্যৱস্থা কৰা হৈছে–দুখন দিল্লী আৰু দুখন মুম্বাইলৈ, পৰৱৰ্তী সময়ত উদ্ধাৰ কাৰ্যৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে অতিৰিক্ত বিমান সাজু কৰি ৰখা হৈছে।

শ্ৰী ৰাম মোহন নাইডুৱে সকলো বিমান পৰিচালকৰ সৈতে জৰুৰী বৈঠক আহ্বান কৰাৰ সময়তে ভাড়া বৃদ্ধিৰ বিৰুদ্ধে কঠোৰ নিৰ্দেশনা জাৰি কৰে। তেওঁ এই স্পৰ্শকাতৰ সময়ত কোনো যাত্ৰী যাতে সমস্যাত নপৰে তাৰবাবে নিয়মীয়া ভাড়া বজাই ৰাখিবলৈ কয়।

তদুপৰি, শ্ৰী ৰাম মোহন নাইডুৱে সকলো বিমান সংস্থাক ৰাজ্য চৰকাৰ আৰু স্থানীয় কৰ্তৃপক্ষৰ সৈতে সমন্বয় স্থাপন কৰি মৃত ব্যক্তিসকলক তেওঁলোকৰ গৃহ ৰাজ্যলৈ লৈ যোৱাৰ ক্ষেত্ৰত সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিছে।

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয় সম্পূৰ্ণৰূপে সজাগ আৰু পীড়িত লোকসকলক সকলো ধৰণৰ সাহায্য প্ৰদানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।

*****

Beena Yadav/Divyanshu Kumar/DB


(Release ID: 2123821)