@font-face { font-family: 'Poppins'; src: url('/fonts/Poppins-Regular.ttf') format('truetype'); font-weight: 400; font-style: normal; } body { font-family: 'Poppins', sans-serif; } .hero { background: linear-gradient(to right, #003973, #e5e5be); color: white; padding: 60px 30px; text-align: center; } .hero h1 { font-size: 2.5rem; font-weight: 700; } .hero h4 { font-weight: 300; } .article-box { background: white; border-radius: 10px; box-shadow: 0 8px 20px rgba(0,0,0,0.1); padding: 40px 30px; margin-top: -40px; position: relative; z-index: 1; } .meta-info { font-size: 1em; color: #6c757d; text-align: center; } .alert-warning { font-weight: bold; font-size: 1.05rem; } .section-footer { margin-top: 40px; padding: 20px 0; font-size: 0.95rem; color: #555; border-top: 1px solid #ddd; } .global-footer { background: #343a40; color: white; padding: 40px 20px 20px; margin-top: 60px; } .social-icons i { font-size: 1.4rem; margin: 0 10px; color: #ccc; } .social-icons a:hover i { color: #fff; } .languages { font-size: 0.9rem; color: #aaa; } footer { background-image: linear-gradient(to right, #7922a7, #3b2d6d, #7922a7, #b12968, #a42776); } body { background: #f5f8fa; } .innner-page-main-about-us-content-right-part { background:#ffffff; border:none; width: 100% !important; float: left; border-radius:10px; box-shadow: 0 8px 20px rgba(0,0,0,0.1); padding: 0px 30px 40px 30px; margin-top: 3px; } .event-heading-background { background: linear-gradient(to right, #7922a7, #3b2d6d, #7922a7, #b12968, #a42776); color: white; padding: 20px 0; margin: 0px -30px 20px; padding: 10px 20px; } .viewsreleaseEvent { background-color: #fff3cd; padding: 20px 10px; box-shadow: 0 .5rem 1rem rgba(0, 0, 0, .15) !important; } } @media print { .hero { padding-top: 20px !important; padding-bottom: 20px !important; } .article-box { padding-top: 20px !important; } }
WAVES BANNER 2025
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

আঞ্চলিক পৰ্য্যায়ৰপৰা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটলৈ

ৱামে ৱেভছ, ২০২৫-ত ভাৰতৰ শ্ৰেষ্ঠ ক্ৰিয়েটৰক বাছনি কৰিব

 Posted On: 21 APR 2025 4:08PM |   Location: PIB Guwahati

কেইবামাহ জোৰা আঞ্চলিক প্ৰতিযোগিতা আৰু হাজাৰ-হাজাৰ এন্ট্ৰিৰ অন্তত সমগ্ৰ ভাৰতৰ ১১ খন চহৰৰ চূড়ান্ত প্ৰতিযোগীসকলক ৱেভছ এনিমে আৰু মাংগা কন্টেষ্ট (WAM!) ৰাষ্ট্ৰীয় ফাইনেলত অংশগ্ৰহণৰ অৰ্থে নিৰ্বাচিত কৰা হৈছে। ১–৪ মে’ত মুম্বাইৰ জিঅ’ ৱৰ্ল্ড কনভেনচন চেন্টাৰত অনুষ্ঠিতব্য ভাৰতৰ প্ৰথম মিডিয়া আৰু এন্টাৰটেইনমেন্ট সন্মিলন ৱেভছ, ২০২৫-ত এই কাৰ্য্যসূচী অনুষ্ঠিত হ’ব।

 

ৱাম (WAM!) হৈছে ৱেভছ (WAVES-বিশ্ব অডিঅ’ ভিজুৱেল এন্টাৰটেইনমেন্ট ছামিট)ৰ অংশ হিচাপে ভাৰতীয় মিডিয়া আৰু এন্টাৰটেইনমেন্ট এছ’চিয়েচনে (MEAI) আয়োজন কৰা আৰু ভাৰত চৰকাৰৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে সমৰ্থন আগবঢ়োৱা এক কাৰ্য্যসূচী। ৱেভছ এভিজিচি-এক্সআৰ খণ্ড-এনিমেচন, ভিজুৱেল ইফেক্ট, গেমিং, কমিক্স আৰু এক্সটেণ্ডেড ৰিয়েলিটিৰ ক্ষেত্ৰত ভাৰতৰ সৰ্ববৃহৎ মঞ্চ হৈ পৰিব। ৱেভছৰ মুখ্য আকৰ্ষণ হৈছে ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ (CIC)। ১,১০০ আন্তঃৰাষ্ট্ৰীয় অংশগ্ৰহণকাৰীকে প্ৰমুখ্য কৰি প্ৰায় ১ লাখ পঞ্জীয়নেৰে চিআইচিৰ ১ম ছিজনে ইতিহাস ৰচনা কৰিছে। এক বিস্তৃত বাছনি প্ৰক্ৰিয়াৰ অন্তত ৩২ ইউনিক চেলেঞ্জৰ মাজৰপৰা ৭৫০+ চূড়ান্ত প্ৰতিযোগীক নিৰ্বাচিত কৰা হৈছে।

চিআইচি-ৰ অধীনত ষ্টেণ্ডআউট ছেগমেন্টসমূহৰ ভিতৰত ৱাম অন্যতম! যোৱা দশকত ভাৰতত এনিমে আৰু মাংগাৰ দ্ৰুত বিকাশ ঘটিছে। এক আগ্ৰহ হিচাপে আৰম্ভ হোৱা ই এতিয়া এটি বৃহৎ সাংস্কৃতিক ঢৌত পৰিণত হৈছে। ভাৰতত প্ৰায় ১৮০ নিযুত এনিমে অনুৰাগী আছে, যাৰ পৰিপ্ৰেক্ষিতত ভাৰত চীনৰ পিছতে দ্বিতীয় সৰ্ববৃহৎ এনিমে বজাৰ হৈ পৰিছে। এই বিকাশ কেৱল অনুৰাগীৰ ক্ষেত্ৰতে নহয়, বৰঞ্চ পৰিসংখ্যাৰ ক্ষেত্ৰতো দৃশ্যমান হৈছে। ২০২৩ত ভাৰতীয় এনিমে বজাৰৰ মূল্য আছিল ১,৬৪২.৫ মিলিয়ন ডলাৰ। ২০৩২ৰ ভিতৰত ইয়াৰ মূল্য ৫,০৩৬ মিলিয়ন ডলাৰ হ’ব বুলি আশা কৰা হৈছে।

 

ৱামৰ জৰিয়তে ভাৰতীয় ক্ৰিয়েটৰসকলক মৌলিক আইপি (বৌদ্ধিক সম্পত্তি) বিকশিতকৰণৰ গাঁথনিগত সুযোগ প্ৰদানেৰে এই ক্ৰমবৰ্ধমান সৃষ্টিশীল শক্তি বৰ্ধনৰ প্ৰয়াস কৰা হৈছে। ই মৌলিক, সাংস্কৃতিকভাৱে-বদ্ধমূল আইপি সমূহক প্ৰচাৰেৰে ভাৰতৰ মিডিয়া উদ্যোগত ব্যৱধান পৰিপূৰণ কৰে। গ্ল’বেল এনিমেৰ উত্থান আৰু ক্ৰমবৰ্ধমান ডিজিটেল সাক্ষৰতাৰ লগে-লগে ৱামে ছাত্ৰ-ছাত্ৰী আৰু পেছাদাৰীসকলক ধাৰণা প্ৰদৰ্শনৰ বাবে এখনি মঞ্চ প্ৰদান কৰিব। ই পিচ-ৰেডি আইপি বিকশিতকৰণৰ বাবে এক স্পষ্ট পথ প্ৰশস্ত কৰিব, উদ্যোগৰ মেন্টৰশ্বিপ আৰু চৰকাৰী সমৰ্থনৰ সুবিধা প্ৰদান কৰিব।

 

এই দৃষ্টিভংগীক বাস্তৱায়িত কৰি তুলিবলৈ প্ৰতিযোগিতাখনক একাধিক ভাগত বিভক্ত কৰা হৈছিল, যথাঃ মাংগা (ছাত্ৰ-ছাত্ৰী আৰু পেছাদাৰী), এনিমে (ছাত্ৰ-ছাত্ৰী আৰু পেছাদাৰী), ৱেবটুন (ছাত্ৰ-ছাত্ৰী আৰু পেছাদাৰী), ভইচ এক্টিং আৰু কচপ্লে। অংশগ্ৰহণকাৰীসকল— ছাত্ৰ-ছাত্ৰী আৰু পেছাদাৰী শিতানৰ মাজৰপৰা সযতনে নিৰ্বাচিত কৰা হৈছে। গুৱাহাটী, কলকাতা, ভূৱনেশ্বৰ, বাৰাণসী, দিল্লী, মুম্বাই, নাগপুৰ, আহমেদাবাদ, হায়দৰাবাদ, চেন্নাই আৰু বেংগালুৰু আদি ১১ খন চহৰত প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু ইয়াত গ্ৰাউণ্ড-আপ পদ্ধতি অনুসৰণ কৰা হয়। প্ৰতিখন চহৰৰ বিজয়ীসকলক এনিমেচন, কমিকছ, মিডিয়া আৰু এন্টাৰটেইনমেন্ট খণ্ডৰ উদ্যোগ বিশেষজ্ঞসকলৰে গঠিত বিশিষ্ট জুৰীয়ে নিৰ্বাচিত কৰিছিল।

এতিয়া এই ক্ৰিয়েটৰসকল ৱাম-ত ভাগ ল’বলৈ মুম্বাইলৈ ৰাওনা হ’ব! ৱেভছ, ২০২৫-ত অনুষ্ঠিতব্য ৰাষ্ট্ৰীয় ফাইনেলত তেওঁলোকে স্বকীয় কৰ্মৰাজি আন্তঃৰাষ্ট্ৰীয় জুৰী আৰু দৰ্শকৰ সন্মুখত উপস্থাপন কৰিব। ইয়াত বিজয়ীসকলে লাভ কৰিবঃ

  • টকিঅ’ত অনুষ্ঠিতব্য এনিমে জাপান, ২০২৬লৈ বিনামূলীয়া ভ্ৰমণ
  • গুলমোহৰ মিডিয়াৰ দ্বাৰা হিন্দী, ইংৰাজী আৰু জাপানী ভাষাত এনিমে ডাবিং
  • টুনসূত্ৰৰ ৱেবটুন প্ৰকাশন

ৱাম কেৱল এক প্ৰতিযোগিতাই নহয়, বৰঞ্চ এয়া ভাৰতৰ মিডিয়া বাতাবৰণৰ এক মূল ব্যৱধান দূৰ কৰাৰ লক্ষ্যৰে এটি সাংস্কৃতিক আন্দোলন। ইয়াৰ জৰিয়তে ভাৰতীয় কাহিনীৰে বদ্ধমূল বিশ্বজুৰি স্কেলেবল, মৌলিক কন্টেন্টৰ অভাৱ দূৰ কৰাৰ প্ৰয়াস কৰা হৈছে। ৱেভছ, ২০২৫ ওচৰ চাপি অহাৰ লগে-লগে উত্তেজনা বাঢ়িছে। এয়া হৈছে প্ৰতিভা, মৌলিকতা আৰু কাহিনী কোৱাৰ ৰূপান্তৰশীল শক্তিৰ উদযাপন।

প্ৰসংগ

*****

Santosh Kumar/ Sarla Meena/ Kamna Lakaria/SB


Release ID: (Release ID: 2123228)   |   Visitor Counter: 34