@font-face { font-family: 'Poppins'; src: url('/fonts/Poppins-Regular.ttf') format('truetype'); font-weight: 400; font-style: normal; } body { font-family: 'Poppins', sans-serif; } .hero { background: linear-gradient(to right, #003973, #e5e5be); color: white; padding: 60px 30px; text-align: center; } .hero h1 { font-size: 2.5rem; font-weight: 700; } .hero h4 { font-weight: 300; } .article-box { background: white; border-radius: 10px; box-shadow: 0 8px 20px rgba(0,0,0,0.1); padding: 40px 30px; margin-top: -40px; position: relative; z-index: 1; } .meta-info { font-size: 1em; color: #6c757d; text-align: center; } .alert-warning { font-weight: bold; font-size: 1.05rem; } .section-footer { margin-top: 40px; padding: 20px 0; font-size: 0.95rem; color: #555; border-top: 1px solid #ddd; } .global-footer { background: #343a40; color: white; padding: 40px 20px 20px; margin-top: 60px; } .social-icons i { font-size: 1.4rem; margin: 0 10px; color: #ccc; } .social-icons a:hover i { color: #fff; } .languages { font-size: 0.9rem; color: #aaa; } footer { background-image: linear-gradient(to right, #7922a7, #3b2d6d, #7922a7, #b12968, #a42776); } body { background: #f5f8fa; } .innner-page-main-about-us-content-right-part { background:#ffffff; border:none; width: 100% !important; float: left; border-radius:10px; box-shadow: 0 8px 20px rgba(0,0,0,0.1); padding: 0px 30px 40px 30px; margin-top: 3px; } .event-heading-background { background: linear-gradient(to right, #7922a7, #3b2d6d, #7922a7, #b12968, #a42776); color: white; padding: 20px 0; margin: 0px -30px 20px; padding: 10px 20px; } .viewsreleaseEvent { background-color: #fff3cd; padding: 20px 10px; box-shadow: 0 .5rem 1rem rgba(0, 0, 0, .15) !important; } } @media print { .hero { padding-top: 20px !important; padding-bottom: 20px !important; } .article-box { padding-top: 20px !important; } }
WAVES BANNER 2025
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

ৱেভছৰ বাবে মিডিয়া প্ৰতিনিধিৰ পঞ্জীয়ন ২১, ২২ আৰু ২৩ এপ্ৰিলত তিনিদিনৰ বাবে পুনৰ মুকলি!

আবেদন জমা দিবলৈ আৰু পঞ্জীয়ন কৰিবলৈ সকলো মিডিয়াৰ সৈতে জড়িত ব্যক্তিলৈ শেষ আহ্বান

 Posted On: 20 APR 2025 2:37PM |   Location: PIB Guwahati

 

সংবাদ মাধ্যম সমাজৰ আগ্ৰহৰ প্ৰতি সঁহাৰি জনাই বিশ্ব অডিঅ’ ভিজুৱেল আৰু মনোৰঞ্জন শীৰ্ষ সন্মিলন (WAVES) ২০২৫ -এ অন্তিম তিনিটা দিনৰ বাবে মিডিয়া প্ৰতিনিধিৰ পঞ্জীয়ন পুনৰ মুকলি কৰিছে — ২১ এপ্ৰিল (সোমবাৰ), ২২ এপ্ৰিল (মঙলবাৰ) আৰু ২৩ এপ্ৰিল (বুধবাৰ)ৰে এই প্ৰক্ৰিয়া চলিব।  মিডিয়া পেছাদাৰী, ফটোগ্ৰাফাৰ আৰু ডিজিটেল কন্টেন্ট ক্ৰিয়েটৰসকলক   বহু প্ৰত্যাশিত মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট (এম এণ্ড ই) ইভেণ্টৰ অংশ হ’বলৈ শেষ সুবিধা আগবঢ়োৱা হৈছে। ৱেভছ শীৰ্ষ সন্মিলন   ২০২৫ চনৰ ১–৪ মে’ পৰ্যন্ত  মুম্বাইত অনুষ্ঠিত হ’ব। এই সন্মিলনত আপোনাৰ কভাৰেজে বিশ্বৰ মঞ্চত ভাৰতৰ সৃষ্টিশীল অৰ্থনীতি বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

 

পঞ্জীয়নৰ লিংক: https://app.wavesindia.org/register/media.

 

যদি আপুনি পূৰ্বৰ সময়ৰ ভিতৰত নাম পঞ্জীয়ন কৰাৰ সুযোগ  হেৰুৱাইছে, তেন্তে এয়া আপোনাৰ শেষ সুবিধা হ'ব। এই সন্মিলনত  মনোৰঞ্জনৰ ভৱিষ্যত গঢ় দিয়া উদ্যোগৰ পেছাদাৰীসকলৰ সৈতে বিভিন্ন  অধিৱেশন, নেটৱৰ্কিঙৰ সুযোগ আদি সুবিধা লাভ কৰিব।

 

কোনে আবেদন কৰিব পাৰে?

 

সাংবাদিক (প্ৰিণ্ট, টিভি, ৰেডিঅ')

ফটোগ্ৰাফাৰ / কেমেৰাপাৰ্ছন

ফ্ৰীলান্স মিডিয়া পেছাদাৰী

ডিজিটেল বিষয়বস্তুৰ সৃষ্টিকৰ্তা

প্ৰয়োজনীয় নথিপত্ৰসমূহ:

 

চৰকাৰে প্ৰদান কৰা আইডি

পাছপ'ৰ্ট আকাৰৰ ফটোগ্ৰাফ

সংবাদ মাধ্যমৰ সৈতে জড়িত হৈ থকাৰ প্ৰমাণপত্ৰ

১০ টা কামৰ নমুনা (লিংক বা স্ক্ৰীণশ্বট)

ভিছা (আন্তঃৰাষ্ট্ৰীয় আবেদনকাৰীৰ বাবে)

পঞ্জীয়ন উইণ্ড' খোল খাব: ২১ এপ্ৰিল ২০২৫

বন্ধ:  ২৩ এপ্ৰিল ২০২৫ৰ ১১:৫৯ বজাত

 

অনুমোদিত প্ৰতিনিধিসকলক ই-মেইলযোগে অৱগত কৰা হ’ব আৰু বাস্তৱ সময়ৰ আপডেটৰ বাবে অফিচিয়েল হোৱাটছএপ গ্ৰুপত যোগ কৰা হ’ব।

 

 pibwaves.media[at]gmail[dot]com ত আমাৰ সৈতে যোগাযোগ কৰক: WAVES মিডিয়া স্বীকৃতি প্ৰশ্ন বা আমাৰ হেল্পলাইন নম্বৰত যোগাযোগ কৰক: 9643034368.

 

ইয়াত মিডিয়া প্ৰতিনিধিৰ পঞ্জীয়ন নীতি চাওক

 

ৱেভছৰ সৈতে যুক্ত হোৱাৰ শেষ সুযোগটো এৰি নিদিব!

 

 

ৱেভছৰ বিষয়ে

 

মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট (এম এণ্ড ই) খণ্ডৰ বাবে এক মাইলৰ খুঁটি স্বৰূপ অনুষ্ঠান ৱেভছ ভাৰত চৰকাৰে ২০২৫ চনৰ মে’ৰ পৰা মে’লৈ মহাৰাষ্ট্ৰৰ মুম্বাইত আয়োজন কৰিব।

 

আপুনি এজন উদ্যোগ পেছাদাৰী, বিনিয়োগকাৰী, সৃষ্টিকৰ্তা, বা উদ্ভাৱক যিয়েই হওক, শীৰ্ষ সন্মিলন খনে সংযোগ, সহযোগিতা, উদ্ভাৱন আৰু মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট খণ্ডত  অৰিহণা যোগাবলৈ আপোনাক  বিশ্বব্যাপী  এখন মঞ্চ প্ৰদান কৰিব।

 

ৱেভছ-এ ভাৰতৰ সৃষ্টিশীল শক্তিৰ উত্থান ঘটাবলৈ  সাজু হৈছে। সমল সৃষ্টি, বৌদ্ধিক সম্পত্তি আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে ৱেভছে ইয়াৰ স্থান উন্নত কৰিব।  ইয়াত গুৰুত্ব প্ৰদান কৰা  উদ্যোগ আৰু খণ্ডসমূহৰ ভিতৰত আছে সম্প্ৰচাৰ, প্ৰিন্ট মিডিয়া, টেলিভিছন, ৰেডিঅ', চলচ্চিত্ৰ, এনিমেচন, ভিজুৱেল ইফেক্ট, গেমিং, কমিক্স, শব্দ আৰু সংগীত, বিজ্ঞাপন, ডিজিটেল মিডিয়া, ছ'চিয়েল মিডিয়া প্লেটফৰ্ম, জেনেৰেটিভ এআই, অগমেণ্টেড ৰিয়েলিটি, ভাৰ্চুৱেল ৰিয়েলিটি, আৰু এক্সটেণ্ডেড ৰিয়েলিটি।

 

কিবা প্ৰশ্ন আছে নেকি? ইয়াত উত্তৰ বিচাৰি পাওক

 

পিআইবি টীম ৱেভছৰ  শেহতীয়া ঘোষণাৰ বিষয়ে অৱগত হৈ থাকক

 

আহক, আমি সকলোৱে একেলগে এই যাত্ৰাৰ অংশীদাৰ হওঁ! ৱেভছৰ বাবে এতিয়াই পঞ্জীয়ন কৰক

 

***

 

PIB PIB TEAM WAVES 2025 |Sayyid/ Nikita/ Dhanlakshmi/Parshuram | DM


Release ID: (Release ID: 2123083)   |   Visitor Counter: 41