তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
ৱেভছ ফিল্ম পোষ্টাৰ মেকিং চেলেঞ্জৰ শীৰ্ষ ৫০গৰাকী ডিজিটেল পোষ্টাৰ প্ৰস্তুতকাৰী বিজয়ীৰ নাম ঘোষণা
মুম্বাইত অনুষ্ঠিত হ’বলগীয়া বেভছত প্ৰকাশ কৰা হ’ব চূড়ান্ত বঁটা
ৱেভছৰ বাবে লাইভ হেণ্ড-পেইণ্টেড পোষ্টাৰ মেকিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত ১০ গৰাকী প্ৰতিযোগী
Posted On:
19 APR 2025 1:00PM
|
Location:
PIB Guwahati
সমগ্ৰ ভাৰতবৰ্ষৰ শিল্পীসকলৰ পৰা প্ৰচুৰ সঁহাৰি লাভ কৰাৰ পিছতে বিশ্ব অডিঅ’ ভিজুৱেল এণ্ড এণ্টাৰটেইনমেণ্ট শীৰ্ষ সন্মিলনে (WAVES) ফিল্ম পোষ্টাৰ মেকিং চেলেঞ্জৰ শীৰ্ষ ৫০ গৰাকী ডিজিটেল পোষ্টাৰ প্ৰস্তুতকাৰী বিজয়ীৰ নাম ঘোষণা কৰিছে। প্ৰতিযোগিতাখনত উদীয়মান দৃশ্যগত গল্পকাৰসকলৰ আবেগ আৰু উদ্ভাৱনক প্ৰতিফলিত কৰা ৫৪২টা ডিজিটেল সমল লাভ কৰা হৈছিল। হাতেৰে ৰং কৰা পোষ্টাৰ নিৰ্মাণ প্ৰতিযোগিতাত দেশৰ বিভিন্ন কলা প্ৰতিষ্ঠানৰ পৰা ১০গৰাকী প্ৰাৰ্থী বাছনি কৰা হৈছে। মুম্বাইত অনুষ্ঠিত হ’বলগীয়া ৱেভছ শীৰ্ষ সন্মিলনৰ লাইভ ফাইনেলত বিজয়ীসকলক নিৰ্বাচিত কৰা হ’ব।
ডিজিটেল পোষ্টাৰ নিৰ্মাণ প্ৰতিযোগিতা
এই প্ৰতিযোগিতাৰ বাবে গঠন কৰি দিয়া জুৰীত আছে ক্ৰমে আদিত্য আৰ্য, ফটোগ্ৰাফাৰ আৰু প্ৰতিষ্ঠাপক সঞ্চালক, মিউজিঅ কেমেৰা গুৰুগ্ৰাম, আনন্দময় বেনাৰ্জী, শিল্পী, প্ৰিণ্টমেকাৰ আৰু দক্ষিণ দিল্লী পলিটেকনিক ফৰ ৱমেনৰ উপাধ্যক্ষ। সহ-আয়োজক ইমেজেচন ষ্ট্ৰীট আৰ্ট আৰু নেচনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পোৰেচন-নেচনেল ফিল্ম এচিভচ ইণ্ডিয়াক লৈ গঠিত জুৰীয়ে এক কঠোৰ তথা বহুস্তৰীয় মূল্যাঙ্কন প্ৰক্ৰিয়া অৱলম্বন কৰে। ১৯৭ খন পোষ্টাৰৰ প্ৰাথমিক তালিকাৰ পৰাজুৰীয়ে সৃষ্টিশীলতা, মৌলিকতা আৰু কাহিনী কথনৰ প্ৰভাৱৰ ভিত্তিত চূড়ান্ত শীৰ্ষ ৫০ গৰাকী প্ৰতিযোগীক বাছনি কৰে।
উক্ত শীৰ্ষসকলৰ ভিতৰৰ পৰাই তিনিগৰাকী ফাইনেলিষ্টক নিৰ্বাচন কৰা হয়।
তেওঁলোক হৈছেঃ
Among the top 50, three standout finalists have been identified (in alphabetical order):
- সপ্তসিন্ধু সেনগুপ্ত
- শিৱাংগী শৰ্মা কাশ্যপ
- সুৰেশ ডি নায়াৰ
২০২৫ চনৰ ১ মে’ৰ পৰা ৪ মে’লৈ মুম্বাইত অনুষ্ঠিত হ’বলগীয়া ৱেভছ শীৰ্ষ সন্মিলনত শীৰ্ষ তিনিটাগৰাকীৰ মাজৰে পৰা চূড়ান্ত ৰেংকিং ঘোষণা কৰা হ’ব।ৱেভছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণকাৰীসকলৰ কামৰ স্বীকৃতি অৰ্জনৰ লক্ষ্যৰে এখন সুন্দৰ মঞ্চ প্ৰদান কৰি ৫০খন বিজয়ী পোষ্টাৰৰো ডিজিটেলভাৱে প্ৰদৰ্শিত কৰা হ’ব।
ৱেভছত লাইভ প্ৰতিযোগিতাৰে উদযাপন কৰা হ'ব হাতেৰে অংকন কৰা পোষ্টাৰ আৰ্ট
ৱেভছত এসময়ত ভাৰতীয় চিনেমাৰ দৃশ্যগত পৰিচয়ক সংজ্ঞায়িত কৰা পৰম্পৰাগত কলা ভিত্তিক চৰ্চাক পুনৰ উজলাই তুলিবলৈ লাইভ হেণ্ড-পেইণ্টেড ফিল্ম পোষ্টাৰ মেকিং প্ৰতিযোগিতাও আয়োজন কৰা হ’ব। এম এফ হুছেইন আৰু এছ এম পণ্ডিতৰ দৰে কিংবদন্তি শিল্পীৰ মনোভাবেৰে অনুপ্ৰাণিত হৈ এই খণ্ডটোৱে হাতেৰে অংকন কৰা পোষ্টাৰৰ চহকী ঐতিহ্যক উজলাই তুলিব।
ইয়াৰ বাবে সকলো প্ৰতিযোগীৰ ভিতৰত ১০ গৰাকী ছাত্ৰ শিল্পীক ৱেভছত লাইভ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ নিৰ্বাচিত কৰা হৈছে। এই অনুষ্ঠানত তেওঁলোকে নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰিব ।ইয়াত তেওঁলোকে বাস্তৱ সময়ত হাতেৰে অংকন কৰা ছবিৰ পোষ্টাৰ তৈয়াৰ কৰিব। সাংস্কৃতিকভাৱে উল্লেখযোগ্য মাধ্যমলৈ আগবঢ়োৱা অসাধাৰণ অৱদানৰ স্বীকৃতি স্বৰূপে শীৰ্ষ তিনিগৰাকী বিজয়ীক স্বীকৃতিপত্ৰ আৰু বঁটা প্ৰদান কৰা হ’ব।
ফিল্ম পোষ্টাৰ মেকিং চেলেঞ্জৰ বিষয়ে
ৱেভছ ফিল্ম পোষ্টাৰ মেকিং চেলেঞ্জ হৈছে চিনেমাৰ শিল্পক উদযাপন কৰা, উদীয়মান প্ৰতিভাক উদগনি যোগোৱা আৰু দৃশ্যমান কাহিনী কথনৰ পৰম্পৰাগত আৰু সমসাময়িক ৰূপসমূহৰ মাজত সেতুবন্ধন কৰাৰ পদক্ষেপৰ অংশ।
অধিক তথ্য আৰু বিজয়ীৰ সম্পূৰ্ণ তালিকাৰ বাবে চাওক:
👉 https://www.nfdcindia.com/waves-poster-challenge-2025/
ৱেভছৰ বিষয়ে
মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট (এম এণ্ড ই) খণ্ডৰ বাবে এক মাইলৰ খুঁটি স্বৰূপ অনুষ্ঠান ৱেভছ ভাৰত চৰকাৰে ২০২৫ চনৰ ১ মে’ৰ পৰা ৪ মে’লৈ মহাৰাষ্ট্ৰৰ মুম্বাইত আয়োজন কৰিব।
আপুনি এজন উদ্যোগ পেছাদাৰী, বিনিয়োগকাৰী, সৃষ্টিকৰ্তা, বা উদ্ভাৱক যিয়েই হওক, শীৰ্ষ সন্মিলন খনে সংযোগ, সহযোগিতা, উদ্ভাৱন আৰু মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট খণ্ডত অৰিহণা যোগাবলৈ আপোনাক বিশ্বব্যাপী এখন মঞ্চ প্ৰদান কৰিব।
ৱেভছ-এ ভাৰতৰ সৃষ্টিশীল শক্তিৰ উত্থান ঘটাবলৈ সাজু হৈছে। সমল সৃষ্টি, বৌদ্ধিক সম্পত্তি আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে ৱেভছে ইয়াৰ স্থান উন্নত কৰিব। ইয়াত গুৰুত্ব প্ৰদান কৰা উদ্যোগ আৰু খণ্ডসমূহৰ ভিতৰত আছে সম্প্ৰচাৰ, প্ৰিন্ট মিডিয়া, টেলিভিছন, ৰেডিঅ', চলচ্চিত্ৰ, এনিমেচন, ভিজুৱেল ইফেক্ট, গেমিং, কমিক্স, শব্দ আৰু সংগীত, বিজ্ঞাপন, ডিজিটেল মিডিয়া, ছ'চিয়েল মিডিয়া প্লেটফৰ্ম, জেনেৰেটিভ এআই, অগমেণ্টেড ৰিয়েলিটি, ভাৰ্চুৱেল ৰিয়েলিটি, আৰু এক্সটেণ্ডেড ৰিয়েলিটি।
কিবা প্ৰশ্ন আছে নেকি? ইয়াত উত্তৰ বিচাৰি পাওক
পিআইবি টীম ৱেভছৰ শেহতীয়া ঘোষণাৰ বিষয়ে অৱগত হৈ থাকক
আহক, আমি সকলোৱে একেলগে এই যাত্ৰাৰ অংশীদাৰ হওঁ! ৱেভছৰ বাবে এতিয়াই পঞ্জীয়ন কৰক
***
PIB TEAM WAVES 2025 | Riyas/Parshuram| DM
Release ID:
(Release ID: 2122937)
| Visitor Counter:
32
Read this release in:
Khasi
,
English
,
Urdu
,
Nepali
,
Hindi
,
Marathi
,
Bengali
,
Punjabi
,
Gujarati
,
Tamil
,
Telugu
,
Kannada
,
Malayalam