প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
পদক্ষেপৰ তালিকাঃ ষষ্ঠ বিমষ্টেক সন্মিলনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
Posted On:
04 APR 2025 2:32PM by PIB Guwahati
বাণিজ্য
* বিমষ্টেক চেম্বাৰ অৱ কমাৰ্চৰ প্ৰতিষ্ঠা।
* প্ৰতি বছৰে বিমষ্টেক ব্যৱসায়িক সন্মিলনৰ আয়োজন।
* বিমষ্টেক অঞ্চলত স্থানীয় মুদ্ৰাত বাণিজ্যৰ সম্ভাৱনীয়তা সম্পৰ্কে অধ্যয়ন।
তথ্যপ্ৰযুক্তি
* ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি (ডিপিআই)ৰ অভিজ্ঞতা ভাগ-বাটোৱাৰা কৰিবলৈ বিমষ্টেক দেশসমূহৰ প্ৰয়োজনীয়তা বুজাৰ বাবে পৰীক্ষামূলক অধ্যয়ন
* বিমষ্টেক অঞ্চলত ইউ. পি. আই. আৰু পেমেণ্ট প্ৰণালীৰ মাজত সংযোগ
দুৰ্যোগ ব্যৱস্থাপনা আৰু প্ৰশমন
* দুৰ্যোগ ব্যৱস্থাপনা, সাহায্য আৰু পুনৰ্বাসনৰ ক্ষেত্ৰত সহযোগিতাৰ বাবে ভাৰতত বিমষ্টেক দুৰ্যোগ ব্যৱস্থাপনাৰ উৎকৃষ্টতা কেন্দ্ৰ স্থাপন।
* চলিত বছৰত ভাৰতত বিমষ্টেক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মাজত চতুৰ্থ যুটীয়া অনুশীলন অনুষ্ঠিত হ'ব।
নিৰাপত্তা
* ভাৰতত গৃহ মন্ত্ৰীসকলৰ ব্যৱস্থাৰ প্ৰথমখন বৈঠক
মহাকাশ
* বিমষ্টেক দেশসমূহৰ বাবে মানৱশক্তি প্ৰশিক্ষণৰ বাবে স্থল কেন্দ্ৰ স্থাপন, নেনো উপগ্ৰহ নিৰ্মাণ আৰু উৎক্ষেপণ, আৰু ৰিম’ট চেঞ্চিং ডাটাৰ ব্যৱহাৰ।
সামৰ্থ্য নিৰ্মাণ আৰু প্ৰশিক্ষণ
* "বোধি", অৰ্থাৎ, "মানৱ সম্পদ আন্তঃগাঁথনিৰ সংগঠিত বিকাশৰ বাবে বিমষ্টেক" পদক্ষেপ। ইয়াৰ অধীনত বিমষ্টেক দেশসমূহৰ ৩০০ যুৱক-যুৱতীক প্ৰতি বছৰে ভাৰতত প্ৰশিক্ষণ দিয়া হ’ব।
* ভাৰতীয় বন গৱেষণা প্ৰতিষ্ঠানত বিমষ্টেকৰ শিক্ষাৰ্থীসকলক বৃত্তি আৰু নালন্দা বিশ্ববিদ্যালয়ত বৃত্তি আঁচনিৰ সম্প্ৰসাৰণ।
* বিমষ্টেক দেশসমূহৰ যুৱ কূটনীতিবিদসকলৰ বাবে প্ৰতি বছৰে প্ৰশিক্ষণ কাৰ্যসূচী।
* বিমষ্টেক দেশসমূহত কৰ্কট ৰোগৰ চিকিৎসাৰ প্ৰশিক্ষণ আৰু সামৰ্থ্য বৃদ্ধিত সহায় কৰিব টাটা মেমোৰিয়েল চেণ্টাৰে।
* পৰম্পৰাগত ঔষধৰ গৱেষণা আৰু প্ৰচাৰৰ বাবে উৎকৃষ্টতা কেন্দ্ৰ স্থাপন।
* কৃষকসকলৰ সুবিধাৰ বাবে জ্ঞান আৰু সৰ্বশ্ৰেষ্ঠ অনুশীলন, গৱেষণা আৰু সামৰ্থ্য নিৰ্মাণৰ বিনিময়ৰ বাবে ভাৰতত উৎকৃষ্টতা কেন্দ্ৰ স্থাপন কৰা হ' ব।
শক্তি
* বেংগালুৰুত থকা বিমষ্টেক শক্তি কেন্দ্ৰৰ কাম আৰম্ভ।
* বৈদ্যুতিক গ্ৰীড আন্তঃসংযোগৰ কাম দ্ৰুতগতিত।
যুৱ অংশগ্ৰহণ
* চলিত বছৰত বিমষ্টেকৰ যুৱ নেতাসকলৰ সন্মিলন অনুষ্ঠিত হ’ব।
* বিমষ্টেকৰ হেকাথন আৰু যুৱ পেছাদাৰী দৰ্শনাৰ্থী কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ’ব।
ক্ৰীড়া
* এই বছৰ ভাৰতত 'বিমষ্টেক এথলেটিকছ মিট' অনুষ্ঠিত হৈছে।
* ২০২৭ চনত প্ৰথম বিমষ্টেক গেমছৰ আয়োজন।
সংস্কৃতি
* এই বছৰ ভাৰতত অনুষ্ঠিত হ’ব বিমষ্টেক পৰম্পৰাগত সংগীত মহোৎসৱ
সংযোগ
* সামৰ্থ্য নিৰ্মাণ, গৱেষণা, উদ্ভাৱন আৰু সামুদ্ৰিক নীতিত সমন্বয় বৃদ্ধিৰ বাবে কাম কৰিবলৈ ভাৰতত বহনক্ষম সামুদ্ৰিক পৰিবহণ কেন্দ্ৰ স্থাপন।
***
MJPS/SR/HS
(Release ID: 2118800)
Visitor Counter : 13