প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
দেশৰ তৰুণ বন্ধু-বান্ধৱীসকলক গ্ৰীষ্ম বন্ধৰ দিনকেইটা ব্যক্তিগত বিকাশ আৰু শিক্ষণৰ বাবে ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিলে প্ৰধানমন্ত্ৰীয়ে
পোষ্ট কৰা হৈছে:
01 APR 2025 12:05PM by PIB Guwahati
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমগ্ৰ দেশৰ তৰুণ বন্ধু-বান্ধৱীক তেওঁলোকৰ গ্ৰীষ্ম বন্ধৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি এই সময়খিনি আনন্দ উপভোগ, শিক্ষণ আৰু ব্যক্তিগত বিকাশৰ বাবে ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰে।
লোকসভাৰ সাংসদ শ্ৰী তেজস্বী সূৰ্য্যই ইনষ্টাগ্ৰামত কৰা এটা পোষ্টৰ উত্তৰত তেওঁ লিখে-"মোৰ সকলো তৰুণ বন্ধু-বান্ধৱীক এক সুন্দৰ অভিজ্ঞতা আৰু ছুটীৰ সময়খিনি সুন্দৰ হোৱাটো কামনা কৰিলোঁ। যোৱা দেওবাৰৰ #MannKiBaat ত কোৱাৰ দৰে গ্ৰীষ্ম বন্ধৰ সময়ছোৱা আনন্দ উপভোগ, শিক্ষণ আৰু ব্যক্তিগত বিকাশৰ এক সুন্দৰ সুযোগ প্ৰদান কৰে। এই প্ৰচেষ্টা এনে ক্ষেত্ৰত অতি উত্তম।"
***
MJPS/SR/DB
(ৰিলিজ আই ডি : 2117226)
অতিথি কক্ষ : 51
ত এই ৰিলিজটো পঢ়ক:
English
,
Urdu
,
Marathi
,
हिन्दी
,
Bengali
,
Manipuri
,
Punjabi
,
Gujarati
,
Odia
,
Tamil
,
Telugu
,
Kannada
,
Malayalam