ক'অপাৰেশ্বন মন্ত্ৰালয়
azadi ka amrit mahotsav

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে লোকসভাত ‘ত্ৰিভুৱন সমবায় বিশ্ববিদ্যালয় বিধেয়ক, ২০২৫’ সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দিয়ে, নিম্ন সদনে আলোচনাৰ পিছত বিধেয়কখন গৃহীত কৰে

স্বাধীনতাৰ ৭৫ বছৰৰ পিছত দেশে প্ৰথমখন সমবায় বিশ্ববিদ্যালয় লাভ কৰিছে

‘ত্ৰিভুৱন সমবায় বিশ্ববিদ্যালয়’-য়ে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰাৰ লগতে সমবায় খণ্ডত উদ্ভাৱন আৰু গৱেষণাক উদগণি দিব

সমবায় বিশ্ববিদ্যালয়ৰ প্ৰতি বছৰে ৮ লাখ লোকক প্ৰশিক্ষণ দিয়াৰ সামৰ্থ্য থাকিব

সমবায় বিশ্ববিদ্যালয়খনে সমগ্ৰ দেশক সহযোগিতা আৰু আধুনিক শিক্ষাৰ মনোভাৱৰে সজ্জিত যুৱ সমবায়-নেতৃত্ব প্ৰদান কৰিব

পূৰ্বৱৰ্তী চৰকাৰসমূহত কৰৰ ক্ষেত্ৰত সমবায় প্ৰতিষ্ঠানসমূহৰ প্ৰতি অন্যায় হৈছিল, মোদী চৰকাৰে ‘পিএচিএছ’-ক সন্মান জনাইছিল আৰু তেওঁলোকৰ ওপৰত আৰোপ কৰা কৰ হ্ৰাস কৰিছিল

সমবায় প্ৰতিষ্ঠানসমূহে অচিৰেই ‘টেক্সি’ আৰু ‘বীমা সেৱা’ আগবঢ়াব

সমবায় বিশ্ববিদ্যালয়খনে এখন সমৃদ্ধ ভাৰতৰ ভেটিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব, যিটো মোদীজীয়ে সহযোগিতাৰ জৰিয়তে স্থাপন কৰিছে

মোদী চৰকাৰত "সমবায়সমূহৰ মাজত সহযোগিতা"ৰ নীতি ৰূপায়ণ কৰা হৈছে

Posted On: 26 MAR 2025 9:37PM by PIB Guwahati

 

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে আজি লোকসভাত ‘ত্ৰিভুৱন সমবায় বিশ্ববিদ্যালয় বিধেয়ক ২০২৫’ সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰ দান কৰে। পৰৱৰ্তী সময়ত বিধেয়কখন নিম্ন সদনে গৃহীত কৰে।

আলোচনাৰ উত্তৰ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে কয় যে সমবায় খণ্ডই দেশৰ সকলো পৰিয়ালৰ জীৱনক কিবা নহয় কিবা প্ৰকাৰে স্পৰ্শ কৰেই। তেওঁ কয় যে প্ৰতিখন গাঁৱতে কৃষি উন্নয়ন, গ্ৰাম্যোন্নয়ন বা নিয়োগ সৃষ্টিৰ ক্ষেত্ৰত কোনোবা নহয় কোনোবা সমবায় গোট জড়িত থাকে আৰু সেইদৰেই দেশৰ উন্নয়নত অৰিহণা আগবঢ়ায়। শ্ৰী শ্বাহে কয় যে স্বাধীনতাৰ ৭৫ বছৰৰ পিছত আজি দেশে প্ৰথমখন সমবায় বিশ্ববিদ্যালয় লাভ কৰিলে। তেওঁ কয় যে এই বিধেয়কে গ্ৰাম্য অৰ্থনীতি শক্তিশালী কৰিব, স্ব-নিয়োজন আৰু ক্ষুদ্ৰ উদ্যোগৰ পৰিৱেশ তন্ত্ৰ বিকাশিত কৰিব, সামাজিক অন্তৰ্ভুক্তিৰ পৰিসৰ বৃদ্ধি কৰিব আৰু উদ্ভাৱন আৰু গৱেষণাৰ ক্ষেত্ৰত নতুন মানক নিৰ্ধাৰণ কৰাৰ সুযোগ বৃদ্ধি কৰিব। তেওঁ কয় যে এক প্ৰকাৰে সমগ্ৰ দেশে সহযোগিতাৰ ভাৱনাৰে অনুপ্ৰাণিত আৰু আধুনিক শিক্ষাৰে সজ্জিত এক নতুন সহযোগিতামূলক নেতৃত্ব লাভ কৰিব।

শ্ৰী অমিত শ্বাহে কয় যে এই সমবায় বিশ্ববিদ্যালয়খনৰ নাম ত্ৰিভুৱন সমবায় বিশ্ববিদ্যালয় ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। তেওঁ কয় যে চৰ্দাৰ পেটেলৰ নিৰ্দেশনাত ভাৰতত সমবায় আন্দোলনৰ ভেটি স্থাপন কৰা আন বহুতো লোকৰ ভিতৰত ত্ৰিভুৱন দাস পেটেলো আছিল। তেওঁ কয় যে এয়া হৈছে সমবায় প্ৰতিষ্ঠান ‘গুজৰাট ৰাজ্যিক সমবায় দুগ্ধ বিপণন ফেডাৰেশ্যন’ (জিচিএমএমএফ) যাক আমুল বুলি জনা যায়। তেওঁ কয় যে ১৯৪৬ চনত গুজৰাটৰ এখন চহৰত ২৫০ লিটাৰ গাখীৰেৰে আৰম্ভ হোৱা ‘আমূল’-ৰ যাত্ৰা আজি ভাৰতৰ সৰ্ববৃহৎ দুগ্ধজাত সামগ্ৰীৰ ‘ব্ৰেণ্ড’ হৈ উঠিছে আৰু বিশ্বৰ সন্মুখত থিয় দিছে। শ্ৰী শ্বাহে কয় যে ২০০৩ চনত ‘আমূল’-ৰ বাৰ্ষিক আয় আছিল ২৮৮২ কোটি টকা যি আজি ৬০ হাজাৰ কোটি টকাৰ ঘৰ অতিক্ৰম কৰিছে। তেওঁ কয় যে বিৰোধীয়ে প্ৰতিবাদ কৰিছে কাৰণ এটা নিৰ্দিষ্ট পৰিয়ালৰ নামত কোনো বিশ্ববিদ্যালয় নাই; তেওঁলোকে নাজানে যে ত্ৰিভুৱন দাস পেটেলো তেওঁলোকৰ নেতা আছিল।

কেন্দ্ৰীয় সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে ২০১৪ চনত শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এখন নতুন চৰকাৰ শাসনলৈ আহিছিল আৰু মোদী চৰকাৰৰ ১০ বছৰীয়া সময়খিনি দেশৰ দৰিদ্ৰ লোকসকলৰ কল্যাণৰ বাবে সোণালী আখৰত লিখা হ'ব। তেওঁ কয় যে এই ১০ বছৰত দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা হৈছে, শৌচালয় নিৰ্মাণ কৰা হৈছে, দৰিদ্ৰ লোকসকলক খোৱা পানী প্ৰদান কৰা হৈছে, দৰিদ্ৰ লোকসকলৰ বাবে কিলোগ্ৰামকৈ বিনামূলীয়া খাদ্যদ্ৰব্য, দৰিদ্ৰলোকৰ বাবে গেছৰ সংযোগ, ৫ লাখ টকালৈকে বিনামূলীয়া চিকিৎসা আৰু দেশৰ সকলোৰে বাবে বিদ্যুতৰ যোগান সম্ভৱ কৰা হৈছে।

তেওঁ কয় যে বিগত ১০ বছৰত দেশৰ ২৫ কোটি লোকক দৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ অনা হৈছে। শ্ৰী শ্বাহে কয় যে দেশৰ দৰিদ্ৰ লোকসকলে যিসকলে জীয়াই থকাৰ বাবে অত্যাৱশ্যকীয় বস্তুবোৰৰ জীৱনটোকে পাত কৰিবলগীয়া হৈছিল যোৱা ১০ বছৰত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁলোকক সেইবোৰ প্ৰদান কৰিছে। তেওঁ কয় যে এতিয়া এই কোটি কোটি লোকৰ সন্মুখত প্ৰশ্ন হৈছে তেওঁলোকে কেনেকৈ আৰু অধিক বিকাশ কৰিব পাৰিব, কেনেকৈ ব্যৱসায় আৰম্ভ কৰিব পাৰিব আৰু কোনো মূলধন নোহোৱাকৈ দেশৰ উন্নয়নত অৰিহণা যোগাব পাৰিব। শ্ৰী শ্বাহে কয় যে মূলধন অবিহনে এজন ব্যক্তিক উদ্যোগৰ সৈতে সংযোগ কৰাৰ একমাত্ৰ উপায় হৈছে সমবায়। তেওঁ কয় যে সমবায়ৰ জৰিয়তে সামান্য মূলধন থকা কোটি কোটি লোকে তেওঁলোকৰ ব্যৱসায় আৰম্ভ কৰিবলৈ একত্ৰিত হৈছে আৰু স্ব-নিয়োজনৰ সুযোগ সৃষ্টি কৰি সন্মানৰ সৈতে জীয়াই আছে।

শ্ৰী অমিত শ্বাহে কয় যে ভাৰতৰ দৰে ১৩০ কোটিতকৈয়ো অধিক জনসংখ্যা থকা দেশত নিযুক্তিৰ লগতে জিডিপিও হৈছে দেশৰ অৰ্থনীতিৰ স্বাস্থ্যৰ এক ডাঙৰ সূচক। তেওঁ কয় যে সমবায় হৈছে একমাত্ৰ খণ্ড যিয়ে ১৩০ কোটি লোকক স্ব-নিয়োজনৰ জৰিয়তে দেশৰ উন্নয়নেৰে সংযুক্ত কৰাৰ লগতে তেওঁলোকৰ মৰ্যাদা সুৰক্ষিত কৰে। শ্ৰী শ্বাহে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে কৃষক, গাঁওবাসী আৰু সহমবায়খণ্ডৰ নেতাসকলৰ দশকজোৰা দাবী পূৰণ কৰি চাৰে তিনি বছৰ পূৰ্বে সমবায় মন্ত্ৰালয় গঠন কৰিছিল। তেওঁ কয় যে সমবায় মন্ত্ৰালয় গঠনৰ পিছত সমবায়সমূহৰ উন্নয়নৰ এক নতুন অধ্যায় আৰম্ভ হৈছে।

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় দপ্তৰৰ মন্ত্ৰীগৰাকীয়ে কয় যে আজি ভাৰতত লাখ সমবায় সমিতি আছে আৰু ৩০ কোটি লোক হৈছে এইসমূহৰ সদস্য। এক প্ৰকাৰে দেশৰ প্ৰতি পঞ্চমগৰাকী ব্যক্তি সমবায়ৰ সৈতে সম্পৰ্কিত, কিন্তু যোৱা ৭৫ বছৰত ইয়াৰ বিকাশৰ বাবে কোনো প্ৰচেষ্টাই গ্ৰহণ কৰা হোৱা নাছিল। শ্ৰী শ্বাহে কৈছিল যে সমগ্ৰ দেশতে সমবায়সমূহ অসমভাৱে চলি আছে আৰু সমবায় আন্দোলনত বিসংগতি দেখা দিবলৈ আৰম্ভ কৰিছে। তেওঁ কৈছিল যে মোদীজীয়ে সমবায় মন্ত্ৰালয় স্থাপন কৰাৰ কাৰণ আছিল। প্ৰতিষ্ঠা হোৱাৰ পৰা, সমবায় মন্ত্ৰালয়ে যোৱা চাৰে তিনি বছৰত যথেষ্ট কাম কৰিছে। তেওঁ কয় যে সমবায়ৰ বিকাশৰ বাবে সকলো ৰাজ্যৰ সৈতে একেলগে এক ‘ৰাষ্ট্ৰীয় সমবায় ডাটাবেছ’ প্ৰস্তুত কৰা হৈছে আৰু আজি এই ‘ডাটাবেছ’ত প্ৰতিখন ৰাজ্য, জিলা আৰু গাঁৱৰ সমবায় সম্পৰ্কীয় তথ্য উপলব্ধ আছে।

শ্ৰী অমিত শ্বাহে কয় যে দেশত লাখ নতুন ‘প্ৰাথমিক কৃষি সমবায় সমিতি’ (পিএচিএছ) গঠন কৰা হ'ব আৰু দেশত এনে এখন পঞ্চায়ত নাথাকিব য'ত ‘পিএচিএছ’ নাথাকিব। তেওঁ কয় যে মোদী চৰকাৰে ‘পিএচিএছ’ আৰু সমগ্ৰ দেশৰ উপ-আইন কাশ্মীৰৰ পৰা কন্যাকুমাৰী আৰু উত্তৰ-পূবৰ পৰা দ্বাৰকালৈ সলনি কৰাৰ সিদ্ধান্ত লৈছে আৰু কেন্দ্ৰই জাৰী কৰা আৰ্হি উপ-আইন গ্ৰহণ কৰিছে। ইয়াৰ ফলত ২৫ টাতকৈয়ো অধিক অৰ্থনৈতিক কাৰ্যকলাপ ‘পিএচিএছ’-ৰ সৈতে সংযুক্ত কৰা, নিৰ্বাচন প্ৰক্ৰিয়াৰ উন্নতি সাধন আৰু সকলো ভাষাত উপলব্ধ এক উমৈহতীয়া ‘একাউণ্টিং ছফ্টৱে’’ৰৰ বিকাশ কৰা হৈছে যাতে ইয়াৰ জৰিয়তে সকলোলৈকে সেৱা আগবঢ়াব পৰা যায়। তেওঁ কয় যে দেশত ৪৩ হাজাৰ ‘পিএচিএছ কমন ছাৰ্ভিচ চেণ্টাৰ’ (চিএছচি) স্থাপন কৰা হৈছে য'ত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ৩০০ খনতকৈয়ো অধিক আঁচনিৰ লাভালাভ আৰু সুবিধা উপলব্ধ হয়। শ্ৰী শ্বাহে কয় যে আজি দেশৰ ‘প্ৰধানমন্ত্ৰী সমৃদ্ধি কেন্দ্ৰ’ হিচাপে ৩৬ হাজাৰ ‘পিএচিএছ’-য়ে কাম কৰি আছে, ‘জন ঔষধী কেন্দ্ৰ’ হিচাপে হাজাৰ ‘পিএচি’ স্থাপন কৰা হৈছে আৰু ৪০০ ‘পিএচিএছ’-য়েও পেট্ৰ'ল পাম্প চলাই আছে।

কেন্দ্ৰীয় সহযোগিতা মন্ত্ৰীগৰাকীয়ে কয় যে মোদী চৰকাৰে বিশ্বৰ সৰ্ববৃহৎ শস্য সংৰক্ষণ আঁচনি আৰম্ভ কৰিছে আৰু এই পৰ্যন্ত ৫৭৬ টা ‘পিএচিএছ’-য়ে গুদাম নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। ইয়াৰে ১১ টাৰ কাম সম্পূৰ্ণ হৈছে আৰু এতিয়া ‘পিএচিএছ’ৰ দ্বাৰা ক্ৰয় কৰা ধান আৰু ঘেঁহু তাত সংৰক্ষণ কৰা হৈছে। তেওঁ কয় যে দেশৰ ৬৭ হাজাৰতকৈয়ো অধিক ‘পিএচিএছ’ কম্পিউটাৰ, ছফ্টৱে’ৰ আৰু ‘ডাটা ষ্টোৰেজ’ৰ সৈতে সংযুক্ত হৈ আছে। আজি, এই ৬৭,৯৩০ খন পিএচিএছ-ৰ ভিতৰত, ৪৩,৬৫৮ খন ‘পিএচিএছ’-য়ে কম্পিউটাৰৰ জৰিয়তে কাম কৰি আছে। এতিয়া তেওঁলোকৰ একাউণ্টবোৰ সন্ধিয়া মিলাই লোৱা হয়, ‘অনলাইন অডিট’ৰ সৈতে সকলো ব্যৱসায় অনলাইনত কৰা হয়। তেওঁ কয় যে কম্পিউটাৰ সেৱাৰে সংযুক্তকৰণে সমবায় খণ্ডলৈ এক বিপ্লৱ আনিছে।


কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে প্ৰতিখন পঞ্চায়তত এটাকৈ লাখ ‘পিএচিএছ’ সৃষ্টিৰ লগে লগে আমাৰ দেশৰ সমবায় আন্দোলন পুনৰ এবাৰ সন্তুলিত ৰূপত আগবাঢ়িব। তেওঁ কয় যে চৰকাৰী ‘ই মাৰ্কেটিং’ (জিইএম)ত ক্ৰয়ৰ বাবে ৫৫০ তকৈয়ো অধিক সমবায় সমিতিক সাজু কৰি ৰখা হৈছে। শ্ৰী শ্বাহে কয় যে পূৰ্বৰ চৰকাৰসমূহৰ সময়ত প্ৰাথমিক কৃষি ঋণ সমিতিসমূহ আয়কৰৰ ক্ষেত্ৰত যথেষ্ট অন্যায়ৰ সন্মুখীন হৈছিল। মোদী চৰকাৰে সমবায় সমিতিসমূহৰ আয়কৰৰ ওপৰত অধিশুল্ক ১২ পৰা শতাংশলৈ হ্ৰাস কৰিছে, ‘এমএটি’ (নিম্নতম বৈকল্পিক কৰ) ১৮.৫ পৰা ১৫ শতাংশলৈ হ্ৰাস কৰিছে, দুই লাখ টকাৰ কম লেনদেনৰ ক্ষেত্ৰত আয়কৰ জৰিমনাৰে ৰেহাই দিছে আৰু নিৰ্মাণ সমবায় সমিতিসমূহৰ হাৰ ৩০ পৰা ১৫ শতাংশলৈ হ্ৰাস কৰিছে। তেওঁ কয় যে ‘পিএচিএছ’ আৰু অন্যান্যসমূহৰ বাবে নগদ জমাৰ সীমা ২০ হাজাৰৰ পৰা লাখ টকালৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ লগতে ‘টিডিএছ’ৰ পৰা ৰেহাইৰ সীমা এক কোটি টকাৰ পৰা তিনি কোটি টকালৈ বৃদ্ধি কৰা হৈছে।

শ্ৰী অমিত শ্বাহে কয় যে মোদী চৰকাৰে তিনিখন নতুন ‘ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমবায় সমিতি’ গঠন কৰিছে যিয়ে পিছপৰা আৰু আগুৱাই যোৱাসকলৰ মাজৰ সংযোগ উন্নত কৰাৰ বাবে কাম কৰিব। তেওঁ কয় যে প্ৰায় হাজাৰ ‘পিএচি’ ‘ৰাষ্ট্ৰীয় সমবায় ৰপ্তানি লিমিটেড’ (এনচিইএল)ৰ সৈতে জড়িত হৈ আছে আৰু ইয়াৰ জৰিয়তে আমাৰ কৃষকসকলৰ সামগ্ৰী বিদেশলৈ ৰপ্তানি কৰা হৈছে। এই পৰ্যন্ত, ‘এনচিইএল’-ৰ জৰিয়তে বিশ্ব-বজাৰত লাখ টন সামগ্ৰী বিক্ৰী কৰা হৈছে আৰু লাভটো পোনপটীয়াকৈ কৃষকৰ একাউণ্টত জমা কৰা হৈছে। শ্ৰী শ্বাহে কয় যে ইয়াৰ লগতে আমাৰ পৰম্পৰাগত বীজবোৰ ‘ভাৰতীয় বীজ সমবায় সমিতি লিমিটেড’ (বিবিএছএছএল)ৰ  জৰিয়তে সংগ্ৰহ কৰি সংৰক্ষণ কৰা হৈছে। জৈৱিক সামগ্ৰীসমূহক ‘ৰাষ্ট্ৰীয় সমবায় জৈৱিক লিমিটেড’ (এনচিঅএল)ৰ জৰিয়তে ‘ভাৰত ব্ৰেণ্ড’ হিচাপে প্ৰমাণিকীকৰণৰ দিহা কৰা হৈছে। তেওঁ কয় যে 'ভাৰত ব্ৰেণ্ড' নামেৰে সমগ্ৰ দেশতে ১০০% জৈৱিক সামগ্ৰী উপলব্ধ কৰা হৈছে।
কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে কয় যে যেতিয়া এগৰাকী ক্ষুদ্ৰ কৃষক বা গ্ৰামীন ব্যক্তিয়ে ঋণ লয় তেতিয়া তেওঁ সুদসহ পৰিশোধ কৰে। তেওঁ কয় যে এইকাৰণেই ‘ৰাষ্ট্ৰীয় সমবায় উন্নয়ন নিগম’ (এনচিডিচি)য়ে শূন্য ‘এনপিএ’ৰ সৈতে ৯০ হাজাৰ কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে। শ্ৰী শ্বাহে কয় যে ‘এনচিডিচি’য়ে গুজৰাট আৰু মহাৰাষ্ট্ৰৰ মাছমৰীয়াসকলক ৪৪ খন সাগৰীয় ট্ৰলাৰ দিছে। ৪৮ টা সমবায় চেনী কলক ১০ হাজাৰ কোটি টকা দিয়া হৈছে। প্ৰায় হাজাৰ ‘কৃষক উৎপাদক সংগঠন’ (এফপিঅ') আৰু এক হাজাৰ ৭০ মাছমৰীয়া কৃষক উৎপাদক সংগঠন (এফএফপিঅ') গঠন কৰা হৈছে। তেওঁ কয় যে ‘এনচিডিচি’য়ে এইবাৰ ৮০০ কোটি টকাৰ লাভ অৰ্জন কৰিছে। ‘এনচিডিচি’য়ে ঋণ বৃদ্ধি কৰাত আৰু শূন্য ‘এনপিএ’ অক্ষুন্ন ৰখাত সফল হৈছে আৰু লাভ ১০০ কোটি টকাৰ পৰা ৮০০ কোটি টকালৈ বৃদ্ধি কৰিছে।

শ্ৰী শ্বাহে কয় যে সমবায় খণ্ডত পুঁজিৰ প্ৰবাহ নিশ্চিত কৰাৰ বাবে গুজৰাটৰ পঞ্চমহল আৰু বনসকান্থা জিলাত 'সমবায়সমূহৰ মাজত সহযোগিতা'ৰ এক উদ্যোগ হাতত লোৱা হৈছে। ইয়াৰ অধীনত, এইটো নিশ্চিত কৰা হৈছে যে প্ৰতিটো সমবায় প্ৰতিষ্ঠান আৰু সমবায় সমিতিৰ সদস্যসকলৰ সমবায় বেংকত তেওঁলোকৰ বেংক একাউণ্ট থাকিব লাগিব। শ্ৰী শ্বাহে কয় যে তেঁৱো এটা সমবায় বেংকত তেওঁৰ একাউণ্ট খুলিছে। তেওঁ কয় যে 'সমবায়সমূহৰ মাজত সহযোগিতা'ৰ উদ্যোগৰ ফলত গুজৰাটৰ বেংকসমূহত জমাৰ সংখ্যা প্ৰায় ৮০০০ কোটি টকা বৃদ্ধি পাইছে। এই সকলো পদক্ষেপৰ বাবে, সমবায় বেংকসমূহৰ ওপৰত মানুহৰ আস্থা বৃদ্ধি পাইছে।

শ্ৰী অমিত শ্বাহে কয় যে আগতে ‘নগৰ সমবায় বেংক’সমূহক নতুন শাখা খোলাৰ অনুমতি দিয়া হোৱা নাছিল, কিন্তু এতিয়া তেওঁলোকৰ ওচৰত ‘ভাৰতীয় ৰিজাৰ্ভ বেংক’ৰ পৰা নিজাববীয়াকৈ ১০ শতাংশলৈকে নতুন শাখা খোলাৰ অনুমতি আছে। আগতে, তেওঁলোকক তেওঁলোকৰ ঘৰৰ লোকসকলক 'দুৱাৰমুখৰ বেঙ্কিং' অৰ্থাৎ বেঙ্কিং সুবিধা প্ৰদান কৰিবলৈ অনুমতি দিয়া হোৱা নাছিল, কিন্তু এতিয়া ‘নগৰ সমবায় বেঙ্ক’সমূহে 'দুৱাৰমুখৰ বেঙ্কিং'ৰ সুবিধা প্ৰদান কৰিব পাৰে। শ্ৰী শ্বাহে কয় যে আগতে ‘নগৰ সমবায় বেংক’সমূহক 'এককালীন নিষ্পত্তি'ৰ অনুমতি দিয়া হোৱা নাছিল, কিন্তু এতিয়া তেওঁলোকক ৰাষ্ট্ৰীয়কৃত আৰু অনুসূচিত বেংকসমূহৰ দৰে 'এককালীন নিষ্পত্তি' কৰিবলৈ সক্ষম কৰা হৈছে। আগতে, সমবায় বেংকৰ বিষয়সমূহ ‘আৰবিআই’-য়ে গ্ৰহণ কৰা নাছিল, কিন্তু এতিয়া সমবায় বেংকসূহৰ সমস্যাবোৰ শুনিবলৈ আৰু সমাধান প্ৰদান কৰাৰ কৰ্তব্যৰ সৈতে এগৰাকী ‘নোডেল’ বিষয়া নিযুক্ত কৰা হৈছে। ‘নগৰ সমবায় বেংক’ৰ দ্বাৰা প্ৰদান কৰা গৃহ ঋণৰ সীমা দুগুণ কৰা হৈছে। বাণিজ্যিক ৰিয়েল ইষ্টেটক ঋণ দিয়াৰ অনুমতিও দিয়া হৈছে। তেওঁ কয় যে অনা-অনুসূচিত বেংকসমূহক শক্তিশালী কৰাৰ বাবেও যথেষ্ট কাম কৰা হৈছে।

কেন্দ্ৰীয় সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে ‘নেশ্যনেল ফেডাৰেশ্যন অব আৰ্বান কোঅপাৰেটিভ বেংকছ এণ্ড ক্ৰেডিট ছ'চাইটিজ লিমিটেড’ (এনএএফকিউবি)ৰ ৰূপত এটা ‘ছত্ৰ সংগঠন’ গঠন কৰা হৈছে। তেওঁ কয় যে যেতিয়াই কোনো সমবায় বেংক দুৰ্বল হৈ পৰিব ছত্ৰ সংগঠনটোৱে ইয়াক বিত্তযোগানৰ দিহা কৰিব আৰু ইয়াক বন্ধ হোৱাৰ পৰা ৰক্ষা কৰিব। মোদীজীয়ে জমাকৰ্তাসকলৰ বীমা লাখ টকাৰ পৰা লাখ টকালৈ বৃদ্ধি কৰিছে, ই সমবায় বেংকসমূহৰ প্ৰতি আস্থা বৃদ্ধি কৰিছে।

শ্ৰী অমিত শ্বাহে কয় যে যোৱা বহু বছৰ ধৰি ডাঙৰ সমবায় নেতাসকল কৃষি মন্ত্ৰী হৈ আহিছে, কিন্তু সমবায় চেনী কলসমূহে সন্মুখীন হোৱা আয়কৰ সমস্যা সমাধান হোৱা নাছিল। তেওঁ কয় যে শ্ৰী নৰেন্দ্ৰ মোদীজীয়ে নতুন সমবায় মন্ত্ৰালয় গঠন কৰাৰ পিছতে ২০২২ চনত আয়কৰ মূল্যায়নৰ সমস্যা চিৰদিনৰ বাবে সমাপ্ত কৰে। ৪৬০০ কোটি টকাৰ চেনী কলৰ অমীমাংসিত চাহিদা পূৰণ কৰা হৈছে আৰু এই পদক্ষেপে চেনী কলসমূহৰ দ্বাৰা বাৰ্ষিক হাজাৰ কোটি টকাৰ চাহিদা সৃষ্টিৰ চক্ৰত বিৰতি আনিছে। সমবায় চেনী কলসমূহে স্বাধীনতাৰ পিছত ইমান ডাঙৰ লাভৰ মুখ দেখাই নাছিল। তেওঁ কয় যে ৮৪ টা মিললৈ ১০ হাজাৰ কোটি টকাৰ ঋণ মঞ্জুৰ কৰা হৈছিল। ‘ইথানল ব্লেণ্ডিং কাৰ্যসূচী’ত সমবায় চেনী কলবোৰক প্ৰাথমিকতা প্ৰদান কৰা হৈছিল। গুড় আধাৰিত ‘ইথানল প্ৰকল্প’ আৰু ‘মাল্টী ফীড প্ৰকল্প’ৰ বাবে এটা বিত্তীয় আঁচনিও আৰম্ভ কৰা হৈছে। আমাৰ চৰকাৰে গুড়ৰ ওপৰত জিএছটিৰ হাৰ ২৮ শতাংশৰ পৰা শতাংশলৈ হ্ৰাস কৰিছে। শ্ৰী শ্বাহে কয় যে ‘কেন্দ্ৰীয় সমবায় সমিতি’ (চিআৰচিএছ)ৰ কাৰ্যালয় কম্পিউটাৰাইজ কৰা হৈছে, ৰাজ্যসমূহৰ পঞ্জীয়ক কাৰ্যালয় আৰু গ্ৰামোন্নয়ন বেংকসমূহৰ শাখাসমূহক কম্পিউটাৰাইজ কৰা হৈছে যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিত্তীয় সাহায্য প্ৰদান কৰি আছে।

কেন্দ্ৰীয় সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে ‘শ্বেত বিপ্লৱ ২.০’ৰ অধীনত ২০২৮-২৯ বৰ্ষত গাখীৰ ক্ৰয় বৰ্তমানৰ ৬৬০ লাখ লিটাৰৰ পৰা প্ৰতিদিনে ১০০০ লাখ লিটাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। তেওঁ কয় যে বিগত তিনি বছৰত ভাৰত বিশ্বৰ সৰ্ববৃহৎ গাখীৰ উৎপাদক দেশ হৈ উঠিছে। বিশ্বৰ মুঠ গাখীৰ উৎপাদনৰ এক-চতুৰ্থাংশ ভাৰতত হয়। ২০২৩-২৪ বৰ্ষত প্ৰায় ২৪ কোটি টনলৈ বৃদ্ধি পাইছে। ২০১৪-১৫ বৰ্ষত এই সংখ্যা আছিল ১৪.৬ কোটি টন। তেওঁ কয় যে যোৱা ১০ বছৰত গাখীৰ উৎপাদন ১৪.৬ কোটি টনৰ পৰা ২৪ কোটি টনলৈ বৃদ্ধি পাইছে। আজি ২৩ খন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰু ২৪০ খন জিলা পৰ্যায়ৰ ইউনিয়ন আছে, ২৮ টা বিপণন ডেয়াৰী গঠন কৰা হৈছে আৰু ২.৩০ লাখ গাঁৱত প্ৰাথমিক গাখীৰ উৎপাদন সমিতিও গঠন কৰা হৈছে।

শ্ৰী অমিত শ্বাহে কয় যে এতিয়া সমবায় ডেয়াৰীয়ে চক্ৰীয় নীতি সন্দৰ্ভত কাম কৰি আছে। তেওঁলোকে ব্যক্তিগতভাৱে গাখীৰ বিক্ৰী কৰা কৃষকসকলক পশুখাদ্যও প্ৰদান কৰিব। সমবায় ডেয়াৰীয়ে পশুবোৰৰো টিকাকৰণ কৰিব। সমবায় ডেয়াৰীসমূহে সেইবোৰৰ গোবৰ সংগ্ৰহ কৰিব আৰু গেছ তৈয়াৰ কৰিব। যেতিয়া পশুবোৰ মৃত্যু হব, ইয়াৰ ছাল আৰু হাড়বোৰো সমবায় ডেয়াৰীৰ জৰিয়তে বজাৰলৈ প্ৰেৰণ কৰা হ'ব আৰু উপাৰ্জন পোনপটীয়াকৈ কৃষকসকলৰ কাষলৈ ঘূৰি আহিব। এই সকলোবোৰ প্ৰকল্পৰ কাম ইতিমধ্যে ১০ হাজাৰ কোটি টকা ব্যয়েৰে আৰম্ভ হৈছে। শ্ৰী শ্বাহে কয় যে দুগ্ধখণ্ডৰ সৈতে জড়িত ৭০ শতাংশতকৈয়ো অধিক সদস্য হৈছে এনে মহিলা যাক খণ্ডটোত অৰ্থনৈতিক লাভালাভৰ বাবে শক্তিশালী কৰা হ'ব।

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে পূৰ্বৰ চৰকাৰসমূহে ‘ন্যূনতম সমৰ্থন মূল্য’ (এমএছপি)ত মাহজাতীয় শস্য ক্ৰয়ৰ দাবীত একো কৰা নাছিল। কিন্তু মোদী চৰকাৰে কৃষকসকলৰ পৰা ১০০ শতাংশ এমএছপিত তিনিটা মাহজাতীয় শস্য ক্ৰয় কৰাৰ সিদ্ধান্ত লৈছিল। শ্ৰী শ্বাহে কয় যে যিসকল কৃষকে নাফেড আৰু ‘এনচিচিএফ ৱে’বছাইট’ৰ জৰিয়তে নিজকে পঞ্জীয়ন কৰে তেওঁলোকে এই সুবিধা লাভ কৰাৰ অধিকাৰ আছে। তেওঁ কয় যে মাকৈ খেতিয়কসকলৰ বাবেও একে ধৰণৰ সুবিধা প্ৰদান কৰা হয়, যিসকলে নাফেড আৰু ‘এনচিচিএফ ৱেবছাইট’ত নিজা পঞ্জীয়ন কৰি তেওঁলোকৰ ১০০ শতাংশ উৎপাদিত সামগ্ৰী ‘এমএছপি’ত চৰকাৰক ‘অফলোড’ কৰিব পাৰে।

শ্ৰী অমিত শ্বাহে কয় যে আমি প্ৰথমবাৰৰ বাবে এক ‘সমবায় ৰেংকিং ফ্ৰেমৱৰ্ক’ সৃষ্টি কৰিছো যিসমবায় খণ্ডত প্ৰদৰ্শন মূল্যাঙ্কনৰ এক সমৰ্পিত প্ৰণালী প্ৰদান কৰিব, যাৰ সাতটা মুখ্য মাপকাঠি আছে। তেওঁ কয় যে এই আঁচনিৰ অধীনত ‘পিএচিএছ’, দুগ্ধজাত সামগ্ৰী, মীন পালন, নগৰ সমবায়, গৃহ ঋণ আৰু খাদী আৰু গ্ৰামোদ্যোগ সমিতিক সামৰি লোৱা হ'ব। এতিয়া সমবায়সমূহক উদগণি দিয়াৰ বাবে জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত উৎকৃষ্টতাৰ বাবে বঁটা প্ৰদান কৰা হ'ব। সমবায় সংস্থাসমূহে তেওঁলোকৰ ৰেংকিং অনুসৰি সমবায় বেংকৰ পৰা ঋণ লাভ কৰিবলৈ সক্ষম হ'ব।

কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবায় মন্ত্ৰীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীৰ 'সহকাৰ চে সমৃদ্ধি' কেৱল এটা শ্ল'গান নহয়, সমবায় মন্ত্ৰালয়ে ইয়াক বাস্তৱায়িত কৰিবলৈ চাৰে তিনি বছৰত দিনে-ৰাতিয়ে কাম কৰিছে। তেওঁ কয় যে কেইমাহমানৰ ভিতৰতে বৃহত্ পৰিসৰত সমবায় টেক্সি সেৱা আৰম্ভ কৰা হ'ব, য'ত দুচকীয়া বাহন, টেক্সি, ৰিক্সা আৰু চাৰিচকীয়া বাহনৰ পঞ্জীয়ন সম্ভৱ হ'ব আৰু লাভ পোনপটীয়াকৈ চালকসকলৰ হাতলৈ যাব। তেওঁ কয় যে অচিৰেই এটা সমবায় বীমা কোম্পানীও গঠন কৰাৰ প্ৰস্তুতি চলি আছে যিয়ে দেশৰ সমবায় ব্যৱস্থাত বীমাৰ কাম কৰিব। শ্ৰী শ্বাহে কয় যে কম সময়ৰ ভিতৰতে ব্যক্তিগত খণ্ডৰ সৰ্ববৃহৎ বীমা কোম্পানী হৈ উঠিব।

শ্ৰী অমিত শ্বাহে কয় যে দেশৰ যিকোনো প্ৰান্তত সমবায় অধ্যয়ন প্ৰতিষ্ঠান পঞ্জীয়ন কৰাৰ কাম ইয়াৰ স্থিতি পৰীক্ষা কৰাৰ পিছত কৰা হ'ব। তেওঁ কয় যে সমবায় খণ্ডৰ উন্নয়ন আৰু সম্প্ৰসাৰণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশিক্ষিত মানৱ সম্পদৰ প্ৰয়োজন আৰু ত্ৰিভুৱন সমবায় বিশ্ববিদ্যালয়ে এই প্ৰয়োজনীয়তা পূৰণৰ বাবে কাম কৰিব। সমবায় বিশ্ববিদ্যালয় এখন গঠন হোৱাৰ পিছত ইয়াৰ ডিপ্লোমা আৰু ডিগ্ৰী ধাৰকসকলে চাকৰি পাব। এই বিশ্ববিদ্যালয়ৰ জৰিয়তে, আমি ঘৰুৱা তথা গোলকীয় মূল্য শৃংখলালৈ এক ডাঙৰ অৱদান আগবঢ়াব পাৰিম। এই বিশ্ববিদ্যালয়ৰ পৰা নতুন যুগৰ সমবায় সংস্কৃতিও আৰম্ভ হ'ব। তেওঁ কয় যে সমগ্ৰ দেশতে হাজাৰ হাজাৰ সমবায় শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠান বিয়পি আছে, কিন্তু তেওঁলোকৰ মানক পাঠ্যক্ৰমৰ অভাৱ আছে। বিশ্ববিদ্যালয় স্থাপন হোৱাৰ আগতেই সমবায় খণ্ডৰ প্ৰয়োজনীয়তাৰ কথা মনত ৰাখি আমি পাঠ্যক্ৰমটো আৰ্হি কৰাৰ কাম আৰম্ভ কৰিছো। লগতে ডিগ্ৰী, বিশ্ববিদ্যালয়ত ডিপ্লোমা পাঠ্যক্ৰম আৰু পিএইচডি ডিগ্ৰীও দিয়া হ'ব। বৰ্তমানৰ কৰ্মচাৰীসকলৰ বাবে কম সময়ৰ প্ৰমাণপত্ৰ পাঠ্যক্ৰমো থাকিব।

কেন্দ্ৰীয় সহযোগিতা মন্ত্ৰীয়ে কয় যে এই বিধেয়কৰ জৰিয়তে সহযোগিতামূলক নীতি আৰু সহযোগিতামূলক কাৰ্যকলাপ সম্প্ৰসাৰিত কৰা হ'ব। নতুন প্ৰযুক্তিৰ পৰা সমবায় খণ্ড লাভান্বিত হ'ব। গৱেষণা আৰু উদ্ভাৱনো বৃদ্ধি পাব আৰু সমবায় খণ্ডটো বাস্তৱিকতেই শক্তিশালী হ'ব। গ্ৰাম্য অৰ্থনীতিকো শক্তিশালী কৰিব। শ্ৰী অমিত শ্বাহে কয় যে ত্ৰিভুৱন দাসৰ দৰে এগৰাকী মহান ব্যক্তিৰ নামৰ সৈতে জড়িত হৈ থকাৰ বাবে এই সমবায় বিশ্ববিদ্যালয়খন এখন উচ্চ মানৰ বিশ্ববিদ্যালয় হিচাপে প্ৰমাণিত হ'ব। দেশত উৎকৃষ্ট সমবায় কৰ্মী গঢ়ি তুলিবলৈ কাম কৰিব।

কেন্দ্ৰীয় সমবায় মন্ত্ৰীগৰাকীয়ে কয় যে সমবায় খণ্ডৰ প্ৰতি সমৰ্পিত দেশৰ প্ৰথমখন বিশ্ববিদ্যালয় স্বাধীনতাৰ ৭৫ বছৰ পিছত নিৰ্মাণ কৰা হ'ব আৰু যেতিয়া প্ৰতি বছৰে প্ৰায় লাখ প্ৰাৰ্থীক স্নাতক, ডিগ্ৰী বা প্ৰমাণপত্ৰৰ সৈতে ডিপ্লোমা কৰাৰ সামৰ্থ্য লাভ কৰিব সমবায় আন্দোলনে নতুন গতি লাভ কৰিব। কেন্দ্ৰীয় গৃহ পৰিক্ৰমা তথা সমবয় দপ্তৰৰ মন্ত্ৰী শ্ৰী অমিত শ্বাহে কয় যে তেওঁ ১৮ বছৰ বয়সৰ পৰাই সমবায়সমূহৰ সৈতে জড়িত হৈ আছে আৰু ইয়াৰ শক্তি আৰু দুৰ্বলতা অনুভৱ কৰিছে। তেওঁ কয় যে মোদীজীয়ে এখন সমৃদ্ধ ভাৰতৰ ভেটি স্থাপন কৰিছে আৰু এই বিধেয়কে ইয়াত এক শক্তিশালী গাঁথনি প্ৰদান কৰিব। শ্ৰী শ্বাহে কয় যে ত্ৰিভুৱন দাস পেটেলজীৰ দৃষ্টিভংগী হৈছে যে সমবায় খণ্ডৰ লাভ প্ৰতিগৰাকী দৰিদ্ৰ মহিলাৰ কাষত উপনীত হোৱা উচিত, সেয়েহে এই বিধেয়কখন তেওঁৰ নামেৰে নামাকৰণৰ দিহা কৰা হৈছে।


 

*********

RK/VV/RR/PR/PS/KB


(Release ID: 2115771) Visitor Counter : 13