তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়
আপোনাৰ ক’ভাৰেজেৰে ৱেভছ সৃষ্টি কৰক!
ৱৰ্ল্ড অডিঅ' ভিজুৱেল এন্টাৰটেইনমেন্ট ছামিট (WAVES), ২০২৫ৰ বাবে মিডিয়া প্ৰতিনিধিৰ পঞ্জীয়ন আৰম্ভ
১-৪ মে’ত মুম্বাইত অনুষ্ঠিতব্য প্ৰথম ৱেভছ ছামিটত মনোৰঞ্জনৰ ভৱিষ্যতৰ অভিজ্ঞতা লাভ কৰক
Posted On:
26 MAR 2025 2:04PM by PIB Guwahati
০১-০৪ মে’, ২০২৫ত মুম্বাইত অনুষ্ঠিতব্য ৱৰ্ল্ড অডিঅ' ভিজুৱেল এণ্ড এন্টাৰটেইনমেন্ট ছামিট (WAVES)-এ বিশ্বৰ মিডিয়া আৰু মনোৰঞ্জন (M&E) উদ্যোগত ঢৌ তুলিবলৈ সাজু হৈছে। ইয়াৰ বাবে প্ৰস্তুতি অব্যাহত থকাৰ মাজতে ২৬ মাৰ্চ, ২০২৫-ৰ পৰা মিডিয়া প্ৰতিনিধিৰ পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ইয়াৰ জৰিয়তে সাংবাদিক, ফটোগ্ৰাফাৰ, কন্টেন্ট ক্ৰিয়েটৰ আৰু মিডিয়া পেছাদাৰীসকলক এই গুৰুত্বপূৰ্ণ কাৰ্য্যসূচীৰ প্ৰচাৰ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। প্ৰতিভাৰ বৰ্ধন, ক্ৰিয়েটৰসকলক বিশ্বৰ সৈতে সংযোগ কৰা আৰু ভাৰতৰ এমএণ্ডই খণ্ডৰ ভৱিষ্যতক ইন্ধন যোগোৱা ষ্টৰীটেলাৰ হওঁক। আপোনাৰ ক’ভাৰেজে দৰাচলতে ‘ঢৌ’ সৃষ্টি কৰিব পাৰে!

আপুনি যদি সাংবাদিকতা, মিডিয়া বা ষ্টৰীটেলিঙৰ প্ৰতি আকৰ্ষিত তথা এগৰাকী ৰিপ’ৰ্টাৰ, কেমেৰাপাৰ্ছন, কন্টেন্ট ক্ৰিয়েটৰ বা ছ’চিয়েল মিডিয়া পেছাদাৰী হিচাপে আপুনি ৱেভছ, ২০২৫-ৰ পৰা আঁতৰি থাকিব নোৱাৰে! সেয়েহে আপুনি আলোচনাত যোগদান কৰক, উদ্যোগটোৰ নেতৃবৃন্দৰপৰা শিকক আৰু উদীয়মান ক্ৰিয়েটৰসকলে সঠিক মঞ্চত উজ্জ্বলি উঠাত সহায় কৰক। ৱেভছ ছামিট, ২০২৫ এমএণ্ডই খণ্ডৰ অন্তৰ্দৃষ্টি লাভ, গ্ল’বেল নেটৱৰ্কিং আৰু যুগান্তকাৰী উদ্ভাৱনৰ ক্ষেত্ৰত আপোনাৰ বাবে বিশেষ মাধ্যম হ'ব পাৰে।
মিডিয়া প্ৰতিনিধিৰ পঞ্জীয়ন প্ৰক্ৰিয়া
ৱেভছ মিডিয়া প্ৰতিনিধি হিচাপে পঞ্জীয়ন কৰিবলৈ আবেদনকাৰীসকল হ’ব লাগিবঃ
✅ ২০২৫ৰ ০১ জানুৱাৰী অনুসৰি ১৮ বছৰ বা ততোধিক বয়সৰ হ’ব লাগিব।
✅ সংবাদদাতা, ফটোগ্ৰাফাৰ, কেমেৰা পাৰ্ছন বা স্বীকৃতিপ্ৰাপ্ত মাধ্যমৰ ডিজিটেল কন্টেন্ট ক্ৰিয়েটৰ হ’ব লাগিব।
✅ উপৰোক্ত মাপকাঠি পূৰণ কৰা মুক্ত সাংবাদিকসকলো যোগ্য হ’ব।
✅ অনলাইন পঞ্জীয়ন কৰকঃ https://app.wavesindia.org/register/media
✅ পঞ্জীয়ন মঞ্চ খুলিবঃ ২৬ মাৰ্চ, ২০২৫
✅ অন্তিম তাৰিখঃ ১৫ এপ্ৰিল, ২০২৫-ৰ নিশা ১১:৫৯ বজা (IST)
✅ মিডিয়া প্ৰতিনিধিৰ পাছ সংগ্ৰহঃ স্বীকৃতিপ্ৰাপ্ত মিডিয়া প্ৰতিনিধিসকলক মিডিয়া প্ৰতিনিধিৰ পাছ সংগ্ৰহৰ অৰ্থে বিতংভাৱে অৱগত কৰা হ'ব।
✅ ইয়াত মিডিয়া প্ৰতিনিধিৰ পঞ্জীয়ন নীতিৰ সবিশেষ চাওঁক।
✅ ইয়াত পৰিশিষ্ট খ অনুসৰি মিডিয়া প্ৰতিনিধিৰ পঞ্জীয়নৰ বাবে প্ৰয়োজনীয় নথি-পত্ৰৰ তালিকা উপলব্ধ।
✅ সবিশেষ জানিবলৈ বিষয় হিচাপে ‘WAVES Media Accreditation Query’ উল্লেখেৰে pibwaves.media[at]gmail[dot]com-লৈ ইমেইল কৰক।
অনুগ্ৰহ কৰি পঞ্জীয়নৰ সময়ত সকলো প্ৰয়োজনীয় নথি-পত্ৰ আপল’ড কৰাটো নিশ্চিত কৰক। আবেদন পুনৰীক্ষণৰ পিছত মিডিয়া স্বীকৃতিৰ অনুমোদন ইমেইলৰ জৰিয়তে অৱগত কৰা হ’ব। কেৱল পিআইবিৰ-স্বীকৃতিপ্ৰাপ্ত মিডিয়া পাৰ্ছনহে মিডিয়া প্ৰতিনিধিৰ পাছৰ বাবে যোগ্য হ’ব। মিডিয়া সংস্থাসমূহৰ প্ৰসাৰ, মনোৰঞ্জন খণ্ডত মনোনিৱেশ আৰু ৱেভছৰ প্ৰত্যাশিত ক’ভাৰেজৰ ওপৰত ভিত্তি কৰি স্বীকৃতি জনোৱা হ’ব।
ৱেভছ
ৱেভছ হৈছে ভাৰতৰ প্ৰথমটো বিশ্ব মঞ্চ, যি ৰাষ্ট্ৰখনৰ সৃজনীশীল শক্তিৰ বৰ্ধন আৰু ইয়াক কন্টেন্ট সৃষ্টি, বৌদ্ধিক সম্পদ আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠাৰ বাবে সমৰ্পিত। ই ভিন্ন উদ্যোগৰ আগশাৰীৰ পেছাদাৰীসকলক একত্ৰিত কৰিব যথাঃ সম্প্ৰচাৰ, প্ৰিন্ট মিডিয়া, টেলিভিছন, ৰেডিঅ', চলচ্চিত্ৰ, এনিমেচন, ভিজুৱেল এফেক্ট, গেমিং, কমিক্স, ছাউণ্ড আৰু মিউজিক, বিজ্ঞাপন, ডিজিটেল মিডিয়া, ছ'চিয়েল মিডিয়া প্লেটফৰ্ম, জেনেৰেটিভ এআই, অগমেন্টেড ৰিয়েলিটি (AR), ভাৰ্চুৱেল ৰিয়েলিটি (VR) আৰু এক্সটেণ্ডেড ৰিয়েলিটি (XR)।
মূল বৈশিষ্ট্যৰাজিঃ
ক্ৰিয়েট ইন ইণ্ডিয়া চেলেঞ্জ – হৈছে সমগ্ৰ বিশ্বৰ উদীয়মান ক্ৰিয়েটৰসকলক উদযাপন কৰা এক যুগান্তকাৰী পদক্ষেপ, মুম্বাইত অনুষ্ঠিতব্য ৱেভছ, ২০২৫-ত তেওঁলোকক প্ৰতিভা প্ৰদৰ্শনৰ বাবে এখনি সন্মানীয় মঞ্চ প্ৰদান কৰিব।
ৱেভেক্স, ২০২৫ – হৈছে এক গেম-চেঞ্জিং পিটচ চেচন, ইয়াত মিডিয়া-টেক ষ্টাৰ্টআপসমূহে শীৰ্ষ ভেঞ্চাৰ কেপিটেলিষ্ট আৰু চেলিব্ৰেটি এঞ্জেল বিনিয়োগকাৰীসকলৰ সন্মুখত নিজ-নিজ ধাৰণাসমূহ উপস্থাপন কৰিব, ভাৰতৰ এমএণ্ডই ব্যৱস্থাৰ ভৱিষ্যৎ গঢ় দিব..
ৱেভছ বজাৰ – হৈছে এক বিশ্ব বজাৰ যিয়ে চলচ্চিত্ৰ, গেমিং, মিউজিক, বিজ্ঞাপন, এক্সআৰ-ৰ ক্ষেত্ৰত ক্ৰিয়েটৰ, বিনিয়োগকাৰী আৰু ব্যৱসায়সমূহক সংযোগ কৰিব। ইয়াৰ উপৰিও ই উদ্যোগৰ পেছাদাৰীসকলক নতুন ৰাজহৰ ধাৰা মুকলিৰ সুযোগ প্ৰদান কৰিব।
মাষ্টাৰক্লাছ আৰু ইন্টাৰেক্টিভ চেচন – উদ্যোগৰ অগ্ৰদূত আৰু বিশ্বৰ নেতৃত্ববৃন্দৰপৰা শিকিবলৈ এয়া এক বিৰল সুযোগ। ইয়াৰ জৰিয়তে মিডিয়া, মনোৰঞ্জন আৰু প্ৰযুক্তিৰ ভৱিষ্যতৰ বিষয়ে অন্তৰ্দৃষ্টি লাভ কৰিব পাৰিব।
আপুনি দৰ্শনাৰ্থী হ’লে ইয়াত পঞ্জীয়ন কৰক আৰু শিক্ষাৰ্থী হ’লে ইয়াত পঞ্জীয়ন কৰক
পিআইবি টীম ৱেভছৰ ৰ জৰিয়তে শেহতীয় ঘোষণা সম্পৰ্কে অৱগত হওঁক
প্ৰশ্ন থাকিলে ইয়াত চাওঁক।
আহক, আমাৰ সৈতে যোগদান কৰক!
***
PIB TEAM WAVES 2025 | Rabee/ Nikita/ Dhanlakshmi/Dinesh | 78
(Release ID: 2115307)
Visitor Counter : 35
Read this release in:
Odia
,
Telugu
,
English
,
Urdu
,
Hindi
,
Nepali
,
Marathi
,
Bengali-TR
,
Punjabi
,
Gujarati
,
Tamil
,
Malayalam