প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়
azadi ka amrit mahotsav

ড° শংকৰ ৰাও ততোৱাৱাড়ী জীৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক

পোষ্ট কৰা হৈছে: 13 MAR 2025 8:53PM by PIB Guwahati

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ড° শংকৰ ৰাও ততোৱাৱাড়ী জীৰ বিয়োগত শোক প্ৰকাশ কৰিছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ৰাষ্ট্ৰ নিৰ্মাণ আৰু ভাৰতৰ সাংস্কৃতিক নতুন মাত্ৰা প্ৰদানত ড° শংকৰ ৰাও ততোৱাৱাড়ী জীৰ বিস্তৃত অৱদান সদায় স্মৰণীয় হ'ব।"ভাৰতৰ লগতে বিদেশতো কেইবাবাৰো তেওঁৰ সৈতে মত বিনিময় কৰিবলৈ পোৱাটো মোৰ সৌভাগ্য বুলি গণ্য কৰোঁ। মোদীয়ে কয় যে তেওঁৰ মতাদৰ্শগত স্পষ্টতা আৰু নিখুঁত কামৰ শৈলী সদায় পৃথক আছিল।

প্ৰধানমন্ত্ৰীয়ে এক্সৰ পোষ্টত কয়ঃ

"ড° শংকৰ ৰাও ততোৱাৱাড়ী জীৰ বিয়োগত মৰ্মাহত হৈছো। ৰাষ্ট্ৰ নিৰ্মাণ আৰু ভাৰতৰ সাংস্কৃতিক নতুন মাত্ৰা প্ৰদানত তেওঁৰ বিস্তৃত অৱদান সদায় স্মৰণীয় হ'ব। তেওঁ আৰএছএছৰ প্ৰতি নিজকে উৎসৰ্গা কৰি ইয়াৰ বৈশ্বিক প্ৰসাৰক আৰু আগুৱাই লৈ পৰিচয় গঢ়ি তুলিছিল। তেওঁ এজন বিশিষ্ট পণ্ডিতো আছিল, যুৱক-যুৱতীসকলৰ মাজত সদায় অনুসন্ধানৰ মনোভাৱক উৎসাহিত কৰিছিল। ছাত্ৰ-ছাত্ৰী আৰু পণ্ডিতসকলে বিএইচইউৰ সৈতে তেওঁৰ সম্পৰ্কক শ্ৰদ্ধাৰে স্মৰণ কৰে। তেওঁৰ বিজ্ঞান, সংস্কৃত আৰু আধ্যাত্মিকতাৰ দিশত দখল আছিল।

ভাৰতৰ লগতে বিদেশতো কেইবাবাৰো তেওঁৰ সৈতে মত বিনিময় কৰাৰ সুযোগ পোৱাটো মোৰ সৌভাগ্য বুলি গণ্য কৰোঁ। তেওঁৰ ধাৰণাগত স্পষ্টতা আৰু নিখুঁত কামৰ শৈলী সদায় পৃথক আছিল।”

ঔম শান্তি।

***

MJPS/VJ/DB


(ৰিলিজ আই ডি : 2111712) অতিথি কক্ষ : 55