তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়

সৃষ্টিশীলতা, সংবাদ মাধ্যম আৰু প্ৰযুক্তিৰ সংযোগস্থলে বিশ্বৰ সংবাদ মাধ্যমৰ পৰিৱেশক ৰূপান্তৰিত কৰিছে; WAVES এ ক্ৰিয়েটৰসকলক উন্নত মানদণ্ডৰ বিষয়বস্তু সৃষ্টিৰ বাবে এখন উচিত মঞ্চ প্ৰদান কৰিব - কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ

সংবাদ মাধ্যম আৰু মনোৰঞ্জন উদ্যোগৰ ভিতৰত আলোচনা, সহযোগিতা, আৰু উদ্ভাৱনৰ সুবিধা প্ৰদান কৰাত WAVES 2025 এ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। - কেন্দ্ৰীয় মন্ত্ৰী ড° এছ জয়শংকৰ
“WAVES ২০২৫ হৈছে প্ৰযুক্তিগত অগ্ৰগতি আৰু সামাজিক পৰিৱৰ্তনক আগুৱাই নিয়াত সংবাদ মাধ্যমৰ পৰিৱৰ্তিত ভূমিকাক প্ৰৌজ্জ্বল কৰি তোলা এক আন্দোলন।” - মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাড়নভিছ
WAVES এ বিশ্বৰ মিডিয়া কোম্পানীসমূহক ভাৰতৰ সৃষ্টিশীল খণ্ডৰ সৈতে সংযোগ স্থাপনৰ সুযোগ প্ৰদান কৰিব।’ : কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগান
নতুন দিল্লীত বিদেশী অভিযানৰ ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্তসকলৰ বাবে WAVES 2025 সম্পৰ্কে এক অধিবেশনৰ আয়োজন তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ

Posted On: 13 MAR 2025 7:44PM by PIB Guwahati

মিডিয়া এণ্ড এণ্টাৰটেইনমেণ্ট (এম এণ্ড ই) খণ্ডত বিশ্বব্যাপী সহযোগিতা বৃদ্ধিৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ভাৰত চৰকাৰে আজি নতুন দিল্লীৰ চাণক্যপুৰীৰ সুষমা স্বৰাজ ভৱনত WAVES 2025 শীৰ্ষক এক উচ্চ পৰ্যায়ৰ অধিবেশনৰ আয়োজন কৰে। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে আয়োজন কৰা এই অনুষ্ঠানৰ উদ্দেশ্য আছিল চলিত বৰ্ষ অৰ্থাৎ ২০২৫ চনৰ ১ মে’ৰ পৰা ৪ মে’লৈকে মুম্বাইত অনুষ্ঠিত হ’বলগীয়া বিশ্ব অডিঅ’ ভিজুৱেল আৰু মনোৰঞ্জন শীৰ্ষ সন্মিলন চমুকৈ WAVES ২০২৫ৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সমুদায়ক জড়িত কৰা।

এই অনুষ্ঠানত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ উপৰিও কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ, ৰে’লৱে, তথা ইলেক্ট্ৰনিকছ আৰু আই টি দপ্তৰৰ মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাড়নৱীশ, আৰু তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগানো উপস্থিত থাকে। লগতে অনুষ্ঠানত উপস্থিত থাকে মহাৰাষ্ট্ৰ চৰকাৰৰ মুখ্য সচিব শ্ৰীমতী সুজাতা সৌনিক আৰু তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজু। উল্লেখ্য যে প্ৰায় ১০০ গৰাকী ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্তই আজিৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰে।

 

 

এই অনুষ্ঠানৰ আন এক মুখ্য দিশ আছিল তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় আৰু মহাৰাষ্ট্ৰ চৰকাৰৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰ, যি চুক্তিয়ে সংবাদ মাধ্যম, মনোৰঞ্জন, আৰু ডিজিটেল প্ৰচাৰৰ ক্ষেত্ৰত উমৈহতীয়া সহযোগিতাক আৰু অধিক শক্তিশালী কৰি তুলিব।

 

আজিৰ এই অনুষ্ঠানত ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱে কয়, “সৃষ্টিশীলতা, সংবাদ মাধ্যম, আৰু প্ৰযুক্তিৰ সংযোগস্থলে বিশ্ব সংবাদ মাধ্যমৰ সমগ্ৰ পৰিৱেশটোকেই ৰূপান্তৰিত কৰি অভিসৰণৰ এক নতুন স্তৰত উপনীত হৈছে। WAVES 2025 ৰ মৌলিক ধাৰণাটো হ’ল যে কণ্টেণ্ট ক্ৰিয়েটৰ সমুদায়ৰ, সকলো দিশৰ পৰা, সকলো স্তৰৰ পৰা, উন্নত মানদণ্ডৰ কণ্টেণ্ট সৃষ্টি কৰাৰ ক্ষমতা তথা পাৰদৰ্শিতা আছে।” তেওঁ আৰু কয়, “আমি প্ৰযুক্তি, সংবাদ মাধ্যম, আৰু মনোৰঞ্জন খণ্ডৰ ভালেমান বিশিষ্ট ব্যক্তিক ২০২৫ চনৰ ১ মে’ৰ পৰা ৪ মে’লৈ মুম্বাইত অনুষ্ঠিত হ’বলগীয়া WAVES 2025 ত যোগদান কৰিবলৈ আমন্ত্ৰণ জনাইছো।” বিশ্বৰ মঞ্চত ভাৰতৰ প্ৰচেষ্টাক আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে সকলো অংশীদাৰকে একত্ৰিত হৈ WAVES 2025 ত অংশগ্ৰহণ কৰি বিশ্ব সৃষ্টিকৰ্তা অৰ্থনীতি (global creator economy)ক উন্নীত কৰাত সহায় কৰিবলৈও আহ্বান জনায়।

https://x.com/MIB_India/status/1900179200625311810?t=IRcMwSWcSboI-YCceWKtSw&s=08

ভাষণ প্ৰদান কৰি কেন্দ্ৰীয় মন্ত্ৰী ড০ এছ জয়শংকৰে কয়, “ৱেভছে সংবাদ মাধ্যম আৰু মনোৰঞ্জন উদ্যোগৰ মাজত আলোচনা, সহযোগিতা, আৰু উদ্ভাৱনক লাভান্বিত কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে কাম কৰিব। এই অনুষ্ঠানে খণ্ডটোৰ আগশাৰীৰ নেতৃত্ব বহন কৰা ব্যক্তিসকল, আন আন অংশীদাৰ, আৰু উদ্ভাৱকসকলক একত্ৰিত কৰি সুযোগসমূহ অন্বেষণ কৰিব, প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিব, আৰু খণ্ডটোৰ ভৱিষ্যত গঢ় দিব।” তেওঁ লগতে মন্তব্য কৰে যে, “অৰ্থনৈতিক আৰু ৰাজনৈতিক পুনঃভাৰসাম্যতাই এতিয়া সাংস্কৃতিক ভাৰসাম্যৰ দিশত আগবাঢ়িছে। আমি সঁচাকৈয়ে গ্ল’বেল হ’ব নোৱাৰো, যদিহে আমি সঁচাকৈয়ে লোকেল বা থলুৱা হ’ব নোৱাৰো। WAVES 2025 এ এনে ধৰণৰ প্ৰচেষ্টাৰ মনোভাৱকে মূৰ্তমান কৰি তুলিছে।” কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জয়শংকৰে উপস্থিত ৰাষ্ট্ৰদূত আৰু উচ্চায়ুক্তসকলক WAVES 2025 ৰ অধীনত বিশ্বব্যাপী সহযোগিতাৰ সুযোগসমূহৰ বিষয়ে নিজ নিজ চৰকাৰক অৱগত কৰিবলৈও আহ্বান জনায়।

 

ইফালে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাড়নৱীছে ভাষণ প্ৰদান কৰি কয়, “ভাৰতৰ বিত্তীয় আৰু মনোৰঞ্জনৰ ৰাজধানী খ্যাত মুম্বাইয়ে সংবাদ মাধ্যম আৰু মনোৰঞ্জন খণ্ডত সহযোগিতা আৰু সাংস্কৃতিক কূটনীতিৰ প্ৰসাৰ ঘটোৱাৰ সমান্তৰালকৈ প্ৰাচীন আৰু আধুনিক সাংস্কৃতিক প্ৰভাৱক নিৰৱচ্ছিন্নভাৱে মিশ্ৰিত কৰি WAVES 2025 ৰ বাবে এক নিখুঁত পটভূমি প্ৰদান কৰে।” তেওঁ লগতে কয়, “ৱেভছ ২০২৫ হৈছে এনে এক আন্দোলন বা অভ্যুত্থান, যিয়ে প্ৰযুক্তিগত উত্তৰণ আৰু সামাজিক পৰিৱৰ্তনক আগুৱাই নিয়াত সংবাদ মাধ্যমৰ বিৱৰ্তনশীল ভূমিকাক প্ৰৌজ্জ্বল কৰি তোলে। মহাৰাষ্ট্ৰ সদায়েই বিনিয়োগক আগস্থান দিয়া আৰু উদ্ভাৱনক আগুৱাই নিয়াৰ লগতে বিশ্ব অংশীদাৰিত্ব গঢ়ি তোলাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।" ভাৰতীয় সৃষ্টিশীল প্ৰযুক্তি প্ৰতিষ্ঠান স্থাপন সন্দৰ্ভত শ্ৰী ফাড়নৱীছে আশা প্ৰকাশ কৰি কয় যে "সংবাদ মাধ্যমে হিত সাধনৰ বাবে এক শক্তি হৈ থাকিব," ই এনে ভৱিষ্যত গঢ় দিব য'ত প্ৰযুক্তি আৰু সৃষ্টিশীলতাই একত্ৰিত হৈ বিশ্বক অনুপ্ৰাণিত আৰু সংযোগ কৰি থাকিব।"

আনফালে সামৰণি ভাষণত তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগানে কয়, “ৱেভছ শীৰ্ষ সন্মিলন ২০২৫এ যৌথ উদ্যোগ, সহ-প্ৰযোজনা, আৰু ব্যৱসায়িক সম্প্ৰসাৰণৰ দুৱাৰ মুকলি কৰিব, যাৰ ফলত বিশ্বৰ সংবাদ মাধ্যম বা মিডিয়া কোম্পানীসমূহে ভাৰতৰ সৃষ্টিশীল খণ্ডৰ সৈতে জড়িত হ’ব পাৰিব।” তেওঁ লগতে উৎসাহেৰে কয়, “ভাৰত চৰকাৰে মিডিয়া আৰু এণ্টাৰটেইনমেণ্ট খণ্ডৰ বাবে অনুকূল পৰিৱেশ সৃষ্টিৰ বাবেও প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে, ব্যৱসায় কৰাত সুচলতা, কন্টেন্ট লোকেলাইজেশ্যন বা থলুৱাকৰণ, আৰু আন্তঃগাঁথনি উন্নয়নক সদায়েই সমৰ্থন কৰি আহিছে।”

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী সঞ্জয় জাজুৱে তেওঁৰ ভাষণত কয়, “ৱেভছ হৈছে সমগ্ৰ মিডিয়া আৰু মনোৰঞ্জন খণ্ডৰ বাবে বিশ্বৰ প্ৰথমটো অভিসৰণ মঞ্চ। আমাৰ লক্ষ্য হৈছে পৰম্পৰাগত আৰু উদীয়মান সংবাদ মাধ্যমৰ মাজৰ ব্যৱধান দূৰ কৰা, বিশ্বব্যাপী অংশীদাৰিত্ব গঢ়ি তোলা, আৰু ভাৰতৰ চহকী সাংস্কৃতিক পৰম্পৰাক কণ্টেণ্ট ক্ৰিয়েশ্যন আৰু প্ৰযুক্তিগত উদ্ভাৱনৰ ক্ষেত্ৰত লাভৱান কৰা।”

তেওঁ লগতে কয় যে WAVES ৰ প্ৰথম সংস্কৰণটো একাধিক ট্ৰেকৰ সৈতে ডিজাইন কৰা হৈছে যাতে এক অৰ্থপূৰ্ণ প্ৰভাৱ সৃষ্টি হয়। গ্ল’বেল মিডিয়া ডাইলগত মন্ত্ৰী আৰু নীতি নিৰ্ধাৰকসকলক অংশগ্ৰহণ কৰা হ’ব, যাৰ আধাৰত দাখিল হ’ব WAVES ডিক্লেৰেশ্যন বা ঘোষণাপত্ৰ, যিয়ে নীতিগত নথি হিচাপে কাম কৰিব। থ’ট লিডাৰ্ছ ট্ৰেকত বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞসকলৰ সৈতে অভিজ্ঞতা বিনিময়ৰ এক অধিবেশন অনুষ্ঠিত হ’ব। WAVES প্ৰদৰ্শনীত ষ্টৰীটেলিং ইনোভেশ্যনছ বা কাহিনী কোৱাৰ উদ্ভাৱন শৈলী, আৰ্জিত অভিজ্ঞতা, আৰু গেমিং এৰিনা প্ৰদৰ্শন কৰা হ’ব। ভাৰত পেভিলিয়নে ভাৰতৰ সংবাদ মাধ্যমৰ ঐতিহ্য আৰু ইয়াৰ ভৱিষ্যতৰ ওপৰত আলোকপাত কৰিব। সচিব শ্ৰী জাজুৱে লগতে উল্লেখ কৰে যে WAVES বাজাৰে বাণিজ্যিক নেটৱৰ্কিঙৰ সুবিধা প্ৰদান কৰিব, আনহাতে WaveXcelerator এ মিডিয়া ষ্টাৰ্টআপসমূহক মেণ্টৰশ্বিপ আৰু পুঁজিৰে সহায় কৰিব। ইয়াৰ উপৰিও WAVES Culturals ত ভাৰতীয় আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিভাৰ মিশ্ৰণেৰে বৈচিত্ৰময় পৰিবেশন কৰা হ’ব।

WAVES 2025: ডিজিটেল যুগত একত্ৰীকৰণ শক্তি হিচাপে সংবাদ মাধ্যম আৰু মনোৰঞ্জন

সংবাদ মাধ্যম আৰু মনোৰঞ্জনৰ পৰিৱৰ্তনশীল শক্তিক স্বীকৃতি দি বিশ্ব দৃশ্য-শ্ৰাব্য আৰু মনোৰঞ্জন সন্মিলনৰ (WAVES) অংশগ্ৰহণকাৰীসকলে ২০২৫ চনৰ ১ মে’ৰ পৰা ৪ মে’লৈকে মুম্বাইত একত্ৰিত হ’ব। এই ঐতিহাসিক সন্মিলনত বিশ্বৰ সংশ্লিষ্ট খণ্ডৰ শীৰ্ষস্থানীয় ব্যক্তিসকল, সংবাদ মাধ্যমৰ পেছাদাৰী, শিল্পী, নীতি নিৰ্ধাৰক, আৰু ক্ষেত্ৰখনৰ বিভিন্ন অংশীদাৰসকলক একত্ৰিত কৰা হ’ব। ডিজিটেল যুগত প্ৰত্যাহ্বান আৰু সুযোগ দুয়োটাৰে সৃষ্টি হয়, কৃত্ৰিম বুদ্ধিমত্তা, ষ্ট্ৰীমিং, বৌদ্ধিক সম্পত্তিৰ অধিকাৰ, ভুল তথ্য, আৰু সংবাদ মাধ্যমৰ বহনক্ষমতাৰ দৰে বিষয়সমূহক সামৰি লোৱা হ’ব এই অনুষ্ঠানত। WAVES 2025 এ সাংস্কৃতিক বৈচিত্ৰ্যক প্ৰসাৰিত কৰিব, উদ্ভাৱনক অগ্ৰাধিকাৰ দিব, আৰু সংবাদ মাধ্যমৰ মঞ্চসমূহৰ ন্যায্য অন্তৰ্ভুক্তি নিশ্চিত কৰি বিভিন্ন উদ্বেগসমূহ সমাধান কৰিব।

এই শীৰ্ষ সন্মিলনে সৃষ্টিশীলতা, অন্তৰ্ভুক্তি, আৰু বিষয়বস্তু সৃষ্টি আৰু প্ৰচাৰৰ ক্ষেত্ৰত দায়িত্বৰ উচ্চতম মানদণ্ড ৰক্ষা কৰিব। ইয়াত নৈতিক কাহিনী কোৱা আৰু ন্যায্য প্ৰতিনিধিত্বৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।

সমন্বয়ৰ দৃষ্টিভঙ্গীৰে বিশ্বক WAVES 2025 এ অৰ্থপূৰ্ণ সংযোগ প্ৰদানৰ লগতে সহযোগিতামূলক অগ্ৰগতি, আৰু সাংস্কৃতিক ঐক্যক অনুপ্ৰাণিত কৰিব বিচাৰে। এই অধিবেশনে ডিজিটেল যুগত দেশ, জনগোষ্ঠী আৰু সংস্কৃতিৰ মাজত আটাইতকৈ উল্লেখযোগ্য একত্ৰীকৰণ শক্তি হিচাপে সংবাদ মাধ্যম আৰু মনোৰঞ্জন উদ্যোগৰ ভূমিকাক শক্তিশালী কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে কাম কৰিব। WAVES 2025-এ উমৈহতীয়া উদ্বেগ, মানৱতাই সমূখীন হোৱা প্ৰত্যাহ্বান, সামূহিক সুযোগ, আৰু সহযোগিতামূলক বিকাশ আৰু প্ৰগতিৰ সম্ভাৱনাক সঠিক দিশ প্ৰদান কৰি ঐক্যৰ শক্তিক উজ্জ্বল কৰি তুলিছে। এই দৃষ্টিভংগীয়ে WAVES 2025ক সমন্বয়ৰ বাবে এক বিশ্বব্যাপী মঞ্চ হিচাপে স্থান দিয়াৰ লগতে অৰ্থপূৰ্ণ আলোচনাকো অগ্ৰাধিকাৰ দিব।

অৰেঞ্জ অৰ্থনীতিৰ ভিতৰত WAVES 2025ৰ একত্ৰীকৰণে অৰ্থনৈতিক বিকাশ আৰু সংস্থাপন সৃষ্টিৰ বাবে সংবাদ মাধ্যম আৰু মনোৰঞ্জন উদ্যোগক ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত ইয়াৰ ভূমিকাক আলোকপাত কৰে। ই ইয়াৰ বিশ্বব্যাপী সমন্বয়ৰ এক অভিযানৰ সৈতে নিৰৱচ্ছিন্নভাৱে মিশ্ৰিত হৈ যায়, কিয়নো সৃষ্টিশীল উদ্যোগসমূহে সাংস্কৃতিক বিনিময় আৰু ঐক্যৰ বাবে শক্তিশালী আহিলা হিচাপে কাম কৰে।

উল্লেখ্য যে মুম্বাইত WAVES 2025 আয়োজন কৰি এই সন্মিলনে চিন্তাশীল নেতাসকলৰ বাবে এক মঞ্চ প্ৰদান কৰিব যাতে তেওঁলোকে ক্ষীপ্ৰতাৰে পৰিৱৰ্তিত পৃথিৱীখনত সংবাদ মাধ্যম উদ্যোগ কেনেকৈ সৰ্বশ্ৰেষ্ঠ একত্ৰীকৰণ শক্তি হ’ব পাৰে সেই বিষয়ে অন্বেষণ কৰিব পাৰে। এই খণ্ডটোৱে সাংস্কৃতিক কূটনীতিৰ বাবে এক শক্তিশালী অনুঘটক হিচাপে কাম কৰে, যিয়ে মানুহ, সংস্কৃতি আৰু দেশৰ মাজত বিভাজন দূৰ কৰাত সহায় কৰে।

***

Dharmendra Tewari/ Navin Shreejith


(Release ID: 2111375) Visitor Counter : 15